সিংহ দৰবাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
সিংহ দৰবাৰ
সাধাৰণ তথ্য
স্থাপত্য শৈলী নব্য-ধ্ৰুপদী স্থাপত্য, পেলেডিয়ান স্থাপত্য, আৰু ইউৰোপীয় স্থাপত্যৰ শৈলী
চহৰ কাঠমাণ্ডু
দেশ নেপাল
মূল্য অজ্ঞাত
প্ৰযুক্তিৰ বিৱৰণ
গঠন পদ্ধতি ইটা আৰু শিল
নক্সা আৰু নিৰ্মাণ
গ্ৰাহক চন্দ্ৰ ছামছেৰ জে.বি.আৰ.
স্থাপত্যবিদ কুমাৰ নৰসিংহ ৰাণা, কিশোৰ নৰসিংহ ৰাণা[1]

সিংহ দৰবাৰ (বা, সিংহ কাৰেং) (নেপালী: सिंहदरवार, ইংৰাজী: Singha Durbar) হ’ল নেপালৰ ৰাজধানী কাঠমাণ্ডুত থকা ৰাণা বংশৰ এটা কাৰেং। কাঠমাণ্ডুৰ মধ্যভাগত তথা বাবৰ মহল আৰু থাপাথালি দৰবাৰৰ উত্তৰদিশে আৰু ভদ্ৰকালিৰ পূৱদিশে সিংহ কাৰেং অৱস্থিত।[2] ১৯০৮ চনৰ জুন মাহত চন্দ্ৰ ছামছেৰ জে.বি.আৰে. এই কাৰেংটো নিৰ্মাণ কৰিছিল।[3]

ইতিহাস[সম্পাদনা কৰক]

প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ পাছতেই ছামছেৰে সিংহ কাৰেং নিৰ্মাণ কৰিছিল। প্ৰথমাৱস্থাত এইটো আছিল এটা সৰু ব্যক্তিগত বাসগৃহ, কিন্তু নিৰ্মাণৰ সময়ছোৱাত ই ডাঙৰ হৈ পৰে। নিৰ্মাণৰ পাছতেই ছামছেৰে এই সম্পত্তি নেপাল চৰকাৰক প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহ হিচাপে ২০ মিলিয়ন নেপালী টকাত বিক্ৰী কৰি দিয়ে।[3] ১৯২৯ চনত তেঁওৰ মৃত্যুৰ পাছত, সিংহ কাৰেং ৰাণা বংশৰ প্ৰধানমন্ত্ৰীসকলৰ (পদ্ম ছামছেৰ জে.বি.আৰ.ৰ বাহিৰে) চৰকাৰী বাসগৃহ হিচাপে ব্যৱহাৰ কৰা হৈছিল। সিংহ কাৰেং দখল কৰা ৰাণা বংশৰ অন্তিম প্ৰধানমন্ত্ৰী আছিল মোহন ছামছেৰ জে.বি.আৰ.। আনকি ১৯৫১ চনত ৰাণা বংশ ক্ষমতাচ্যুত হোৱাৰ পাছতো মোহন ছামছেৰে সিংহ কাৰেঙত আছিল, কিন্তু ১৯৫৩ চনত সিংহ কাৰেং এৰিবলৈ তেঁওক চৰকাৰে আদেশ দিছিল। পাছলৈ সিংহ কাৰেং জাতীয় সম্পত্তি হিচাপে পৰিগণিত হয়।[3]

কাৰেঙৰ আৰ্হি[সম্পাদনা কৰক]

বাহ্যিক গাঁথনি[সম্পাদনা কৰক]

কুমাৰ নৰসিংহ ৰাণা আৰু কিশোৰ নৰসিংহ ৰাণাই ইয়াৰ গাঁথনি ৰূপাংকন কৰিছিল। পেলেডিয়ান স্থাপত্য, কৰিনথিয়ান, নব্য-ধ্ৰুপদী স্থাপত্য শৈলীৰ আৰ্হিত সিংহ কাৰেং নিৰ্মাণ কৰা হয়।[1][3]

আভ্যন্তৰীণ গাঁথনি[সম্পাদনা কৰক]

১৯৭৩ চনৰ অগ্নিকাণ্ডৰ আগলৈ সিংহ কাৰেঙৰ সাতখন প্ৰাংগণ আৰু ১৭০০ টা কক্ষ আছিল। প্ৰতিটো কক্ষৰ মজিয়া মাৰ্বলৰে নিৰ্মিত, ৰূপালী আচবাব আৰু স্ফটিক বিজুলী বাতিৰে পৰিপূৰ্ণ আছিল।[1][4]

ৰাজ্যিক সভাঘৰ[সম্পাদনা কৰক]

ৰাজ্যিক সভাঘৰ হ’ল সিংহ কাৰেঙৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ আলংকাৰিক কক্ষ। এই সভাঘৰটো বিদেশৰ পৰা আমদানি কৰা সামগ্ৰীৰে সজা হৈছিল; যেনে- মুৰান’ কাঁচৰ বিজুলী বাতি, বেলজিয়ান দাপোণ আৰু ইটালিয়ান মাৰ্বলৰ মজিয়া লগতে বেৰ আৰু আটালত খদিত বিভিন্ন ধৰণৰ ফুলৰ নমুনা।[3]

গেলেৰী বৈঠক[সম্পাদনা কৰক]

চন্দ্ৰ ছামছেৰে এটা ব্যক্তিগত নাটশালা বা ৰংগালয় নিৰ্মাণ কৰিছিল যাৰ নাম গেলেৰী বৈঠক (কলা-বীথিকা বৈঠক) ৰখা হৈছিল। ইয়াক সংসদ ভৱন হিচাপে ব্যৱহাৰ কৰা হৈছিল।

নেপাল চৰকাৰৰ অধীনত[সম্পাদনা কৰক]

বংশগত প্ৰধানমন্ত্ৰী (ৰাণাসকল) পদ্ধতিৰ অৱসান ঘটাৰ পাছতেই নেপাল চৰকাৰে এই কাৰেং চৌহদটো চৰকাৰী কাৰ্যালয়ৰ গৃহ হিচাপে ব্যৱহাৰ কৰিছিল। কাৰেং চৌহদটো নেপাল সংসদৰ প্ৰতিনিধি সভা আৰু ৰাষ্ট্ৰীয় সভাৰ দ্বাৰা দখল কৰা হৈছিল। ইয়াত ২০ টা মন্ত্ৰণালয় আৰু চৰকাৰী কাৰ্যালয় ৰখা হয়। সিংহ কাৰেঙতেই ৰেডিঅ’ নেপাল আৰু নেপাল দূৰদৰ্শনৰ প্ৰধান কাৰ্যালয় আছে।

দুৰ্ঘটনাসমূহ[সম্পাদনা কৰক]

১৯৭৩ চনৰ অগ্নিকাণ্ড[সম্পাদনা কৰক]

১৯৭৩ চনৰ ৯ জুলাই, সোমাবাৰে সিংহ কাৰেঙত ভয়ানক অগ্নিকাণ্ড সংঘটিত হৈছিল যাৰ ফলত সিংহ কাৰেঙৰ বহুখিনি ক্ষতি হৈছিল।[4][4]

২০১৫ চনৰ ভূঁইকঁপ[সম্পাদনা কৰক]

২০১৫ চনৰ এপ্ৰিল মাহত নেপালত সংঘটিত ভূঁইকঁপত সিংহ কাৰেং গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছিল।[5]

আলোকচিত্ৰৰ ভঁৰাল[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]