হায়দৰাবাদী বিৰিয়ানী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হায়দৰাবাদী বিৰিয়ানী

হায়দৰাবাদী বিৰিয়ানী
উৎপত্তিৰ স্থান ভাৰত
অঞ্চল হায়দৰাবাদ
মুখ্য উপাদান

হায়দৰাবাদী বিৰিয়ানী (ইংৰাজী: Haydrabadi Biriyani) হায়দৰাবাদৰ এক বিশেষ প্ৰকাৰ বিৰিয়ানী যি সমগ্ৰ ভাৰততে খাদ্যৰসিকসকলৰ প্ৰিয়৷ এই বিৰিয়ানী বাচমতী চাউল আৰু মাংসৰে ৰন্ধা হয়৷ এইবিধ খাদ্য হায়দৰাবাদৰ নিজামৰ ৰন্ধনশালৰ পৰা উৎপত্তি হোৱা আৰু ইয়াত মোগলাই ৰন্ধন শৈলী আৰু হায়দৰাবাদৰ নিজা বৈশিষ্ট সোমাই আছে৷

উপকৰণ[সম্পাদনা কৰক]

হায়দৰাবাদী বিৰিয়ানী ৰান্ধিবলৈ প্ৰয়োজন হোৱা দ্ৰব্যসমূহ হ’ল; বাচমতী চাউল, ছাগলী বা মূৰ্গী বা গৰুৰ মাংস, দৈ, পিঁয়াজ, দালচেনি, লং, ইলাচী, তেজপাত, জাইফল, কালজিৰা, গোৱামুৰি, জাফৰাণ আৰু নেমু৷ খাদ্য সজাই পৰিৱেশন কৰাৰ সময়ত প্ৰয়োজন হয়, ধনীয়া পাত আৰু ভজা পিঁয়াজ৷ আজিকালি মিছামাছৰ সংযোগো কৰা হৈছে৷[1]

ইতিহাস[সম্পাদনা কৰক]

হায়দৰাবাদী বিৰিয়ানী সাধাৰণতে মোগলাই আৰু ইৰানী খাদ্যৰ মিশ্ৰণ বুলি কোৱা হয় আৰু ই হায়দৰাবাদৰ নিজামৰ ৰন্ধনশালত তৈয়াৰী হৈছিল৷ বৰ্তমান ই ভাৰতীয় ৰন্ধনশৈলীৰ এক মূকখ্য উপাদান৷[2] স্থানীয় প্ৰচলিত বিশ্বাসমতে হায়দৰাবাদৰ এই বিৰিয়ানী প্ৰথম নিজাম “নিজাম-উল-মুলুক আছফ জা ১ম’’ৰ দিনত ১৮শ শতিকাত সৃষ্টি কৰা হৈছিল৷[3][1]

খাদ্য সম্পৰ্কে থকা এই বিশ্বাসবোৰ অনিশ্চিত; কাৰণ কিংবদন্তিসমূহে ইয়াক নিজামৰ ৰন্ধনশালৰ বুলি কোৱাৰ পিছতো, বিৰিয়ানী দক্ষিণ ভাৰতীয় মূলৰ বুলি জনা যায়৷ ই আৰব ব্যৱসায়ীয়ে দক্ষিণ এছিয়ালৈ লৈ অনা পিলাফ জাতৰ খাদ্যৰ পৰা আহৰণ কৰা। পোলাও হয়তো মধ্যযুগীয় ভাৰতৰ সেনাবাহিনীৰ খাদ্য আছিল। সেনাবাহিনীয়ে যিহৰেই মাংস পাইছিল, তাৰে লগত চাউল সংযোগ কৰি এটা পাত্ৰত ব্যঞ্জন প্ৰস্তুত কৰিছিল। সেই বাবেই হয়তো "পোলাও" আৰু "বিৰিয়ানী"ৰ মাজত বিশেষ পাৰ্থক্য নাথাকে৷[4][5]

প্ৰকাৰ[সম্পাদনা কৰক]

হায়দৰাবাদী বিৰিয়ানী দুই প্ৰকাৰে প্ৰস্তুত কৰা হয়৷ তাত স্থানীয় ভাবে ইয়াক কাচ্চী বিৰিয়ানী আৰু পাক্কি বিৰিয়ানী বুলি কোৱা হয়৷[6]

কাচ্চি বিৰিয়ানী[সম্পাদনা কৰক]

কেঁচা মাংসৰে তৈয়াৰী বিৰিয়ানীক কাচ্চি বিৰিয়ানী বোলে৷ ইয়াৰ বাবে গোটেই ৰাতি কেঁচা মাংস মছলা সানি মেৰিনেটকৰি থোৱা হয় আৰু ৰন্ধাৰ আগতে টেঙা দৈ সনা হয়৷ মাংসৰ টুকুৰাবোৰ সুগন্ধি বাচমতী চাউলৰ মাজত সাৱধানে ৰাখি ময়দাৰ লেপনেৰে মুখ বন্ধ কৰা ডেকচীৰ ভিতৰত দিয়া হয়৷ ডেকচীৰ মুখেৰে গৰম ভাপ বাহিৰ নহ’বলৈ ময়দা পানীৰে গুলি তাত কাপোৰ লেটিয়াই ডেকচীৰ মুখখনত মেৰিয়াই দিয়া হয়৷ জুই কম বা বেছি যাতে নহয়, তাৰ বাবে সতৰ্ক দৃষ্টি ৰখা হয় যাতে জুইৰ তাপত মাংস ভালদৰে সিদ্ধ হ’বলৈ পায়৷[7][8]

পাক্কি বিৰিয়ানী[সম্পাদনা কৰক]

পাক্কি বিৰিয়ানীৰ বাবে মাংসখিনি কম সময়ৰ বাবে মেৰিনেট কৰা হয় আৰু চাউলৰ মাজত সুমুৱাই ৰন্ধন কৰাৰ আগতে চৌকাত বেলেগে উপকৰণসমূহ সিদ্ধ কৰি লোৱা হয়৷

পৰিৱেশন[সম্পাদনা কৰক]

বিৰিয়ানী সাধাৰণতে দৈৰ চাটনি আৰু জলকীয়া চচৰে সৈতে পৰিৱেশন কৰা হয়৷ তদুপৰি, চালাদ হিচাপে পিঁয়াজ, গাজৰ, টিয়ঁহ আৰু নেমুৰ গোলাকাৰ টুকুৰা দিয়া হয়৷[9]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 Colleen Taylor Sen (2004). Food culture in India. Greenwood Publication. পৃষ্ঠা. 115. ISBN 0-313-32487-5. https://books.google.com/books?id=YIyV_5wrplMC&q=silver+leaf&pg=PA90। আহৰণ কৰা হৈছে: 12 October 2011. 
  2. Collingham, Lizzie (2006). Curry: A Tale of Cooks and Conquerors. Oxford University Press. ISBN 978-0-19-988381-3. https://archive.org/details/curry00lizz। আহৰণ কৰা হৈছে: 2 March 2021. 
  3. Rao, Nagarjuna (6 May 2018). "Which is the world's best biryani?". Gulf News. https://gulfnews.com/uae/which-is-the-worlds-best-biryani-1.2217020। আহৰণ কৰা হৈছে: 1 March 2021. 
  4. Karan, Pratibha (2009). Biryani. Random House India. পৃষ্ঠা. 1–12, 45. ISBN 978-81-8400-254-6. https://books.google.com/books?id=cZe-r38DYjcC. 
  5. Sanghvi, Vir. "Biryani Nation". Archived from the original on 17 August 2014. https://web.archive.org/web/20140817181203/http://blogs.hindustantimes.com/rude-food/2010/03/03/biryani-nation/। আহৰণ কৰা হৈছে: 24 August 2014. 
  6. "Metro Plus Chennai / Eating Out : Back to Biryani". 2005-06-13. Archived from the original on 2009-11-10. https://web.archive.org/web/20091110082107/http://www.hindu.com/mp/2005/06/13/stories/2005061300010800.htm। আহৰণ কৰা হৈছে: 2011-02-18. 
  7. "There's more than just one type of Hyderabadi biryani, and here's how different they are" (en ভাষাত). The News Minute. 2017-04-27. https://www.thenewsminute.com/article/there-s-more-just-one-type-hyderabadi-biryani-and-here-s-how-different-they-are-61085। আহৰণ কৰা হৈছে: 2020-12-07. 
  8. Latif, Bilkees (2000). Essential Andhra Cookbook. Penguin. ISBN 9788184754339. https://books.google.com/books?id=QTQ4U6FzfS4C। আহৰণ কৰা হৈছে: 2 March 2021. 
  9. "Telangana / Hyderabad News : Legendary biryani now turns 'single'". 2005-08-18. http://www.hindu.com/2005/08/18/stories/2005081817520200.htm। আহৰণ কৰা হৈছে: 2011-02-18.