হোৱাংহো নদী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
স্থানাংক: 37°46′48″N 119°15′00″E / 37.78°N 119.25°E / 37.78; 119.25
হোৱাংহো নদী‎ (黄河)
The Yellow River at the Hukou Falls.
দেশ চীন
প্ৰদেশসমূহ Qinghai, Sichuan, Gansu, Ningxia, Inner Mongolia, Shaanxi, Shanxi, Henan, Shandong
উপনৈ
 - বাঁওদিশত Fen River (and many smaller rivers)
 - সোঁদিশত Tao River, Wei River (and many smaller rivers)
উৎস Bayan Har Mountains
 - অৱস্থান Yushu Prefecture, Qinghai
 - উচ্চতা 4,800 m (15,748 ft)
 - স্থানাঙ্ক 34°29′31″N 96°20′25″E / 34.49194°N 96.34028°E / 34.49194; 96.34028
মোহনা Bohai Sea
 - অৱস্থান Kenli County, Shandong
 - উচ্চতা 0 m (0 ft)
 - স্থানাঙ্ক 37°46′48″N 119°15′00″E / 37.78°N 119.25°E / 37.78; 119.25
দৈৰ্ঘ্য 5,464 কিমি (3,395 মাইল)
অৱবাহিকা 7,52,000 বৰ্গকিলোমিটাৰ (2,90,349 বৰ্গমাইল)
প্ৰবাহ
 - গড় 2,571 মিটাৰ/ছে (90,794 ফুট/ছে)
Map of the Yellow River in northeastern China
হোৱাংহো নদী
MotherHuanghe2.jpg
The "Mother River" monument in Lanzhou
Chinese name
পৰম্পৰাগত চীনা
সৰলীকৃত চীনা
Tibetan name
Tibetan རྨ་ཆུ།
Mongolian name
Mongolian Хатан гол
Ȟatan Gol
Шар мөрөн
Šar Mörön

হোৱাংহো নদী বা হালধীয়া নৈ (ইংৰাজী: Huang He / Yellow River) এছিয়াৰ ভিতৰতে য়াংজে (Yangtze) আৰু য়েনিছেই (Yenisei) নদীৰ পিছত তৃতীয়খন সৰ্বোচ্চ দৈৰ্ঘ্যৰ নৈ। বিশ্বৰ ভিতৰত দৈৰ্ঘ্যৰ ফালৰ পৰা এই নৈৰ স্থান ষষ্ঠ। এই নৈৰ দৈৰ্ঘ্য প্ৰায় 5,464 km (3 মাইল)৷[1] এই নৈ পশ্চিম চীনৰ 'Qinghai' অঞ্চলৰ 'বায়ান হাৰ পৰ্বতমালা' (Bayan Har Mountains) ত উৎপত্তি হৈ নখন প্ৰদেশৰ মাজেৰে বৈ গৈ শ্বেনডং প্ৰদেশ (Shandong province)-ৰ ডনজিং (Dongying) মহানগৰৰ ওচৰেদি বহাই সাগৰ (Bohai Sea)-ত পৰিছেগৈ৷ এই নৈৰ উপত্যকা পূবা-পশ্চিমাকৈ প্ৰায় 1,900 kilometers (1 মাইল) আৰু উত্তৰা-দক্ষিণাকৈ 1,100 km (680 মাইল) জুৰি বিস্তৃত হৈ আছে। এই উপত্যকাৰ মুঠ মাটিকালি প্ৰায় 7,42,443 বৰ্গ কি.মি.s (7.42443 বৰ্গ মিটাৰ)।


হোৱাংহো নদীক চীন সভ্যতাৰ মূল হোতা (the cradle of Chinese civilization) বুলি আখ্যা দিয়া হয়, কাৰণ এই নৈৰ উপত্যকাতেই পোনপপ্ৰথমে চীনা সভ্যতা গঢ় লৈ উঠিছিল৷ তাৰোপৰি চীনৰ ইতিহাসত এই উপত্যকাই আটাইতকৈ সম্ভাৱনাপূৰ্ণ অঞ্চল হৈ পৰিছিল৷ অৱশ্যে ঘনাই হোৱা ধ্বংসমুখী বান আৰু নৈৰ গতিপথৰ পৰিৱৰ্তনে উপত্যকাৰ বহুতো অঞ্চল ক্ষতিগ্ৰস্ত কৰে৷ এই কাৰণতে হোৱাংহো নদীক 'চীনৰ দুখ' (China's Sorrow আৰু Scourge of the Sons of Han) বুলিও বহুসময়ত আখ্যা দিয়া হয়৷[2]

ভৌগোলিক বিৱৰণ[সম্পাদনা কৰক]

হোৱাংহো নদী বৰ্তমানৰ সাতখন প্ৰদেশ আৰু দুখন স্বায়ত্বশাসিত অঞ্চলৰ মাজেদি বৈ গৈছে৷ এই নৈক মূলতঃ তিনিটা ভাগত ভগোৱা হয়- তীব্বতৰ উত্তৰ-পূব অংশ, অৰ্ডছ লুপ (Ordos Loop) আৰু উত্তৰ চীন সমতল ( North China Plain)৷ অৱশ্যে এই শ্ৰেণীবিভাজন সম্পৰ্কে গৱেষক আৰু বিজ্ঞানীসকলৰ মতপাৰ্থক্য দেখা পোৱা যায়৷[উদ্ধৃতিৰ প্ৰয়োজন]

আলোকচিত্ৰৰ ভঁৰাল[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Yellow River (Huang He) Delta, China, Asia. Geol.lsu.edu (2000-02-28). Retrieved on 2013-02-04.
  2. New York Times "A Troubled River Mirrors China's Path to Modernity". 19 November 2006 p. 4.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

Works from the National Central Library about the Yellow River