সমললৈ যাওক

স্বাতী কিৰণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জন্ম ২১-২-১৯৮৪
অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা ডক্টৰেট
পিতৃ-মাতৃ কমলা বৰগোহাঁই (পিতৃ)
মামণি গগৈ বৰগোহাঁই (মাতৃ)

স্বাতী কিৰণ (ইংৰাজী: Swati Kiran) হৈছে এগৰাকী প্ৰবন্ধকাৰ, সাহিত্য সমালোচক, অনুবাদক।[1] তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ এগৰাকী প্ৰাধ্যাপক।[2] গৰীয়সী, সাতসৰী, প্ৰকাশ আদিকে ধৰি সাম্প্ৰতিক সময়ৰ অসমৰ প্ৰায়বোৰ কাকত আলোচনীত স্বাতী কিৰণৰ প্ৰবন্ধ, সমালোচনা আৰু অনুবাদ গল্প আদি প্ৰকাশ পাইছে।

জন্ম আৰু বংশ পৰিচয়

[সম্পাদনা কৰক]

তেওঁৰ জন্ম হয় ১৯৮৪ চনৰ ২১ ফেব্ৰুৱাৰীত, শিৱসাগৰ জিলাৰ মৰাণহাটত। পিতৃৰ নাম কমলা বৰগোহাঁই আৰু মাতৃৰ নাম ড০ মামণি গগৈ বৰগোহাঁই।[3]

শিক্ষা জীৱন

[সম্পাদনা কৰক]
  • প্ৰাথমিক শিক্ষা মৰাণ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ পৰা লাভ কৰে৷
  • ১৯৯৯ চনত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰপৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ হয়৷
  • ২০০১ চনত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰপৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীণ হয়৷
  • ২০০৪ চনত মৰাণ মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে৷
  • ২০০৬ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷

চাকৰি জীৱন

[সম্পাদনা কৰক]

তেওঁ ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ত সহকাৰী অধ্যাপকৰূপে কৰ্মজীৱনৰ আৰম্ভনি কৰে। বৰ্তমান তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহ প্ৰাধ্যাপক আৰু গৱেষণা তত্ত্বাৱধায়ক। এতিয়ালৈকে তেওঁৰ তত্ত্বাৱধানত ছগৰাকীয়ে পি.এইচ.ডি আৰু পাঁচগৰাকীয়ে এম.ফিল ডিগ্ৰী লাভ কৰিছে।


গৱেষণা কৰ্ম

[সম্পাদনা কৰক]

"মহিলা ৰচিত ভাৰতীয় আত্মজীৱনীত নাৰীৰ সামাজিক স্থিতিৰ প্ৰতিফলন" বিষয়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা Phd ডিগ্ৰী লাভ।

সাহিত্যৰাজি

[সম্পাদনা কৰক]

সমালোচনামূলক গ্ৰন্থ

[সম্পাদনা কৰক]
  • কমলা বৰগোহাঁই: নিৰ্বাচিত ৰচনা সম্ভাৰ, পাঞ্চজন্য প্ৰকাশন, গুৱাহাটী, ২০২৫
  • ভাৰতীয় সাহিত্য: স্বৰূপ আৰু মূল্যবোধ, বনলতা, ডিব্ৰুগড়, ২০২৫
  • ভাৰতীয় আত্মজীৱনী সাহিত্য, নিৰীক্ষণ প্ৰকাশন, গুৱাহাটী, ২০১৯
  • সমালোচকৰ দৃষ্টিত ড০ অপৰ্ণা  মহন্তৰ সাহিত্যকৃতি, বনলতা প্ৰকাশন, ডিব্ৰুগড়, ২০২৪
  • ড০ অপৰ্ণা মহন্ত : জীৱন আৰু কৰ্ম, বনলতা প্ৰকাশন, ডিব্ৰুগড়, ২০২৪
  • ভাৰতীয় মহিলাৰ আত্মজীৱনী আৰু নাৰীৰ সামাজিক অৱস্থান, পাঞ্চজন্য প্ৰকাশন, গুৱাহাটী, ২০২৩
  • উপন্যাস:বীক্ষণ আৰু বিশ্লেষণ, নিৰীক্ষণ প্ৰকাশন, গুৱাহাটী, ২০২০
  • সাহিত্য প্ৰতীতি, নিৰীক্ষণ প্ৰকাশন, গুৱাহাটী, ২০১২
  • সাহিত্য বীক্ষা, নিৰীক্ষণ প্ৰকাশন, গুৱাহাটী, ২০১১,
  • সাহিত্য পল্লৱ, নিৰীক্ষণ প্ৰকাশন, গুৱাহাটী, ২০১১
  • সাহিত্য মঞ্জৰী, নিৰীক্ষণ প্ৰকাশন, গুৱাহাটী, ২০১১
  • সাহিত্য সংস্কৃতি অন্বেষা, নিৰীক্ষণ প্ৰকাশন, গুৱাহাটী, ২০১২
  • সাহিত্য সংস্কৃতি জিজ্ঞাসা, কৌস্তভ প্ৰকাশন, ডিব্ৰুগড়, ২০১১

অনুবাদ গ্ৰন্থ

[সম্পাদনা কৰক]
  • বিশ্বসাহিত্যৰ নিৰ্বাচিত চুটিগল্প, নিৰীক্ষণ প্ৰকাশন, গুৱাহাটী, ২০১৬
  • নিৰ্বাচিত ভাৰতীয় গল্প(প্ৰথম খণ্ড), নিৰীক্ষণ প্ৰকাশন, গুৱাহাটী, ২০১৫
  • নিৰ্বাচিত ভাৰতীয় গল্প (দ্বিতীয় খণ্ড), নিৰীক্ষণ প্ৰকাশন, গুৱাহাটী, ২০১৭
  • একুঁকি ভাৰতীয় গল্প, নিৰীক্ষণ প্ৰকাশন, গুৱাহাটী, ২০২০
  • বিশ্বৰ ২৫ টা নিৰ্বাচিত গল্প, পূৰ্বায়ন প্ৰকাশন,গুৱাহাটী, ২০২২[4]
  • বিলুপ্ত সত্তা আৰু অন্যান্য, নিৰীক্ষণ প্ৰকাশন, গুৱাহাটী, ২০২০
  • ভিন্ন দেশ অভিন্ন প্ৰাণ, মামণি গগৈ বৰগােহাঁই, মৰাণহাট, ২০০৩

সামাজিক কৰ্ম

[সম্পাদনা কৰক]

"পাৰ্থবিজয় দত্ত আৰ্ট গেলেৰী"ৰ প্ৰতিষ্ঠাতা৷ পাৰ্থজীৱন ন্যাসৰ সঞ্চালক হিচাপে মেধাবী ছাত্ৰক "পাৰ্থবিজয় স্কলাৰশ্বিপ" আৰু জটিল ৰোগত আক্ৰান্তক "পাৰ্থবিজয়: সাহস, সেৱা আৰু সহযোগিতা" বঁটা প্ৰদানৰ সৈতে জড়িত।

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  • দিক দৰ্শক সাহিত্য সন্মান, ২০২০ (দিগদৰ্শন প্ৰকাশন, পশ্চিম যোৰহাট)

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. স্বাতী কিৰণ (২০২১). একুঁকি ভাৰতীয় গল্প. প্ৰকাশক লখিমপুৰ: নিৰীক্ষণ প্ৰকাশন. পৃষ্ঠা. ১৭৫. ISBN ৯৭৮-৯৩-৮২৭২৩-৪৯-৩.
  2. "Swati Kiran". Dibrugarh University. https://dibru.ac.in/userlist/welcome/profile/412 আহৰণ কৰা হৈছে: 5 May 2024.[সংযোগবিহীন উৎস]
  3. "Profile, Dr. Swati Kiran Assistant Professor, Department of Assamese". Dibrugarh University. https://dibru.ac.in/user-profile/swati-kiran আহৰণ কৰা হৈছে: 16 January 2025.
  4. "বিশ্বৰ ২৫টা নিৰ্বাচিত গল্প, স্বাতী কিৰণ, “Biswar 25ta Nirbachita Galpa”". https://purbayonpublication.com/product/biswar-25ta-nirbachita-galpa-%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A7%B0-%E0%A7%A8%E0%A7%AB%E0%A6%9F%E0%A6%BE-%E0%A6%A8%E0%A6%BF%E0%A7%B0%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%9A%E0%A6%BF/ আহৰণ কৰা হৈছে: 16 January 2025.[সংযোগবিহীন উৎস]