স্ক্ৰেচ্ছ্‌ (প্ৰগ্ৰামিং লেংগুৱেজ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
স্ক্ৰেচ্ছ(Scratch)

স্ক্ৰেচ্ছ কেট্(Scratch Cat) স্ক্ৰেচ্ছৰ প্ৰতীক তথা মেচক'ট্
প্ৰকাৰ event-driven, imperative
সৃষ্টিৰ সময় ২০০৬
সৃষ্টিকৰ্তা মিট্চেল ৰেচ্নিক্
বিকাশক MIT Media Lab Lifelong Kindergarten Group|এম্-আই-টি মিডিআ লেব্
Stable release ২.০ (মে' ৯, ২০১৩)
Typing discipline dynamic
Major implementations Scratch
Influenced by ল'গ' প্ৰগ্ৰামিং লেংগুৱেজ্, স্মল্টক্, হাইপাৰ কাৰ্ড, ষ্টাৰ ল'গ', এজেন্ত্চীত্স, ইটয়্জ
Implementation language স্ক্বীক(Squeak), এক্সন্স্ক্ৰিপ্ট (Scratch 2.0)
লাইচেঞ্চ GPLv2 and Scratch Source Code License
ফাইল এক্সটেঞ্চন .sb, .sprite (Scratch 1.4 and below) .sb2, .sprite2 (Scratch 2.0)
ৱেবছাইট scratch.mit.edu

স্ক্ৰেচ (ইংৰাজীত-Scratch) এটা নতুন প্ৰগ্ৰামিং লেংগুৱেজ বা প্ৰগ্ৰাম সৃষ্টি কৰিবলৈ ব্যৱহৃত ভাষা যাৰ সহায়ত সাধু, খেল, এনিমেশ্যন আদি সৃষ্টি কৰিব পাৰি।[1]

নিৰ্মাণ[সম্পাদনা কৰক]

স্ক্ৰেচ M.I.T. লেৱত লাইফ্ লং কিণ্ডাৰ্গাৰ্টেন গ্ৰুপৰ দ্বাৰা নেশ্যনেল চাইন্চ ফাউণ্ডেচ্যন, মাইক্ৰচফ্ট, ইণ্টেল ফাউণ্ডেচ্যন, M.I.T. মিডিয়া লেৱ কন্চৰ্টিয়াৰ সহায়ত নিৰ্মিত।[2]

স্প্ৰাইট সমূহ আৰু কষ্টিউম[সম্পাদনা কৰক]

স্ক্ৰেচৰ প্ৰজেক্ট সমূহ 'স্প্ৰাইট' নামৰ বস্তুবোৰৰ পৰা গঠিত।[3] স্প্ৰাইট এটি দেখিবলৈ কেনে হ'ব তাক সেই স্প্ৰাইটৰ কষ্টিউমেৰে ঠিক কৰিব পাৰি।[4] স্প্ৰাইটৰ কষ্টইউম যিকোনো ছবি হ'ব পাৰে। সেই ছবি 'পেইণ্ট এডিটৰ'ত আকিবও পাৰি, কম্পিউটাৰৰ কোনো অন্য ঠাইৰ পৰা 'ইম্পৰ্ত'ও কৰিব পাৰি, আৰু কোনো ৱেব্ চাইতৰ পৰাও আনিব পাৰি।[5] স্প্ৰাইটবোৰক নিৰ্দেশ দিবলৈ ষ্টেক নামৰ গ্ৰাফিক ব্লক ব্যৱহাৰ কৰা হয়। স্ক্ৰেচে ব্লক সমোহ ওপৰৰ পৰা তললৈকে পঢ়ে।[6].

ষ্টেজ্[সম্পাদনা কৰক]

ষ্টেজ্ হৈছে সেই ঠাই য'ত সাধু, খেল, এনিমেশ্যন আদি জীৱিত হৈ যায়, বা স্প্ৰাইট সমূহে লৰ চৰ কৰে।[7]

স্ক্ৰেচ্ছ্‌ৰ ৱেৱচাইট[সম্পাদনা কৰক]

স্ক্ৰেচৰ ৱেব্ চাইট (www.scratch.mit.edu)ত পৃথিৱীৰ বিভিন্ন মনুহে ৬০ লাখৰো অধিক স্ক্ৰেচ প্ৰজেক্ট 'শ্বেয়াৰ' কৰিছে।[8] স্ক্ৰেচৰ ৱেব্ চাইতত অনলাইনো স্ক্ৰেচ প্ৰজেক্ট নিৰ্মাণ কৰিব পাৰি, অৱশ্যে ইয়াৰ অনাতাঁৰ সংস্কৰণো উপলদ্ধ। স্ক্ৰেচ্ছ প্ৰজেক্টৰ উদাহৰণ ইয়াত চাব পাৰে

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. স্ক্ৰেচ ভাৰ্চন/ভাৰ্যন ১.৪ৰ ৰেফাৰেন্স গাইডৰ "ইণ্ট্ৰডাক্সন"ৰ মতে।
  2. Scratch version 1.4 Reference Guide page 1 footer.
  3. Scratch version 1.4 Reference Guide 'Basic Ingredients of a Scratch Project' para line 1.
  4. Scratch version 1.4 Reference Guide 'Basic Ingredients of a Scratch Project' para line 1 and 2.
  5. Scratch version 1.4 Reference Guide 'Basic Ingredients of a Scratch Project' para line 3.4 and 5.
  6. Scratch version 1.4 Reference Guide 'Basic Ingredients of a Scratch Project's second paragraph.
  7. Scratch Version 1.4 Reference Guide Page 2, section Stage
  8. scratch.mit.edu

আৰু চাওক[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]