সোণ বিল
সোণবিল | |
---|---|
![]() সোণবিল, কৰিমগঞ্জ, অসম | |
স্থান | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | কৰিমগঞ্জ |
সোণ বিল | |
---|---|
স্থানাংক | 24°41′15″N 92°26′35″E / 24.68742°N 92.443085°Eস্থানাংক: 24°41′15″N 92°26′35″E / 24.68742°N 92.443085°E |
প্ৰকাৰ | হ্ৰদ |
Basin countries | ভাৰত |
Average depth | 1.5 মিটাৰ (4.9 ফুট) |
Max. depth | 4.5 মিটাৰ (15 ফুট) |
![]() সোণবিল | |
অতিৰিক্ত তথ্য | |
---|---|
ৱেবছাইট | https://karimganj.gov.in/portlets/tourism |
সোণবিল( হ্ৰদ ) এছিয়া মহাদেশৰ দ্বিতীয় বৃহত্তম জলাভূমি৷ এই হ্ৰদটো অসমৰ কৰিমগঞ্জ জিলাত অৱস্থিত আৰু ই ভাৰত তথা দক্ষিণ অসমৰ বৃহত্তম জলাভূমি৷ এই হ্ৰদটোৰ বিশেষত্ব হ’ল শীত কালত এটি সম্পূৰ্ণ কৃষি ভূমিলৈ পৰিণত হয় আৰু ইয়াত ধান খেতি (বৰো ধান) কৰা হয়৷ শীতকালৰ পিছত মাৰ্চ মাহৰ পৰা এই কৃষি ভূমিত লাহে লাহে পানীৰে ভৰি পৰে আৰু পুনৰ হ্ৰদলৈ পৰিণত হয়৷
এই হ্ৰদৰ গভিৰতা কম হোৱা বাবে বাৰিষা পানীৰে ওপচি পৰে আৰু কাকৰা/কুছিয়াৰা নদীৰ মাধ্যমেৰে বাংলাদেশলৈ প্ৰবাহিত হয়৷ হ্ৰদৰ পূৱ আৰু পশ্চিম উভয় প্ৰান্তত পাহাৰ হোৱা বাবে এক মনোৰম দৃশ্য পৰিদৰ্শিত হয়৷ সোণবিলৰ প্ৰৱাহ আৰু নিৰ্গমন পথ হৈছে মনিপুৰৰ পৰা উৎপত্তি হোৱা শিংগলা নদী৷ সোণবিল দক্ষিণ অসমৰ জিলাবোৰৰ ভিতৰত প্ৰধান মৎস্য উৎপাদনকাৰী স্থল আৰু এই হ্ৰদটো মৎস্য চিকাৰৰ বাবে বিখ্যাত৷ এই হ্ৰদটো চোৱাৰ বাবে সৰ্বশ্ৰেষ্ঠ সময়কাল হ’ল বাৰিষা৷[1]
বাৰিষাৰ সময়ত হ্ৰদত পানীৰে ওপচি থাকে আৰু এক মনোৰম হৃদয়স্পৰ্শী দৃশ্য দেখিবলৈ পোৱা যায়৷ এই জলাভূমিৰ চাৰিওফালে থকা হিজল গছ (Barringtonia Acutangula) বোৰে এক দুৰ্দান্ত দৃশ্যৰ উপস্থাপন কৰিছে আৰু এই হিজল গছবোৰ এক আকৰ্ষণৰ কেন্দ্ৰ বিন্দুহৈ পৰিছে৷[2]
ইয়াৰ ওপৰিও সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত হ্ৰদৰ পানীত সূৰ্যৰ ৰশ্মী বিভিন্ন উপায়েৰে প্ৰতিবিম্বিত হৈ এক বৰ্ণময় দৃশ্যৰ সৃষ্টি কৰে আৰু নিশাৰ আকাশৰ তৰা বোৰো এই হ্ৰদত প্ৰতিবিম্বিত হৈ নিশাৰ ভাগত আন এক মনোৰম দৃশ্যৰ পৰিদৰ্শিত কৰে৷[3]
চিত্ৰসমূহ[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "SON BEEL". GOVERNMENT OF ASSAM, KARIMGANJ DISTRICT. https://karimganj.gov.in/portlets/tourism.
- ↑ "Son Beel Lake KARIMGANJ ASSAM". entranceindia. https://entranceindia.com/year-book/lakes-in-india-son-beel/.
- ↑ "Important Bird Areas factsheet:Son Beel". Datazone.birdlife.org. http://datazone.birdlife.org/site/factsheet/son-beel-iba-india.