সমললৈ যাওক

হৃদয়ম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হৃদয়ম
পৰিচালক বিনীত শ্ৰীনিবাসন
ৰচনা বিনীত শ্ৰীনিবাসন
প্ৰযোজক বিশাখ সুব্ৰমণিয়াম
অভিনয়ত
চিত্ৰগ্ৰহণকাৰী বিশ্বজিত ওদুক্কাথিল
সম্পাদনা ৰঞ্জন আব্ৰাহাম
সংগীত পৰিচালক হেশ্বাম আব্দুল ৱাহাব
প্ৰযোজনা
কোম্পানীসমূহ
  • মেৰীলেণ্ড চিনেমাছ
  • বিগ বেং এণ্টাৰটেইনমেণ্টছ
পৰিবেশক মেৰীলেণ্ড চিনেমাছ
মুক্তি
২১ জানুৱাৰী ২০২২ (2022-01-21) (ভাৰত)
দৈৰ্ঘ্য
১৭২ মিনিট[1]
দেশ ভাৰত
ভাষা মালয়ালম
সৰ্বমুঠ আয় est. ৫২.৩ কোটি[2]

হৃদয়ম (অনুবাদ:হৃদয়) হৈছে বিনীত শ্ৰীনিবাসনৰ দ্বাৰা ৰচিত তথা পৰিচালিত ২০২২ বৰ্ষৰ ভাৰতীয় মালয়ালম ভাষাৰ এখন ৰোমাণ্টিক নাট্য চলচ্চিত্ৰ। মেৰীলেণ্ড চিনেমাছৰ জৰিয়তে বিশাখ সুব্ৰমণিয়ামে ছবিখনৰ প্ৰযোজনা কৰে আৰু বিগ বেং এণ্টাৰটেইনমেণ্টছৰ জৰিয়তে নোবেল বাবু থমাছে ছবিখনৰ সহ-প্ৰযোজনা কৰে। ছবিখনত মুখ্য ভূমিকাত অভিনয় কৰিছে প্ৰণৱ মোহনলাল, কল্যাণী প্ৰিয়দৰ্শন আৰু দৰ্শনা ৰাজেন্দ্ৰন৷ হেশ্বাম আব্দুল ৱাহাবে ছবিখনৰ গীত আৰু পটভূমিৰ সংগীত ৰচনা কৰে।[3][4]

হৃদয়মৰ জৰিয়তে কেৰালাৰ অন্যতম প্ৰাচীন চলচ্চিত্ৰ ষ্টুডিঅ' মেৰীলেণ্ড ষ্টুডিঅ'ছ চলচ্চিত্ৰ জগতলৈ ঘূৰি আহে। ছবিখনে ভাৰতত এসময়ৰ অচল অডিঅ’ কেছেট আৰু সীমিত সংস্কৰণৰ ভিনাইল ৰেকৰ্ড পুনৰ প্ৰৱৰ্তন কৰে। ছবিখনৰ প্ৰধান ফটোগ্ৰাফী আৰম্ভ হৈছিল ২০২০ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা, ভাৰতত ক'ভিড-১৯ মহামাৰীৰ বাবে কিছুকাল বিৰতি লোৱাৰ পিছত, ২০২১ চনৰ মাৰ্চ মাহত ছবিখনৰ চিত্ৰগ্ৰহণৰ সামৰণি পৰে। চেন্নাইৰ কেচিজি কলেজ অৱ টেকন'লজিত ছবিখনৰ শ্বুটিং কৰা হৈছিল, য'ত বিনীত, তেওঁৰ পত্নী দিব্যা আৰু তেওঁৰ বন্ধু তথা অভিনেতা অজু ভাৰ্গেছে অধ্যয়ন কৰিছিল, আৰু পালাক্কাড়, কোচি আৰু অন্ধ্ৰপ্ৰদেশতো ছবিখনৰ চিত্ৰগ্ৰহণ কৰা হৈছিল।

২০২২ চনৰ ২১ জানুৱাৰীত হৃদয়মে বিশ্বজুৰি ছবিগৃহত মুক্তি লাভ কৰে।[5] ছবিখনে সমালোচকৰ পৰা ইতিবাচক সমালোচনা লাভ কৰিছিল। এই ছবিখনে বিশ্বজুৰি ৫০ কোটি টকা (৬.০ মিলিয়ন মাৰ্কিন ডলাৰ)তকৈ অধিক উপাৰ্জন কৰি বছৰৰ তৃতীয় সৰ্বাধিক উপাৰ্জন কৰা মালয়ালম ছবি হিচাপে পৰিগণিত হয়।[2] এই ছবিখনে জনপ্ৰিয় আবেদন আৰু নান্দনিক মূল্যৰ শ্ৰেষ্ঠ ছবিকে ধৰি দুটাকৈ কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰে।[6]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Hridayam". British Board of Film Classification. https://www.bbfc.co.uk/release/hridayam-q29sbgvjdglvbjpwwc0xmdaymdyy আহৰণ কৰা হৈছে: 21 January 2022.
  2. 1 2 "Hridayam tops 50 crores globally; Enters all-time top ten Mollywood grossers worldwide" (en ভাষাত). PINKVILLA. 2022-02-15. https://www.pinkvilla.com/entertainment/box-office/hridayam-tops-50-crores-globally-enters-all-time-top-ten-mollywood-grossers-worldwide-1023896 আহৰণ কৰা হৈছে: 2022-06-21. উদ্ধৃতি ত্ৰুটি: Invalid <ref> tag; name "pinkvilla.com" defined multiple times with different content.
  3. Akhila R Menon (9 September 2020). "Pranav Mohanlal-Vineeth Sreenivasan's Hridayam: Darshana Rajendran Opens Up!". filmibeat. https://www.filmibeat.com/malayalam/news/2020/pranav-mohanlal-vineeth-sreenivasan-s-hridayam-darshana-rajendran-opens-up-303690.html আহৰণ কৰা হৈছে: 9 September 2020.
  4. "Darshana Rajendran in Vineeth Sreenivasan directorial 'Hridayam'". The News Minute. 2019-12-04. https://www.thenewsminute.com/article/darshana-rajendran-vineeth-sreenivasan-directorial-hridayam-113453 আহৰণ কৰা হৈছে: 2020-02-01.
  5. "EXCLUSIVE: Vineeth Sreenivasan's Hridayam release date is here". The New Indian Express. 2021-10-28. https://www.cinemaexpress.com/malayalam/news/2021/oct/28/exclusive-vineeth-sreenivasans-hridayam-release-date-is-here-27543.html আহৰণ কৰা হৈছে: 2021-10-28.
  6. "52nd Kerala State Film Awards: The complete winners list" (en ভাষাত). The Indian Express. 2022-05-28. https://indianexpress.com/article/entertainment/malayalam/52nd-kerala-state-film-awards-the-full-winners-list-live-updates-7939205/ আহৰণ কৰা হৈছে: 2022-07-14.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]