একে লিংগৰ বিবাহ


একে লিংগৰ বিবাহ (ইংৰাজী: Same sex marriage) হল অনুষ্ঠানিকভাবে দুজন পুৰুষ বা দুগৰাকী মহিলাৰ মাজত হোৱা বিবাহ যি সমকামিতাৰ ফলত হোৱা একে লিংগৰ প্ৰেমৰ পৰিনাম হয়। একে লিংগৰ বিবাহ ভিন্ন প্ৰাচীন সভ্যতা যেনে ৰোমান আৰু চীনা ফুজিয়ানৰ মাজত প্ৰাচীন কালৰে পৰা অনুষ্ঠিত হৈ আহিছে। কিন্তু পশ্চিমীয়কৰণৰ ফেক্ট ১৯ শতিকাত এই প্ৰথা লোপ পায়।[1] আধুনিক যুগত প্ৰথম একবিংশ শতিকাৰ শেষত একে লিংগ বিবাহক মৰ্যদা প্ৰদান কৰি আইন প্ৰস্তুত কৰা হৈছিল। ডিচেম্বৰ ২০২০লৈকে প্ৰায় ৩০ খন দেশত (জাৰ্মানী,আৰ্জেন্টিনা,অষ্ট্ৰেলিয়া,অষ্ট্ৰিয়া, বেলজিয়াম,ব্ৰাজিল,কানাডা,কলম্বিয়া,কচটা ৰিকা,দেনমাৰ্ক,ইকোৱাদৰ, স্পেইন,আমেৰিকা যুক্তৰাষ্ট্ৰ, ফিনলেণ্ড,ফ্ৰান্স,আইয়াৰলেণ্ড, আইছলেণ্ড,লুচেম্বাৰ্গ, মালতা, মেক্সিক',নৰৱে, নিউজিলেণ্ড,নেডাৰলেণ্ড, পৰ্তুগাল, সংযুক্ত ৰাজ্য,দক্ষিণ আফ্ৰিকা, স্বীদেন,স্বীজাৰলেণ্ড, টাইৱান, উৰুগুৱাই)ত একে লিংগৰ দুই ব্যক্তিৰ মাজত বিবাহ বৈধ , অন্যহাতে মেক্সিকৰ ৩২ৰ ভিতৰত ২২খন ৰাজ্যত বৈধ। কিছু দেশত বিবাহৰ সলনি আইনী দম্পতী ব্যৱস্থা আছে যদিও এই ব্যৱস্থাৰ সলনি বিবাহ বৈধ কৰাৰ বহুতো দাবী উল্লেখিত হোৱা দেখা যায়। [2]
লগতে চাওক[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ Neill, James (2009). "Homosexual marriages in Fujian" . The Origins and Role of Same-Sex Relations in Human Societies . Jefferson and London: McFarland & Company. pp. 259-261. ISBN 978-0-7864-3513-5 .
- ↑ Hinsch, Bret. (1990). Passions of the Cut Sleeve . University of California Press . pp. 24-25