সমললৈ যাওক

সুদক্ষিণা শৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(সুদক্ষিনা শৰ্মাৰ পৰা পুনঃনিৰ্দেশিত)
সুদক্ষিণা শৰ্মা

কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাৰ প্ৰফাইল ফটো
জন্ম ৮ আগষ্ট, ১৯৩৪
ভৰলুমুখ, গুৱাহাটী, অসম
মৃত্যু ৩ জুলাই, ২০২৩
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম নিৰুপমা হাজৰিকা, কুইন, কুইনী হাজৰিকা
শিক্ষানুষ্ঠান সন্দিকৈ ছোৱালী মহাবিদ্যালয়
পেচা কণ্ঠশিল্পী
দাম্পত্যসঙ্গী দিলীপ শৰ্মা (বি. ১৯৫৪; মৃ. ২০০৮)
পিতৃ-মাতৃ
  • নীলকান্ত হাজৰিকা
  • শান্তিপ্ৰিয়া হাজৰিকা
সন্তান ঋতুপৰ্ণ শৰ্মা, ঋষিৰাজ শৰ্মা, ঋজুশ্ৰী শৰ্মা
আত্মীয়-স্বজন ভূপেন হাজৰিকা (জেষ্ঠ ভাতৃ),
জয়ন্ত হাজৰিকা (কনিষ্ঠ ভাতৃ),
পৰমানন্দ মজুমদাৰ (জোঁৱাই)
বঁটা, সন্মান, পুৰস্কাৰ আদি সংগীত নাটক একাডেমী বঁটা (২০০২) (দিলীপ শৰ্মাৰ সৈতে যুটীয়াভাৱে),
লিঅ’ এক্সপ’ সন্মান (২০০৮),
চাতক সন্মান (২০১০)

সুদক্ষিণা শৰ্মা (pronunciation) (ইংৰাজী: Sudakshina Sarma; জন্ম: ৮ আগষ্ট, ১৯৩৪) অসমৰ এগৰাকী খ্যাতনামা গায়িকা।[1][2] তেওঁ অসম তথা ভাৰতৰ এগৰাকী সুখ্যাত গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত তথা চলচ্চিত্ৰ পৰিচালক ভূপেন হাজৰিকাৰ ভগ্নী[3] আৰু গীতিকাৰ, সুৰকাৰ আৰু সংগীতশিল্পী দিলীপ শৰ্মাৰ পত্নী। জন্মসূত্ৰে তেওঁৰ নাম আছিল নিৰুপমা হাজৰিকা। ঘৰুৱা নাম কুইন, অৰ্থাৎ কুইন হাজৰিকা। জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁক নাম দিলে কুইনী হাজৰিকা।[2] প্ৰথমাৱস্থাত এই নামেৰে তেওঁ ৰেডিঅ'ত গীত গাইছিল। তেওঁৰ বিনয়ী আৰু হাঁহিমুখীয়া স্বভাৱৰ বাবে শহুৰেক দীননাথ শৰ্মাই তেওঁক ‘সুদক্ষিণা’ নামটো দিছিল।[4]শৈশৱতে তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মাৰ সান্নিধ্য লাভ কৰিছিল।[2] দহ বছৰ বয়সতে সুদক্ষিণা শৰ্মাই কলিকতাত, বিষ্ণুপ্ৰসাদ ৰাভাৰ তত্ত্বাৱধানত কমলনাৰায়ণ চৌধুৰীৰ সৈতে দ্বৈত কণ্ঠত ‘নাহৰ ফুলে নুশুৱায়’ (কথা আৰু সুৰ: বিষ্ণুপ্ৰসাদ ৰাভা), ‘বিশ্বৰে ছন্দে ছন্দে’, অ' মইনা[2] আদিকে ধৰি চাৰিটা গীত বাণীবন্ধন কৰিছিল। ১৯৪৭ চনত, পানবজাৰৰ জুবিলী গাৰ্ডেনলৈ মহাত্মা গান্ধী আহোঁতে তেওঁ ‘এ জয় ৰঘু নন্দন’ গীত পৰিৱেশন কৰিছিল।[5] সংগীতক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০২ চনত, সুদক্ষিণা শৰ্মাই স্বামী দিলীপ শৰ্মাৰ সৈতে সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল।

সুদক্ষিণা শৰ্মাৰ জীৱনৰ আধাৰত ঔপন্যাসিক আৰাধনা পটংগীয়া গোস্বামীয়ে আগবাৰীত ফুলিলে সোণে মোৰ চম্পা শীৰ্ষক এখন জীৱনভিত্তিক উপন্যাস লিখি উলিয়াইছে।[6] ‘আগবাৰীত ফুলিলে সোণে মোৰ চম্পা’ জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত এটি জ্যোতি সংগীত। সুদক্ষিণা শৰ্মাৰ কণ্ঠত এই গীত বাণীবন্ধন হৈছিল।

সংক্ষিপ্ত জীৱনী

[সম্পাদনা কৰক]

১৯৩৪ চনৰ ৮ আগষ্ট তাৰিখে গুৱাহাটীৰ ভৰলুমুখত সুদক্ষিণা শৰ্মাৰ জন্ম হৈছিল। পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্ৰিয়া হাজৰিকা। ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, সমৰ হাজৰিকাকে ধৰি নীলকান্ত হাজৰিকাৰ দহোটা সন্তানৰ সুদক্ষিণা বা নিৰুপমা হাজৰিকা অছিল চতুৰ্থটি সন্তান। এটি সংস্কৃতিবান পৰিয়ালত জন্ম লাভ কৰা নিৰুপমাই সৰুৰেপৰাই ঘৰত গীত গোৱা দেখিছিল। মোমায়েক অনাথবন্ধুৱে ছেক্স’ফ’ন বজাইছিল। মাজু মাহীয়েক ভৱপ্ৰিয়াই তেওঁলোকক গীত গাবলৈ শিকাইছিল। মাক শান্তিপ্ৰিয়াইও গীত গাব জানিছিল।[7]

দেউতাকৰ চাকৰি সূত্ৰে, ১৯৩৯ চনত তেজপুৰ মজলীয়া প্ৰাথমিক বিদ্যালয়ত নিৰুপমাৰ শিক্ষাৰম্ভ হৈছিল। পাছত তেওঁ পানবজাৰ ছোৱালী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উৰ্ত্তীণ হৈ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত পঢ়া-শুনা কৰিছিল।[7]

দহ বছৰ বয়সতে তেওঁ বিষ্ণুপ্ৰসাদ ৰাভাৰ তত্ত্বাৱধানত কলিকতাত গ্ৰামফোন ৰেকৰ্ডত গীত গাইছিল। তেওঁৰ সাংগীতিক যাত্ৰা আৰম্ভ হৈছিল দেউতাক নীলকান্ত হাজৰিকাই ৰচনা কৰা আৰু জেষ্ঠ ভাতৃ ভূপেন হাজৰিকাই সুৰ দিয়া ‘অ’ মইনা কেতিয়া আহিলি তই’ গীতেৰে। মহাত্মা গান্ধীৰ মৃত্যুত তেওঁ ভূপেন হাজৰিকাৰ সৈতে ‘তেৰশ ছৌৱনৰ মাঘৰে মাহৰে বিয়লি পৃথিৱীৰ শিৰতে ব্ৰজপাত পৰিলে’ গীতটি কলিকতা ৰেডিঅ’ৰ বাবে গাইছিল। গীতটি লিখিছিল ভূপেন হাজৰিকাই। সুদক্ষিণা শৰ্মাই ‘মণিৰাম দেৱান’, ‘চিকমিক বিজুলী’, ‘পাৰঘাট’, ‘অবুজ বেদনা’, ‘হেঁপাহ’ আদি চলচ্চিত্ৰত ক্ৰমে সংগ্ৰাম লগ্নে আজি, তপ্ত শিখাৰে, হৰি নাচে কৃষ্ণ, অ’ কি ৰূপে পেখলো গীতত কণ্ঠদান কৰিছিল। বৰগীত, কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত, বনগীত, বিয়ানাম, বিহুনামতো সুদক্ষিণাৰ ব্যুৎপত্তি আছিল। লীলা গগৈৰ দিখৌ নৈৰ পাৰতে, গণেশ গগৈৰ আজি মধু নিশা, হেমেন হাজৰিকাৰ চিৰি পাতি মংগলখন চাওঁ, লক্ষ্মীনাথ বেজবৰুৱাৰ পুৰি গ’ল বৃন্দাবন, তিলকা হেনো, এ হে বিৰিন্দাবনতে; জ্যোতিপ্ৰসাদৰ আগাবাৰীত ফুলিলে সোণে মোৰ চম্পা আদি গীত সুদক্ষিণা শৰ্মাৰ কণ্ঠত বাণীবদ্ধ হৈছে। তদুপৰি নৱকান্ত বৰুৱা, পুৰুষোত্তম দাস, নীলকান্ত হাজৰিকা আৰু দিলীপ শৰ্মাৰ বহুকেইটা গীতো তেওঁ গ্ৰামফোন ৰেকৰ্ডত গাইছে। ১৯৫৩ চনত সুদক্ষিণা শৰ্মা ভাৰতীয় গণনাট্য সংঘৰ অসম শাখাৰ সম্পাদক হেমাংগ বিশ্বাস আৰু গণনাট্যৰ কৰ্মী হেম শৰ্মাৰ সান্নিধ্যলৈ আহে আৰু জনসচেতনতা বৃদ্ধিৰ বাবে গীত গায়। ভূপেন হাজৰিকাই প্ৰথমাৰ্ধত লিখা প্ৰায়বোৰ গীতৰ গায়িকা আছিল সুদক্ষিণা শৰ্মা। পৰৱৰ্তী সময়ত তেওঁ স্বামী দিলীপ শৰ্মাৰ সৈতে দ্বৈত কণ্ঠত বহুসংখ্যক গীত গায়। নতুন প্ৰজন্মৰ মাজত শুদ্ধ ৰূপত জ্যোতিসংগীতৰ চৰ্চাৰ বাবে তেওঁলোকে গোটেই অসম জুৰি জ্যোতিসংগীত প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰিছিল। জ্যোতিসংগীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে তেওঁলোকে লোৱা উদ্যোগৰ বাবে, ২০০২ চনত, দিলীপ শৰ্মাৰ সৈতে যুটীয়াভাৱে তেওঁক সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰা হয়।[7]

১৯৫৪ চনৰ ১২ আগষ্ট তাৰিখে গণশিল্পী, সুৰকাৰ আৰু গীতিকাৰ দিলীপ শৰ্মাৰ সৈতে সুদক্ষিণাৰ বিবাহ হৈছিল। তেওঁলোকৰ তিনি সন্তান ক্ৰমে- ঋতুপৰ্ণ শৰ্মা(১৯৫৫-২০০৭), ঋষিৰাজ শৰ্মা(১৯৬৯-২০২৩), ঋজুশ্ৰী শৰ্মা। সুদক্ষিণা শৰ্মাৰ শহুৰ আৱাহন আলোচনীৰ সম্পাদক দীননাথ শৰ্মা এগৰাকী সাহিত্যিক আৰু শাহু ৰেণু দেৱী।[4]

কণ্ঠদান কৰা গীত

[সম্পাদনা কৰক]
এককভাৱে গোৱা গীত
চলচ্চিত্ৰত এককভাৱে গোৱা
কোৰাছ
ভূপেন হাজৰিকাৰ সৈতে
কমলনাৰায়ণ চৌধুৰীৰ সৈতে
দিলীপ শৰ্মাৰ সৈতে

২০২৩ চনৰ ৩ জুলাই তাৰিখে ৰাতিপুৱা ৮.২৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সুদক্ষিণা শৰ্মাই শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি তেখেতে চিকিৎসাধীন হৈ আছিল।[8] মৃত্যুৰ পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ শৰ্মাৰ দেহ দান কৰা হয়।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ড° লক্ষহীৰা দাস (মাৰ্চ, ২০২২). সংগীতপ্ৰভা সুদক্ষিণা. প্ৰকাশক গুৱাহাটী: পূৰ্বায়ণ প্ৰকাশন. পৃষ্ঠা. ১৫৪-১৫৬. ISBN ৯৭৮-৯৩-৯৩৮৮১-৬৭-০.
  2. 1 2 3 4 অজিত কুমাৰ ভূঞাৰ সৈতে সাক্ষাৎকাৰ (১৫ ছেপ্টেম্বৰ, ২০১৮). "Melodious journey of Sudakshina Sarma". সাক্ষাৎকাৰ. প্ৰাগ নিউজ. https://www.youtube.com/watch?v=Zod-yEB3iSo আহৰণ কৰা হৈছে: ১ জুলাই, ২০২২.
  3. "Bhupen forum urges people to unite for BTC peace". Sep 10, 2012. https://timesofindia.indiatimes.com/city/guwahati/bhupen-forum-urges-people-to-unite-for-btc-peace/articleshow/16329695.cms আহৰণ কৰা হৈছে: 1 July 2022.
  4. 1 2 নিৰুপমা বৰগোহাঞি (মাৰ্চ, ২০২২). সংগীতপ্ৰভা সুদক্ষিণা. প্ৰকাশক গুৱাহাটী: পূৰ্বায়ণ প্ৰকাশন. পৃষ্ঠা. ১৪৯-১৫১. ISBN ৯৭৮-৯৩-৯৩৮৮১-৬৭-০.
  5. "প্ৰতিভাৰ আকৰ: সুদক্ষিণা শৰ্মাৰ সৈতে এটি সাক্ষাৎকাৰ". গুৱাহাটী দূৰদৰ্শন. ডিডি নিউজ. আগষ্ট, ২০২৩. https://www.youtube.com/watch?v=OmYA3Al9P6E আহৰণ কৰা হৈছে: 28 December 2023.
  6. আৰাধনা পটংগীয়া গোস্বামী (২০১৭). আগবাৰীত ফুলিলে সোণে মোৰ চম্পা. ভৱানী বুকছ.
  7. 1 2 3 ড° পৰমানন্দ মজুমদাৰ (মাৰ্চ, ২০২২). সংগীতপ্ৰভা সুদক্ষিণা. প্ৰকাশক গুৱাহাটী: পূৰ্বায়ণ প্ৰকাশন. পৃষ্ঠা. ২৭৩-২৯৪. ISBN ৯৭৮-৯৩-৯৩৮৮১-৬৭-০.
  8. "Sudakshina Sarma Passes Away : বিশিষ্ট কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাৰ দেহাৱসান, ৮৯ বছৰ বয়সত GMCHত শেষ নিশ্বাস ত্যাগ". https://assam.news18.com/. JULY 3, 2023. https://assam.news18.com/news/assam/guwahati/noted-singer-sudakshina-sarma-passes-away-at-89-skd-308301.html আহৰণ কৰা হৈছে: 3 July 2023.