সূৰ্য্য দাস
| সূৰ্য্য দাস | |
|---|---|
| জন্ম | ৩১ জুলাই, ১৯৪০ (৮৫ বছৰ) তেতেলীসৰা, কামপুৰ |
| মৃত্যু | ২১ ডিচেম্বৰ, ২০২৪ (৮৪ বছৰ) মৰিগাঁও জিলা, অসম |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| অন্য নাম | গণশিল্পী |
| শিক্ষানুষ্ঠান | বি বৰুৱা মহাবিদ্যালয়, গুৱাহাটী |
| পেচা | সংগীতকাৰ, গায়ক |
| দাম্পত্যসঙ্গী | মঞ্জুমালা দাস |
| পিতৃ-মাতৃ | জীউৰাম দাস (পিতৃ), পোনেশ্বৰী দাস (মাতৃ) |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | কৰম সিং জনমভূমি বঁটা (২০১৯) |
সূৰ্য্য দাস এগৰাকী প্ৰখ্যাত অসমীয়া গায়ক তথা সংগীত শিল্পী। তেখেত ‘গণশিল্পী’ নামেৰেও জনাজাত হৈ পৰিছিল।[1]
জন্ম
[সম্পাদনা কৰক]১৯৪০ চনৰ ৩১ জুলাইত,শাওণ মাহৰ ১৫ তাৰিখে নগাঁৱৰ কামপুৰৰ তেতেলিসৰাত সূৰ্য দাসৰ জন্ম হয়। তেওঁৰ পিতৃ জীউৰাম দাস আৰু মাতৃ পোনেশ্বৰী দাস। সূৰ্য দাসৰ পিতৃ জীউৰাম দাস মূলতঃ এজন কৃষক আছিল। তেতেলীসৰা আদৰ্শ প্ৰাথমিক বিদ্যালয়ত সূৰ্য দাসৰ শিক্ষা জীৱনৰ আৰম্ভণি হৈছিল।[2][3]তেওঁ গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীও লাভ কৰে। তদুপৰি আকাশবাণী গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা স্বীকৃতিপ্ৰাপ্ত শিল্পী হিচাপেও প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল। পৰৱৰ্তী সময়ত বন বিভাগত চাকৰি কৰিছিল যদিও বিভিন্ন কাৰণত তেওঁ সেই চাকৰি বাদ দিয়ে।[4]
সংগীত সাধনা
[সম্পাদনা কৰক]শিক্ষা গ্ৰহণৰ সমান্তৰালভাৱে সূৰ্য দাস আকৰ্ষিত হৈছিল সাংগীতিক ক্ষেত্ৰখনৰ প্ৰতি। সেয়েহে তেওঁ সংগীত সাধনাতো মনোনিৱেশ কৰিছিল। নগাঁৱৰ সুশীল বেনাৰ্জী, তাৰিকুদ্দিন আহমেদ, বিবেকানন্দ ভট্টাচাৰ্য আদি বৰেণ্য শিল্পীসকলৰ সান্নিধ্যত এইসকল লোকৰ ওচৰতে তেওঁ সংগীতৰ আদিপাঠ গ্ৰহণ কৰিছিল। ১৯৫৭ চনত লামডিঙৰ এখন সাংস্কৃতিক মঞ্চত সূৰ্য দাসৰ ড° ভূপেন হাজৰিকাক লগ পোৱাৰ সৌভাগ্য হৈছিল। কথাতে কোৱা হয় যে শিল্পীয়ে শিল্পী মোল খুব ভালদৰেই বুজি পায়। ড° ভূপেন হাজৰিকয়ো যেন বুজি পাইছিল সূৰ্য দাসক। ড° ভূপেন হাজৰিকায়ো সূৰ্য দাসৰ গীত শুনি আপ্লুত হৈ পৰিছিল আৰু সেই গীতৰ সভাতে কৈছিল- ‘মই বাপুক অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ৰাইজৰ মাজত লৈ ফুৰিম…’। পৰৱৰ্তী সময়ত সূৰ্য দাসক কলিকতালৈ লৈ গৈ তেওঁৰ কণ্ঠৰে চাৰিটা গীত বাণীবন্ধ কৰাইছিল। সেই কালজয়ী গীতকেইটা আছিল– ‘এই কলঙৰ পাৰে…, ‘চাপ্ৰা বহু দূৰ…’, ‘গুম গুম গাম গাম… আৰু ‘আই অ’ শিপিনী’। এয়াই আছিল গায়ক হিচাপে সূৰ্য দাসৰ জীৱনৰ প্ৰথমটো সাফল্য।[5][6]
তেওঁ ‘আজিৰ মানুহ’, ‘নতুন দিগন্ত’, ‘ৰঙা সূৰ্য’, ‘পেলেষ্টাইন’, ‘মোৰ গান’, ‘নতুন সময়’, ‘আজিৰ সময়’ আদি শ্ৰব্য কেছটত কণ্ঠদান কৰিছিল। তদুপৰি "অবুজ বেদনা" নামৰ এখন অসমীয়া চলচ্চিত্ৰত তেওঁ কণ্ঠ নিগৰাইছিল। তেওঁৰ একমাত্ৰ কবিতা পুথিখনৰ নাম- ‘তেজ অকণমান দিবা নেকি চিঞাহী বুলি'।[7]
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]২০১৯ চনত ‘কৰম সিং ট্ৰাষ্ট’ৰ পৰা সূৰ্য্য দাস আৰু হোমেন বৰগোহাঞিক ‘কৰম সিং জনমভূমি বঁটা’ প্ৰদান কৰা হয়।[8]
মৃত্যু
[সম্পাদনা কৰক]২০২৪ চনৰ ২১ ডিচেম্বৰত মৰিগাঁও অসামৰিক চিকিৎসালয়ত সূৰ্য দাসৰ মৃত্যু হয়।[9]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Subham G (2024-12-21). "Veteran Assamese Singer Surya Das Passes Away at Morigaon Civil Hospital" (as ভাষাত). News18News18 Assam. https://assam.news18.com/news/entertainment/veteran-assamese-singer-surya-das-passes-away-at-morigaon-civil-hospital-subham-g-430986.html। আহৰণ কৰা হৈছে: 2025-04-16.
- ↑ state/ganasilpi-surya-das-passes-away-in-morigaon-assam-news-ass24122101770 "Ganasilpi Surya Das passes away in Morigaon, Assam". প্ৰকাশক Assam: ETV BharatETV Bharat. 2021-12-24. https://www.etvbharat.com/as/! state/ganasilpi-surya-das-passes-away-in-morigaon-assam-news-ass24122101770। আহৰণ কৰা হৈছে: 2025-04-01.[সংযোগবিহীন উৎস]
- ↑ NKTV Digital (2024-12-21). "কোনোদিনে উভতি নহাৰ বাটেৰে গ'লগৈ গণশিল্পী সূৰ্য দাস" (as ভাষাত). NKTV. https://as.nktv.in/gana-silpi-surya-das-passes-away/। আহৰণ কৰা হৈছে: 2025-04-16.
- ↑ দৈনন্দিন বাৰ্তা (2024-12-24). "স্তব্ধ হ'ল গীতৰ সভা, জনতাৰ শিল্পী সূৰ্য দাস নাহে আৰু মানুহৰ গান গাবলে" (as ভাষাত). দৈনন্দিন বাৰ্তা. https://www.dainandinbartagroup.in/surya-das-surya-das-veteran-assamese-singer-surya-das-passes-away/। আহৰণ কৰা হৈছে: 2025-04-16.
- ↑ দৈনন্দিন বাৰ্তা (2024-12-24). "স্তব্ধ হ'ল গীতৰ সভা, জনতাৰ শিল্পী সূৰ্য দাস নাহে আৰু মানুহৰ গান গাবলে" (as ভাষাত). দৈনন্দিন বাৰ্তা. https://www.dainandinbartagroup.in/surya-das-surya-das-veteran-assamese-singer-surya-das-passes-away/। আহৰণ কৰা হৈছে: 2025-04-16.
- ↑ Staff Reporter (2024-12-22). "Error: no
|title=specified when using {{Cite web}}". Asomiya PratidinAsomiya Pratidin. - ↑ দৈনন্দিন বাৰ্তা (2024-12-24). "স্তব্ধ হ'ল গীতৰ সভা, জনতাৰ শিল্পী সূৰ্য দাস নাহে আৰু মানুহৰ গান গাবলে" (as ভাষাত). দৈনন্দিন বাৰ্তা. https://www.dainandinbartagroup.in/surya-das-surya-das-veteran-assamese-singer-surya-das-passes-away/। আহৰণ কৰা হৈছে: 2025-04-16.
- ↑ "কৰম সিং জনমভূমি বঁটা, ২০১৯". 9 February, 2019. https://newslivetv.com/homen-borgohain-surya-das-honoured-with-karam-singh-janambhumi-award.
- ↑ Subham G (1 April 2025). "Veteran Assamese singer Surya Das passes away at Morigaon Civil Hospital". প্ৰকাশক Assam, India: Network18 Media and Investments LimitedNews18 Assam. https://assam.news18.com/news/entertainment/veteran-assamese-singer-surya-das-passes-away-at-morigaon-civil-hospital-subham-g-430986.html। আহৰণ কৰা হৈছে: 1 April 2025.