সোমনাথ বড়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সোমনাথ বড়া
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গণিত বিষয়ত স্নাতকোত্তৰ।
বিষয় গীতিকাৰ, সুৰকাৰ, ঢোল বাদক, সংগীত পৰিচালক


সোমনাথ বড়া একাধাৰে গীতিকাৰ, সুৰকাৰ, ঢোলবাদক, সংগীত পৰিচালক৷ অসমীয়া সংগীতৰ কেছেটৰ যুগটোৰ শিল্পী সকলৰ ভিতৰত সোমনাথ বড়াৰ নাম উল্লেখযোগ্য৷ বিহুগীত, টোকাৰী গীত আৰু বিশেষকৈ ঢোল বাদনৰ ক্ষেত্ৰখনত তেওঁ খ্যাতি অৰ্জন কৰিছে৷ ঢোল বাদ্যক বিশ্বৰ আগত প্ৰতিষ্ঠা কৰি দিয়াত বড়াৰ অৱদান আছে৷ বৰ্তমান তেওঁ বিহু নাচ বিষয়ক কৰ্মশালাৰ সৈতে জড়িত৷ সোমনাথ বড়াই বিদেশত ঢোল বাদন কৰিবলৈ যোৱা অসমৰ প্ৰথম ব্যক্তি৷[1]

জন্ম আৰু পৰিচয়[সম্পাদনা কৰক]

বড়াৰ জন্ম হয় ১৯৬১ চনৰ ৬ ফ্ৰেব্ৰুৱাৰীত৷ তেখেতৰ পিতৃৰ নাম গোলোক বৰা আৰু মাতৃৰ নাম সৰুমলা বৰা৷ [2]

শিক্ষা[সম্পাদনা কৰক]

প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে যোগনীয়া দেউদীয়া প্ৰাথমিক বিদ্যালয়ত৷ ১৯৭৭ চনত হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰে ৰজাবাৰী হাইস্কুলৰপৰা ৷ তেওঁ গণিত বিষয়ত ডিগ্ৰীসহ স্নাতক শিক্ষা সমাপ্ত কৰে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰপৰা আৰু পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা গণিত বিষয়তে এম.এচ.চি ডিগ্ৰী লাভ কৰে৷

সাংস্কৃতিক জীৱন[সম্পাদনা কৰক]

পঢ়ি থকা কালতে ১৯৭৮ চনত ‘ইণ্টাৰ কলেজ মিউজিক কমপিটিশ্যন’ (ইউথ ফেষ্টিভেল)ত ঢোল বাদনত বড়াই সোণৰ পদক লাভ কৰে৷ ১৯৮০ চনত ডিব্ৰুগড় ৰেডিঅ’ চেণ্টাৰৰ ‘যুৱবাণী’ত সোমনাথ বড়াই জীৱনৰ প্ৰথমটো সাক্ষাৎকাৰ দিয়ে৷ সেই সময়ত চাও দেৱেন্দ্ৰচৰণ বৰবৰুৱাই বড়াক ৰেডিঅ’ চেণ্টাৰলৈ লৈ যোৱাত আগভাগ লৈছিল৷ সেই সময়ৰ ৰেডিঅ’ৰ প্ৰগেম এক্সুকিটিভ আছিল লুটফুৰ ৰহমান৷ শৈশৱত দেউতাকে কাষৰ গাঁৱৰ নিগনি বৰাৰপৰা ঢোল কিনি আনি বড়াক প্ৰথম ঢোল শিকাইছিল আৰু মণিৰাম ওজা আছিল সোমনাথ বড়াৰ প্ৰথম শিক্ষাগুৰু৷ তাৰ পাছত দেৰগাঁৱৰ ধীৰেন ৰাজখোৱাৰ ওচৰত তেওঁ ঢোলৰ ‘ওজাহাট’ শিকিছিল৷ তাৰ পৰৱৰ্তী সময়ত বড়াই আনন্দমোহন ভাগৱতীৰ পৰা ঢোলৰ শিক্ষা লাভ কৰিছিল৷ বড়াই ১৯৮১ চনত অসম চৰকাৰে আয়োজন কৰা ‘সদৌ অসম ঢুলীয়া ওজা প্ৰতিযোগীতা’ত পদক লাভ কৰি ‘ওজা’ উপাধি লাভ কৰিছিল৷ সেই সময়ত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উপ-সঞ্চালক পদৰ দায়িত্বত আছিল আনন্দমোহন ভাগৱতী৷ উল্লেখ্য যে ১৯৮২ আৰু চনৰপৰা গুৱাহাটীৰ বিভিন্ন বিহু সন্মিলনত তেওঁ ঢোল বাদনৰ অনুষ্ঠান পৰিৱেশন কৰিবলৈ আৰম্ভ কৰে৷ সেই বৰ্ষতে তেওঁ এছিয়ান গেম্‌ছতো ঢোল বাদ্য পৰিৱেশন কৰিছিলগৈ৷ একে সময়তে বড়াই ভোৰতাল নৃত্যৰ সৃষ্টিকৰ্তা নৰহৰি বুঢ়াভকতক লগ পাইছিল আৰু তেখেতৰ নেতৃত্বত ভোৰতালৰ শিক্ষাও গ্ৰহণ কৰিছিল৷ [3] সোমনাথ বড়াই ১৯৮৩ চনত নাগপুৰত অনুষ্ঠিত হোৱা আন্তৰাষ্ট্ৰীয় কৃষিমেলাত ঢোল বাদ্য পৰিৱেশন কৰিছিল৷ তাৰ পৰৱৰ্তী সময়ত ১৯৮৪ চনত তেওঁ চৰকাৰীভাৱে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰপৰা দুমহীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ সুবিধা লাভ কৰে৷ সেইদৰে ১৯৮৫ চনত ‘নন্‌ অলাইণ্টমেণ্ট ইউথ ফেষ্টিভেল’ দিল্লীত গুৱাহাটী বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি খিতাপ লাভ কৰিছিল৷ সেই খিতাপ লাভ কৰাত তেওঁলোক ৰাছিয়া ভ্ৰমণৰ বাবে নিৰ্বাচিত হয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ঢোল বাদ্য পৰিৱেশন কৰাৰ সুবিধা লাভ কৰে৷ ২০০৯ চনত দক্ষিণ কুৰীয়াৰ জিযু আইলেণ্ডত পৃথিৱীৰ ৫৬ খন দেশৰ মাজত অনুষ্ঠিত হোৱা ‘ৱল্ডৰ্ মিউজিক কমপিটিশ্যন’ (থাৰ্ড ডেল্‌ফিক গেমছ্‌)ত বড়াই ঢোল বাদনত সোণৰ পদক লাভ কৰে৷ একেখন প্ৰতিযোগিতালৈ অসমৰপৰা প্ৰসন্ন গগৈয়ো পেপা বাদনৰ বাবে গৈছিল৷ এই প্ৰতিযোগিতালৈ ভাৰতৰপৰা সৰ্বমুঠ ৫০ জনীয়া দল এটি গৈছিল৷ ডেল্‌ফিক গেমছ্‌ত স্বৰ্ণ পদক প্ৰাপ্ত প্ৰথমজন ভাৰতীয় হ’ল সোমনাথ বড়া৷ সেই পদক লাভ কৰাত অসম চৰকাৰে বড়াক দহ লাখ টকা আৰু উত্তৰ প্ৰদেশ চৰকাৰে দুই লাখ টকাৰে পুৰষ্কৃত কৰিছিল৷ গ্ৰামোফোনৰ পৰিৱৰ্তী সময়ত ১৯৮২ চনত ‘তিনিচুকীয়াৰ ৰয় চাইকেল মাৰ্ট’ৰ পৰা নলীন হাজৰিকা, পঙ্কজ বৰদলৈ, বিমান বৰুৱা, প্ৰদীপ শইকীয়া আদিৰ সৈতে মিলি এটা কেছেট বানীবদ্ধ কৰা হয়৷ কেছেটটোৰ নাম আছিল ‘ব’হাগী’৷ এই ‘ব’হাগী’য়েই অসমৰ বিহুগীতৰ প্ৰথমটো কেছেট৷ এই কেছেটৰ মিউজিক ডাইৰেক্টৰ আছিল ভূপেন উজীৰ৷ ষ্টুডিঅ’ আছিল জ্যোতি চিত্ৰবন৷ সেই সময়ত 'টু ট্ৰেক'ৰ ব্যৱস্থাহে আছিল৷ ব’হাগীত ঢোল বজাইছিল সোমনাথ বড়াই৷ গীতৰ কোৰাছত আছিল বিমান বৰা৷ বিমান বৰুৱাই গীত গোৱাৰ কথা আছিল যদিও কণ্ঠৰ সমস্যা হোৱাত প্ৰদীপ শইকীয়াইহে গীত গাইছিল৷ ব’হাগীৰ ব্যৱস্থাপনাত আছিল নলীন হাজৰিকা৷ একে সময়তে লোকেশ্বৰ ডেকাই মৰিগাঁৱৰপৰা বিহুগীতৰ কেছেট কৰিছিল৷[4] পৰৱৰ্তী সময়ত বড়াৰ প্ৰযোজনাত ১৯৮৭ চনত ‘ঢিন্দাওদাউ’ কেছেট ৰেকৰ্ডিং কৰা হয়৷ তাৰ পাছত তেওঁ ‘পাহাৰৰ কুলিটি’কেছেট কৰিছিল৷ ইয়াৰ পাছত ললিত ৰাজখোৱাৰ সোঁৱৰণত ১৯৯০ চনত–ভৈয়ামৰ কেটেকী, ১৯৯১ চনত– পাহাৰৰ জুৰিটি, তাৰ পাছত ক্ৰমান্বয়ে– সোণালী, সোণ-তৰামাই, কল্পনা, গৰগঞা নাছনী আদি চিৰিজ হিচাপে বিহুগীতৰ ৰেকৰ্ড কৰা হৈছিল৷ এই কেছেটবোৰৰ পৰিচালক, গীতিকাৰ আৰু প্ৰযোজক আছিল সোমনাথ বড়া৷ মুখ্য ঢোল বাদকো তেওঁৱেই আছিল৷ বিপুল চেতিয়া ফুকন, খগেন গগৈ আদিয়ে অসমত টোকাৰী গীতৰ প্ৰথম কেছেট কৰিছিল৷ প্ৰথম কেছেটটোৰ নাম আছিল–‘মনভাই’৷ সোমানাথ বড়াই ১৯৮৮ চনত দ্বিতীয়খন টোকাৰী গীতৰ কেছেট ‘বৈকুণ্ঠ’ ৰেকৰ্ড কৰে৷ তাৰ পৰৱৰ্তী সময়ত ৰেকৰ্ড কৰা টোকাৰী গীতৰ কেছেট কেইখনমানৰ নাম হ’ল– বৈতৰণী, বৈ আছে বৈতৰণী, বৈষ্ণৱ, সুত-পুত্ৰ-কৰ্ণ, কৰ্ণ-অজুৰ্ন, কৃষ্ণ-অৰ্জুন, সত্যসন্ধ্যা, বীৰ অভিমন্যু, সীতা সয়ম্বৰ, বৈকুণ্ঠৰ জখলা, বিষ্ণুপ্ৰীয়া, সখা ভগৱান, নৱ-ঘনশ্যাম আদি৷[5] ঢোলৰ ‘ওজা’ বিষয়টোক কেন্দ্ৰ কৰি বড়াই প্ৰযোজনা কৰা কেছেট– ধিন্দাউ-দাউ, ধুলীয়া বতাহ, ঢোলতে উৰুলি, দাউ-ধিন্দাউ, ধিনিকি-ধিণ্ডাও আদি৷ বৰগীতৰ কেছেট– পুৱাইল ৰজনী, নৱ প্ৰভাত লোকগীতৰ কেছেট– সুন্দৰী ৰাধিকা দিহানামৰ কেছেট– সখা ভগৱান, বৈয্যন্তিমালা সোমনাথ বড়াই ভিচিডিত নিজাকৈ মাত্ৰ এটা বিহুগীতৰ ভিচিডিহে কৰিছিল৷ নামটো আছিল ‘সোণালী’৷

তথ্যসূত্ৰ[সম্পাদনা কৰক]