সমললৈ যাওক

সুন্দৰী সাপ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুন্দৰী সাপ (Chrysopelea ornata)
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Animalia
পৰ্ব: Chordata
উপপৰ্ব: Vertebrata
শ্ৰেণী: Reptilia
বৰ্গ: Squamata
উপবৰ্গ: Serpentes
পৰিয়াল: Colubridae
উপপৰিয়াল: Colubrinae
গণ: Chrysopelea
প্ৰজাতি: C. ornata
বৈজ্ঞানিক নাম
Chrysopelea ornata
(Shaw, 1802)

সুন্দৰী সাপ (ইংৰাজী: Ornate Flying Snake, বৈজ্ঞানিক নাম:Chrysopelea ornata) দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াত বিস্তৃত হৈ থকা এবিধ সাপৰ প্ৰজাতি। বৰ্তমানলৈকে ইয়াৰ তিনিটা উপ-প্ৰজাতি চিনাক্ত হৈছে। সুন্দৰী সাপক অসমৰ ঠাইভেদে‍ কালনাগ, মণিৰাজ, উৰণীয়া সাপ বুলিও জনা যায়।[1]

ভাৰতৰ উত্তৰ বংগৰ পৰা অহা Chrysopelea ornataৰ ৰঙা দাগযুক্ত ৰূপ

সুন্দৰী সাপ দেখাত সেউজীয়া বৰণৰ। ইয়াৰ সমগ্ৰ দেহত ক'লা বৰণৰ পথালি আঁচ কিছুমান থকা দেখা যায়। ইয়াৰ মূৰ চেপেটা আৰু চকু ঘূৰণীয়া আকাৰৰ আৰু ডাঙৰ হয়। [2]

এই সাপবিধৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ১১.৫-১৩০ ছে:মি: পৰ্যন্ত হ'ব পাৰে। [3] ইয়াৰ নেজডাল দেহৰ দৈৰ্ঘ্যৰ প্ৰায় এক-চতুৰ্থাংশ। [3]

এই সাপবিধ প্ৰধানকৈ ভাৰত, শ্ৰীলংকা, ম্যানমাৰ, থাইলেণ্ড, মালয়েছিয়া, লাওছ, কম্বোডিয়া, ভিয়েটনাম, চীন, ইণ্ডোনেছিয়া, ফিলিপাইনছ আদি দেশত বিস্তৃত হৈ আছে। ভাৰতত ই ঘাইকৈ পশ্চিমবংগ, উত্তৰ ভাৰত, বিহাৰৰ পৰা উত্তৰ-পূব ভাৰতত দেখিবলৈ পোৱা যায়[4]। তদুপৰি আন্দামান নিকোবৰ দ্বীপপুঞ্জতো ইয়াক সতকাই দেখা যায়।[2]

টেক্স'নমি

[সম্পাদনা কৰক]

সুন্দৰী সাপৰ প্ৰধানকৈ তিনিবিধ উপ-প্ৰজাতি বৰ্তমানলৈকে চিনাক্ত কৰা হৈছে-

সুন্দৰী সাঁপ (Chrysopelea ornata) প্ৰায়েই গছত থাকে আৰু দিনৰ ভাগত সক্ৰিয়। সততে ইহঁতক তামোল, নাৰিকল বা শিলৰ থিয় গৰাত অনায়াসে ভাঁজ দি (সৰ্পিল গতি) উঠা নমা কৰোঁতে সিহঁতে যি কণ খহতা পৃষ্ঠ পায়, তাতে গাত থকা বাকলিৰ সহায়ত অতি সহজে বগাই যায়।

সুন্দৰী সাঁপ সহজে শংকিত হোৱা, যথেষ্ট তীব্ৰবেগী। আমনি পালে পলাবলৈ চেষ্টা কৰে কিন্তু ধৰিলে খুটিবলৈ কুণ্ঠাবোধ নকৰে। ইহঁত সামান্যভাৱে বিষাক্ত কিন্তু মানুহৰ বাবে বিপদজনক নহয়। সিহঁতৰ বিষ তীব্ৰবেগী দিনত ওলোৱা চিকাৰক অৱশ কৰিবৰ বাবেহে।[3]

C. ornata-এ গছত থকা সৰু সৰু চিকাৰ, যেনে জেঠী, বাদুলি আৰু সৰু সৰু নিগনিজাতীয় প্ৰাণী চিকাৰ কৰে।[5] ইয়াৰ উপৰিও ই চৰাইৰ কণী আৰু পতংগও ভক্ষণ কৰিব পাৰে।

বতাহত জাপ মৰাৰ পূৰ্বে ওপৰলৈ বগাই যোৱা এটা ক্ৰাইছ’পিলিয়া অৰ্নাটা (Chrysopelea ornata)

এই সাপবিধৰ প্ৰজনন প্ৰক্ৰিয়াৰ বিষয়ে বৰ বিশেষ জনা নাযায়। ই এবিধ ডিম্বজ অৰ্থাৎ কণী পৰা প্ৰাণী আৰু একেলগে ছয়ৰ পৰা বাৰটালৈকে দীঘলীয়া কণী পাৰে।[2] মে’ আৰু জুন মাহত গৰ্ভৱতী মাইকী সাপ পোৱা গৈছে আৰু জুন মাহত পোৱালিবোৰ কণীৰ পৰা ওলাই আহে। স্মিথৰ মতে, বেংককত জুন মাহত ইহঁতৰ মিলন ঘটে। কণীৰ পৰা ওলোৱা পোৱালিবোৰৰ দৈৰ্ঘ্য ১১৪–১৫২ মিলিমিটাৰ (4½ ৰ পৰা 6 ইঞ্চি) হয়, আনহাতে এতিয়ালৈকে তথ্যভুক্ত কৰা আটাইতকৈ সৰু গৰ্ভৱতী মাইকী সাপজনীৰ দৈৰ্ঘ্য আছিল ১,০৯৩ মিলিমিটাৰ (৩ ফুট ৭ ইঞ্চি)।[2]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ মহম্মদ ফিৰোজ আহমেদ, অভিজিৎ দাস, সুশীল কুমাৰ দত্ত (২০০৮). উত্তৰ-পূব ভাৰতৰ উভচৰ আৰু সৰীসৃপ সচিত্ৰ ক্ষেত্ৰ নিৰ্দেশিকা. আৰণ্যক. পৃষ্ঠা. ৭৬.
  2. 1 2 3 4 Daniels,J. C. (2002) The Book of Indian Reptiles and Amphibians, BNHS & Oxford University Press, Mumbai, pp 106–107.
  3. 1 2 3 "Snakes of Sri Lanka website". Archived from the original on 2001-11-23. https://web.archive.org/web/20011123033240/http://members.fortunecity.com/ukp001/naja/colubridae/chrysopelea_ornata.htm। আহৰণ কৰা হৈছে: 2001-11-23.
  4. ↑ Daniels,J. C. (2002) The Book of Indian Reptiles and Amphibians, BNHS & Oxford University Press, Mumbai, pp 106–107.
  5. ↑ "Jake Socha's . Flying snake FAQ". Archived from the original on 2007-08-06. https://web.archive.org/web/20070806054745/http://home.uchicago.edu/~jjsocha/flyingsnake/fs_home_links/fsfaqs.html। আহৰণ কৰা হৈছে: 2013-10-26.

লগতে চাওক

[সম্পাদনা কৰক]
  • Boulenger, George A. 1890, The Fauna of British India, Including Ceylon and Burma. Reptilia and Batrachia. Taylor & Francis, London, xviii, 541 pp.
  • Daniels,J.C. 2002 The Book of Indian Reptiles and Amphibians, BNHS & Oxford University Press, Mumbai.</ref>
  • Smith, M.A. 1943. The Fauna of British India, Ceylon and Burma, Including the Whole of the Indo-Chinese Sub-Region. Reptilia and Amphibia. Vol 3 (Serpentes). Taylor and Francis, London. 583 pp.
  • Shaw, George 1802. General Zoology, or Systematic Natural History. Vol.3, part 1 + 2. G. Kearsley, Thomas Davison, London: 313-615

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]