সাতজন জ্ঞানী গুৰু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সম্ৰাট পণ্টিএনাছ, তেওঁৰ পুত্ৰ ডিছক্লেটিয়ান আৰু সাতজন জ্ঞানী গুৰুক ছবিখনত দেখা গৈছে (কড পাল জাৰ্ম ১৪৯, হেইডেলবাৰ্গ)

সাতজন জ্ঞানী গুৰু (ইংৰাজী: Seven Wise Masters) (সাত ঋষি বা সাত জ্ঞানী বুলিও কোৱা হয়) হৈছে সংস্কৃত, পাৰ্চী বা হিব্ৰু মূলৰ কাহিনীৰ এক চক্ৰ।

কাহিনী আৰু প্লট[সম্পাদনা কৰক]

চুলতানে নিজৰ পুত্ৰ ডেকা ৰাজকুমাৰক দৰবাৰৰ পৰা আঁতৰত সাতজন জ্ঞানী মাষ্টৰৰ ওচৰত সাতটা উদাৰ কলাৰ শিক্ষা দিবলৈ পঠিয়াই দিয়ে। দৰবাৰলৈ উভতি অহাৰ লগে লগে তেওঁৰ মাহীমাক সম্ৰাজ্ঞীয়ে তেওঁক লালায়িত কৰিবলৈ চেষ্টা কৰে। এই সংকট প্ৰতিৰোধ কৰিবলৈ তেওঁ সাতজন জ্ঞানী গুৰুৰ নেতা সিণ্ডবাদৰ পৰামৰ্শমতে এসপ্তাহৰ মৌনব্ৰত পালন কৰে। এই সময়ছোৱাত সম্ৰাজ্ঞীয়ে তেওঁক স্বামীৰ ওচৰত অভিযোগ কৰে, আৰু সাতটা কাহিনীৰে তেওঁৰ মৃত্যু ঘটাবলৈ বিচাৰে৷ এই কাহিনীকেইটাক তেওঁ সম্ৰাটৰ সৈতে সম্পৰ্কিত কৰে; পিছে তেওঁৰ আখ্যানক প্ৰতিবাৰেই সিন্দবাদৰ নেতৃত্বত অহা সাতজন জ্ঞানী গুৰুৰ দ্বাৰা কক্ষচ্যুত কৰা হয়। শেষত ৰাজকুমাৰৰ মুখ খুলি সত্য উন্মোচিত কৰা হয় আৰু দুষ্ট সম্ৰাজ্ঞীক মৃত্যুদণ্ড দিয়া হয়।[1]

উৎপত্তি[সম্পাদনা কৰক]

ইউৰোপৰ বহু ভাষাত প্ৰকাশ পোৱা গল্পৰ চক্ৰটো উৎপত্তিস্থল হৈছে পূৰ্বীয়।[1]সংস্কৃতত ইয়াৰ অনুৰূপ সংকলন পোৱা যায়, যাক খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰ ভাৰতীয় দাৰ্শনিক চিন্টিপাছৰ বুলি কোৱা হয়[2]৷ অৱশ্যে যদিও ভাৰতীয় মূল সাধুটো অজ্ঞাত। আন আন প্ৰস্তাৱিত উৎপত্তিসমূহ হ'ল পাৰ্চী (যিহেতু প্ৰাচীন জীৱিত গ্ৰন্থসমূহ পাৰ্চী ভাষাত লিখিত) আৰু হিব্ৰু (বাইবেলৰ যোচেফৰ দৰে একেধৰণৰ কাহিনী থকা সংস্কৃতি)।

পৰৱৰ্তী ইতিহাস[সম্পাদনা কৰক]

ইউৰোপত শ শ জীৱিত গ্ৰন্থ আছে বুলি জনা যায়।[3]এইবোৰত সাধাৰণতে পোন্ধৰটা কাহিনী থাকে৷ প্ৰতিজন ঋষিৰ বাবে এটাকৈ, মাহীমাকৰ পৰা সাতটা আৰু ৰাজকুমাৰৰ পৰা এটা ৷ কাঠামোটো সংৰক্ষিত হৈ আছে যদিও ইউৰোপৰ সাধাৰণ কাহিনীবোৰৰ মাত্ৰ চাৰিটাহে পূব সংস্কৰণৰ সৈতে সাদৃশ্য হিচাপে পোৱা যায়।.[4]

পূবৰ পৰা আৰবী, পাৰ্চী [5]চিৰিয়া আৰু গ্ৰীক ভাষাৰ মাধ্যমৰে ভ্ৰমণ কৰি অহা এই গ্ৰন্থখন দ্য বুক অৱ চিণ্ডিবদ নামেৰে জনাজাত হয়৷ আৰু গ্ৰীক ভাষাৰ পৰা লেটিন ভাষালৈ ইয়াক দ্বাদশ শতিকাত জিন ডি হাউটেচেইল (জোয়ানেছ ডি আলটা ছিলভা) নামৰ মঠৰ সন্ন্যাসীজনৰ দ্বাৰা ড'ল'পাথ'ছ শিৰোনামেৰে (সম্পা. হাৰ্মান অষ্টাৰলি, ষ্ট্ৰাছবাৰ্গ, ১৮৭৩)অনুবাদ কৰা হয় । ইয়াক ফৰাচী ভাষালৈ অনুবাদ কৰিছিল প্ৰায় ১২১০ চনত হাৰ্বাৰ্ছ নামৰ এজন ট্ৰুভাৰে লি ৰোমানছ ডি ড'ল'পেথ'ছ হিচাপে। আন এটা ফৰাচী সংস্কৰণ Roman des sept sages আন এক লেটিন মূলৰ ওপৰত আধাৰিত আছিল।[6][1]

চক্ৰৰ জাৰ্মান, ইংৰাজী, ফৰাচী আৰু স্পেনিছ চেপবুকসমূহ ( চল্লিছপৃষ্ঠামানৰ সৰু কিতাপ) সাধাৰণতে পৃথক লেটিন মূলৰ ওপৰত ভিত্তি কৰি লিখা হৈছে। সম্ভৱতঃ ফৰাচী ভাষাৰ ওপৰত ভিত্তি কৰি নিৰ্মিত আৰু চতুৰ্দশ শতিকাৰ তিনিটা মেট্ৰিক ৰোমাঞ্চ ইংৰাজী ভাষাত উপলব্ধ। ইয়াৰে আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে বানাটাইন ক্লাবৰ বাবে সম্পাদিত ডালকেইথৰ জন ৰ'লেণ্ডৰ দ্য চেভিন চেজছ (এডিনবাৰ্গ, ১৮৩৭)।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 Chisholm 1911a.
  2. Chisholm, Hugh, ed. (1911b). "Syntipas". Encyclopædia Britannica. 26 (11th ed.). Cambridge University Press. p. 295. 
  3. Laura A. Hibbard, Medieval Romance in England. p. 174. New York: Burt Franklin. 1963.
  4. Laura A. Hibbard, Medieval Romance in England. p. 174. New York: Burt Franklin. 1963.
  5. Laura A. Hibbard, Medieval Romance in England. p. 175 New York: Burt Franklin. 1963
  6. W. A. Clouston, The Book of Sindbād, 1884.