সমললৈ যাওক

সুষমা আহুজা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুষমা আহুজা
পেচা পৰিচালক, লিখক. অভিনেত্ৰী

সুষমা আহুজা (ইংৰাজী: Sushma Ahuja) হৈছে এগৰাকী ভাৰতীয় পৰিচালক, লেখক আৰু অভিনেত্ৰী। তেখেতে হিন্দী আৰু তামিল ভাষাৰ লগতে থিয়েটাৰ প্ৰযোজনা গোষ্ঠীতো কাম কৰিছে।

কৰ্মজীৱন

[সম্পাদনা কৰক]

সুষমাৰ কৰ্মজীৱন আৰম্ভ হয় অল ইণ্ডিয়া ৰেডিঅ'ৰ জৰিয়তে। অল ইণ্ডিয়া ৰেডিঅ'ত তেখেতে এগৰাকী গায়িকা আৰু নৃত্যশিল্পী হিচাপে কিশোৰী অৱস্থাতে যাত্ৰাৰম্ভ কৰে। ইয়াৰ পিছত তেখেতে হিন্দী থিয়েটাৰ জগতৰ লগত জড়িত হৈ পৰে। থিয়েটাৰ জগতৰ লগত জড়িত হৈ তেখেতে হিন্দী, উৰ্দু আৰু পঞ্জাবী ভাষাৰ নাট্যত কাম কৰে।[1] ১৯৭৭ চনত সুষমা আহুজা স্বামীৰ চাকৰিসূত্ৰে নিজৰ পৰিয়ালৰ লগত মাদ্ৰাছলৈ আহে আৰু ইয়াতে 'অভ্যুদয়' নামৰ থিয়েটাৰ গোট এটাৰ লগত কাম কৰে। এই থিয়েটাৰ গোষ্ঠীটোৱে হিন্দী, তামিল আৰু ইংৰাজী ভাষাত অনুষ্ঠান মঞ্চস্থ কৰিছিল। অৱলীলাক্ৰমে তেখেত সীংগিথাম শ্ৰীনিবাস ৰাও আৰু এল.ভি. প্ৰসাদৰ দৰে ছবি নিৰ্মাতাৰ সান্নিধ্যলৈ আহে। তেওঁলোকে সুষমাক ছবিৰ পৰিচালনা কৰিবলৈ উৎসাহিত কৰে। সুষমাই বালু মহেন্দ্ৰ, টি. ৰামা ৰাও আৰু য়শ চোপ্ৰাৰ অধীনত নবীচ হিচাপে কেইখনমান ছবিত কাম কৰে।[1]

তামিল ভাষাৰ ছবিৰ হিন্দী সংস্কৰণত সুষমাই নিয়মীয়াকৈ সহায় কৰিছিল। বেছিভাগ ক্ষেত্ৰতেই এই সহায় আছিল সংলাপৰ লিপ্যন্তৰৰ ক্ষেত্ৰত। শ্ৰীদেৱীকো সুষমাই হিন্দী সংলাপৰ ক্ষেত্ৰত সহায় কৰিছিল আৰু ইয়াৰ জৰিয়তে শ্ৰী দেৱীৰো কেৰিয়াৰে প্ৰগতিৰ নতুন মুখ দেখিছিল।[2]

সুষমাই পৰিচালনা, লেখক আৰু অভিনেত্ৰী হিচাপে চলচ্চিত্ৰৰ জগতত কাম কৰিছে। উল্লেখনীয় যে, তেখেতে 'তাৰা কি দুনীয়া' নামৰ এখন এনিমেটেড ছিৰিজ পৰিচালনা কৰিছিল, যিখন ডিডি মেট্ৰোত সম্প্ৰচাৰিত হৈছিল। আনহাতে ১৯৯৮ চনত তেখেতে 'উয়িৰুদু উয়িৰাগা' নামৰ এখনি ৰোমাণ্টিক ড্ৰামা ছবি নিৰ্মাণ কৰে। এইখন ছবিত অজিৎ কুমাৰ আৰু তেখেতৰ কন্যা ৰিচা আহুজাই অভিনয় কৰিছিল। ছবিখনে একাংশ সমালোচকৰ পৰা ইতিবাচক মন্তব্য লাভ কৰিছিল যদিও এজন সমালোচকে ছবিখনৰ দুৰ্বল কাহিনীপটৰ দিশটো আঙুলিয়াই দিছিল।[3][4] ছবিখনে বাণিজ্যিকভাৱে বিফল হৈছিল। ইয়াৰ বাবে সুষমাই দুৰ্বল প্ৰচাৰক জগৰীয়া কৰিছিল।[5] পৰৱৰ্তী সময়ত সুষমাই 'লিটল জন' (২০০১) আৰু 'এক অলগ মৌচম' (২০০৩)ৰ দৰে ছবিৰ চিত্ৰনাট্যৰ কামত জড়িত হৈছিল।[6][7] ১৯৯২ চনত মুক্তিলাভ কৰা ইংৰাজী ভাষাৰ ছবি 'প্ৰেয়িং উইথ এংগাৰ' আৰু শ্ৰীদেৱীৰ টেলিভিছন ছিৰিজ 'মালিনী আয়াৰ' (২০০৪)-ত সুষমাই অভিনয় কৰিছিল।[8][9]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

সুষমা আহুজাৰ দুটি সন্তান আছে। এগৰাকী হৈছে চলচ্চিত্ৰৰ অভিনেত্ৰী ৰিচা আহুজা। ৰিচাই মাতৃয়ে পৰিচালনা কৰা ছবি 'উয়িৰুদু উয়িৰাগা'ত অভিনয় কৰিছিল। ইয়াৰ লগতে তেখেতে 'দম দম দম' (২০০১)-তো অভিনয় কৰিছে।[10]

তথ্যসংগ্ৰহ

[সম্পাদনা কৰক]
  1. Team, DNA Web (26 February 2018). "Satish Kaushik remembers Sridevi: I used to call her 'madam', even after she married my buddy Boney Kapoor". DNA India. https://www.dnaindia.com/bollywood/report-satish-kaushik-remembers-sridevi-i-used-to-call-her-madam-even-after-she-married-my-buddy-boney-kapoor-2588686.
  2. "Uyirodu Uyiraaga: Movie Review". 11 December 2000. Archived from the original on 11 December 2000. https://web.archive.org/web/20001211181800/http://www.indolink.com/tamil/cinema/Reviews/articles/Uyirodu_Uyiraaga_161932.html আহৰণ কৰা হৈছে: 26 September 2021.
  3. "Vaali (Tamil)". Deccan Herald. http://www.cscsarchive.org:8081/MediaArchive/art.nsf/(docid)/20312CE68F58C798652569400062A3C9 আহৰণ কৰা হৈছে: 30 December 2016.[সংযোগবিহীন উৎস]
  4. "rediff.com, Movies: Gossip from the southern film industry". www.rediff.com. https://www.rediff.com/entertai/2000/apr/29spice.htm.
  5. "Fame from many quarters". 26 February 2001. https://www.thehindu.com/todays-paper/tp-miscellaneous/tp-others/fame-from-many-quarters/article27918805.ece.
  6. "Little John". http://cinematoday2.itgo.com/little%20john.htm.
  7. Sequeira, Gayle (15 January 2019). "The Lesser-Known Story Of How M. Night Shyamalan Made His Debut Film In Chennai". https://www.filmcompanion.in/features/hollywood-features/the-lesser-known-story-of-how-m-night-shyamalan-made-his-debut-film-in-chennai/.
  8. "Sridevi's 'Malini Iyer': All you need to know about the actor's memorable sitcom". Republic World. https://www.republicworld.com/entertainment-news/television-news/sridevis-malini-iyer-all-you-need-to-know-about-the-sitcom.html.
  9. "Looking beyond stardom". The Hindu. 13 September 2012. http://hindu.com/2001/05/14/stories/09140221.htm.