হমফবিয়া
হমফবিয়া (ইংৰাজী: Homophobia) হ'ল সমকামিতাক লৈ অৰ্থাৎ গে' তথা লেচবিয়ানৰ বিৰুদ্ধে থকা অযুক্তিকৰ প্ৰত্যাখ্যান , অৱমাননামূলক, বৈষম্যমূলক, আপত্তিজনক বা প্ৰতিকূল মনোভাৱৰ বিদ্বেষ। এই নেতিবাচক, পক্ষপাতিত্বমূলক আৰু বৈষম্যমূলক মনোভাৱ বিশ্বৰ বহু দেশৰ আইন প্ৰণয়নত এক অপৰাধ।[1] ভাৰতত যৌন অভিমুখীতা ভিত্তিত বৈষম্য দেশজুৰি নিষিদ্ধ কৰা হৈছে।[2][3]হমফবিয়াই উক্ত যৌন অভিমুখী ব্যক্তিৰ প্ৰতি হিংসা আৰু বৈষম্যৰ সৃষ্টি কৰে।
ব্যুৎপত্তি
[সম্পাদনা কৰক]হমফবিয়া গ্ৰীক শব্দ homo ('একে') আৰু ফ'বিয়া ('ভয়', 'প্ৰত্যাখ্যান') ৰ সৈতে মিলি হৈছে। যাৰ অৰ্থ একে লিংগৰ প্ৰেমিকৰ বিৰূদ্ধে হোৱা ভয়। সমকামিতাৰ প্ৰতি ভয়ৰ অৰ্থত এই শব্দটো প্ৰথমবাৰৰ বাবে, ইংৰাজীত, আমেৰিকান মনোবিজ্ঞানী জৰ্জ ৱেইনবাৰ্গে ১৯৭১ চনত ব্যৱহাৰ কৰিছিল আৰু ১৯৭১ চনৰ তেওঁৰ গ্ৰন্থ চ'চাইটি এণ্ড দ্য হোম'চেক্সুৱেল নামৰ কিতাপখনৰ বাবেই ই জনপ্ৰিয় হৈ উঠিছিল।[4] ২০০২ চনত দিয়া এক সাক্ষাৎকাৰত তেওঁ শব্দটোৰ অৰ্থৰ ওপৰত মন্তব্য কৰিছিল:হমফবিয়া হল এটা ফ’বিয়া। এটা অযুক্তিকৰ ভয় যিয়ে অযুক্তিকৰ আচৰণ বা উদ্দীপক সৃষ্টি কৰে আৰু যি সমকামিতা সম্পৰ্কীয় যিকোনো বস্তু ধ্বংস কৰাৰ ইচ্ছাৰ সৃষ্টি কৰে। লাহে লাহে প্ৰচাৰ মাধ্যম , বৈজ্ঞানিক, ৰাজনৈতিক মাধ্যমত আদিত এই শব্দৰ ব্যৱহাৰ অতি সোনকালেই জনপ্ৰিয় হৈ উঠিছিল। ৰয়েল স্পেনিছ একাডেমীয়ে ইয়াক প্ৰথমবাৰৰ বাবে এই শব্দক অভিধানৰ বাইশ সংস্কৰণতএই শব্দক অন্তৰ্ভুক্ত কৰিছিল, সমকামিতা বা সমকামী মানুহৰ প্ৰতি বিদ্বেষ বুলি সংজ্ঞায়িত কৰিছিল। ইয়াৰ আগতে এই শব্দটো ইতিমধ্যে অন্যান্য গুৰুত্বপূৰ্ণ আভিধানিক গ্ৰন্থ, যেনে মেনুৱেল চেকোৰ ডিকচনেৰী অৱ কাৰেণ্ট স্পেনিছ (Aguilar, 1999) ত সংগ্ৰহ কৰা হৈছিল।
হমফবিয়াৰ বিৰুদ্ধে যুঁজ
[সম্পাদনা কৰক]আন্তৰ্জাতিক হমফবিয়া, ট্ৰান্সফবিয়া আৰু বাইফবিয়া বিৰোধী দিৱস
[সম্পাদনা কৰক]১৯৯০ চনৰ ১৭ মে'ত বিশ্ব স্বাস্থ্য সংস্থাই সমকামিতাক সম্পূৰ্ণ সুস্থ বুলি ঘোষণা কৰাৰ পাছত সেইদিনটোত আন্তৰ্জাতিক হমফবিয়া, ট্ৰান্সফবিয়া আৰু বাইফবিয়া বিৰোধী দিৱস উদযাপন কৰা হয়। এই দিৱসৰ লক্ষ্য হৈছে বিশ্বৰ বিভিন্ন দেশত হমফবিয়া, বাইফ’বিয়া আৰু ট্ৰেন্সফ’বিয়াৰ বিৰুদ্ধে যুঁজিবলৈ সজাগতামূলক কাৰ্য্যক প্ৰসাৰ কৰা।
মানৱ অধিকাৰৰ প্ৰয়োগ
[সম্পাদনা কৰক]২০০৭ চনৰ ২৬ মাৰ্চত মানৱ অধিকাৰ বিশেষজ্ঞৰ এটা দলে যৌন অভিমুখীতা আৰু লিংগ পৰিচয়ৰ বিষয়সমূহত আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ আইন প্ৰয়োগৰ বিষয়ে নিৰ্দিষ্ট কৰি এখন নথি প্ৰকাশ কৰে, যাক যোগ্যকৰ্তা নীতি বুলি জনা যায়।[5] এই নীতিসমূহে কয় যে সমকামিতাক অপৰাধ আখ্যা দিয়া আইনসমূহে আন্তৰ্জাতিক বৈষম্যহীনতা আইন উলংঘা কৰে। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সমিতিয়ে কেইবাবাৰো এই বিষয়ে ৰায় দিছে।[6] আৰু লগতে এলজিবিটি সমাজৰ সদস্যসকলৰ জীৱন হিংসা আৰু নিৰ্যাতন অবিহনে জীয়াই থকাৰ সুবিধা, গোপনীয়তা, ন্যায়ৰ সুবিধা আৰু ইচ্ছাকৃতভাৱে আটক নকৰাৰ অধিকাৰৰ কথা কৈ আহিছে।
ৰাষ্ট্ৰসংঘত তৰ্ক
[সম্পাদনা কৰক]ফ্ৰান্স চৰকাৰে ৰাষ্ট্ৰসংঘত ৰাষ্ট্ৰদূতৰ জৰিয়তে ২০০৮ চনত অনুৰোধ কৰিছিল যে সমকামিতাক এক অবাধ্যতামূলক প্ৰস্তাৱৰ জৰিয়তে বিশ্বজুৰি অপৰাধমুক্ত কৰা হওক।
আমি ৰাষ্ট্ৰসমূহক আহ্বান জনাইছো যে যৌন অভিমুখ বা লিংগ পৰিচয় যাতে কোনো কাৰণতে অপৰাধমূলক বিচাৰৰ ভিত্তি হ’ব নোৱাৰে, বিশেষকৈ মৃত্যুদণ্ড, গ্ৰেপ্তাৰ বা আটক কৰা আদিৰ ভিত্তি হ’ব নোৱাৰে, তাৰ বাবে সকলো প্ৰয়োজনীয় আইনগত বা প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰক। ~ ৰিজ'লিউচনৰ লিখনী [7]
ইউৰোপীয় সংঘৰ দেশকে ধৰি মুঠ ৬৬খন দেশ আৰু লেটিন আমেৰিকাৰ বহু দেশ যেনে আৰ্জেণ্টিনা, ব্ৰাজিল, চিলি, কলম্বিয়া, কিউবা আৰু ভেনিজুৱেলাই ইয়াৰ সপক্ষে ভোটদান কৰে। [8] এই প্ৰস্তাৱত স্বাক্ষৰ নকৰা দেশসমূহৰ ভিতৰত আছে আমেৰিকা, চীন, ৰাছিয়া, এল ছালভাডৰ আৰু মুছলমান সংখ্যাগৰিষ্ঠ দেশসমূহ। ইছলামিক সন্মিলন আৰু পবিত্ৰ আসনৰ অন্তৰ্গত ৫৭ খন দেশে কেৱল পৰ্যবেক্ষকৰ মৰ্যাদা লাভ কৰাৰ পিছতো তেওঁলোকৰ বিৰোধিতাত বিশেষভাৱে যুদ্ধংদেহী আছিল।[9]
অধ্যয়ন
[সম্পাদনা কৰক]সমকামীতাক ঘৃণা কৰা পৰিঘটনাটোৰ ওপৰত মনোবিজ্ঞানী আৰু মনোৰোগ বিশেষজ্ঞসকলে অধ্যয়ন কৰে ৷ সমকামিতাৰ প্ৰতি থকা ঘৃণাক সুপ্ত বা দমন কৰা সমকামী অনুভূতিৰ সৈতে সম্পৰ্কিত কৰা অধ্যয়নো আছে।
অৰ্থনৈতিক পৰিণতি
[সম্পাদনা কৰক]বিভিন্ন দেশত জনমূৰি জিডিপি অনুসৰি সমকামিতাক গ্ৰহণ কৰা হাৰ নিৰ্ভৰ কৰে। এখন দেশৰ সম্পদৰ লগে লগে সমকামিতাৰ গ্ৰহণযোগ্যতা বাঢ়ি যায়।[10] কেইবাটাও গৱেষণাই ইংগিত দিছে যে যিবোৰ দেশত সমকামীতাক ব্যাপকভাৱে বিয়পি পৰিছে, সেইবোৰ দেশত অৰ্থনীতি উন্নত আছে।
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ International Gay and Lesbian Human Rights Commission (IGLHRC) (23 April 2003) Mexico protects its gay and lesbian citizens with new law"
- ↑ Homosexuality not a ground to sack employee, rules Allahabad High Court
- ↑ India: Supreme Court Recognizes Rights Of The LGBT Community
- ↑ «Beyond “homophobia”: Thinking about sexual prejudice and stigma in the twenty-first century»[সংযোগবিহীন উৎস]
- ↑ On the Application of International Humanitarian Law in Relation to Sexual Orientation and Gender Identity.
- ↑ On the Application of International Humanitarian Law in Relation to Sexual Orientation and Gender Identity.
- ↑ Flick (2008). "Sixty-six countries have finally supported the universal decriminalization of homosexuality”
- ↑ Flick (2008). "United Nations statement: Vatican explains itself”
- ↑ Flick (2008). "The Vatican defends its position and affirms that the Holy See is not alone"
- ↑ “The global divide on homosexuality: greater acceptance in more secular and affluent countries ” . Pew Research Global Attitudes Project. June 4, 2013