স্কট কেলি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
স্কট কেলি
নাছা মহাকাশচাৰী
জাতীয়তা আমেৰিকান
পদমৰ্যাদা অৱসৰপ্ৰপ্ত
জন্ম ২১ ফেব্ৰুৱাৰী, ১৯৬৪ (৬০ বছৰ)
অৰেঞ্জ, নিউ জাৰ্ছী, আমেৰিকা
স্থান আমেৰিকা নৌসেনা বাহিনীৰ সেনাপতি
মহাকাশত কটোৱা সময় ৫২০ দিন আৰু ১০ ঘণ্টা
নিৰ্বাচন নাছা মহাকাশচাৰী গোট ১৬, ১৯৯৬
সৰ্বমুঠ EVA
সৰ্বমুঠ EVA সময় ১৮ ঘণ্টা আৰু ২০ মিনিট
অভিযান STS-103, STS-118, Soyuz TMA-01M (অভিযান ২৫/২৬), Soyuz TMA-16M/Soyuz TMA-18M (অভিযান ৪৩/৪৪/৪৫/৪৬)
অভিযানৰ প্ৰতীক

স্কট যোচেফ কেলি (ইংৰাজী: Scott Joseph Kelly; জন্ম: ২১ ফেব্ৰুৱাৰী, ১৯৬৪) হ’ল ক্ৰমে এজন অভিযন্তা, এজন অৱসৰপ্ৰাপ্ত আমেৰিকান মহাকাশচাৰী আৰু আমেৰিকা নৌসেনা বাহিনীৰ এজন অৱসৰপ্ৰাপ্ত সেনাপতি। ১৯৬৪ চনৰ ২১ ফেব্ৰুৱাৰীত নিউ জাৰ্ছিৰ অৰেঞ্জত তেওঁৰ একেধৰণৰ যমজ ভাতৃ মাৰ্কৰ সৈতে স্কট কেলিৰ জন্ম হয় পেট্ৰিচিয়া (মেকএভয়) আৰু ৰিচাৰ্ড কেলিৰ ঘৰত। কেলিৰ পৰিয়ালটো পশ্চিম অৰেঞ্জত বাস কৰিছিল, য’ত তেওঁৰ পিতৃ-মাতৃয়ে আৰক্ষী বিষয়া হিচাপে কাম কৰিছিল। অভিজ্ঞ মহাকাশচাৰী স্কট কেলিয়ে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত (International Space Centre, চমুকৈ ISS) ক্ৰমে অভিযান ২৬, ৪৫ আৰু ৪৬ৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল।

মহাকাশ abhizaan[সম্পাদনা কৰক]

১৯৯৯ চনৰ ডিচেম্বৰ মাহত এচ.টি.এচ.-১০৩ (STS-103) মহাকাশ ভ্ৰমণত স্পেছ চাটল্ ডিস্কভাৰীৰ (Space Shuttle Discovery) বৈমানিক হিচাপে কেলিয়ে প্ৰথম মহাকাশ যাত্ৰা আৰম্ভ কৰিছিল। আঠদিনীয়া এই অভিযানৰ লক্ষ্য আছিল হাবল স্পেছ টেলিস্ক’পত (Hubble Space Telescope) তৃতীয়বাৰৰ বাবে কিছু মেৰামতি কৰি তাৰ কাৰ্যদক্ষতা বৃদ্ধি কৰা। ২০০৭ চনৰ আগষ্ট মাহত এচ.টি.এচ.-১১৮ (STS-118)ৰ মিছন কমাণ্ডাৰ হিচাপে কেলিয়ে দ্বিতীয়বাৰৰ বাবে মহাকাশ ভ্ৰমণ কৰিছিল। এয়া আছিল ISSত ১২ দিনীয়া স্পেছ চাটল্ মিছন (Space Shuttle Mission)। কেলিৰ তৃতীয় মহাকাশ ভ্ৰমণ আছিল ISSত অভিযান ২৬ৰ কমাণ্ডাৰ হিচাপে। ২০১০ চনৰ ৯ অক্টোবৰত অভিযান ২৫ৰ সময়ছোৱাত স্কট কেলিয়ে ৰাছিয়ান ছ’য়ুজ মহাকাশযানেৰে ভ্ৰমণ কৰি ISSত উপস্থিত হয় আৰু অভিযান শেষ হোৱালৈকে উৰণ অভিযন্তা হিচাপে কৰ্মৰত আছিল। ১৯৯৩ চনৰ জানুৱাৰী মাহত কেলিক আমেৰিকাত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত কৰা হয়। [1][2]

২০১২ চনৰ নৱেম্বৰ মাহত ISSত এক বিশেষ বছৰজোৰা মহাকাশ অভিযানৰ বাবে মিখাইল কৰ্ণিয়েক’ৰ (Mikhail Korniyenko) সৈতে স্কট কেলিক নিৰ্বাচন কৰা হয়।[3][4][5] ২০১৫ চনৰ ২৭ মাৰ্চত অভিযান ৪৩ৰ আৰম্ভণিৰে তেওঁলোকৰ ‘মহাকাশত এবছৰ’ (Year in Space) অভিযান আৰম্ভ হয়। তাৰ পাছতেই কেলিয়ে অভিযান ৪৪ আৰু ৪৫ৰ দায়িত্বভাৰ গ্ৰহণ কৰে। ২০১৬ চনৰ ২৯ ফেব্ৰুৱাৰীত অৰ্থাত্ ISSত কেলিৰ বছৰজোৰা অভিযান সমাপ্ত হোৱাৰ লগে লগে কেলিয়ে টিম’থি কোপ্ৰাক ISSৰ দায়িত্বভাৰ প্ৰদান কৰে। ২০১৬ চনৰ ১ মাৰ্চত ছয়ুজ টি.এম.এ.-১৮এম (Soyuz TMA-18M) যানেৰে পৃথিৱীলৈ ওভতে।

‘মহাকাশত এবছৰ’ অভিযানত কেলিয়ে মহাকাশত একেৰাহে ৩৪০ দিন কটাইছিল।[6] কেলিৰ যমজ ভাতৃ মাৰ্ক কেলিয়ো এজন প্ৰাক্তন মহাকাশচাৰী। মাৰ্ক আৰু স্কট দেখিবলৈ হুবহু একে। মাৰ্ক আৰু স্কটেই আছিল মহাকাশ ভ্ৰমণ কৰা একমাত্ৰ ভাতৃদ্বয়।[3][7] ২০১৬ চনৰ ১২ মাৰ্চত কেলিয়ে ২০১৬ চনৰ এপ্ৰিল মাহত অৱসৰ ল’ব বুলি ঘোষণা কৰে।[8] ১৯৯৫ চনত কেলি আৰু তেওঁৰ ভাতৃয়ে মহাকাশচাৰী হ’বলৈ নাছাত আবেদন কৰে। ১৯৯৬ চনৰ এপ্ৰিল মাহত তেওঁ আৰু মাৰ্ক মহাকাশচাৰীৰ প্ৰাৰ্থী হ’বলৈ নিৰ্বাচিত হয়; নাছাৰ ইতিহাসত নিৰ্বাচিত হোৱা প্ৰথম আত্মীয়। ১৯৯৬ চনৰ জুলাই মাহত কেলিয়ে হিউষ্টনলৈ গুচি যায়, আৰু জনছন মহাকাশ কেন্দ্ৰত মহাকাশচাৰী গোট ১৬ত প্ৰশিক্ষণ আৰম্ভ কৰে। প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পিছত তেওঁক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত সতৰ্কতা আৰু সতৰ্কবাণী ব্যৱস্থাৰ কাম কৰিবলৈ নিযুক্তি দিয়া হয়।

সেনাবাহিনী[সম্পাদনা কৰক]

স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত কেলিক আমেৰিকাৰ নৌসেনাত এন্সাইন হিচাপে কমিচন দিয়া হয়। তেখেতে এন এ এছ পেনচাকোলাত প্ৰাৰম্ভিক বিমান বিদ্যালয় সম্পূৰ্ণ কৰে, য'ত তেওঁ টি-৩৪ মেণ্টৰ প্ৰপেলাৰ চালিত প্ৰশিক্ষক বিমান উৰুৱাইছিল, তাৰ পিছত তেওঁক জেট বিমান উৰুৱাবলৈ নিৰ্বাচিত কৰা হয়। ১৯৮৮ চনত তেওঁ টেক্সাছৰ বিভিললৈ গুচি যায় জেট প্ৰশিক্ষণ নেভাল এয়াৰ ষ্টেচন চেজ ফিল্ডত, য'ত তেওঁ টি-২ বাকাই আৰু এ-৪ স্কাইহকত প্ৰশিক্ষণ লৈছিল। ১৯৮৯ চনত তেওঁ নৌসেনাৰ বিমান পৰিচালক হিচাপে স্নাতক ডিগ্ৰী লাভ কৰে আৰু তেওঁক এফ-১৪ টমকেট উৰুৱাবলৈ নিযুক্তি দিয়া হয়। তেওঁ ভাৰ্জিনিয়াৰ নৌসেনাৰ এয়াৰ ষ্টেচন অ'চেনাত ভিএফ-১০১ত প্ৰাৰম্ভিক এফ-১৪ প্ৰশিক্ষণৰ বাবে ৰিপৰ্ট দিয়ে। ১৯৯০ চনৰ ছেপ্টেম্বৰ মাহত এই প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পিছত তেওঁক ভি এফ-১৪৩ত নিযুক্তি দিয়া হয়, আৰু বিমানবাহক জাহাজ ইউ এছ এছ ড্ৱাইট ডি আইজেনহাৱাৰত উত্তৰ আটলাণ্টিক আৰু পাৰ্চী উপসাগৰত নিয়োজিত কৰা হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "International Space Station Expedition 25". NASA. October 12, 2010. http://www.nasa.gov/mission_pages/station/expeditions/expedition25/index.html। আহৰণ কৰা হৈছে: 2010-10-12. 
  2. "Expedition 25 Returns Home". NASA. November 26, 2010. http://www.nasa.gov/mission_pages/station/expeditions/expedition25/exp25_landing.html। আহৰণ কৰা হৈছে: 2010-12-03. 
  3. 3.0 3.1 Sanders, Craig (2003-02-06). "Twins in Outer Space". প্ৰকাশক Missouri City, Texas: Twinstuff. Archived from the original on 2015-12-11. https://web.archive.org/web/20151211161455/http://www.twinstuff.com/twinnasa.htm। আহৰণ কৰা হৈছে: 2015-03-27. 
  4. "NASA, Roscosmos Assign Veteran Crew to Yearlong Space Station Mission NASA.gov"]. NASA. November 26, 2012. http://www.nasa.gov/home/hqnews/2012/nov/HQ_12-406_ISS_1-Year_Crew.html। আহৰণ কৰা হৈছে: March 3, 2016. 
  5. Kramer, Miriam (March 28, 2015). "One-Year Crew Begins Epic Trip on International Space Station". Space.com. http://www.space.com/28960-one-year-space-station-trip-begins.html। আহৰণ কৰা হৈছে: March 28, 2015. 
  6. McCarthy, Craig (October 19, 2015). "N.J. man has now spent more time in space than any other American". New Jersey On-Line LLC. http://www.nj.com/news/index.ssf/2015/10/nj_man_has_now_spent_more_time_in_space_than_any_other_american.html#incart_river_home। আহৰণ কৰা হৈছে: March 3, 2015. 
  7. "Mark Kelly's Official NASA Bio". NASA. July 2011. http://www.jsc.nasa.gov/Bios/htmlbios/kellyme.html। আহৰণ কৰা হৈছে: March 3, 2016. 
  8. http://www.engadget.com/2016/03/12/scott-kelly-retires/

বাহ্যিক সংযোগ[সম্পাদনা কৰক]