সমললৈ যাওক

কল্যাণী প্ৰিয়দৰ্শন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কল্যাণী প্ৰিয়দৰ্শন

২০১৭ চনত কল্যাণী
জন্ম কল্যাণী নাইৰ
০৫ এপ্ৰিল, ১৯৯৩ (৩১ বছৰ)[1]
মাদ্ৰাজ, তামিলনাডু, ভাৰত
শিক্ষা পাৰ্চন্স স্কুল অৱ ডিজাইন, নিউয়ৰ্ক মহানগৰ (বি. আৰ্ক)
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০১৭–বৰ্তমান
আত্মীয়-স্বজন প্ৰিয়দৰ্শন (পিতৃ)
লিছী (মাতৃ)

কল্যাণী প্ৰিয়দৰ্শন (ইংৰাজী: Kalyani Priyadarshan; জন্ম: ৫ এপ্ৰিল ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ মালয়ালম ছবিত অভিনয় কৰে যদিও‌ ইতিমধ্যে কেইবাখনো তামিল আৰু তেলেগু ছবিত অভিনয় কৰিছে। কল্যাণীয়ে এটা "ফিল্মফেয়াৰ বঁটা দক্ষিণ" আৰু তিনিটা "দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা" লাভ কৰিছে৷[1][2]

চলচ্চিত্ৰ নিৰ্মাতা প্ৰিয়দৰ্শন আৰু অভিনেত্ৰী লিছীৰ গৃহত জন্মগ্ৰহণ কৰা কল্যাণীয়ে সহকাৰী প্ৰডাকচন ডিজাইনাৰ হিচাপে নিজৰ কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল। তেলেগু ছবি হেল্ল' (২০১৭)ত অভিনয়েৰে তেওঁ ছবিজগতত খোজ দিয়ে আৰু উক্ত ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী – দক্ষিণৰ বিভাগত ফিল্মফেয়াৰ বঁটা লাভ কৰে। ইয়াৰ পিছত তেওঁ হিৰো (২০১৯)ৰ মাধ্যমেৰে তামিল ছবিজগতত আৰু বৰানে অৱশ্যামুণ্ড (২০২০)ৰ মাধ্যমেৰে মালয়ালম ছবিজগতত প্ৰৱেশ কৰিছিল। ইয়াৰ পিছত কল্যাণীয়ে চিত্ৰলাহৰী (২০১৯), মানাডু (২০২১), হৃদয়ম (২০২২), থাল্লুমালা (২০২২) আৰু ব্ৰ’ ডেডী (২০২২)কে ধৰি বহুকেইখন ছবিত অভিনয় কৰে। ইয়াৰে ভিতৰত ব্ৰ' ডেডী ছবিখনৰ বাবে তেওঁ "শ্ৰেষ্ঠ অভিনেত্ৰী – মালয়ালম বিভাগত সাইমা বঁটা" লাভ কৰে।[3][4]

প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল

[সম্পাদনা কৰক]

১৯৯৩ চনৰ ৫ এপ্ৰিলত চেন্নাই[5][6] ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা প্ৰিয়দৰ্শন আৰু অভিনেত্ৰী লিছীৰ গৃহত কল্যাণীয়ে মালয়ালী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।[7] মাক-দেউতাকৰ দুটা সন্তানৰ ভিতৰত তেওঁ ডাঙৰ আৰু সিদ্ধাৰ্থ নামৰ এজন সৰু ভাইটি আছে।[8] চেন্নাইৰ লেডী আন্দলত প্ৰাথমিক শিক্ষা সমাপ্ত কৰি পিছলৈ ছিংগাপুৰত অধ্যয়ন কৰাৰ লগতে তাৰ নাট্যগোট এটাতো কাম কৰিছিল।[9] নিউয়ৰ্কৰ পাৰ্চন্স স্কুল অৱ ডিজাইনৰ পৰা স্থাপত্যৰ শিক্ষা গ্ৰহণ কৰে।[10] কল্যাণীয়ে ভাৰতলৈ উভতি অহাৰ পিছত পণ্ডিচেৰীৰ আদিশক্তি থিয়েটাৰত অভিনয় কৰ্মশালাত অংশগ্ৰহণ কৰে।[11]

কৰ্মজীৱন

[সম্পাদনা কৰক]

আত্মপ্ৰকাশ আৰু আৰম্ভণিৰ কাম (২০১৭–২০২০)

[সম্পাদনা কৰক]

কল্যাণীয়ে ২০১৩ চনত হিন্দী ছবি কৃষ ৩ (২০১৩)ত ছাবু চাইৰিলৰ অধীনত সহকাৰী প্ৰডাকচন ডিজাইনাৰ হিচাপে চলচ্চিত্ৰ জীৱন আৰম্ভ কৰে। ২০১৬ চনত তেওঁ তামিল ছবি ইৰু মুগান (২০১৬)ত সহকাৰী কলা পৰিচালক হিচাপে কাম কৰিছিল।[1] কল্যাণীয়ে ২০১৭ চনৰ তেলেগু ছবি হেল্ল'ৰ জৰিয়তে, অখিল অক্কিনেনীৰ সৈতে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল।[12] ছবিখনে ইতিবাচক সঁহাৰি লাভ কৰিছিল যদিও বক্স অফিচত গড় হিচাপতকৈ কম উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হৈছিল।[13] দ্য হিন্দুৱে উল্লেখ কৰে যে, "ছবিখনত কল্যাণী প্ৰিয়দৰ্শনৰ অলপ দেৰিকৈ প্ৰৱেশ ঘটে যদিও ই অখিলৰ সৈতে ভাল ৰসায়নৰ পৰিপূৰক তথা এক প্ৰশংসনীয় আত্মপ্ৰকাশ।"[14]

২০১৯ চনত কল্যাণীৰ তিনিটাকৈ ছবি মুক্তি লাভ কৰিছিল। প্ৰথমে তেওঁ চিত্ৰলাহৰীত সাই ধৰ্ম তেজৰ বিপৰীতে অভিনয় কৰিছিল। ছবিখনে ইতিবাচক সমালোচনা লাভ কৰাৰ লগতে ব্যৱসায়িকভাৱেও সফল হয়।[15] ফাৰ্ষ্টপোষ্টে উল্লেখ কৰে, "কল্যাণী প্ৰিয়দৰ্শনে এগৰাকী নিৰীহ ছোৱালীৰ চৰিত্ৰত ভাল অভিনয় কৰিছে; অৱশ্যে সাই ধৰ্ম তেজৰ সৈতে তেওঁৰ ৰোমান্টিক ট্ৰেকটো অতিমাত্ৰা যেন লাগে।"[16] একে বছৰতে মুক্তিপ্ৰাপ্ত আন দুখন ছবি বক্স অফিচত বিফল হৈছিল। এখন শৰৱানন্দৰ বিপৰীতে অভিনীত ৰানাৰংগম আৰু আন এখন শিৱকাৰ্তিকেয়নৰ বিপৰীতে অভিনীত ছবি হিৰোহিৰো ছবিখনৰ মাধ্যমেৰে তেওঁ তামিল ছবিত অভিষেক ঘটায়।[17][18]

২০২০ চনত দুলকৰ চলমানৰ বিপৰীতে বৰানে অৱশ্যামুণ্ডত অভিনয়েৰে তেওঁ মালয়ালম ছবিজগততো অভিষেক ঘটায়।[19] দ্য নিউজ মিনিটত উল্লেখ কৰা হয় যে, "কল্যাণীয়ে খুব সুন্দৰকৈ যুৱতীগৰাকীৰ ভূমিকা পালন কৰে আৰু তেওঁ ছবিখনত মাক আৰু কন্যাৰ মাজৰ সম্পৰ্কটো অধিক গতানুগতিক কৰি তোলে।"[20] ইয়াৰ পিছত পুথম পুধু কালাইৰ এটা খণ্ডত উৰ্বশীৰ তৰুণী চৰিত্ৰত অভিনয় কৰিছিল।[21] ছবিখনৰ সন্দৰ্ভত এনডিটিভি ইণ্ডিয়াই লিখে, "কল্যাণী প্ৰিয়দৰ্শনে বৰ্তমান আৰু অতীতক এক নিৰৱচ্ছিন্ন প্ৰবাহত ধৰি ৰাখি ছবিখনত নিখুঁতভাৱে অভিনয় কৰিছে।"[22]

কৰ্মজীৱনত প্ৰগতি তথা সাফল্য (২০২১–বৰ্তমান)

[সম্পাদনা কৰক]

২০২১ চনৰ প্ৰথমখন ছবিত কল্যানীয়ে চিলাম্বৰাছনৰ বিপৰীতে তামিল ছবি মানাডুত অভিনয় কৰিছিল।[23] ছবিখনে সমালোচকৰ পৰা ইতিবাচক সমালোচনা লাভ কৰাৰ লগতে বক্স অফিচতো সফল হয়।[24] হিন্দুস্তান টাইমছে লিখে, "কল্যাণী প্ৰিয়দৰ্শন এগৰাকী দক্ষ অভিনেত্ৰী আৰু খুব সীমিত সময়ৰ ভিতৰতে পৰ্দাত জিলিকি উঠে।"[25] একে বছৰতে তেওঁৰ পৰৱৰ্তী ছবিখন আছিল প্ৰণৱ মোহনলালৰ বিপৰীতে অভিনীত মালয়ালম ছবি মাৰাক্কাৰ: লায়ন অৱ দ্য আৰৱিয়ান চী। ছবিখনে সমালোচকৰ পৰা নেতিবাচক সমালোচনা লাভ কৰিছিল আৰু বক্স অফিচতো বিফল হৈছিল।[26]

২০২২ চনত কল্যাণীৰ কেৰিয়াৰৰ এক টাৰ্নিং পইণ্ট আছিল। তেওঁৰ তিনিওখন ছবি সফল হৈছিল আৰু আটাইকেইখনে ইতিবাচক সমালোচনা লাভ কৰিছিল। তেওঁ প্ৰথমবাৰৰ বাবে প্ৰণৱ মোহনলালৰ বিপৰীতে হৃদয়মত অভিনয় কৰিছিল।[27] ছবিখনে সমালোচকৰ প্ৰশংসাও লাভ কৰে আৰু বক্স অফিচতো সফল হয়। চিনেমা এক্সপ্ৰেছে কয় যে কল্যাণীয়ে ছবিখনত উপযুক্তভাৱে অভিনয় কৰিছে আৰু হৃদয়ম তেওঁৰ বাবে "সুবৰ্ণ সুযোগ"। মনোৰমা অনলাইনে উল্লেখ কৰে যে, "নিত্যাৰ চৰিত্ৰত কল্যাণী খাপ খাইছে আৰু প্ৰণৱৰ সৈতে তেওঁৰ ৰসায়ন ছবিখনৰ অন্যতম উচ্চ বিন্দু।"[28][29] ইয়াৰ পিছত তেওঁ পৃথ্বীৰাজ সুকুমাৰনৰ বিপৰীতে ব্ৰ’ ডেডী ছবিত অভিনয় কৰে, যিখন ছবি পোনপটীয়াকৈ ডিজনী+ হটষ্টাৰত মুক্তি পাইছিল।[30] ইণ্ডিয়া টুডে কাকতখনে উল্লেখ কৰে, "এনাৰ চৰিত্ৰত কল্যাণী যেন এক প্ৰকাৰৰ বিস্ময়কৰ প্ৰকাশ। তেওঁ এগৰাকী স্বাভাৱিক অভিনেত্ৰী আৰু তেওঁৰ অভিব্যক্তি প্ৰতিটো পৰিস্থিতিৰ বাবে উপযুক্ত।"[31] বছৰৰ অন্তিমখন ছবি থাল্লুমালাত তেওঁ টভিনো থমাছৰ বিপৰীতে অভিনয় কৰিছিল। সমালোচকৰ পৰা ইতিবাচক সমালোচনা লাভ কৰাৰ লগতে এতিয়ালৈকে সৰ্বাধিক উপাৰ্জনকাৰী মালয়ালম ছবিসমূহৰ ভিতৰত অন্যতম হৈ পৰে।[32][33] দ্য উইকে উল্লেখ কৰে, "কল্যাণীৰ বিপাতু চৰিত্ৰটি হৈছে এটা শক্তিশালী চুৱেগী চৰিত্ৰ যিয়ে ছ'চিয়েল মিডিয়াত এক বিপুল পৰিমাণৰ ফ'ল'ৱাৰ থকা বুলি দাবী কৰে। পাতু কল্যাণীৰ হাতত নিৰাপদ।"[34]

২০২৩ চনত কল্যাণী অভিনীত দুটাকৈ ছবিয়ে মুক্তি লাভ কৰিছিল। প্ৰথমে তেওঁ চেছাম মাইক-ইল ফাতিমাত ফুটবল কমেণ্টেটৰ হোৱাৰ আকাংক্ষা থকা এগৰাকী মুছলমান মহিলাৰ চৰিত্ৰত অভিনয় কৰিছিল।[35] দ্য হিন্দুৱে উল্লেখ কৰে, "কল্যাণীয়ে তেওঁৰ পৰ্দাত উপস্থিতিৰে আন্তৰিকতাপূৰ্ণ অভিনয় কৰিছে। ফাতিমাৰ চৰিত্ৰত তেওঁ সূক্ষ্মভাৱে অভিনয় কৰিছে যদিও কিছুমান দৃশ্যৰ গধুৰ সংলাপৰ বাবে তেওঁক বোজাই কৰা যেন লাগে, যাৰ ফলত তেওঁ অভিনেত্ৰী হিচাপে বাধাগ্ৰস্ত হৈছে।"[36] ইয়াৰ পিছত মালায়ালম ছবি এণ্টনিত জ'জু জৰ্জৰ সৈতে এগৰাকী উগ্ৰ কলেজীয়া ছাত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছিল। দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছে কয়, "কল্যাণীয়ে প্ৰথমাৰ্ধত কিছুমান চমকপ্ৰদ যুঁজৰ দৃশ্য পায়। কিন্তু, শেষৰ ফালে তেওঁৰ চৰিত্ৰৰ একমাত্ৰিক চিত্ৰণে সহায় নকৰে আৰু ই সংযোগ হেৰুৱাই পেলায়।"[37][38]

২০২৪ চনৰ প্ৰথমখন ছবি বৰ্ষঙ্গলক্কু শেষমত কল্যাণীয়ে প্ৰণৱ মোহনলালৰ সৈতে পুনৰবাৰ অভিনয় কৰে।[39] হিন্দুস্তান টাইমছে উল্লেখ কৰিছিল যে কল্যাণীৰ কাম প্ৰায় নাছিলেই।[40] কল্যাণীৰ আগন্তুক তামিল ছবিখনৰ নাম জিনি[41]

সংবাদ মাধ্যমত

[সম্পাদনা কৰক]

কল্যাণীক সৰ্বাধিক পাৰিশ্ৰমিক পোৱা মালয়ালম অভিনেত্ৰীসকলৰ ভিতৰত বিবেচনা কৰা হয়। কল্যাণীয়ে তেওঁৰ প্ৰথমখন ছবি হেল্ল’ৰ বাবে সমালোচকৰ পৰা প্ৰচুৰ প্ৰশংসা লাভ কৰে। তেওঁ ছবিখনক তেওঁৰ কেৰিয়াৰৰ "শ্ৰেষ্ঠ ছবি" বুলি অভিহিত কৰে।[42] ১২৩তেলুগুৱে "হেল্ল" ছবিখনৰ বাবে তেওঁক ২০১৭ চনৰ "শীৰ্ষ অভিনেত্ৰীসকলৰ" তালিকাত স্থান দিছিল।[43] ৰেডিফ.কমৰ পৰা সুভাষ কে. ঝাই তেওঁৰ চলচ্চিত্ৰ জীৱনৰ বিষয়ে মতামত দিছিল: "কল্যাণী মালয়ালম ছবিজগতৰ এক উল্লেখযোগ্য নাম হৈ পৰিছে। ধুনীয়া আৰু অপৰিসীম মেধাৱী, তেওঁ নিজকে তেওঁৰ পিতৃ তথা ছবি পৰিচালক প্ৰিয়দৰ্শনৰ কন্যাতকৈ বহু বেছি বুলি প্ৰমাণ কৰিছে।"[44]

কল্যাণ জুৱেলাৰ্ছ আৰু আজিঅ’ৰ দৰে কেইবাটাও ব্ৰেণ্ডৰ তেওঁ বিশিষ্ট চেলিব্ৰিটি এণ্ডৰছাৰ।[45][46] তেওঁ "ৰিটজ" আৰু "ইউ এণ্ড আই"কে ধৰি বিভিন্ন আলোচনীৰ কভাৰ মডেল হিচাপে কাম কৰি আহিছে।[47][48] ২০২০ চনত কল্যাণীয়ে কোচি টাইমছৰ মষ্ট ডিজায়াৰেবল উইমেনৰ খিতাপ লাভ কৰে।[49] একে বছৰতে চেন্নাই টাইমছৰ মষ্ট ডিজায়াৰেবল উইমেনৰ তালিকাত ৮ম আৰু টাইমছ মষ্ট ডিজায়াৰেবল উইমেনৰ তালিকাত ৪১তম স্থান লাভ কৰে।[50][51]

চলচ্চিত্ৰপুঞ্জী

[সম্পাদনা কৰক]
টোকা
Films that have not yet been released

এতিয়াও মুক্তি লাভ কৰা নাই

বৰ্ষ শিৰোনাম ভূমিকা ভাষা টোকা তথ্য.
২০১৭ হেল্ল' প্ৰিয়া/জুন্নু তেলেগু [42]
২০১৯ চিত্ৰলাহৰী লাহৰী [52]
ৰণৰংগম গীতা [53]
হিৰো মীৰা তামিল [54]
২০২০ বৰানে অৱশ্যমুণ্ড নিকিতা "নিক্কি" মালায়ালম [55]
পুথাম পুধু কালাই যুৱতী লক্ষ্মী কৃষ্ণণ তামিল খণ্ড: "ইলামাই ইধো ইধো" [56]
২০২১ মানাডু সীতামহালক্ষ্মী [57]
মাৰাক্কাৰ: লায়ন অৱ দ্য আৰৱিয়ান চী আইশ্বা মালায়ালম [58]
২০২২ হৃদয়ম নিত্যা বালাগোপাল [59]
ব্ৰ' ডেডী এনা কুৰিয়ান [60]
থাল্লুমালা ফাতিমা বিৱী "বীপাতু" [61]
২০২৩ চেছাম মাইক-ইল ফাতিমা ফাতিমা নূৰজাহান "পাতু"। [62]
এণ্টনি এন্ মাৰিয়া [63]
২০২৪ বৰ্ষঙ্গলক্কু শেষম এন্নী [64]
জিনি Not yet released ঘোষণা হ’ব তামিল চিত্ৰগ্ৰহণ [65]
ওদুম কুথিৰা চাদুম কুথিৰা Not yet released ঘোষণা হ’ব মালয়ালম চিত্ৰগ্ৰহণ [66]

বঁটা আৰু মনোনয়ন

[সম্পাদনা কৰক]
বৰ্ষ পুৰস্কাৰ বিভাগ চলচ্চিত্ৰ ফলাফল তথ্য.
২০১৮ ফিল্মফেয়াৰ বঁটা দক্ষিণ শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী – দক্ষিণ হেল্ল' বিজয়ী [67]
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী – তেলেগু বিজয়ী [68]
জি তেলেগু অপ্সৰা বঁটা বৰ্ষশ্ৰেষ্ঠ নৱাগতা নায়িকা বিজয়ী [69]
2022 দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী – মালায়ালম বৰানে অৱশ্যমুণ্ড বিজয়ী [70]
২০২৩ শ্ৰেষ্ঠ অভিনেত্ৰী – মালয়ালম ব্ৰ' ডেডী বিজয়ী [71]
২০২৪ ফিল্মফেয়াৰ বঁটা দক্ষিণ শ্ৰেষ্ঠ অভিনেত্ৰী – মালয়ালম চেছাম মাইক-ইল ফাতিমা অমীমাংসিত [72]
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী – মালয়ালম [73]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 "Happy Birthday, Kalyani Priyadarshan: Interesting Facts About The Actress". The Times of India. 5 April 2022. Archived from the original on 24 April 2024. https://web.archive.org/web/20240424061646/https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/happy-birthday-kalyani-priyadarshan-interesting-facts-about-the-actress/etphotostory/90657649.cms। আহৰণ কৰা হৈছে: 4 September 2022. 
  2. Winners: 65th Jio Filmfare Awards (South) 2018 Archived 17 June 2018 at the Wayback Machine. Times of India (17 June 2018). Retrieved 14 August 2018.
  3. "I thought I belonged behind the camera: Kalyani Priyadarshan" (en ভাষাত). Mathrubhumi. 5 July 2018. Archived from the original on 27 June 2021. https://web.archive.org/web/20210627053727/https://english.mathrubhumi.com/movies-music/movie-news/i-thought-i-belonged-behind-the-camera-kalyani-priyadarshan-1.2945420। আহৰণ কৰা হৈছে: 22 November 2020. 
  4. "SIIMA AWARDS 2018 winners". South Indian International Movie Awards. Archived from the original on 24 September 2018. https://web.archive.org/web/20180924201426/http://siima.in/2018/winners.html. 
  5. ETimes. "Here's how Actress Kalyani Priyadarshan is celebrating her birthday month!". Times of India. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/heres-how-kalyani-priyadarshan-is-celebrating-her-birthday-month/articleshow/90984199.cms. 
  6. "Keerthy Suresh wishes birthday girl Kalyani Priyadarshan with some unseen throwback pictures". Zoom TV. 5 April 2021. https://www.zoomtventertainment.com/amp/tamil-cinema/article/pictures-inside-keerthy-suresh-wishes-birthday-girl-kalyani-priyadarshan-with-some-unseen-throwback-pictures/741272। আহৰণ কৰা হৈছে: 5 April 2022. 
  7. Subramani, A. (16 September 2016). "Film director Priyadarshan – actor Lissy divorce formalities complete". The Times of India. https://timesofindia.indiatimes.com/city/chennai/Film-director-Priyadarshan-actor-Lissy-divorce-formalities-complete/articleshow/54361266.cms. 
  8. "Priyadarshan's son and Kalyani's brother Siddharth gets married in Chennai; pics go viral". Pinkvilla. 4 February 2023. https://www.pinkvilla.com/entertainment/south/filmmaker-priyadarshans-son-and-kalyanis-brother-siddharth-gets-married-in-chennai-pics-go-viral-1208121?amp। আহৰণ কৰা হৈছে: 8 February 2023. 
  9. Lady Andal Venkatasubba Rao Matriculation Higher Secondary School - Official website Lady Andal Retrieved 29 September 2023
  10. "Design principles - Kalyani Priyadarshan". 9 April 2019. https://www.thehindu.com/entertainment/movies/kalyani-priyadarshan-waiting-her-second-telugu-film-chitralahari-discusses-how-her-education-in-architecture-helps-her-acting-career/article26779686.ece/amp/। আহৰণ কৰা হৈছে: 22 January 2023. 
  11. Nath, Dipanita (3 April 2022). "As Adishakti turns 40, remembering Veenapani Chawla who rescued theatre from the spoken word and gave the body full play". https://indianexpress.com/article/express-sunday-eye/adishakti-turns-40-remembering-veenapani-chawla-rescued-theatre-from-spoken-word-gave-the-body-full-play-7849606/। আহৰণ কৰা হৈছে: 16 January 2023. 
  12. "Kalyani Priyadarshan's debut movie with Akhil". The News Minute. http://www.thenewsminute.com/article/its-official-priyadarshan-and-lissys-daughter-kalyani-debut-akhil-akkineni-film-64912। আহৰণ কৰা হৈছে: 22 December 2017. 
  13. "Hello: Five reasons to watch Akhil Akkineni and Kalyani Priyadarshan starrer". Times of India. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/hello-review-five-reasons-to-watch-akhil-akkineni-starrer-hello-movie-review/articleshow/62196041.cms. 
  14. Srivathsan Nadadhur (22 December 2017). "Hello Movie Review: A race against time". https://www.thehindu.com/entertainment/movies/hello-review-a-race-against-time/article22228695.ece/amp/। আহৰণ কৰা হৈছে: 22 December 2018. 
  15. Dundoo, Sangeetha Devi (2019-04-09). "Design principles" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/movies/kalyani-priyadarshan-waiting-her-second-telugu-film-chitralahari-discusses-how-her-education-in-architecture-helps-her-acting-career/article26779686.ece. 
  16. "Chitralahari movie review: Even Sai Dharam Tej's sincere performance can't save this dull drama". Firstpost. 2019-04-12. https://www.firstpost.com/entertainment/chitralahari-movie-review-even-sai-dharam-tejs-sincere-performance-cant-save-this-dull-drama-6437941.html। আহৰণ কৰা হৈছে: 2020-09-11. 
  17. Dundoo, Sangeetha Devi. "Ranarangam review: A stylish battlefield". The Hindu. https://www.thehindu.com/entertainment/reviews/ranarangam-review-this-sudheer-varma-film-starring-sharwanand-is-gangster-drama-with-swag-and-little-else/article29100778.ece। আহৰণ কৰা হৈছে: 17 August 2019. 
  18. "Hero review: An-engaging-entertainer-for-families!!". Sify. 22 December 2019. https://www.sify.com/movies/hero-review-an-engaging-entertainer-for-families-review-tamil-tmujazajhjacc.html। আহৰণ কৰা হৈছে: 12 January 2020. 
  19. "Varane Avashyamund: Five reasons why you should not miss Suresh Gopi, Shobana, Kalyani Priyadarshan and Dulquer Salmaan-starrer" (en ভাষাত). The Times of India. 2020-02-06. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/varane-avashyamund-five-reasons-why-you-should-not-miss-suresh-gopi-shobana-kalyani-priyadarshan-and-dulquer-salmaan-starrer/photostory/73984796.cms। আহৰণ কৰা হৈছে: 2021-07-17. 
  20. "Varane Avashyamund movie review: This multistarrer is pleasant but shallow". The News Minute. https://www.thenewsminute.com/amp/story/flix/varane-avashyamund-review-multistarrer-pleasant-shallow-118189. 
  21. "'Putham Pudhu Kaalai': Amazon Prime Video announces anthology of five Tamil short films". The New Indian Express. 30 September 2020. https://www.newindianexpress.com/entertainment/tamil/2020/sep/30/putham-pudhu-kaalai-amazon-prime-video-announces-anthology-of-five-tamil-short-films-2203973.html। আহৰণ কৰা হৈছে: 5 October 2020. 
  22. "Putham Pudhu Kaalai Review: Amazon Prime's Tamil Anthology Is Easy On The Mind And Eye". NDTV.com. https://www.ndtv.com/entertainment/putham-pudhu-kaalai-review-amazon-primes-tamil-anthology-is-easy-on-the-mind-and-eye-2-5-stars-out-of-5-2310917। আহৰণ কৰা হৈছে: 2021-02-06. 
  23. Rajendran, Sowmya (29 December 2021). "Jai Bhim to Maanaadu: Best Tamil cinema of 2021". The News Minute. https://www.thenewsminute.com/article/jai-bhim-maanaadu-best-tamil-cinema-2021-159279। আহৰণ কৰা হৈছে: 1 March 2022. 
  24. "'Maanaadu' Box Office Day 1: Silambarasan starrer mints approx Rs 8 crore in TN". The Times of India. 26 November 2021. https://timesofindia.indiatimes.com/entertainment/tamil/movies/news/maanaadu-box-office-day-1-silambarasan-starrer-mints-approx-rs-7-crore-in-tn/articleshow/87928009.cms. 
  25. Pudipeddi, Haricharan (25 November 2021). "Maanaadu movie review: Silambarasan TR's film is highly enjoyable, accessible time-loop thriller". Hindustan Times. https://www.hindustantimes.com/entertainment/tamil-cinema/maanaadu-movie-review-silambarasan-tr-s-film-is-highly-enjoyable-accessible-time-loop-thriller-101637840096414.html। আহৰণ কৰা হৈছে: 25 November 2021. 
  26. "Kalyani Priyadarshan looks regal in these pictures from 'Marakkar – Arabikkadalinte Simham'". The Times of India. 13 March 2020. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/kalyani-priyadarshan-looks-regal-in-these-pictures-from-marakkar-arabikkadalinte-simham/articleshow/74615679.cms. 
  27. "Pranav and Kalyani teaming up for Vineeth Sreenivasan's 'Hridayam' excites Mohanlal-Priyadarshan-Sreenivasan fans". The Times of India. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/pranav-and-kalyani-teaming-up-for-vineeth-sreenivasans-hridayam-excites-mohanlal-priyadarshan-sreenivasan-fans/articleshow/72346145.cms. 
  28. Shrijith, Sajin (21 January 2022). "Hridayam Movie Review: Vineeth Sreenivasan delivers two feel-good films for the price of one". Cinema Express. https://www.cinemaexpress.com/malayalam/review/2022/jan/21/hridayam-movie-reviewvineeth-sreenivasan-delivers-two-feel-good-films-for-the-price-of-one-29166.html. 
  29. Tony (21 January 2022). "'Hridayam' movie review: Youthful charm, romance make it a memorable watch". Manorama Online. https://www.onmanorama.com/entertainment/movie-reviews/2022/01/21/hridayam-movie-review-vineeth-sreenivasan-pranav-mohanlal.html. 
  30. Express News Service (8 September 2021). "Prithviraj completes second directorial 'Bro Daddy'". The New Indian Express. https://www.newindianexpress.com/entertainment/malayalam/2021/sep/08/prithviraj-completessecond-directorialbro-daddy-2355636.html. 
  31. K., Janani (26 January 2022). "Bro Daddy Movie Review: Mohanlal, Prithviraj's fun family drama is not Badhaai Ho, but better". India Today. https://www.indiatoday.in/movies/regional-cinema/story/bro-daddy-movie-review-mohanlal-prithviraj-fun-family-drama-is-full-of-life-1904564-2022-01-26. 
  32. "Tovino Thomas-Khalid Rahman's film Thallumaala completed". Cinema Express. 12 April 2022. https://www.cinemaexpress.com/malayalam/news/2022/apr/12/tovino-thomas-khalid-rahmans-film-thallumaala-completed-30851.html। আহৰণ কৰা হৈছে: 11 August 2022. 
  33. "Tovino Thomas' biggest hit turns out to be Thallumaala" (en ভাষাত). 17 August 2022. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/tovino-thomas-biggest-hit-turns-out-to-be-thallumaala/articleshow/93607654.cms. 
  34. "'Thallumaala' review: Tovino Thomas, Kalyani Priyadarshan shine in this full-on entertainer". The Week. https://www.theweek.in/review/movies/2022/08/12/thallumaala-review-tovino-thomas-kalyani-priyadarshan-shine-full-on-entertainer.html। আহৰণ কৰা হৈছে: 13 August 2022. 
  35. "Sesham Mike-il Fathima teaser: Kalyani Priyadarshan promises a fresh, colorful and fun film". Indian Express. 27 August 2023. https://indianexpress.com/article/entertainment/malayalam/sesham-mike-il-fathima-teaser-kalyani-priyadarshan-promises-a-fresh-colorful-and-fun-film-8911371/lite/। আহৰণ কৰা হৈছে: 20 September 2023. 
  36. M, Athira (18 November 2023). "'Sesham Mike-il Fathima' movie review: Kalyani Priyadarshan shines in this feel-good entertainer" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/movies/kalyani-priyadarshan-shines-in-sesham-mike-il-fathima-directed-by-debutant-manu-c-kumar/article67546706.ece. 
  37. "Kalyani Priyadarshan gets a fresh haircut for her next film Antony". The Times of India. 5 May 2023. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/kalyani-priyadarshan-gets-a-fresh-haircut-for-her-next-antony/articleshow/100012464.cms. 
  38. Shrijith, Sajin (2 December 2023). "'Antony' movie review: Overfamiliarity breeds fatigue". The New Indian Express. https://www.newindianexpress.com/entertainment/review/2023/dec/02/antony-movie-review-overfamiliarity-breeds-fatigue-2637870.html। আহৰণ কৰা হৈছে: 2 December 2023. 
  39. "Vineeth Sreenivasan brings together an ensemble cast for his next". The Hindu. Archived from the original on 13 July 2023. https://web.archive.org/web/20230713141855/https://www.thehindu.com/entertainment/movies/varshangalkku-shesham-vineeth-sreenivasan-brings-together-an-ensemble-cast-for-his-next/article67075968.ece। আহৰণ কৰা হৈছে: 10 December 2023. 
  40. "Varshangalkku Shesham Review: Vineeth Sreenivasan's tale of friendship is earnest but melodramatic" (en ভাষাত). Hindustan Times. 2024-04-12. https://www.hindustantimes.com/entertainment/others/varshangalkku-shesham-review-vineeth-sreenivasan-s-tale-of-friendship-is-earnest-but-melodramatic-101712930244899.html। আহৰণ কৰা হৈছে: 2024-04-14. 
  41. "Jayam Ravi's next titled Genie: Krithi Shetty, Kalyani Priyadarshan, and Wamiqa Gabbi roped in for the project". The Indian Express. https://indianexpress.com/article/entertainment/tamil/jayam-ravis-next-titled-genie-krithi-shetty-kalyani-priyadarshan-and-wamiqa-gabbi-roped-in-for-the-project-8761674/. 
  42. 42.0 42.1 "Kalyani Priyadarshan on why Hello is the best film that has happened to her career". Firstpost. https://www.firstpost.com/entertainment/kalyani-priyadarshan-on-why-hello-is-the-best-film-that-has-happened-to-her-career-4291265.html/amp. 
  43. "2017 Recap: New talented actresses of the year" (en ভাষাত). 123telugu. 30 December 2017. https://timesofindia.indiatimes.com/city/hyderabad/hyderabad-times-most-desirable-women-2017-take-a-bow-hotties/articleshow/63287457.cms. 
  44. "The biggest joy of Priyadarshan's life". Rediff.com. https://m.rediff.com/movies/report/the-biggest-joy-of-priyadarshans-life/20240130.htm. 
  45. "Manju Warrier to Akkineni Nagarjuna: Kalyan jewellers sparkles with myriad regional stars". The New Indian Express. https://www.newindianexpress.com/business/2019/nov/03/manju-warrier-to-akkineni-nagarjuna-kalyan-jewellers-sparkles-with-myriad-regional-stars-2056301.html. 
  46. "On the campaign trail:Online fashion portal AJIO rings in Onam with a musical ode". The Hindu Business Line. https://www.thehindubusinessline.com/catalyst/on-the-campaign-trail-online-fashion-portal-ajio-rings-in-onam-with-a-musical-ode/article65801313.ece/amp/. 
  47. "Sugar & Spice: Kalyani Priyadarshan". Ritz Magazine. https://www.ritzmagazine.in/sugar-spice-kalyani-priyadarshan/. 
  48. "I thought I belonged behind the camera: Kalyani Priyadarshan". You & I. https://www.youandi.com/i-thought-i-belonged-behind-camera-kalyani-priyadarshan/. 
  49. Soman, Deepa. "Meet Kochi Times Most Desirable Woman 2020: Kalyani Priyadarshan" (en ভাষাত). https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/kochi-times-most-desirable-woman-2020-kalyani-priyadarshan/articleshow/83145295.cms. 
  50. "Check Out The List of Chennai Times 30 Most Desirable Women 2020" (en ভাষাত). https://timesofindia.indiatimes.com/entertainment/tamil/movies/news/chennai-times-30-most-desirable-women-2020/articleshow/83147467.cms. 
  51. "Times Most Desirable Woman of 2020: Rhea Chakraborty – Living through a trial by fire, gracefully" (en ভাষাত). https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/the-times-most-desirable-woman-of-2020-rhea-chakraborty-living-through-a-trial-by-fire-gracefully/articleshow/83312150.cms. 
  52. "Kalyani Priyadarshan and Nivetha Pethuraj to star in Sai Dharam Tej's 'Chitralahari'". The News Minute. 22 November 2018. https://www.thenewsminute.com/article/kalyani-priyadarshan-and-nivetha-pethuraj-star-sai-dharam-tej-s-chitralahari-92051। আহৰণ কৰা হৈছে: 18 May 2019. 
  53. R., Manoj Kumar (14 August 2019). "Ranarangam actor Kalyani Priyadarshan: I love gangster movies". The Indian Express. https://indianexpress.com/article/entertainment/telugu/kalyani-priyadarshan-ranarangam-gangster-movies-working-with-father-priyadarshan-5901398/. 
  54. "Hero actress Kalyani Priyadarshan is all praise for co-star Sivakarthikeyan". The Times of India. https://timesofindia.indiatimes.com/entertainment/tamil/movies/news/hero-actress-kalyani-priyadarshan-is-all-praise-for-sivakarthikeyan/articleshow/72966608.cms. 
  55. Sanjith Sidhardhan (1 September 2019). "Anoop Sathyan ropes in Dulquer and Kalyani for a family-drama". The Times of India. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/anoop-sathyan-ropes-in-dulquer-and-kalyani-for-a-family-drama/articleshow/70922736.cms. 
  56. "Kalyani Priyadarshan talks about Putham Pudhu Kaalai". Only Kollywood. 15 October 2020. https://www.onlykollywood.com/kalyani-priyadarshan-talks-about-putham-pudhu-kaalai/। আহৰণ কৰা হৈছে: 15 November 2020. 
  57. "Kalyani Priyadarshan to be seen opposite Simbu in 'Maanaadu'". The News Minute. 31 March 2019. https://www.thenewsminute.com/article/kalyani-priyadarshan-be-seen-opposite-simbu-maanaadu-99242। আহৰণ কৰা হৈছে: 21 November 2020. 
  58. Sidhardhan, Sanjith (25 September 2018). "Kalyani Priyadarshan and Keerthy Suresh join Mohanlal's Marakkar". The Times of India. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/kalyani-priyadarshan-and-keerthy-suresh-join-marakkar/articleshow/65947798.cms. 
  59. Sidhardhan, Sanjith (14 February 2021). "Pranav Mohanlal and Kalyani Priyadarshan wrap up their portions of Hridayam in Chennai". The Times of India. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/pranav-mohanlal-and-kalyani-priyadarshan-wrap-up-their-portions-of-hridayam-in-chennai/articleshow/80906562.cms. 
  60. Palisetty, Ramya (18 June 2021). "Prithviraj Sukumaran announces his second directorial Bro Daddy with Mohanlal". India Today. https://www.indiatoday.in/movies/regional-cinema/story/prithviraj-sukumaran-announces-his-second-directorial-bro-daddy-with-mohanlal-1816663-2021-06-18. 
  61. Service, Express News (14 October 2021). "Tovino and Kalyani to share screen in 'Thallumaala'". The New Indian Express. https://www.newindianexpress.com/entertainment/malayalam/2021/sep/14/tovino-kalyani-to-share-screen-in-thallumaala-2358258.html. 
  62. "Kalyani Priyadarshan's film Sesham Mikeil Fathima commences filming". The New Indian Express. 16 September 2022. https://www.newindianexpress.com/entertainment/malayalam/2022/sep/15/kalyani-priyadarshans-sesham-mikeil-fathima-commences-filming-2498562.html। আহৰণ কৰা হৈছে: 17 September 2022. 
  63. "Filming of Joju George, Kalyani Priyadarshan's Antony wraps up". Cinema Express. 4 August 2023. https://m.cinemaexpress.com/malayalam/news/2023/aug/27/filming-of-joju-george-kalyani-priyadarshans-antony-wraps-up-47020.amp। আহৰণ কৰা হৈছে: 14 September 2023. 
  64. "First schedule of Varshangalkku Shesham completed". The New Indian Express. 21 November 2023. https://www.newindianexpress.com/amp/story/entertainment/malayalam/2023/nov/21/first-schedule-of-varshangalkku-shesham-completed-2634683.html। আহৰণ কৰা হৈছে: 27 November 2023. 
  65. "Kalyani Priyadarshan is excited about being part of 'Genie'". The Times of India. 6 July 2023. https://timesofindia.indiatimes.com/entertainment/tamil/movies/news/kalyani-priyadarshan-excited-about-being-part-of-genie/articleshow/101537388.cms?from=mdr। আহৰণ কৰা হৈছে: 22 September 2023. 
  66. "Fahadh Faasil and Kalyani Priyadarshan’s ‘Odum Kuthira Chadum Kuthira’ goes on floors". The Hindu. 29 April 2024. https://www.thehindu.com/entertainment/movies/fahadh-faasil-and-kalyani-priyadarshans-odum-kuthira-chadum-kuthira-goes-on-floors/article68120470.ece/amp/। আহৰণ কৰা হৈছে: 28 May 2024. 
  67. "Winners: 65th Jio Filmfare Awards (South) 2018". The Times of India. 17 June 2018. https://timesofindia.indiatimes.com/entertainment/tamil/movies/news/winners-65th-jio-filmfare-awards-south-2018/articleshow/64617904.cms। আহৰণ কৰা হৈছে: 18 November 2019. 
  68. "SIIMA 2018 Tamil and Malayalam Awards: Sivakartikeyan, Nivin Pauly, R Madhavan, Hansika Motwani win big". Hindustan Times. 15 September 2018. https://www.hindustantimes.com/regional-movies/siima-2018-sivakartikeyan-nivin-pauly-r-madhavan-hansika-motwani-win-big-on-day-1/story-QEaUgz81IrHcCSUt3gXcEJ.html। আহৰণ কৰা হৈছে: 19 January 2020. 
  69. "At Zee Telugu Apsara Awards 2018, Kajal Aggarwal and Tamannaah win honours". Hindustan Times. 2018-04-09. https://www.hindustantimes.com/regional-movies/at-zee-telugu-apsara-awards-2018-kajal-aggarwal-and-tamannaah-win-honours/story-KijVPXjDwUTt4dTmuPVNmK_amp.html. 
  70. "SIIMA 2022: Kangana Ranaut, Arya, Tovino Thomas, Aishwarya Lekshmi win top acting honours". Daily News and Analysis. 12 September 2022. https://www.dnaindia.com/entertainment/photo-gallery-siima-2022-kangana-ranaut-arya-tovino-thomas-aishwarya-lekshmi-win-top-acting-honours-2984472/arya-2984474. 
  71. "SIIMA 2023 winners: Ponniyin Selvan I, Nna Thaan Case Kodu, R Madhavan, Trisha, Tovino Thomas and Kalyani Priyadarshan win big". Hindustan Times. https://indianexpress.com/article/entertainment/malayalam/siima-awards-2023-day-2-r-madhavan-takes-home-award-for-best-debutant-director-kamal-haasan-best-actor-mani-ratnams-ponniyin-selvan-shines-8943416/lite/. 
  72. "Nominations for the 68th Filmfare Awards (Malayalam) 2024". Filmfare. 16 July 2024. https://www.filmfare.com/news/bollywood/nominations-for-filmfare-awards-malayalam-2024-are-out-67263.amp। আহৰণ কৰা হৈছে: 17 July 2024. 
  73. "SIIMA 2024: 'Dasara', 'Jailer', 'Kantara', '2018' lead the nominations - Check out the details inside". Outlook India. 17 July 2024. https://www.outlookindia.com/amp/story/art-entertainment/south-cinema/siima-2024-dasara-jailer-2018-lead-the-nominations-check-out-the-details-inside। আহৰণ কৰা হৈছে: 17 July 2024. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]