হিজল
হিজল | |
---|---|
A Barringtonia acutangula tree on the Hoan Kiem Lake | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Asterids |
বৰ্গ: | Ericales |
পৰিয়াল: | Lecythidaceae |
গণ: | Barringtonia |
প্ৰজাতি: | B. acutangula |
বৈজ্ঞানিক নাম | |
Barringtonia acutangula (L.) Gaertn. | |
সমাৰ্থক[1] | |
|
হিজল (বৈজ্ঞানিক নাম: Barringtonia acutangula) এবিধ সৰু আকাৰৰ গছ৷ এই গছ সাধাৰণতে বিলৰ কাষত বা পানীত ডুবি থকা ঠাইত উৎপন্ন হোৱা দেখা যায়৷[2] এই গছৰ অংশ খাদ্য আৰু ঔষধ হিচাপে আৰু কাঠ নাও আদি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়৷
বিস্তৃতি
[সম্পাদনা কৰক]হিজল গছ দক্ষিণ এছিয়া আৰু উত্তৰ অষ্ট্ৰেলিয়াৰ থলুৱা উদ্ভিদ৷ আফগানিস্তানৰ পৰা ফিলিপিনিছ, কুইনছলেণ্ডলৈকে দেশসমূহত এই উদ্ভিদ বিস্তৃত হৈ আছে৷ [3]
বিৱৰণ
[সম্পাদনা কৰক]হিজল গছৰ উচ্চতা ৮-১৫ মিটাৰ পৰ্য্যন্ত হ'ব পাৰে৷ ইয়াৰ পাতবোৰ ডাঠ, মিহি আৰু ঘুৰণীয়া আকাৰৰ৷ পাতৰ দৈৰ্ঘ্য ৮-১২ ছে:মি: আৰু প্ৰস্থ ৪-৫ ছে:মি: হয়৷ ফলৰ আকাৰ সৰু আৰু অলপ দীঘলীয়া ধৰণৰ হয়৷[4] ফুল থোপাথোপে ফুলে, ৰঙা বৰণীয়া আৰু সুগন্ধিযুক্ত হয়৷[2]
এই গছৰ বাকলিৰ বৰণ প্ৰায় ক'লা আৰু এই বাকলিত দীঘলীয়া খলা-বমাৰ চিন থাকে৷ বাকলিৰ ভিতৰখন গুলপীয়া৷[2]
ব্যৱহাৰ
[সম্পাদনা কৰক]খাদ্য
[সম্পাদনা কৰক]হিজলৰ কুমলীয়া পাতবোৰ খাদ্য হিচাপে ব্যৱহাৰ কৰে৷ উদাহৰণস্বৰূপে ভিয়েটনামত এই পাত মাংসৰ সৈতে খোৱা হয়৷ [4]
ঔষধ
[সম্পাদনা কৰক]গৱেষণাই দেখুৱাইছে যে এই উদ্ভিদৰ বহুতো ঔষধি গুণ আছে৷ উদাহৰণস্বৰূপে এই উদ্ভিদ antitumor,[5] এন্টিবায়'টিক হিচাপে[6] Helicobacter pylori নামৰ বেক্টেৰিয়াৰ বৃদ্ধি ৰোধ কৰিবলৈ,[7] [8] আৰু ভেঁকুৰৰ বৃদ্ধি ৰোধ কৰিবলৈ[9][10] ব্যৱহাৰ কৰা হয়৷
ভাৰতৰ বিভিন্ন ঠাইত এই উদ্ভিদৰ ৰস ছালৰ ৰোগৰ বাবে আৰু গ্ৰহণী ৰোগত পৰম্পৰাগত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়৷[11]
তাৰোপৰি হিজল গছৰ কাঠ নাও আদি নিৰ্মাণ কৰাটো ব্যৱহাৰ কৰা হয়৷[2]
চিত্ৰভঁৰাল
[সম্পাদনা কৰক]-
ভাৰতৰ কলকাতাত হিজল গছ
-
কলকাতাত হিজল গছৰ ফল
-
হিজল গছৰ ফল
-
হিজল গছৰ ফুলৰ গুটি
-
হায়দৰাবাদত হিজল গছ
-
হায়দৰাবাদত হিজল গছৰ ফুল
-
হিজল গছৰ ফুল
-
হিজল গছৰ গুটি
-
হিজল গছৰ ফুল
-
হিজল গছৰ ফুল
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Kew Gardens 'World Checklist' link : Barringtonia acutangula
- ↑ 2.0 2.1 2.2 2.3 'অসমৰ উদ্ভিদ কোষ'- ফটিক চন্দ্ৰ গগৈ; অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ: ডিছেম্বৰ ২০০৭
- ↑ USDA, ARS, Germplasm Resources Information Network. হিজল in the Germplasm Resources Information Network (GRIN), U.S. Department of Agriculture Agricultural Research Service. Accessed on 29 December 2017.
- ↑ 4.0 4.1 Tanaka, Yoshitaka; Van Ke, Nguyen (2007). Edible Wild Plants of Vietnam: The Bountiful Garden. Thailand: Orchid Press. পৃষ্ঠা. 88. ISBN 9745240893.
- ↑ Samanta SK; Bhattacharya K. Mandal; C. Pal BC. (2010). "Identification and quantification of the active component quercetin 3-O-rutinoside from Barringtonia racemosa, targets mitochondrial apoptotic pathway in acute lymphoblastic leukemia". Journal of Asian Natural Products Research. খণ্ড 12 (8): 639–48. doi:10.1080/10286020.2010.489040. PMID 20706898.
- ↑ Rahman MM; Polfreman D.; MacGeachan J.; Gray AI (2005). "Antimicrobial activities of Barringtonia acutangula". Phytotherapy Research খণ্ড 19 (6): 543–5. doi:10.1002/ptr.1341. PMID 16114086.
- ↑ Bhamarapravati S; Pendland SL; Mahady GB (2003). "Extracts of spice and food plants from Thai traditional medicine inhibit the growth of the human carcinogen Helicobacter pylori". In Vivo. খণ্ড 17 (6): 541–4. PMID 14758718.
- ↑ Deraniyagala SA; Ratnasooriya WD; Goonasekara CL (2003). "Antinociceptive effect and toxicological study of the aqueous bark extract of Barringtonia racemosa on rats". Journal of Ethnopharmacology খণ্ড 86 (1): 21–6. doi:10.1016/s0378-8741(03)00015-1. PMID 12686437.
- ↑ Vijaya Bharathi R.; Jerad Suresh A.; Thirumal M.; Sriram L.; Geetha Lakshmi S.; Kumudhaveni B. (2010). "Antibacterial and antifungal screening on various leaf extracts of Barringtonia acutangula". International Journal of Research in Pharmaceutical Sciences খণ্ড 1 (4): 407–410.
- ↑ Sahoo S.; Panda P.K.; Behera P.S.; Mishra S.R.; Ellaiah P. (2008). "Antifungal activity of Barringtonia acutangula against selected human pathogenic fungi". Indian Drugs খণ্ড 45 (1): 26–30.
- ↑ J. H. Maiden (1889). The useful native plants of Australia : Including Tasmania. Turner and Henderson, Sydney. https://primo-slnsw.hosted.exlibrisgroup.com/primo-explore/fulldisplay?docid=SLNSW_ALMA21105097830002626&context=L&vid=SLNSW&search_scope=EEA&tab=default_tab&lang=en_US.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত Barringtonia acutangula সম্পৰ্কীয় মিডিয়া ফাইল।
- "Barringtonia acutangula (L.) Gaertn.". Atlas of Living Australia. https://bie.ala.org.au/species/http://id.biodiversity.org.au/node/apni/2899118.