হিমাচলী টুপী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পৰম্পৰাগত হিমাচলী টুপী পৰিহিত এজন কুল্লু অঞ্চলৰ মানুহ

হিমাচলী টুপী (ইংৰাজী: Himachali cap) হিমাচল প্ৰদেশৰ সংস্কৃতিৰ সৈতে সম্পৰ্কিত এক স্বকীয় টুপী।[1] ইয়াক পাহাৰী টুপী বুলিও কোৱা হয়। ই পাহাৰী অঞ্চলৰ বাসিন্দাৰ পৰম্পৰাগত পোছাকৰ এটা অংশ।[2] ইয়াক সাধাৰণতে স্থানীয় অনুষ্ঠান, বিবাহ, উৎসৱ-পাৰ্বন আদিত পৰিধান কৰা হয় যদিও ই হিমাচলৰ দৈনন্দিন সাজ-পাৰৰ অংশ।

ইতিহাস[সম্পাদনা কৰক]

হিমাচলী টুপী ঐতিহাসিকভাৱে কিন্নাৰৰ সৈতে সম্পৰ্কিত আছিল আৰু ৰাজকীয় বুচাহৰ আৰু কুল্লু ৰাজ্য হৈ হিমাচল প্ৰদেশৰ অন্যান্য অংশত উপনীত হৈছিল।[3]

সামগ্ৰী আৰু আকৃতি[সম্পাদনা কৰক]

হিমাচলী টুপী হিমাচল প্ৰদেশৰ অন্যতম জনপ্ৰিয় কলা আৰু শিল্প। হিমাচলী টুপী সাধাৰণতে ঊলেৰে নিৰ্মিত আৰু ইয়াৰ আকৃতি সাধাৰণতে ঘূৰণীয়া বা নাওৰ আকৃতিৰ হয়।[4]

প্ৰকাৰ[সম্পাদনা কৰক]

অঞ্চলভেদে হিমাচলী টুপীৰ অনন্য ৰং আৰু শৈলী পৃথক পৃথক হয়। হিমাচলী টুপীক মূল চাৰি ভাগত বিভক্ত কৰা হৈছে। সেই কেইটা হৈছে।

বুচাহৰি টুপী[সম্পাদনা কৰক]

বুচাহৰি টুপী বুচাহৰ অঞ্চলত প্ৰচলিত। ই সাধাৰণতে ভাটৌৰঙী সেউজীয়া ৰঙৰ।

কিন্নাউৰি টুপী[সম্পাদনা কৰক]

কিন্নাউৰি টুপী কিন্নাউৰ অঞ্চলত প্ৰচলিত। ই অলপ বুচাহৰি টুপীৰ সৈতে একে কেৱল ইয়াৰ ৰং আৰু ডিজাইনৰ পাৰ্থক্য আছে। কিন্নাউৰি টুপী গাঢ় ৰঙা বা ক্ৰিমচন ৰঙৰ শাৰী থাকে।[5]

কুল্লুৱী টুপী[সম্পাদনা কৰক]

কুল্লুৱী টুপী হিমাচলৰ কুল্লু জিলাত প্ৰচলিত। এই টুপী আটাইতকৈ জনপ্ৰিয় হিমাচলী টুপী। এই টুপী বহুৰঙী শাৰী আৰু জ্যামিতিক নক্সাৰে সজ্জিত। অতি অলংকৃত হোৱাৰ বাবে ই উপহাৰ হিচাপে ব্যৱহাৰ কৰা হয়।

লাহউলি টুপী[সম্পাদনা কৰক]

লাহউলি টুপী হিমাচল প্ৰদেশৰ লাহউল অঞ্চলত প্ৰচলিত। এই টুপী কুল্লুৱী টুপীৰ সৈতে অলপ মিল আছে। কিন্তু ইয়াক বৰ বেছি অলংকৃত কৰা নহয়।[6]

পৰম্পৰাগত পৰিধান[সম্পাদনা কৰক]

হিমাচলী টুপী হিমাচলৰ দৈনিক পিন্ধনৰ এক অংশ। ইয়াক স্থানীয় উৎসৱ, ধৰ্মীয় অনুষ্ঠান আৰু বিবাহ আদিৰ সময়ত সচৰাচৰ পিন্ধা হয়।[7] কাংৰা আৰু হামিৰপুৰৰ দৰে প্ৰায় সকলো পাহাৰীয়া অঞ্চলৰ পুৰুষে কুৰ্তা পায়জামা আৰু টুপী পিন্ধে আৰু মহিলাসকলে কামীজ আৰু দুপাট্টাৰ সৈতে চুৰিদাৰ পায়জামা বা ছালৱাৰ পিন্ধে।[4] হিমাচলী টুপী হিমাচলৰ সাংস্কৃতিক পৰিচয়ৰ প্ৰতিনিধিত্ব কৰে। হিমাচলৰ মানুহে ইয়াক লৈ গৌৰৱ অনুভৱ কৰে।[8] ই পঞ্জাবৰ শিখসকলৰ পাগুৰীৰ সমপৰ্যায়ৰ মূৰত পিন্ধা বসন।[9]

ৰাজনৈতিক পৰিচয়[সম্পাদনা কৰক]

"মই নৰেন্দ্ৰ মোদীজীক ইজৰাইলত হিমাচলৰ টুপী মুকুট হিচাপে ব্যৱহাৰ কৰাৰ বাবে ধন্যবাদ জনাইছোঁ"

— প্ৰেম কুমাৰ ধুমালে নৰেন্দ্ৰ মোদীৰ বাবে টুইট কৰিছিল যেতিয়া তেওঁ ইজৰাইল ভ্ৰমণৰ সময়ত মেৰুন বেণ্ডৰ সৈতে হিমাচলী টুপী পিন্ধিছিল।[10]

হিমাচলী টুপীৰ ৰং দীৰ্ঘ দিন ধৰি পাহাৰীয়া ৰাজ্যখনত ৰাজনৈতিক আনুগত্যৰ সূচক হৈ আছে আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতা যেনে বীৰভদ্ৰ সিঙৰ দৰে দলৰ নেতাসকলে সেউজীয়া বেণ্ডৰ সৈতে টুপি পৰিধান কৰে আৰু প্ৰতিদ্বন্দ্বী ভাৰতীয় জনতা পাৰ্টিৰ নেতা প্ৰেম কুমাৰ ধুমালে মেৰুন বেণ্ডৰ সৈতে টুপি পিন্ধে।[11][12]

চিত্ৰ বিথিকা[সম্পাদনা কৰক]

তথ্য উৎস[সম্পাদনা কৰক]

  1. Broadcasting, India Ministry of Information and (1956) (en ভাষাত). Himachal Pradesh. Tourist Division, Ministry of Transport. পৃষ্ঠা. 22. ISBN 978-81-7199-465-6. https://books.google.com/books?id=T5GpmoJ3BBIC. 
  2. Shaikh, Ameen (2019-04-01) (en ভাষাত). ShaikhSpear in Himachal. Mountain Walker Private Limited. পৃষ্ঠা. 173. ISBN 978-81-940505-0-6. https://books.google.com/books?id=32YHEAAAQBAJ. 
  3. Chitkara, M. G. (1999) (en ভাষাত). World Government and Thakur Sen Negi. APH Publishing. পৃষ্ঠা. 25. ISBN 978-81-7648-032-1. https://books.google.com/books?id=5QKxoF2gbBYC. 
  4. 4.0 4.1 Broadcasting, India Ministry of Information and (1956) (en ভাষাত). Himachal Pradesh. Tourist Division, Ministry of Transport. পৃষ্ঠা. 128, 129. ISBN 978-81-7199-465-6. https://books.google.com/books?id=T5GpmoJ3BBIC. 
  5. "Himachali Cap (Topi) -Buy Kullu, Shimla, Kinnauri and Malana Cap" (en-US ভাষাত). HimalayanKraft. https://himalayankraft.in/product-tag/himachali-cap-topi/। আহৰণ কৰা হৈছে: 2021-01-16. 
  6. "The Himachali cap - Culture, legacy and heritage Issues and analysis @ abhipedia Powered by ABHIMANU IAS" (en-us ভাষাত). abhipedia.abhimanu.com. https://abhipedia.abhimanu.com/Article/State/MTE5OTg4/The-Himachali-cap---Culture--legacy-and-heritage-Himachal-Pradesh-State। আহৰণ কৰা হৈছে: 2021-01-16. 
  7. Verma, Shruti (2018-02-02). "The Himachali cap: Culture, legacy and heritage" (en-US ভাষাত). HimVani. http://www.himvani.com/47431/himachali-cap-culture-legacy-heritage/। আহৰণ কৰা হৈছে: 2021-01-17. 
  8. Wagner, Anja (2013-06-01) (en ভাষাত). The Gaddi Beyond Pastoralism: Making Place in the Indian Himalayas. Berghahn Books. পৃষ্ঠা. 34. ISBN 978-0-85745-930-5. https://books.google.com/books?id=oWVFAAAAQBAJ. 
  9. ""Importance of turban in Sikhism" - Early Times Newspaper Jammu Kashmir". www.earlytimes.in. http://www.earlytimes.in/newsdet.aspx?q=233794। আহৰণ কৰা হৈছে: 2021-01-17. 
  10. "PM Modi's cap in Israel takes political hue in Himachal" (en ভাষাত). Hindustan Times. 2017-07-06. https://www.hindustantimes.com/india-news/pm-modi-s-cap-in-israel-takes-political-hue-in-himachal/story-JJH2Dk9H1LQ1xPF2m3hFiM.html। আহৰণ কৰা হৈছে: 2021-01-17. 
  11. Archana Phull (14 January 2018). "Cap likely on 'cap politics' in Himachal Pradesh". The Statesman. https://www.thestatesman.com/cities/cap-likely-cap-politics-himachal-pradesh-1502563887.html. 
  12. Gaurav Bisht (6 July 2017). "PM Modi's cap in Israel takes political hue in Himachal". Hindustan Times. https://www.hindustantimes.com/india-news/pm-modi-s-cap-in-israel-takes-political-hue-in-himachal/story-JJH2Dk9H1LQ1xPF2m3hFiM.html.