প্ৰহ্লাদ কুমাৰ বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
প্ৰহ্লাদ কুমাৰ বৰুৱা
জন্ম ২৮ ফেব্ৰুৱাৰী, ১৯৪৪
দেওডুবী গাওঁ, নিতাইপুখুৰী মৌজা, শিৱসাগৰ জিলা, অসম
মৃত্যু ২৪ আগষ্ট, ২০১১ (৬৭ বছৰ)
পেছা
  • সাহিত্যিক
  • শিক্ষাবিদ
  • সমালোচক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজি
দাম্পত্যসংগী ড° উষাৰাণী বৰুৱা (বি. ১৯৭৬)
সন্তান ১ (মৌচুম বৰুৱা)

ড° প্ৰহ্লাদ কুমাৰ বৰুৱা (ইংৰাজী: Dr Prahlaad Kumar Baruah; ১৯৪৪,২৮ ফেব্ৰুৱাৰী-২০১১,২৪ আগষ্ট) হৈছে অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, সমালোচক। [1] ১৯৪৪ চনৰ ২৮ ফেব্ৰুৱাৰীত[2] শিৱসাগৰ জিলাত জন্মলাভ কৰা বৰুৱা পিছলৈ ১৯৭১ চনৰ পৰা[3] ডিব্ৰুগড়ৰ ৰূপনগৰৰ বাসিন্দা হয়। স্নাতক পৰীক্ষা দিয়েই তিনিখনকৈ শিক্ষানুষ্ঠানত দুবছৰ শিক্ষকতা কৰি পিছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰী অৰ্জন কৰিছিল। বিদ্যালয়,মহাবিদ্যালয়,বিশ্ববিদ্যালয় সকলো পৰ্যায়ৰ শিক্ষানুষ্ঠানতে শিক্ষকতা কৰা প্ৰহ্লাদ কুমাৰ বৰুৱাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপকৰূপে ২০০৭ চনত অৱসৰ গ্ৰহণ কৰিছিল।[4]

প্ৰহ্লাদ বৰুৱা এজন প্ৰচাৰবিমুখ ব্যক্তি আছিল। শিক্ষকতাৰ সমান্তৰালকৈ নীৰলে সাহিত্য-চৰ্চা কৰা বৰুৱাই কেইবাখনো আলোচনা-সমালোচনামূলক গ্ৰন্থ, জীৱন-বিষয়ক গ্ৰন্থ, শিশু গ্ৰন্থ আদি ৰচনা কৰি গৈছে। তেওঁ অসম সাহিত্য সভাৰ লগতো জড়িত এজন ব্যক্তি।[1][4]দেশ, জাতি, সমাজ, ভাষা-সাহিত্যৰ হকে কাম কৰা বৰুৱাই অসম আন্দোলনতো সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। মৃত্যুৰ আগলৈকে সাহিত্য চৰ্চা অব্যাহত ৰখা সাহিত্যিক গৰাকীয়ে অসম ৰাজ্যৰ ভাষা-সাহিত্য আৰু সামাজিক ক্ষেত্ৰত অৱদান যোগাই গৈছে।[5]

জন্ম আৰু শিক্ষা[সম্পাদনা কৰক]

১৯৪৪ চনৰ ২৮ ফেব্ৰুৱাৰীত[2][6][7] প্ৰহ্লাদ কুমাৰ বৰুৱাই শিৱসাগৰ জিলাৰ নিতাইপুখুৰী মৌজাৰ দেওডুবী গাঁৱত জন্মগ্ৰহণ কৰে। [1] তেখেতৰ পিতৃৰ নাম বুদুকান্ত বৰুৱা আৰু মাতৃৰ নাম পেচন্দা বৰুৱা।[1]

৮৬ নং দেওডুবী প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা সাং কৰা বৰুৱাই ১৯৬২ চনত নিতাইপুখুৰী হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়।[1]

১৯৬৮ চনত শিৱসাগৰ কলেজৰ পৰা কলা শাখাত অসমীয়া বিভাগত[7] স্নাতক ডিগ্ৰী অৰ্জন কৰে।[6]ইয়াৰ পিছত মাজত প্ৰায় দুবছৰ শিক্ষকতা কৰি ১৯৭১ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অসমীয়া বিভাগত নাম-ভৰ্তি কৰে। এই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ১৯৭৩ চনত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰা বৰুৱাই ড° মহেন্দ্ৰ বৰাৰ তত্ত্বাৱধানত ১৯৮৩ চনত পি এইচ ডি ডিগ্ৰী লাভ কৰে।[1][4][2][8]

কৰ্মজীৱন[সম্পাদনা কৰক]

শিক্ষক জীৱন[সম্পাদনা কৰক]

১৯৬৮ চনত শিৱসাগৰ কলেজত বি. এ. ফাইনেল পৰীক্ষা দি অহাদিনাই ওচৰৰ শুকান পুখুৰী এম.ই. স্কুলৰ কৰ্তৃপক্ষই প্ৰধান শিক্ষক হিচাপে যোগদান কৰিবলৈ প্ৰহ্লাদ বৰুৱাক আহ্বান জনায়। ফলস্বৰূপে পিছদিনাই স্কুলখনত বৰুৱাই প্ৰধান শিক্ষক হিচাপে যোগদান কৰে। তাত প্ৰধান শিক্ষকতা কৰি থাকোঁতেই বি.এ. পৰীক্ষাৰ ফলাফল ওলায়। ফলাফলৰ দুমাহমানৰ পাছত,অক্টোবৰ মাহত তেতিয়াৰ নিতাইপুখুৰী হাইস্কুল,বৰ্তমানৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক হিচাপে নিযুক্তি লাভ কৰে। নিতাইপুখুৰী হাইস্কুলত শিক্ষকতা কৰি থাকোঁতেই নিতাইপুখুৰী হেমচন্দ্ৰ দেৱগোস্বামী কলেজৰ কৰ্তৃপক্ষ আৰু নিতাইপুখুৰী হাইস্কুলৰ প্ৰধান শিক্ষক এই দুই পক্ষই আলোচনা কৰি কলেজতো ক্লাছ ল’বলৈ অনুৰোধ কৰে। সেয়ে একে সময়তে বৰুৱাই কলেজতো পাঠদান কৰে। ইয়াৰোপৰি নিতাইপুখুৰী হাইস্কুলৰ ওচৰতে থকা নিতাইপুখুৰী ছোৱালী হাইস্কুলতো সেই একে সময়তে অংশকালীন শিক্ষক হিচাপে পাঠদান কৰে। এইদৰে বি.এ. পাছ কৰিয়ে বৰুৱাই নিতাইপুখুৰী হাইস্কুলত পূৰ্ণপৰ্যায়ৰ শিক্ষক, নিতাইপুখুৰী ছোৱালী হাইস্কুলত আৰু নিতাইপুখুৰী হেমচন্দ্ৰ দেৱগোস্বামী কলেজত অংশকালীন শিক্ষক হিচাপে দুবছৰ চাকৰি কৰে।[7] তাৰ পিছতহে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শাখাত নাম-ভৰ্তি কৰে।[1][4][2][6]

১৯৭৩ চনৰ আগষ্ট মাহৰ প্ৰথম ভাগত এম.এ. পৰীক্ষা দি বৰুৱাই লগে লগে ১৮ আগষ্টত নিতাইপুখুৰী হেমচন্দ্ৰ দেৱগোস্বামী কলেজত যোগদান কৰে। তাত চাকৰি কৰি থাকোঁতেই এম.এ. পৰীক্ষাৰ ফলাফল ঘোষণা কৰাত ইউ.জি.চি.ৰ ফেলশ্বিপ লাভ কৰি তেওঁ ১৯৭৪ চনৰ ১৮ আগষ্টত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত গৱেষক ছাত্ৰ হিচাপে যোগদান কৰে। গৱেষণাৰ কাম কৰি থকা অৱস্থাতেই তেওঁ এম.এ. মহলাত পাঠদান কৰে। ১৯৭৭ চনত অসমীয়া বিভাগতে অস্থায়ীভাৱে অধ্যাপক ৰূপে নিযুক্তি লাভ কৰে।[4] অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা বাবেই এটা চক্ৰৰ ৰোষৰ বলি হৈ তেওঁ ছয়বছৰ অস্থায়ী অধ্যাপক হিচাপে কটায়। পিছত ১৯৮৩ চনৰ ১ আগষ্টৰ পৰাহে তেওঁৰ স্থায়ী অধ্যাপক হিচাপে নিযুক্তি হয়। ১৯৮৯ চনৰ ১৩ মে’ত বৰুৱাই ৰীডাৰ হিচাপে যোগদান কৰে। ১৯৯৬ চনৰ ২২ নৱেম্বৰত তেওঁ প্ৰাধ্যাপক হয়।[1]২০০৭ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে।[4][2][6]

অসম সাহিত্য সভাৰ বিষয়বাব[সম্পাদনা কৰক]

প্ৰহ্লাদ কুমাৰ বৰুৱা অসম সাহিত্য সভাৰ লগতো জড়িত আছিল।[4] ১৯৬৭ চনত বি এ পাছ কৰাৰ পিছত[4] ১৯৬৯ চনৰ পৰা ১৯৭০ চনলৈকে তেওঁ নিতাইপুখুৰী শাখা সাহিত্য সভাৰ সম্পাদক পদত আছিল। ১৯৮৬ আৰু ১৯৮৭ চনত তেওঁ আছিল ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক। তাৰ পিছতে ১৯৮৭ চনৰ পৰা ১৯৮৮ চনলৈকে ডিব্ৰুগড়(ডিব্ৰুগড়-তিনিচুকীয়া অবিভক্ত) জিলা সাহিত্য সভাৰ সভাপতি হৈছিল। ১৯৮৬-৮৭ বৰ্ষ আৰু ২০০১-২০০২ বৰ্ষ, এই দুইবাৰ অসম সাহিত্য সভা পত্ৰিকা সম্পাদক আছিল প্ৰহ্লাদ কুমাৰ বৰুৱা।[1][8]

সাহিত্যিক জীৱন[সম্পাদনা কৰক]

লেখকৰ নিজৰ ভাষাত “মোৰ লেখক জীৱনৰ turning point হিচাপে চতুৰ্থমান শ্ৰেণী আৰু অষ্টমমান শ্ৰেণী বৰ তাৎপৰ্যপূৰ্ণ।“ চতুৰ্থ শ্ৰেণীত থাকোঁতে বৰুৱাই এটা কবিতা লিখিছিল আৰু সেইটো স্কুলৰ সভা এখনত আবৃত্তি কৰোঁতে তেওঁ শিক্ষাগুৰুৰ পৰা প্ৰশংসা লাভ কৰিছিল যিয়ে লিখিব পৰাক লৈ তেওঁৰ আত্মপ্ৰত্যয় জগাইছিল। তাৰ পিছত চতুৰ্থ শ্ৰেণীৰ পৰা সপ্তমমানলৈকে বিশেষ লিখা-মেলা কৰা নাছিল। অষ্টম শ্ৰেণীত এটা গল্প লিখিছিল তেওঁ আৰু তেওঁ পঢ়া শিৱসাগৰ জিলাৰ নিতাইপুখুৰী হাইস্কুলৰ আলোচনী ‘’নিৰ্মালী’’ত গল্পটো প্ৰকাশ হৈছিল। একে বছৰতে ৩টা অংকৰ পূৰ্ণাঙ্গ নাটক এখনো তেওঁ লিখিছিল। সেই নাটকখন গাঁৱত অভিনয়ো হৈ উঠে আৰু দৰ্শকৰ প্ৰভুত সহাঁৰি লাভ কৰে। সেই প্ৰশংসাৰ অনুপ্ৰেৰণাত পিছলৈ বহুকেইখন একাংকিকা নাট, কলেজত পঢ়ি থাকোঁতে বহু কেইখন নাট লিখে। ইয়াৰে প্ৰায়বোৰেই বিভিন্ন প্ৰতিযোগিতাত পুৰস্কৃত হৈছিল। বৰুৱাৰ গদ্যত ছন্দোময় কাব্যৰীতি বিৰাজমান। ল’ৰালি কালৰ পৰাই বৰুৱাই serious গ্ৰন্থবোৰ পঢ়িছিল। অষ্টম,নৱম আৰু দশম মানতে সাংখ্য দৰ্শন, বেদান্ত দৰ্শন আৰু জ্যোতিষ চৰ্চা কৰিবলৈ লৈছিল। তাৰ ফলত কবিতাৰ পৰা আঁতৰি আহি গদ্যৰ জগতত সোমাই পৰে। কিন্তু কবিতা লিখিবলৈ এৰিলেও তেওঁৰ মনৰ মাজৰ কবিজন জীৱন্ত আৰু সক্ৰিয় হৈ থাকিল। যাৰ বাবে পাঠকে তেওঁৰ গদ্যত কাব্যিকতা অনুভৱ কৰে। এই বিষয়ে তেওঁৰ ভাষ্য এনেধৰণৰ, “মই কিন্তু বিশ্বাস কৰোঁ- গদ্য অথবা যিকোনো সাহিত্যতে কাব্যিকতা থাকিবই লাগিব। আৰু বিশ্বাস কৰোঁ – গদ্য সাহিত্য কাব্যৰে এটা ভিন্ন ৰূপ। মই কিন্তু সচেতনভাৱে মোৰ গদ্যক কাব্যিক নকৰোঁ। স্বতঃস্ফূৰ্ত্ভাৱে হয়। মই গদ্য কেৱল মগজুৰে নিলিখোঁ। হৃদয়ানুভূতিৰেও লিখোঁ। আচলতে লিখাৰ পৰত মোৰ মগজু আৰু হৃদয়ৰ মিশ্ৰণ ঘটে। নাই নাই মিশ্ৰণ নঘটে; দ্ৰৱণ ঘটে। এনে কাৰণতে লিখি থাকোঁতে মই ইমানেই আৱেগিক হওঁ যে, লিখি থকাৰ সময়ত মাজে মাজে বুকুখনৰ ভিতৰত ঘোট ঘোটকৈ কঁপে, চকুলো বাগৰি আহে। মোৰ গদ্য কাব্যিক হোৱাৰ ইয়ো এটা কাৰণ হ’ব পাৰে।" বৰুৱাৰ সমগ্ৰ সাহিত্য-সম্ভাৰৰ এক অন্যতম বৈশিষ্ট্য হৈছে গভীৰ আশাবাদ। এই বিষয়ে তেওঁৰ নিজৰ ভাষাত, ”সমস্যা বা সংঘাত জীৱনৰ অনিবাৰ্য সত্য। এতেকে এই সত্যটোক আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। মই ভাবোঁ – সমস্যা বা সংঘাতে জীৱনৰ জড়তা ভাঙে; জীৱন নিঃশেষ কৰিব নোৱাৰে। এনে মনোভাবেৰেই মই আশাৰে জীয়াই আছোঁ। হয়তো এনে কাৰণতে মোৰ লেখাত আশাবাদ প্ৰধান হ’ব পাৰে।" [1]

প্ৰহ্লাদ কুমাৰ বৰুৱাই তেওঁৰ জীৱনকালত প্ৰায় ৬০ খনৰো অধিক গ্ৰন্থ ৰচনা কৰিছে।[9] সাহিত্যিকগৰাকীৰ সম্পাদনাত প্ৰকাশিত হৈছিল আৱাহন যুগৰ সাহিত্য,ভক্তি তত্ত্বৰ দৰ্শন, ভাওনা সমীক্ষা, বৰগীত সমীক্ষা, অসমীয়া লোক-সংস্কৃতিকে ধৰি কেইবাখনো গ্ৰন্থ। ইয়াৰ উপৰি মৌলিক চিন্তাপ্ৰসূত কেইবাখনো জীৱন সম্বন্ধীয় অতি জনপ্ৰিয় গ্ৰন্থ ৰচনা কৰিছে। জীৱন সম্বন্ধীয় ৰচনাৰাজিৰ বাবে ৰাজ্যত পৰিচিতি লাভ কৰা সাহিত্যিকগৰাকীয়ে ৰাজ্যৰ প্ৰান্তিক, সাতসৰীকে ধৰি বিভিন্ন আলোচনী আৰু বাতৰি কাকতত জীৱন সম্পৰ্কে প্ৰচুৰ ৰচনা লিখিছে।[8] আবেগ-বৰ্জিত মননশীল চিন্তা পুষ্ট বৃত্তৰে ৰচিত তেখেতৰ গল্পসমূহে অসমীয়া চুটি গল্পৰ নতুন দিশ উন্মোচন কৰিছে বুলি বহুতে কয়। প্ৰায় এহেজাৰ সংখ্যক গল্প, প্ৰবন্ধৰ ৰচক ড° বৰুৱা অসমীয়া চুটি গল্প আৰু উপন্যাসৰ সমালোচক।[10]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

১৯৭৬ চনৰ ২২ নৱেম্বৰত প্ৰহ্লাদ বৰুৱাই উষাৰাণী বৰুৱা[10]ৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[3] তেওঁলোকৰ একমাত্ৰ পুত্ৰ সন্তান শ্ৰী মৌচুম বৰুৱা।[1][6] ইংৰাজী বিষয়ত সুখ্যাতিৰে শিক্ষা সাং কৰা মৌচুম বৰুৱাই ২০০৮ চনৰ পৰা ডিব্ৰুগড়ছল্ট ব্ৰুক একাডেমীত শিক্ষকতা কৰি আছে। তাৰ আগতে পাৰিজাত একাডেমীত ২০০৪-০৫ চনত আৰু ডিব্ৰু কলেজত অস্থায়ী শিক্ষকৰূপে ২০০৫ চনৰ পৰা ২০০৮ চনলৈকে শিক্ষকতা কৰিছিল।[10]

ঘটনা-পৰিঘটনা[সম্পাদনা কৰক]

প্ৰহ্লাদ কুমাৰ বৰুৱা এজন প্ৰচাৰবিমুখ ব্যক্তি হ'লেও ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি অভিভাৱক-অভিভাৱিকালৈকে সকলোৰে লগত এক বন্ধুসুলভ সম্পৰ্ক বৰ্তাই ৰাখিছিল। লিখা-মেলা কৰা মানুহক ভাল পোৱা বৰুৱাই ছাত্ৰ-ছাত্ৰীসকলক প্ৰায়ে উপদেশ দিছিল, "কেৱল পঢ়িলেই নহয়, চিন্তা কৰিবলৈও শিকিবাঁ। জীৱনটোক চাবলৈ শিকিবাঁ আৰু লিখা-মেলাৰ যোগেদি আত্মপৰিচয় দিবলৈ যত্ন কৰিবাঁ।" মানুহক ভাল পোৱা প্ৰহ্লাদ কুমাৰ বৰুৱাৰ ঘৰত আলহী-অতিথিৰ ভীৰ যথেষ্ট বেছি হয়। বৰুৱাৰ পত্নীৰ ভাষ্য অনুসৰি “গভীৰ অধ্যয়নত মনোনিৱেশ কৰি থকা সময়ত কোনোবা অবাঞ্ছিত অতিথি আহিলেও অলপো বিৰক্ত নোহোৱাকৈ আলহীক আন্তৰিকতাৰে আদৰ-সাদৰ কৰি সোধ-পোছ কৰে। সৰু-বৰ, ধনী-দুখীয়া সকলোৰে প্ৰতি সম ব্যৱহাৰ। সকলোৰে প্ৰতি সমান আন্তৰিকতা। “ এবাৰ তেওঁলোকৰ ঘৰলৈ হোমেন বৰগোহাঞি আহি ঘৰত আলহীৰ ভিৰ দেখি আচৰিত হৈ প্ৰহ্লাদ বৰুৱাক কৈছিল,”দিনটোত ইমান মানুহ আহি থাকিলে আপুনি লিখা-মেলা কৰিব কেনেকৈ? আপুনি সপ্তাহটোত এদিন বা দুদিনহে মানুহক লগ দিয়ক। “ সেইবুলি কৈ তেওঁ বৰুৱাৰ একমাত্ৰ পুত্ৰ মৌচুমক কৈছিল,”তুমি এখন ফলক লিখাই আনাঁ। তাত অমুক অমুক বাৰেহে বৰুৱাক লগ কৰিব পাৰিব বুলি লিখি দিবাঁ। “ বৰগোহাঞিৰ কথা শেষ হ’বলৈ নাপাওঁতেই প্ৰহ্লাদ বৰুৱাই প্ৰতিবাদ কৰি কৈছিল,”মই এই কাম কেতিয়াও কৰিব নোৱাৰোঁ। মানুহৰ বাবেই মই লিখোঁ। মানুহেই মোৰ প্ৰেৰণা। মানুহেই মোৰ লেখাৰ সমল। মই মানুহৰ পৰা আঁতৰি থাকিব নোৱাৰোঁ। “[3]

দেশ, জাতি, সমাজ, ভাষা-সাহিত্যৰ হকে কাম কৰি ঘূৰি ফুৰা বৰুৱাই যৌৱনৰ সময়ত আপোন-পাহৰা হৈ দিন-ৰাতি কাম কৰোঁতে ঘৰ-সংসাৰৰ কথাকো পাহৰে বুলি পত্নী উষাৰাণী বৰুৱাই কয়। অসম আন্দোলনৰ সময়তো দেহে-কেহে কাম কৰিছিল বৰুৱাই। পিছলৈ ঘূৰা-ঘূৰি কমিলেও অধ্যয়ন, অধ্যাপনা আৰু লিখা-মেলাত নিজকে নিয়োজিত কৰি ৰাখিছিল। বন্ধ আৰু আলহী-অতিথি নথকা দিনত প্ৰাত্যহিক কামখিনিৰ বাদে দিনে ১৫/১৬ ঘণ্টাকৈ লিখা-পঢ়াত ব্যস্ত থাকিছিল। স্বাস্থ্যজনিত কাৰণত চিকিৎসকে ৰাতি বেছি সময়লৈকে উজাগৰে নাথাকিবলৈ দিয়া পৰামৰ্শকো তেওঁ নামানিছিল। কিতাপ লিখাৰ পৰত ঘড়ীলৈ নোচোৱা বৰুৱাক বেছিকৈ সকীয়াই থাকিলে পত্নীক কয়,"কাম নকৰি বেছি দিন জীয়াই থকাতকৈ কাম কৰি সোনকালে মৰাই ভাল বুজিছা।" [3]

বৰুৱাৰ ঘৰটোৰ নাম জ্যোতিবন।'তপোবন' নামৰ পুথিভঁৰাল এটিৰ সৈতে অধ্যয়ন কক্ষটো দুতৰপীয়া। ওপৰৰ মহলাটোৰ নাম'শান্তিবন'। তপোবনত বৰুৱাই ঘণ্টাৰ পাছত ঘণ্টা ধৰি অধ্যয়ন আৰু লিখা-মেলাত জড়িত হৈ থাকে। শান্তিবনত স্থানীয় অথবা ডিব্ৰুগড়লৈ ফুৰিবলৈ অহা গুণী-জ্ঞানী ব্যক্তিক আমন্ত্ৰণ কৰি অনানুষ্ঠানিকভাৱে নানা সৰু-বৰ অনুষ্ঠান পাতে। বৰুৱাৰ প্ৰেৰণাতে তেওঁৰ পত্নী আৰু পুত্ৰইও কলমৰ চৰ্চা কৰিবলৈ ধৰে। পত্নীক লিখিবলৈ সকীয়াই থকা বৰুৱাই এনেদৰে কয়,"তুমি ইমান পঢ়ি মেলিও যদি একো এটা নিলিখা তোমাৰ জ্ঞানবোৰ কৃপণৰ ধনৰ দৰেহে হ'ব।" [3]

মৃত্যু[সম্পাদনা কৰক]

২০১১ চনৰ ২৪ আগষ্টত ৬৭ বছৰ বয়সত[6] প্ৰহ্লাদ কুমাৰ বৰুৱাই শেষ নিশ্বাস ত্যাগ কৰে।[2][7]দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা বৰুৱাৰ সেইদিনা নিশা প্ৰায় ১০ঃ১০ বজাত ডিব্ৰুগড়ৰ ৰূপনগৰস্থিত বাসভৱনত দেহাৱসান ঘটে।[5]তেওঁৰ অকাল মৃত্যুৰ সময়ত পত্নী উষাৰাণী বৰুৱাই কানৈ মহাবিদ্যালয়ত মুৰব্বী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। [9]

প্ৰহ্লাদ কুমাৰ বৰুৱাৰ প্ৰথম মৃত্যুবাৰ্ষিকী, ২০১২ চনৰ ২৪ আগষ্ট, মাজুলী মহাবিদ্যালয়ৰ সাহিত্য চ'ৰাৰ উদ্যোগত আৰু মাজুলীৰ সাহিত্যসেৱী সংগঠন ৰামধেনু শাখা সাহিত্য সভা, কমলাবাৰীৰ সহযোগত জীৱনৰ দিন[11] হিচাপে উদযাপিত হয়।[12] আনহাতে একেটা দিনকে বৰবৰুৱা প্ৰেছ ক্লাৱে বৰবৰুৱা জামিৰা মহাবিদ্যালয়ত জীৱন-কলা দিৱস আয়োজন কৰে।[13] এই দিৱসত প্ৰহ্লাদ কুমাৰ বৰুৱাৰ জীৱন-দৰ্শন, সাহিত্য কৃতী আৰু বিশেষকৈ জীৱনবিষয়ক ৰচনাৰাজিৰ সম্পৰ্কত বিস্তৃত আলোচনাৰ ব্যৱস্থা কৰে।[14]

সাহিত্যিক অৱদান[সম্পাদনা কৰক]

প্ৰহ্লাদ কুমাৰ বৰুৱাৰ সাহিত্যৰাজি[6][2][15]-

আলোচনা গ্ৰন্থ
  • চিন্তাৰ আভাস (১৯৮৩)
  • উপন্যাস (১৯৮৩)
  • সাহিত্যঃদেশী আৰু বিদেশী (১৯৮৯)
  • জ্যোতি-মনীষা(১৯৯৩)
  • অসমীয়া চুটি গল্পৰ অধ্যয়ন(১৯৯৫)
  • চিন্তা তৰঙ্গ(১৯৯৬)
  • কবিতাৰ সৌৰভ(১৯৯৬)
  • সাহিত্য চিন্তা(১৯৯৭)
  • ধৰ্ম সমীক্ষা(১৯৯৭)
  • আধুনিক অসমীয়া কবিতাৰ গতি-বৈচিত্ৰ্য(২০০০)
  • ধৰ্ম আৰু দৰ্শন(২০০২)
  • ধৰ্ম সাহিত্য আৰু সংস্কৃতি(২০০৩)
  • ঐশ্বৰ্যময় আহোম যুগ(২০০৩)
  • আমাক ধৰ্ম লাগেনে(২০০৫)
  • জীৱনানন্দ দাশ আৰু নৱকান্ত বৰুৱাৰ কবিতাৰ ভাব আৰু ৰূপ বৈচিত্ৰ্য বিচাৰ(২০০৬)(ডি.এচ.এ.ৰ বিশেষ অৰ্থ সাহায্য আঁচনিৰ অনুসৰি যুগুত কৰা গ্ৰন্থ)
  • ধৰ্ম দৰ্শন আৰু আধ্যাত্মিকতা(২০০৬)
  • অসমীয়া সংস্কৃতিৰ উদ্ভৱ আৰু ক্ৰমবিকাশ(২০০৭)
জীৱন বিষয়ক গ্ৰন্থ
  • জীৱন কলা(২০০২)
  • জীৱনে মোক কি দিলে(২০০৩)
  • জীৱন সমুদ্ৰ(২০০৫)
  • বৰ্ণময় মন বৰ্ণময় জীৱন(২০০৫)
  • শিল্পময় চিন্তা(২০০৫)
  • তথাপি জীয়াই থাকিব লাগিব(২০০৫)
  • জীৱনতকৈ মহৎ একো নাই(২০০৫)
  • জীৱন আৰু প্ৰেম(২০০৫)
  • নাৰী-মন নাৰী-জীৱন(২০০৫)
  • জীৱন কলা আৰু অন্যান্য(২০০৯)
শিশু সাহিত্য
  • মজা লগা সাধু(২০০৫)
  • মানুহ কেনেকৈ মহৎ হ’ব পাৰি(২০০৫)
  • মহৎ লোকৰ মহৎ কথা(২০০৫)
গল্প সংকলন
  • জলছবি(১৯৮৪)
  • অন্তৰঙ্গ আলাপ(২০০০)
  • মৃগতৃষ্ণা(২০০৩)
  • অন্বেষণ(২০০৫)
  • কোমল গান্ধাৰ(২০০৫)
  • মমৰ পোহৰত(২০০৫)
  • প্ৰহ্লাদ কুমাৰ বৰুৱাৰ গল্প সমগ্ৰ(২০১১)
সম্পাদিত গ্ৰন্থ
  • আৱাহন যুগৰ অসমীয়া সাহিত্য(১৯৭৪)
  • ভক্তি তত্ত্ব দৰ্শন(১৯৮৮)
  • ভাওনা সমীক্ষা(১৯৯০)
  • বৰগীত সমীক্ষা(১৯৯৩)
  • অসমীয়া লোক সাহিত্য(২০০১)
  • ডিম্বধৰ বৰুৱাঃবৰণীয় ব্যক্তিত্ব, মোহনীয় প্ৰতিভা
পাঠ্যপুথি
  • স্নাতক আধাৰ পাঠ(সংস্কৃতি খণ্ড, ১৯৮৯)
সম্পাদিত আলোচনী
  • অসম সাহিত্য সভা পত্ৰিকা(৪২শ বছৰ ১ম স্ংখ্যা)
  • অসম সাহিত্য সভা পত্ৰিকা(৪২শ বছৰ ২য় স্ংখ্যা)
  • অসম সাহিত্য সভা পত্ৰিকা(৪২শ বছৰ ৩য় স্ংখ্যা)
  • অসম সাহিত্য সভা পত্ৰিকা(৪২শ বছৰ ৪ৰ্থ স্ংখ্যা)
  • অসম সাহিত্য সভা পত্ৰিকা(৫৭শ বছৰ ১ম স্ংখ্যা)
  • অসম সাহিত্য সভা পত্ৰিকা(৫৭শ বছৰ ২য় স্ংখ্যা)
  • স্মৃতি গ্ৰন্থ(১৯৬৮)
  • তৰ্পণ(১৯৬৮)
  • ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলাৰ আলোচনী(১৯৭২-৭৩)
  • নৱ ছাত্ৰাৱাসৰ আলোচনী(১৯৭৩)
  • প্ৰস্তুতি(১৯৭৩)
  • জোৱাৰ(১৯৭৩)
  • ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰূপালী জয়ন্তী স্মৃতি গ্ৰন্থ(১৯৯০)
  • মিলন জ্যোতি(২০০০)
  • বাৰ্তা পখিলী(অতিথি সম্পাদক, ডিব্ৰুগড় বিশেষ সংখ্যা, মাৰ্চ, ২০০৪)
প্ৰবন্ধ

প্ৰহ্লাদ কুমাৰ বৰুৱাই ৰচনা কৰা সাহিত্য, সংস্কৃতি, ধৰ্ম, দৰ্শন আৰু বিবিধ বিষয়ক এহেজাৰতকৈ অধিক প্ৰবন্ধ আৰু বহু সংখ্যক গল্প প্ৰকাশ হৈছে।[1]

বিশিষ্ট ব্যক্তিৰ অভিমত[সম্পাদনা কৰক]

ড° নগেন শইকীয়াই জনসাধাৰণ কাকতত লিখিছিল, "১৯৭১ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়অসমীয়াত এম এ পঢ়িবলৈ অহা প্ৰহ্লাদক মই ছাত্ৰ হিচাপে পাওঁতে প্ৰথম দৰ্শনতে তেওঁৰ মাজত অন্যান্য দহজন ছাত্ৰতকৈ ভিন্ন এটি চৰিত্ৰ দেখা পাইছিলো। কথা-বতৰা, ব্যৱহাৰ তথা আচৰণ এই সকলোতে এটা মাৰ্জিত ৰুচি তেওঁৰ মাজত প্ৰকাশিত হৈছিল। তেতিয়াই খবৰ লৈ গম পালো যে শিক্ষকতাৰ অভিজ্ঞতাৰে কিছু পুষ্ট হৈ তেওঁ বিশ্ববিদ্যালয়ৰ ছাত্ৰ হ'বলৈ ওলাই আহিছে। বিশ্ববিদ্যালয়ৰ শ্ৰেণীকক্ষতো তেওঁৰ মাজত সেই ডেকা বয়সতে এটি স্বাভাৱিক সৰল গাম্ভীৰ্য লক্ষ্য কৰিছিলো। ... প্ৰহ্লাদ বৰুৱাৰ মাজত এহাতে বৈষ্ণৱ সংস্কৃতি আৰু আনহাতে ঊনবিংশ শতিকাত গঢ় লৈ উঠা অসমীয়া জাতীয় চেতনা এই- দুয়োটাই সমানে সক্ৰিয় হৈ আছিল। সেইবাবে অসম, অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি আৰু জাতীয় জীৱনৰ যিকোনো সমস্যাৰ সময়ত তেওঁ দৃঢ়ভাৱে নিজৰ স্থিতি গ্ৰহণ কৰিছিল। ... শিক্ষক হিচাপেও প্ৰহ্লাদ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত জনপ্ৰিয় আছিল। যিকোনো বিষয় তেওঁ প্ৰত্যয়েৰে শিক্ষাৰ্থীসকলৰ মনত সাঁচ বহি যোৱাকৈ ক'ব পাৰিছিল বাবেই ছাত্ৰ-ছাত্ৰীসকলে শিক্ষক হিচাপে তেওঁক ভাল পাইছিল বুলি জানিছিলো।" [4]

ড° প্ৰহ্লাদ কুমাৰ বৰুৱা অতি উচ্চস্তৰৰ বৌদ্ধিক চিন্তা-চৰ্চাৰে সমৃদ্ধ এগৰাকী বিদ্বান আৰু অসাধাৰণ ব্যক্তিত্বসম্পন্ন লোক। – নবীন চন্দ্ৰ লহকৰ[16]

"প্ৰহ্লাদ কুমাৰ বৰুৱা এগৰাকী আপাত দৃষ্টিত সৰল ব্যক্তি। এই সৰলতাৰ মাজতেই আমি দুগৰাকী প্ৰহ্লাদ কুমাৰ বৰুৱাক বিচাৰি পাওঁ। এগৰাকী প্ৰহ্লাদ কুমাৰ বৰুৱাৰ হৃদয় ফুলৰ দৰেই কোমল; কিন্তু আনগৰাকী প্ৰহ্লাদ কুমাৰ বৰুৱাৰ মানসিক দৃঢ়তা তীখাতকৈও কঠিন যেন লাগে। ইয়েই প্ৰহ্লাদ কুমাৰ বৰুৱাৰ চাৰিত্ৰিক বৈশিষ্ট্য আৰু এই ধাৰাটোৱে সাহিত্য জগতত তেওঁক অনন্য ৰূপত দাঙি ধৰিবলৈ সক্ষম হৈছে। তেওঁৰ এই সৰলতা ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত। এষাৰতে ক’বলৈ গ’লে তেওঁ মানুহক ভাল পায়।" -কনকসেন ডেকা[1]

"গভীৰ জীৱনবোধেৰে জ্যোতিষ্মান হোৱা বৰুৱাই নিজেও এক পৰিশীলিত, পৰিমাৰ্জিত, ৰুচিশীল আৰু সৌন্দৰ্যপিয়াসী ব্যক্তিগত জীৱন-যাপন কৰিছিল। সেইবাবে দুৰাৰোগ্য ৰোগে জুৰুলা কৰা সময়তো তেওঁ জীৱনটোক সজাই তুলিব জানিছিল। … ড° প্ৰহ্লাদ কুমাৰ বৰুৱা আছিল শিশুৰ দৰেই নিষ্পাপ অন্তৰৰ এগৰাকী অজাতশত্ৰু ব্যক্তি।" -সত্যকাম বৰঠাকুৰ [17]

"ড° প্ৰহ্লাদ কুমাৰ বৰুৱাৰ কেবাটাও পৰিচয় অসমৰ বৌদ্ধিক জগতত বৰ্তমান। যথা- সাহিত্য সমালোচক প্ৰহ্লাদ কুমাৰ বৰুৱা, গৱেষক প্ৰহ্লাদ কুমাৰ বৰুৱা, গল্পকাৰ প্ৰহ্লাদ কুমাৰ বৰুৱা আৰু জীৱন বিষয়ক গ্ৰন্থৰ গ্ৰন্থাকাৰ প্ৰহ্লাদ কুমাৰ বৰুৱা। কিন্তু ইয়াৰ কোনোটোৱেই আমাৰ বাবে গুৰুত্বপূৰ্ণ কথা নাছিল। সাহিত্য সমালোচক অথবা গল্পকাৰ হিচাপে পৰিচিত ভালেকেইজন ব্যক্তিৰ সান্নিধ্য আমি পাইছো। কোনো আত্মীয়তা অনুভৱ কৰা নাই। প্ৰতিভাধৰ অথবা প্ৰখ্যাত হ’লেই কোনোবা ব্যক্তি কাৰোবাৰ প্ৰিয় ব্যক্তিৰ শাৰীলৈ উঠিব নিশ্চয় নোৱাৰে। সেয়ে প্ৰহ্লাদ কুমাৰ বৰুৱা ছাৰক আমি প্ৰথমেই শ্ৰদ্ধা কৰিবলৈ আৰম্ভ কৰিছিলোঁ এজন মানুহ হিচাপে। তাৰ পিছত এজন সফল শিক্ষক হিচাপে। আন অৰ্থত এজন প্ৰিয় শিক্ষক হিচাপে। সঁচাকৈয়ে প্ৰিয় শিক্ষক। আটাইতকৈ প্ৰিয়।" -অৰবিন্দ ৰাজখোৱা[18]

উল্লেখযোগ্য বঁটা আৰু স্বীকৃতি[সম্পাদনা কৰক]

বিশিষ্ট শ্ৰমিক নেতা সৰ্বেশ্বৰ বৰদলৈৰ স্মৃতিত অসম সাহিত্য সভাই প্ৰদান কৰা শ্ৰমিকপ্ৰাণ সৰ্বেশ্বৰ বৰদলৈ বঁটাৰ বাবে ২০০৮ চনত প্ৰহ্লাদ কুমাৰ বৰুৱাক নিৰ্বাচিত কৰা হৈছিল। কিন্তু সসন্মানে প্ৰহ্লাদ কুমাৰ বৰুৱাই এই বঁটা প্ৰত্যাখ্যান কৰিছিল। সাহিত্য সভালৈ দিয়া এখন পত্ৰৰ জৰিয়তে তেওঁ আনুষ্ঠানিকভাৱে বঁটা প্ৰত্যাখ্যানৰ কথা অৱগত কৰে।[19] [20]

ড° প্ৰহ্লাদ কুমাৰ বৰুৱা সোঁৱৰণী উপশমী সেৱা বঁটা[সম্পাদনা কৰক]

২০১৮ চনৰ পৰা প্ৰহ্লাদ কুমাৰ বৰুৱাৰ পৰিয়ালে তেখেতৰ স্মৃতিত ‘’’ ড° প্ৰহ্লাদ কুমাৰ বৰুৱা সোঁৱৰণী উপশমী সেৱা বঁটা’’’ নামেৰে এটি বঁটা প্ৰদান কৰি আহিছে। ত্যাগ আৰু একাগ্ৰতাৰে কৰ্কট ৰোগৰ চিকিৎসা, সামাজিক সহায়, উপশমী চিকিৎসা আৰু শ্ৰেষ্ঠ স্বেচ্ছাসেৱকৰ ক্ষেত্ৰত অন্যতম অৱদান আগবঢ়োৱা আদি চাৰিটা শিতানত ডিব্ৰুগড়ৰ ‘প্ৰতিশ্ৰুতি’ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে চাৰিটা বঁটা আগবঢ়ায়। ইয়াৰে উপশমী সেৱা বঁটাটি প্ৰহ্লাদ কুমাৰ বৰুৱাৰ সোঁৱৰণত আগবঢ়োৱা হয়। এই বঁটাৰ সৈতে ফুলাম গামোছা, এখন মানপত্ৰ, গলবস্ত্ৰ, ট্ৰফী আৰু প্ৰতিশ্ৰুতিৰ স্মাৰক প্ৰদান কৰা হয়। ২০১৮ চনৰ ১৫ ডিচেম্বৰত ‘প্ৰতিশ্ৰুতি’ৰ বঁটা প্ৰদান অনুষ্ঠানত এই উপশমী চিকিৎসা সেৱা প্ৰকল্পটো উদ্বোধন কৰে অসম চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ তেতিয়াৰ অধ্যক্ষ ডাঃ হিৰণ্য কুমাৰ গোস্বামীয়ে।[21] এই বঁটা লাভ কৰা স্বেচ্ছাসেৱকসকল হৈছে –

  1. ২০১৮ চনত- ড° মিনতি বৰঠাকুৰ ( কটন কলেজৰ দৰ্শন বিভাগৰ প্ৰাক্তন অধ্যাপিকা,লেখিকা আৰু কেন্সাৰ ৰোগ বিজয়িনী)
  2. ২০২০ চনত- হৰিপ্ৰসাদ বৰা (পেলিয়েটিভ কেয়াৰৰ সন্দৰ্ভত অসমৰ প্ৰথমগৰাকী কাৰিকৰী প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তি তথা গুৱাহাটী পেইন এণ্ড পেলিয়েটিভ কেয়াৰ ছ’চাইটিৰ অতিৰিক্ত সম্পাদক)[22]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 1.10 1.11 1.12 মৌচম গগৈ (২০০৬). সোণালী শইচৰ ছেঁই ড° প্ৰহ্লাদ কুমাৰ বৰুৱা. শ্ৰী নৱ কলিতা,কিৰণ প্ৰকাশন. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 "সাহিত্যিক-সমালোচক-শিক্ষাবিদ প্ৰহ্লাদ কুমাৰ বৰুৱাৰ শেষকৃত্য সম্পন্ন". অসমীয়া প্ৰতিদিন. ২৬ আগষ্ট,২০১১. 
  3. 3.0 3.1 3.2 3.3 3.4 ড° উষাৰাণী বৰুৱা (২০০৬). সাগৰ সঙ্গমত, সোণালী শইচৰ ছেঁই ড° প্ৰহ্লাদ কুমাৰ বৰুৱা. শ্ৰী নৱ কলিতা,কিৰণ প্ৰকাশন. পৃষ্ঠা. ২৫৩,২৬৭. 
  4. 4.0 4.1 4.2 4.3 4.4 4.5 4.6 4.7 4.8 ড° নগেন শইকীয়া (২৭ আগষ্ট,২০১১). "মোৰ ছাত্ৰ আৰু সহকৰ্মী প্ৰহ্লাদ বৰুৱা". জনসাধাৰণ. 
  5. 5.0 5.1 "গল্পকাৰ, সমালোচক ড° প্ৰহ্লাদ কুমাৰ বৰুৱাৰ পৰলোক". আজিৰ দৈনিক বাতৰি. ২৫ আগষ্ট,২০১১. 
  6. 6.0 6.1 6.2 6.3 6.4 6.5 6.6 "বিশিষ্ট সাহিত্যিক ড° প্ৰহ্লাদ কুমাৰ বৰুৱাৰ মৃত্যু". দৈনিক অসম. ২৬ আগষ্ট,২০১১. 
  7. 7.0 7.1 7.2 7.3 "প্ৰহ্লাদ কুমাৰ বৰুৱাৰ মৃত্যুত শোক". দৈনিক জনমভূমি. ২৭ আগষ্ট,২০১১. 
  8. 8.0 8.1 8.2 "বিশিষ্ট সাহিত্যিক ড° প্ৰহ্লাদ কুমাৰ বৰুৱাৰ দেহাৱসান". খবৰ. ২৫ আগষ্ট,২০১১. 
  9. 9.0 9.1 "ডিব্ৰুগড়ৰ বিশিষ্ট সাহিত্যিক প্ৰহ্লাদ বৰুৱাৰ মৃত্যু". নিয়মীয়া বাৰ্তা. ২৫ আগষ্ট,২০১১. 
  10. 10.0 10.1 10.2 কিৰণময়ী শইকীয়া,উত্তম কুমাৰ বৰুৱা, ed (ফেব্ৰুৱাৰী,২০০১). ডিবৰুৰ সাহিত্য জীৱন. চিন্তাদূত সাহিত্য চ'ৰা. 
  11. "মাজুলী মহাবিদ্যালয়ত প্ৰহ্লাদ বৰুৱাৰ প্ৰথম মৃত্যু তিথি". আজিৰ দৈনিক বাতৰি. ১৭ আগষ্ট,২০১২. 
  12. "মাজূলী মহাবিদ্যালয়ত 'জীৱনৰ দিন'ৰূপে উদ্‌যাপন". নিয়মীয়া বাৰ্তা. ২৫ আগষ্ট,২০১২. 
  13. "প্ৰহ্লাদ কুমাৰ বৰুৱাৰ স্মৃতিত জীৱন-কলা দিৱস". আমাৰ অসম. ২৩ আগষ্ট,২০১২. 
  14. "জীৱন কলা দিৱস পালন". জনসাধাৰণ. ২৬ আগষ্ট,২০১২. 
  15. মৌচম গগৈ (২০০৬). সাহিত্য সম্ভাৰ, সোণালী শইচৰ ছেঁই ড° প্ৰহ্লাদ কুমাৰ বৰুৱা. শ্ৰী নৱ কলিতা,কিৰণ প্ৰকাশন. পৃষ্ঠা. ৩০৬,৩০৭. 
  16. নবীন চন্দ্ৰ লহকৰ (৩ ছেপ্টেম্বৰ,২০১১). "ড° প্ৰহ্লাদ কুমাৰ বৰুৱা,সাহিত্য আৰু চিন্তাধাৰাত এভূমুকি". দৈনিক অগ্ৰদূত. 
  17. ড° সত্যকাম বৰঠাকুৰ (৩ ছেপ্টেম্বৰ,২০১১). "জীৱনক অনুপম শিল্পৰূপে সজাই তোলা ব্যক্তিজন". অসমীয়া প্ৰতিদিন. 
  18. অৰবিন্দ ৰাজখোৱা (৫ ছেপ্টেম্বৰ, ২০০৫). "প্ৰিয় শিক্ষক". দৈনিক জনসাধাৰণ. 
  19. "ড° প্ৰহ্লাদ বৰুৱাই প্ৰত্যাখ্যান কৰিলে বঁটা". আমাৰ অসম. ১৭ এপ্ৰিল,২০০৮. 
  20. "সাহিত্য সভাৰ বঁটা প্ৰত্যাখ্যান ড° প্ৰহ্লাদ কুমাৰ বৰুৱাৰ". জনসাধাৰণ. ১৭ এপ্ৰিল,২০০৮. 
  21. "ডাঃ অমল চন্দ্ৰ কটকী, ড° মিনতি বৰঠাকুৰ, হিম্মৎ চৌধুৰীক 'প্ৰতিশ্ৰুতি'ৰ বঁটা প্ৰদান". আমাৰ অসম. ১৬ ডিচেম্বৰ,২০১৮. 
  22. "হোমেন বৰগোহাঞিসহ ৫ গৰাকী ব্যক্তিলৈ বঁটা". অসমীয়া প্ৰতিদিন. ৬ জানুৱাৰী,২০২০.