স্কাৰ্ভী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
স্কাৰ্ভী
অন্য নাম ম'লাৰৰ ৰোগ (Moeller's disease), চিডলৰ ৰোগ (Cheadle's disease), স্কৰ্বিউটাছ,[1] বাৰ্ল'ৰ ৰোগ (Barlow's disease), হাইপ'এস্ক'বেমিয়া[1]
স্কাৰ্ভী ৰোগাক্ৰান্ত দাঁতৰ আলু। দাঁতবোৰৰ মাজৰ ঠাই ৰঙা পৰাটো লক্ষ্য কৰক।
বিভাগ অন্তঃস্ৰাৱী বিজ্ঞান
লক্ষণ দুৰ্বলতা, ভাগৰ লগা, চুলিৰ পৰিৱৰ্তন, হাত-ভৰিৰ বিষ, দাঁতৰ আলুৰ ৰোগ, সহজে তেজ ওলোৱা[1][2]
কাৰণ ভিটামিন চি-ৰ অভাৱ[1]
আশংকাৰ কাৰণ মানসিক ৰোগ, অস্বাভাৱিক খাদ্যাভ্যাস, সুৰাসক্তি, অকলে থকা বয়সীয়াল লোক, অন্ত্ৰৰ অশোষণ, ডায়েলাইছিছ[2]
ৰোগ নিৰূপণ লক্ষণৰ ওপৰত ভিত্তি কৰি[2]
চিকিৎসা ভিটামিন চি-ৰ ঔষধ[1]
পুনৰাবৃত্তি দুৰ্লভ[2]

স্কাৰ্ভী ভিটামিন চি-ৰ অভাৱত হোৱা এক ৰোগ।[1] দুৰ্বলতা, ভাগৰ লগা আৰু হাত-ভৰিৰ বিষ এই ৰোগৰ প্ৰাৰম্ভিক লক্ষণ।[1][2] চিকিৎসাৰ অবিহনে লোহিত ৰক্ত কণিকাৰ সংখ্যা কমা, দাঁতৰ আলুৰ ৰোগ, চুলিৰ গুণাগুণ সলনি আৰু ছালৰ পৰা ৰক্তপাত হ'ব পাৰ।[1][3] ৰোগ বাঢ়ি গ'লে ঘাঁ সোনকালে নুশুকুৱা, ব্যক্তিত্বৰ সলনিৰ দেখা যোৱাৰ লগতে সংক্ৰমণ বা ৰক্তপাতৰ ফলত শেষত মৃত্যু পৰ্যন্ত হ'ব পাৰে।[2]

খাদ্যত ভিটামিন চি-ৰ অভাৱতে স্কাৰ্ভী ৰোগ হয়।[1] অতি কমেও এমাহলৈ খাদ্যপ্ৰাণ গ-ৰ অভাৱ ঘটিলে লক্ষণ দেখা যায়।[1][2] আজিকালি এই ৰোগ মানসিক ৰোগী, অস্বাভাৱিক খাদ্যাভ্যাস, সুৰাসক্ততা আৰু অকলে থকা বয়সীয়াল লোকৰ ক্ষেত্ৰতহে বেছিকৈ পোৱা যায়।[2] আন কাৰকৰ ভিতৰত আছে অন্ত্ৰৰ অশোষণ (intestinal malabsorption) আৰু ডায়েলাইছিছ।[2] মানুহ আৰু আন কিছুমান প্ৰাণীৰ বাবে ক'লাজেন তৈয়াৰ কৰিবলৈ খাদ্যত ভিটামিন চি-ৰ প্ৰয়োজন।[2] দৈহিক লক্ষণ, এক্স ৰে' আৰু চিকিৎসাৰ পাছত অৱস্থাৰ উন্নতি হোৱাকৈ চাই ৰোগ নিৰ্ণয় কৰা হয়।[2]

ভিটামিন চি ঔষধ মুখেৰে খাই ইয়াৰ চিকিৎসা কৰা হয়।[1] কেইদিনমানৰ পছতে লক্ষণৰ উন্নতি দেখা যায় আৰু কেইসপ্তাহমানৰ ভিতৰত সম্পূৰ্ণ আৰোগ্য লাভ হয়।[2] ভিটামিন চি থকা খাদ্যৰ ভিতৰত টেঙা ফল-মূল, বিলাহী আৰু আলুৰ দৰে শাক-পাছলি প্ৰধান।[2] খাদ্য ৰান্ধিলে সাধাৰণতে ভিটামিন চি-ৰ পৰিমাণ কমি আহে।[2]

বৰ্তমান কালত ভাৰ্ভী দুৰ্লভ।[2] উন্নয়নশীল দেশবোৰত পুষ্টিহীনতাৰ লগত সচৰাচৰ স্কাৰ্ভী দেখা যায়।[2] শৰৰ্নাৰ্থীসকলৰ মাজত স্কাৰ্ভীৰ হাৰ ৫%ৰ পৰা ৪৫%।[4] প্ৰাচীন ইজীপ্টৰ সময়তে প্ৰথমে স্কাৰ্ভীৰ বিৱৰণ পোৱা যায়।[2] দীৰ্ঘ দূৰত্বৰ সাগৰ যাত্ৰাত স্কাৰ্ভীয়ে আহুকালৰ সৃষ্টি কৰিছিল।[5] অনুমান কৰা হয় যে জলপথৰ যুগত (Age of Sail) যিকোনো যাত্ৰাত প্ৰায় ৫০% নাবিকৰ স্কাৰ্ভীত মৃত্যূ হৈছিল।[6] ১৭৫৩ চনত স্কটিছ শল্য চিকিৎসক জে'মছ লিণ্ডে স্কাৰ্ভীক টেঙা ফল-মূলেৰে ভাল কৰিব পাৰি বুলি প্ৰমাণ কৰে।[7] কিন্তু ১৭৯৫ চনমানতহে স্বাস্থ্য সংস্কাৰক গিলবাৰ্ট ব্লেন আৰু আনসকলে নাবিকক নিয়মিত নেমু ৰস খুৱাবলৈ ব্ৰিটিছ ৰাজকীয় নৌবাহিনীক সৈমান কৰে।[6][7]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 1.10 "Scurvy". GARD. 1 September 2016. Archived from the original on 26 January 2017. https://rarediseases.info.nih.gov/diseases/10406/scurvy। আহৰণ কৰা হৈছে: 26 September 2016. 
  2. 2.00 2.01 2.02 2.03 2.04 2.05 2.06 2.07 2.08 2.09 2.10 2.11 2.12 2.13 2.14 2.15 2.16 Agarwal, A; Shaharyar, A; Kumar, A; Bhat, MS; Mishra, M (June 2015). "Scurvy in pediatric age group - A disease often forgotten?". Journal of clinical orthopaedics and trauma খণ্ড 6 (2): 101–7. doi:10.1016/j.jcot.2014.12.003. PMID 25983516. 
  3. "Vitamin C" (en ভাষাত). Office of Dietary Supplements. 11 February 2016. Archived from the original on 30 July 2017. https://ods.od.nih.gov/factsheets/VitaminC-HealthProfessional/। আহৰণ কৰা হৈছে: 18 July 2017. 
  4. Renzaho, Andre M. N. (2016) (en ভাষাত). Globalisation, Migration and Health: Challenges and Opportunities. World Scientific. পৃষ্ঠা. 94. ISBN 978-1-78326-889-4. Archived from the original on 8 September 2017. https://web.archive.org/web/20170908182320/https://books.google.com/books?id=GrHACwAAQBAJ&pg=PA94. 
  5. Toler, Pamela D. (2012) (en ভাষাত). Mankind: The Story of All of Us. Running Press. পৃষ্ঠা. 296. ISBN 0762447176. Archived from the original on 8 September 2017. https://web.archive.org/web/20170908182325/https://books.google.com/books?id=aQfhYL_MT54C&pg=PA296. 
  6. 6.0 6.1 Price, Catherine (2017). "The Age of Scurvy". Distillations খণ্ড 3 (2): 12-23. https://www.sciencehistory.org/distillations/magazine/the-age-of-scurvy। আহৰণ কৰা হৈছে: April 17, 2018. 
  7. 7.0 7.1 Hemilä, Harri (29 May 2012). "A Brief History of Vitamin C and its Deficiency, Scurvy". Archived from the original on 9 July 2014. http://www.mv.helsinki.fi/home/hemila/history/। আহৰণ কৰা হৈছে: 25 May 2014. 

অতিৰিক্ত পঠন[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  • ৱিকিমিডিয়া কমন্সত Scurvy সম্পৰ্কীয় মিডিয়া ফাইল।
বৰ্গীকৰণ
বাহ্যিক সমল