সাহিত্য দেশী আৰু বিদেশী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সাহিত্য দেশী আৰু বিদেশী এখন অসমীয়া গ্ৰন্থ৷ গ্ৰন্থখনৰ লেখক ড° প্ৰহ্লাদ কুমাৰ বৰুৱা ৷ গ্ৰন্থখন প্ৰথম সংস্কৰণ প্ৰকাশ পাইছিল ২১ ডিচেম্বৰ ১৯৮৮ চনত৷ দ্বিতীয় সংস্কৰণ প্ৰকাশ পায় ২৮ ফেব্ৰুৱাৰী ১৯৯৬ চনত আৰু তৃতীয় তথা বনলতা সংস্কৰণ প্ৰকাশ পাইছিল ২০০১ চনত৷ গ্ৰন্থখনত অসমীয়া সাহিত্য আৰু ভাৰতীয় সাহিত্যৰ লগতে পাশ্চাত্যৰ কিছু কিছু নিৰ্বাচিত সাহিত্যকৰ্মৰ বিষয়ে আলোচনা আগবঢ়াইছে৷[1] গ্ৰন্থখনৰ শিৰোনাম সম্পৰ্কত প্ৰথম সংস্কৰণৰ পাতনিত গ্ৰন্থকাৰে এনেদৰে উল্লেখ কৰিছে----

[1]

“পুথিখনৰ নামটোৱে হয়তো পাঠকৰ মনত খোকোজা লগাব পাৰে যে,সাহিত্যৰনো আক’ দেশী-বিদেশী থাকেনে? আচলতে সাহিত্য যিহেতু কলা; গতিকে ভূগোলৰ সীমাৰে বন্ধা তাৰ কোনো নিৰ্দ্দিষ্ট দেশ নাই৷ চকুৰ পানীৰ যিদৰে দেশভেদে কোনো পৃথকতা নাই; সাহিত্যৰো সেইদৰে দেশ বিদেশ বুলি পৃথক পৰিচয় নাই৷ ভাষাটো মাথোন পৃথক৷ পাৰ্থক্য সিমানেই৷ অৱশ্যে সামান্য পাৰ্থক্য নোহোৱাও নহয়৷ ভৌগোলিক অৱস্থিতি, ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক, ভিন্নতা অনুসৰি দেশভেদে সাহিত্যৰ গুণধৰ্ম অৱশ্যে পৃথক হয়৷ আমাৰ পাঠক সমাজক তুলনামূলক সোৱাদ এটা দিয়াৰ দায়িত্ব এটা পালন কৰাৰ কথা ভাবিছিলোঁ৷ বহু ভাষাৰ বহু কিতাপ বাছি লৈছিলোঁ৷ কিন্তু প্ৰকাশকে গম পাই পাণ্ডুলিপিটো খৰখেদাকৈ বিচাৰিলে৷ গতিকে এইবাৰলৈ বহু কিতাপ এৰিলোঁ৷ পিছৰ সংস্কৰণত যোগ দিয়াৰ আশা পুহি থলো৷”

প্ৰবন্ধসমূহ[সম্পাদনা কৰক]

সাহিত্য দেশী আৰু বিদেশী গ্ৰন্থখনত মুঠ ১১ টা প্ৰবন্ধ সন্নিৱিষ্ট হৈছে।

  1. সাগৰ দেখিছা: এটি মূল্যায়ন
  2. পিতাপুত্ৰ: এটি সমীক্ষা
  3. পাণিপথ: এটি অধ্যয়ন
  4. ৰবীন্দ্ৰনাথৰ ৰাজা: এটি বিশ্লেষণ
  5. মালয়ালম উপন্যাস চেম্মীন: এটি আস্বাদন
  6. জয়শংকৰ প্ৰসাদৰ চন্দ্ৰগুপ্ত: এটি দৃষ্টিপাত
  7. চফ’ক্লিছৰ ইডিপাচ ৰেক্স: এটি বিশ্লেষণাত্মক অধ্যয়ন
  8. চেমুৱেল বেকেটৰ ওৱেটিং ফৰ গডো: এটি পৰিচয়
  9. হেনৰিক ইবচেনৰ গোষ্টছ: এটি সাধাৰণ আলোচনা
  10. হেনৰিক ইবচেনৰ এনিমি অৱ দি পিপুল: এটি পৰ্যালোচনা
  11. মাটিৰ মানুহ: এখন মনোজ্ঞ পাৰিবাৰিক উপন্যাস[1]

গ্ৰন্থকাৰৰ পৰিচয়[সম্পাদনা কৰক]

সাহিত্য সমালোচক, গল্পকাৰ, প্ৰবন্ধকাৰ,সম্পাদক,অধ্যাপক ড॰ প্ৰহ্লাদ কুমাৰ বৰুৱাৰ জন্ম হৈছিল ১৯৪৪ চনৰ ২৮ ফেব্ৰুৱাৰীত জিলাৰ নিতাইপুখুৰী মৌজাৰ দেওডুবী গাঁৱত। তেখেতৰ পিতৃৰ নাম বুদকান্ত বৰুৱা আৰু মাতৃৰ নাম পেচন্দা বৰুৱা। ৮৬ নং দেওডুবী প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা সাং কৰি বৰুৱাই ১৯৬২ চনত নিতাইপুখুৰী হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৬৮ চনত শিৱসাগৰ কলেজৰ পৰা অসমীয়া বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে আৰু ১৯৭১ চনত তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰে। তেখেতে ডমহেন্দ্ৰ বৰাৰ তত্ত্বাৱধানত পিএইচ.ডি ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে। অসমীয়া চুটিগল্পৰ অধ্যয়ন, সাহিত্য দেশী আৰু বিদেশী, জ্যোতি-মনীষা,সাহিত্য চিন্তা, জীৱন কলা, আৱাহন যুগৰ অসমীয়া সাহিত্য আদি তেখেতৰ উল্লেখযোগ্য সাহিত্যকৃতি। ২০১১ চনৰ ২৪ আগষ্টত তেখেতৰ পৰলোকপ্ৰাপ্তি ঘটে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 প্ৰহ্লাদ কুমাৰ বৰুৱা (২০০১). সাহিত্য দেশী আৰু বিদেশী.