সুভদ্ৰা সেনগুপ্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুভদ্ৰা সেনগুপ্ত

ইণ্টাৰনেটত উপলব্ধ সুভদ্ৰা সেনগুপ্তৰ ফাইল ফটো
জন্ম জুন, ১৯৫২
দিল্লী, ভাৰত
মৃত্যু ৩ মে', ২০২১
ভাষা ইংৰাজী
শিক্ষা দিল্লী বিশ্ববিদ্যালয়
সময় ১৯৮০-২০২১[1]
ধৰণ বুৰঞ্জীমূলক কল্পসাহিত্য, নন ফিকচন, ভ্ৰমণ সাহিত্য, ছায়াবাজী সাহিত্য, পাৰলৌকিক কথা
উল্লেখনীয় কৰ্মৰাজি মিষ্ট্ৰি অৱ দ্য হাউচ অৱ পিজেনচ্‌

সুভদ্ৰা সেন গুপ্তা (ইংৰাজী: Subhadra Sen Gupta ; জুন ১৯৫২ – ৩ মে’ ২০২১)[1][2] এগৰাকী ভাৰতীয় লেখক। তেওঁ সাহিত্য অকাডেমিৰ ২০১৫ চনৰ শিশু সাহিত্য পুৰস্কাৰ বিজয়ী[3] আৰু ৩০ খনতকৈও অধিক গ্ৰন্থ প্ৰণেতা। তেওঁৰ মিষ্ট্ৰি অৱ দ্য হাউচ অৱ পিজেনচ্‌ গ্ৰন্থখন খোজ খাজানা খোঝাৰ নামেৰে দূৰদৰ্শনৰ বাবে এখন ধাৰাবাহিক নিৰ্মাণ কৰা হৈছিল।[4] সৰহসংখ্যক কিতাপ বুৰঞ্জীমূলক কল্পকাহিনী আৰু নন-ফিকচন ধাৰাত লিখিছে যদিও তেওঁ ভ্ৰমণকাহিনী, কমিক ষ্ট্ৰিপ তথা ডিটেকটিভ আৰু ভূতৰ কাহিনীও লিখিছিল। [5][6]

চমু জীৱনপঞ্জী[সম্পাদনা কৰক]

সেন গুপ্তৰ জন্ম দিল্লীত হৈছিল। তেওঁ ইতিহাসত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। কলেজত পঢ়ি থাকোঁতেই তেওঁ লিখিবলৈ আৰম্ভ কৰিছিল আৰু বিজ্ঞাপন সংস্থাবোৰৰ বাবে কপিৰাইটাৰ হিচাপে কাম কৰিছিল।[6]

তেওঁৰ কিছু কামৰ ভিতৰত দ্য পাফিন বুক অফ স্প’কী ঘ’ষ্ট ষ্ট’ৰিজগুডবাই, পাশা বেগম! (এক ভৌতিক কাহিনী য’ত দিল্লীত ছুটি কটোৱা ছোৱালী এজনীয়ে নিজকে মোগল যুগত দাস হিচাপে বিচাৰি পায়), বিষ্ণু - ধৌবি চিংগাৰ আৰু আ মৌৰ্য়ান এডভেঞ্চাৰ উল্লেখযোগ্য। দ্য চিক্ৰেট ডায়েৰী অৱ দ্য ৱৰ্ল্ডছ ৱৰ্ষ্ট কুক হৈছে ডায়েৰীৰ বিন্যাসত লিখা তেওঁৰ ৱৰ্ল্ডছ ৱৰ্ষ্ট নামৰ এখন কিতাপ শৃংখলাৰ অংশ।[7] এই শৃংখলাটোত দ্য চিক্ৰেট ডায়েৰী অৱ দ্য ৱৰ্ল্ডছ ৱৰ্ষ্ট ফ্ৰেণ্ড কিতাপখনো আছে।[3] আ ফ্লেগ, আ চং এণ্ড আ পিঞ্চ অফ চল্টত ভাৰতৰ ১৯ জন স্বাধীনতা সংগ্ৰামী আৰু তেওঁলোকৰ প্ৰেৰণাদায়ক কাহিনী আছে।[8]

তেওঁ নতুন দিল্লীত অৱস্থিত গৱেষণা প্ৰতিষ্ঠান দ্য এনাৰ্জি এণ্ড ৰিচৰ্ছ ইনষ্টিটিউটৰ বাবে কেয়াৰিং ফৰ নেচাৰ: বাপু এণ্ড দ্য মিচিং ব্লু পেঞ্চিল নামেৰে এখন কিতাপ লিখিছিল।[3] তেওঁৰ ২০১৫ চনত লিখা ভাৰতৰ ইতিহাসৰ বিষয়ক আ চিল্ড্ৰেনছ হিষ্ট্ৰী অৱ ইণ্ডিয়া নামৰ কিতাপখন ১০ বছৰতকৈ ডাঙৰ শিশুৰ বাবে লিখা হৈছিল।[4] ২০২০ চনত তেওঁৰ দ্য কনষ্টিটিউচন অৱ ইণ্ডিয়া ফৰ চিল্ড্ৰেন (ৰামচন্দ্ৰ গুহ, বিপন চন্দ্ৰ, গ্ৰেনভিল অষ্টিন আৰু ডেৰেক অ’ব্ৰাইনৰ দ্বাৰা লিখা কিতাপসমূহৰ পৰা আহৰণ কৰা)[9] আৰু মহল: পাৱাৰ এণ্ড পেজেন্ট্ৰি ইন মোগল হেৰেম(মোগল যুগৰ হেৰেমৰ সামাজিক জীৱনৰ বিষয়ে) প্ৰকাশ হয়। তেওঁ তেওঁৰ কিতাপ আ বেগফুল অৱ হিষ্ট্ৰি, দ্য টিনেজ ডায়েৰী অৱ যোধ বাই আৰু দ্য টিনেজ ডায়েৰী অৱ জাহানাৰাৰ বাবেও বিখ্যাত।

২০২১ চনৰ ৩ মে’ তাৰিখে ভাৰতত ক’ভিড-১৯ বৈশ্বিক মহামাৰী চলি থকাৰ সময়ত, ৬৮ বছৰ বয়সত এই মহামাৰীৰ বীজানুৰ দ্বাৰা আক্ৰান্ত হৈ গুপ্তৰ মৃত্যু হয়।[1][10]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

তেওঁৰ মিষ্ট্ৰি অৱ দ্য হাউচ অৱ পিজেনচ্‌ গ্ৰন্থখন ফেইজল আলকাজিয়ে খোজ খাজানা খোঝাৰ নামেৰে দূৰদৰ্শনৰ বাবে এখন ৬ খণ্ডৰ ধাৰাবাহিক নিৰ্মাণ কৰিছিল। তেওঁৰ অন্যান্য লেখনি এন চি ই আৰ টি পাঠ্যপুথিৰ অংশ হিচাপেও বাছনি কৰা হৈছিল।[4] তেওঁৰ তিনিখন কিতাপ ক্ৰমে টুৱেলভ অ’ক্লক ঘ’ষ্ট ষ্ট’ৰিজ, দ্য টিনেজ ডায়েৰী অৱ যোধ বাই আৰু আ ক্লাউন ফৰ টেনালী ৰামা ব’ল’গনা চিল্ড্ৰেনছ বুক ফেয়াৰত বাৰ্ষিক হোৱাইট ৰেভেনছ কেটালগত অন্তৰ্ভুক্ত কৰা হৈছিল।[5] ইংৰাজী ভাষাত শিশু সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০১৫ চনত সাহিত্য অকাডেমীয়ে তেওঁক শিশু সাহিত্য পুৰস্কাৰ প্ৰদান কৰে।[4]

কৰ্মৰাজি[সম্পাদনা কৰক]

গল্প
  • Goodbye, Pasha Begum!
  • Bishnu - The Dhobi Singer
  • A Mauryan Adventure
উপন্যাস
  • Danger in Darjeeling: Satyajit Ray's Feluda Mysteries (২০১০)
  • A Flag, A Song And a Pinch of Salt
  • Marching to Freedom
  • The Secret Diary of the World's Worst Cook
  • The Secret Diary of the World's Worst Friend
  • Caring for Nature: Bapu and the Missing Blue Pencil
  • A Children's History of India (২০১৫)
  • The Constitution of India for Children (২০২০)
  • Mahal: Power and Pageantry in the Mughal Harem (২০২০)

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 Shome Ghosh, Sudeshna (8 May 2021). "Subhadra Sen Gupta (1952-2021): A beloved children's author is taken away by Covid-19". Scroll.in. https://scroll.in/article/994325/subhadra-sen-gupta-1952-2021-a-beloved-childrens-author-is-taken-away-by-covid-19। আহৰণ কৰা হৈছে: 11 June 2021. 
  2. "Acclaimed children's writer Subhadra Sen Gupta dies of Covid". The Indian Express. 2021-05-05. https://indianexpress.com/article/books-and-literature/acclaimed-childrens-author-subhadra-sen-gupta-passes-away-due-to-covid-19-7301614/. 
  3. 3.0 3.1 3.2 Pisharoty, Sangeeta Barooah (2015-01-28). "In the world of children" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/books/books-children/subhadra-sen-gupta-winner-of-the-sahitya-akademis-bal-sahitya-puraskar-this-year-talks-about-her-latest-books/article6830820.ece. 
  4. 4.0 4.1 4.2 4.3 Raza, Asif; Ali, Darab Mansoor (2015-07-01). "Rewind with relish" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/features/metroplus/subhadra-sen-gupta-underlines-the-history-of-india-for-children/article7374741.ece. 
  5. 5.0 5.1 "Danger in Darjeeling: Satyajut Ray's Feluda Mysteries | Book by Subhadra Sen Gupta". Rediff Books. Archived from the original on 2020-12-11. https://web.archive.org/web/20201211122120/http://books.rediff.com/book/danger-in-darjeeling--satyajut-ray-s-feluda-mysteries/9780143331506। আহৰণ কৰা হৈছে: 2020-11-29. 
  6. 6.0 6.1 "8 Things worth knowing about Subhadra Sen Gupta" (en-US ভাষাত). Penguin Random House India. 2018-06-10. https://penguin.co.in/8-things-worth-knowing-about-subhadra-sen-gupta/। আহৰণ কৰা হৈছে: 2020-11-29. 
  7. "Works of Subhadra Sen Gupta: our pick" (en-IN ভাষাত). The Hindu. BLPS. 2015-03-10. ISSN 0971-751X. https://www.thehindu.com/in-school/1/article6978422.ece. 
  8. Kurian, Nimi (2020-08-10). "In turbulent times" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/children/in-turbulent-times/article32314128.ece. 
  9. Chakraborti, Paromita (2020-03-12). "A Home for Hope: Subhadra Sen Gupta's new book makes the Constitution accessible to children" (en ভাষাত). The Indian Express. https://indianexpress.com/article/lifestyle/books/a-home-for-hope-6309823/। আহৰণ কৰা হৈছে: 2020-11-29. 
  10. Chakrabarti, Paromita (4 May 2021). "Acclaimed children's author Subhadra Sen Gupta passes away due to Covid-19". The Indian Express. https://indianexpress.com/article/books-and-literature/acclaimed-childrens-author-subhadra-sen-gupta-passes-away-due-to-covid-19-7301614/.