হেনৰিক ইবছেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হেনৰিক ইবচেন

বৃটিছ আলোচনী ভেনিটী ফেয়াৰত প্ৰকাশিত ইবচেনৰ কেৰিকেচাৰ, ১৯০১
জন্ম ২০ মাৰ্চ, ১৮২৮
চ্চিয়েন, টেলিমাৰ্ক, নৰৱে
মৃত্যু ২৩ মে', ১৯০৬ (৭৮ বছৰ)
ক্ৰিষ্টিনিয়া, নৰৱে
পেচা লেখক, নাট্যকাৰ
উল্লেখযোগ্য কৰ্ম পীয়েৰ জিণ্ট (১৮৬৭)
এ ডলচ্ হাউচ (১৮৭৯)
ঘোষ্ট (১৮৮১)
এন এনিমি অফ দ্য পিপ’ল (১৮৮২)
দ্য ৱাইল্ড ডাক (১৮৮৪)
দাম্পত্যসঙ্গী চুজান্না থৰচেন (বি.১৮৫৮)
সন্তান চিগাৰ্ড ইবচেন
স্বাক্ষৰ

হেনৰিক জোহান ইবছেন (/ˈɪbsən/; নৰৱেজিয়ান: [ˈhɛ̀nrɪk ˈɪ̀psn̩]; ২০ মাৰ্চ ১৮২৮- ২৩ মে' ১৯০৬) এজন নৰৱেদেশীয় নাট্যকাৰ আৰু নাট পৰিচালক আছিল। নাটকত আধুনিকতাবাদৰ অন্যতম প্ৰতিষ্ঠাতা ইবছেনক ''বাস্তৱবাদৰ পিতৃ'' তথা তেওঁৰ সময়ৰ সকলোতকৈ প্ৰভাৱশালী নাট্যকাৰ হিচাপে উল্লেখ কৰা হয়।[1] তেওঁৰ মূল মূল সৃষ্টিৰাজি হ'ল- ব্ৰেণ্ড, পীয়েৰ জিণ্ট, এম্পেৰৰ এণ্ড গেলিলিয়ান, এ ডলচ্ হাউচ, হেড্ডা গেবলাৰ, ঘোষ্ট, দ্য ৱাইল্ড ডাক, হোৱেন উই ডেড এৱেকেন, ৰচমেৰ্চহল্ম আৰু মাষ্টাৰ বিল্ডাৰউইলিয়াম শ্বেইকছপীয়েৰৰ পিছতে তেওঁৰ নাট বিশ্বত সৰ্বাধিক মঞ্চস্থ হৈছে,[2][3] আৰু ২০০৬ চনত তেওঁৰ এ ডলচ্ হাউচখন বিশ্বৰ সৰ্বাধিক মঞ্চস্থ হোৱা নাটকৰ খ্যাতি লাভ কৰিছে।.

ইবছেনৰ আৰম্ভণিৰ কাব্য নাট পীয়েৰ জিণ্টপৰাবাস্তৱবাদৰ গভীৰ প্ৰভাৱ দেখা য়ায়।[4] পীয়েৰ জিণ্টৰ পিছত ইবছেনে ছন্দ ত্যাগ কৰি বাস্তৱবাদী গদ্যত লিখিব লৈছিল। পিছৰ পৰ্যায়ত ৰচনা কৰা তেওঁৰ কেইবাখনো নাটক তেওঁৰ যুগৰ বহুতে কলঙ্কজনক বুলি গণ্য কৰিছিল, যেতিয়া ইউৰোপীয় থিয়েটাৰে পাৰিবাৰিক জীৱন আৰু ঔচিত্যৰ কঠোৰ নৈতিকতাৰ আৰ্হি প্ৰস্তুত কৰিব বুলি আশা কৰা হৈছিল। ইবছেনৰ পিছৰ কৰ্মই মুখাৰ আঁৰৰ বাস্তৱতাবোৰ পৰীক্ষা কৰিছিল আৰু তেওঁৰ সমসাময়িক কেইবাজনো লোকৰ বাবে বহুতো উদ্বেগজনক কথা প্ৰকাশ কৰিছিল। তেওঁৰ এক সমালোচনামূলক দৃষ্টিভংগী আছিল আৰু জীৱনৰ পৰিস্থিতি আৰু নৈতিকতাৰ বিষয়বোৰৰ সম্পৰ্কত মুকলিমূৰীয়া অনুসন্ধান চলাইছিল। বহুতো সমালোচকে ভাবে কৰে যে দ্য ৱাইল্ড ডাক আৰু ৰচমেৰ্চহল্ম নাটক দুখনে "ইবচেনৰ কৰ্মৰাজিৰ ভিতৰত শীৰ্ষ স্থান লাভৰ বাবে ইখনে সিখনৰ সৈতে প্ৰতিদ্বন্দিতা কৰি আছে";[5] ইবছেনে নিজেই এম্পেৰৰ এণ্ড গেলিলিয়ানক তেওঁৰ উৎকৃষ্ট কৃতি বুলি গণ্য কৰিছিল।[6]

ইবছেনক প্ৰায়ে ইউৰোপীয় পৰম্পৰাৰ অন্যতম বিশিষ্ট নাট্যকাৰ হিচাপে স্থান দিয়া হয়[7] আৰু তেওঁক ঊনবিংশ শতিকাৰ শ্ৰেষ্ঠ নাট্যকাৰ হিচাপে গণ্য কৰা হয়।[8] তেওঁ অন্যান্য নাট্যকাৰ আৰু ঔপন্যাসিক যেনে জৰ্জ বাৰ্ণাৰ্ড শ্ব, অস্কাৰ ৱাইল্ড, আৰ্থাৰ মিলাৰ, মাৰ্গুৰাইট য়ুৰচেনাৰ, জেমছ জয়েছ, ইউজিন অ'নিল, মিৰোস্লাভ কৰ্লেজা আদিক প্ৰভাৱিত কৰিছিল। ১৯০২, ১৯০৩ আৰু ১৯০৪ চনত ইবচেনক সাহিত্যৰ নবেল বঁটাৰ বাবে মনোনীত কৰা হৈছিল।[9] ইবছেনে ডেনিছ ভাষাত তেওঁৰ নাটক লিখিছিল। ডেনিছ তেওঁৰ জীৱনকালত ডেনমাৰ্ক আৰু নৰৱেৰ সাধাৰণ লিখিত ভাষা আছিল।[10] নাটকবোৰ ডেনিছ প্ৰকাশক প্ৰতিষ্ঠান গিলডেনডেলে প্ৰকাশ কৰিছিল। তেওঁৰ বেছিভাগ নাটক নৰৱেৰ পটভূমিত ৰচিত আৰু প্ৰায়ে তেওঁ ডাঙৰ-দীঘল হোৱা বন্দৰ চহৰ চ্চিয়েনৰ কথা মনত পেলাই দিয়ে যদিও ইবছেনে ইটালী আৰু জাৰ্মানীত ২৭ বছৰ বাস কৰিছিল আৰু তেওঁৰ আটাইতকৈ উৎপাদনশীল সময়খিনিত কাচিৎহে নৰৱে ভ্ৰমণ কৰিছিল। ইবছেনৰ নাটকবোৰত চ্চিয়েনৰ তেওঁৰ নিজৰ ব্যৱসায়িক অভিজাত পৃষ্ঠভূমিৰ চাপ পৰিছিল আৰু তেওঁ প্ৰায়ে পৰিয়ালৰ সদস্যসকলৰ নামেৰে নাটকৰ চৰিত্ৰবোৰৰ আৰ্হি প্ৰস্তুত কৰিছিল বা নামকৰণ কৰিছিল। তেওঁৰ নাটকসমূহে সমসাময়িক সংস্কৃতিৰ ওপৰত শক্তিশালী প্ৰভাৱ পেলাইছিল। তেওঁ নৰৱেৰ প্ৰধানমন্ত্ৰী চিগাৰ্ড ইবছেনৰ পিতৃ আছিল।

টোকা[সম্পাদনা কৰক]

তথ্যউৎস[সম্পাদনা কৰক]

  1. On Ibsen's role as "father of modern drama", see "Ibsen Celebration to Spotlight 'Father of Modern Drama'". Bowdoin College. 23 January 2007. Archived from the original on 12 December 2013. https://web.archive.org/web/20131212001849/http://www.bowdoin.edu/news/events/archives/003725.shtml। আহৰণ কৰা হৈছে: 27 March 2007. 
  2. "shakespearetheatre.org". Archived from the original on 14 February 2019. https://web.archive.org/web/20190214204210/http://www.shakespearetheatre.org/_pdf/first_folio/folio_enemy_about.pdf। আহৰণ কৰা হৈছে: 25 January 2013. 
  3. "Henrik Ibsen – book launch to commemorate the 'Father of Modern Drama'". Archived from the original on 19 September 2016. https://web.archive.org/web/20160919081112/http://www.norway.lk/ARKIV/Old_web/ibsen/Ibsen_events_in_Sri_Lanka/Ibsen_launching/। আহৰণ কৰা হৈছে: 25 January 2013. 
  4. Klaus Van Den Berg, "Peer Gynt" (review), Theatre Journal 58.4 (2006) 684–687
  5. McFarlane, James (1999). "Introduction". In: Ibsen, Henrik, An Enemy of the People; The Wild Duck; Rosmersholm. Oxford World Classics. Oxford, England: Oxford University Press. p. ix. আই.এচ.বি.এন. 0192839438, আই.এচ.বি.এন. 9780192839435.
  6. Peter Normann Waage (1986). "Henrik Ibsen og Keiser Julian". Libra.
  7. Byatt, AS (15 December 2006). "The age of becoming". The Guardian (London). https://www.theguardian.com/books/2006/dec/16/stage.asbyatt. 
  8. Byatt, AS (15 December 2006). "The age of becoming". The Guardian (London). https://www.theguardian.com/books/2006/dec/16/stage.asbyatt. 
  9. "Nomination Archive". NobelPrize.org. https://www.nobelprize.org/. 
  10. Danish language was the written language of both Denmark and Norway at the time, although it was referred to as Norwegian in Norway and occasionally included some minor differences from the language used in Denmark. Ibsen occasionally used some Norwegianisms in his early work, but he wrote his later works in a more standardised Danish, as his plays were published by a Danish publisher and marketed to both Norwegian and Danish audiences in the original Danish. Cf. Haugen, Einar (1979). "The Nuances of Norwegian". Ibsen's Drama: Author to Audience. প্ৰকাশক Minneapolis: University of Minnesota. পৃষ্ঠা. 99. ISBN 978-0-8166-0896-6. https://archive.org/details/ibsensdramaautho0000haug. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]