হৰনাম কৌৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হৰনাম কৌৰ

হৰনাম কৌৰ
জন্ম ২৯ নৱেম্বৰ, ১৯৯০ (৩৩ বছৰ)
শ্লাও, ইংলেণ্ড[1]
পেচা চছিয়েল মিডিয়া তাৰকা, জীৱনবোধ সম্পৰ্কীয় প্ৰশিক্ষক, বক্তা
জনা যায় চছিয়েল মিডিয়া, স্বাস্থ্য, প্ৰেৰণা দায়ক বক্তৃতা

হৰনাম কৌৰ (জন্ম: ২৯ নৱেম্বৰ ১৯৯০[2])হৈছে এগৰাকী চছিয়েল মিডিয়া তাৰকা, পাৰ্টম প্ৰশিক্ষক, জীৱনবোধ সম্বন্ধীয় প্ৰশিক্ষক আৰু প্ৰেৰণা মূলক কথাৰ বক্তা। তেওঁ বৰ্তমান ভাৰতত বাস কৰে।

জীৱনৰ আদিছোৱা[সম্পাদনা কৰক]

১৯৯০ চনৰ ২৯ নৱেম্বৰত ইংলেণ্ডৰ শ্লাওত এটি পাৰম্পৰিক পঞ্জাবী পৰিয়ালত[2] কৌৰৰ জন্ম হৈছিল।[3] ১২ বছৰ বয়সত, কৌৰৰ দেহত পলিচিষ্টিক অ'ভেৰী চিণ্ড্ৰম (পিচিঅ'এছ) ধৰা পৰিছিল,[4] যি মহিলাৰ দেহত উন্নত এণ্ড্ৰোজেন (পুৰুষ হৰমোন)ৰ উপস্থিতিৰ বাবে হয়।[5][6] পিচিঅ'এছ-ৰ এটা লক্ষণ হৈছে হিৰচ্যুটিজম, বা অত্যধিক পৰিমাণে মুখমণ্ডল আৰু শাৰীৰিক চুলি বৃদ্ধিৰ ক্ষমতা। ইয়াৰ ফলত তেওঁৰ মুখমণ্ডলত ঘনকৈ দাঢ়ি গজিবলৈ আৰম্ভ হয়। আনহাতে এই কথাত আনৰ দ্বাৰা নিৰন্তৰ উৎপীড়নৰ বলি হোৱা কৌৰে আৰম্ভণিতে তেওঁৰ মুখৰ দাঢ়িবোৰ আঁতৰাবলৈ চেষ্টা কৰিছিল, কিন্তু পিছত তেওঁ তেওঁৰ এই প্ৰকৃতি প্ৰদত্ত বিশেষ বৈশিষ্ট্যক সহজ ভাৱে গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। ৰক এন ৰোল ব'ৰৰ সৈতে হোৱা এক সাক্ষাৎকাৰত, কৌৰে তেওঁৰ দাঢ়ি ৰাখিবলৈ লোৱা সিদ্ধান্তক প্ৰতিফলিত কৰি কয়: "মই মোৰ দাঢ়ি ৰাখিবলৈ সিদ্ধান্ত লওঁ আৰু এগৰাকী মহিলা দেখাত কেনে হোৱা প্ৰয়োজন এই সম্পৰ্কে থকা সামাজিক দৃষ্টিভঙ্গীক প্ৰত্যাহ্বান জনাবলৈ সাজু হওঁ। আজি মই আত্ম-ক্ষতিৰ পক্ষত নাই, আৰু এগৰাকী দাঢ়ি থকা মহিলা হিচাপে জীৱন অতিবাহিত কৰি সুখী অনুভৱ কৰিছো। মই উপলব্ধি কৰিছোঁ যে, এই শৰীৰটো কেৱল মোৰ, মই ইয়াক আহৰণ কৰিছোঁ, মই জীৱন অতিবাহিত কৰিবলৈ আন এটা শৰীৰ পোৱাতো কেতিয়াও সম্ভৱ নহয়, গতিকে মই চৰ্তহীন ভাৱে এই শৰীৰটোক ভাল পাম।" [7]

পেচা[সম্পাদনা কৰক]

২০১৪ চনত ৰাজহুৱা সাক্ষাৎকাৰৰ জড়িয়তে চছিয়েল মিডিয়াৰ মাধ্যমেৰে জনপ্ৰিয় হৈ পৰাৰ আগতে কৌৰে খালচা প্ৰাথমিক বিদ্যালয়ত শিক্ষাদানৰ সহায়ক হিচাপে কাম কৰিছিল। জনপ্ৰিয়তা লাভ কৰাৰ পিছত, কৌৰ এগৰাকী ৰাজহুৱা ব্যক্তিত্ব, স্বাধীন মডেল তথা জীৱন বোধ সম্পৰ্কীয় বক্তা হিচাপে পৰিচিত হৈ পৰে। ২০১৬ চনৰ জুলাইত, সংগীত শিল্পী আইচা মিৰ্জাৰ "ফাক মি অৰ ডি-ষ্ট্ৰই মি" শীৰ্ষক গীতটোৰ সংগীত ভিডিঅ'ত কৌৰক চিত্ৰিত কৰা হয়।[8] ইয়াৰোপৰি কৌৰে বিভিন্ন বিজ্ঞাপন যেনেঃ ডাঢ়িত লগোৱা তেল ইত্যাদি সামগ্ৰীৰ বিজ্ঞাপন মডেল হিচাপেও কাম কৰিছে।[9]

২০১৬ চনৰ ছেপ্টেম্বৰত, সম্পূৰ্ণ দাঢ়ি থকা বিশ্বৰ কনিষ্ঠতম মহিলা হিচাপে কৌৰক গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত কৰা হৈছিল। তেওঁৰ ৰেকৰ্ড উদ্ধৃতিত আছিল: "এতিয়াৰ স্থানত ছয় ইঞ্চি লৈকে দীঘল দাঢ়িৰ সৈতে, তেওঁ তেওঁৰ দেহক সাধাৰণ ভাৱে গ্ৰহণ কৰি ২৪ বছৰ ২৮২ দিন বয়সত এই ৰেকৰ্ড প্ৰাপ্ত কৰিছে।" [3]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Harnaam Kaur | Official Website". Harnaamkaur.com. Archived from the original on 10 August 2020. https://web.archive.org/web/20200810153722/http://harnaamkaur.com/। আহৰণ কৰা হৈছে: 3 September 2020. 
  2. 2.0 2.1 Kaur, Harnaam. "Harnaam Kaur: "How I learned to love my facial hair and use my experience as a force for good in the world"". Glamourmagazine.co.uk. https://www.glamourmagazine.co.uk/article/harnaam-kaur-online-bullying-interview। আহৰণ কৰা হৈছে: 3 September 2020. 
  3. 3.0 3.1 "Youngest female with a full beard". Guinness World Records. http://www.guinnessworldrecords.com/world-records/393316-youngest-female-with-a-full-beard। আহৰণ কৰা হৈছে: 17 November 2017. 
  4. Windsor, Hillary (12 April 2017). "Model Harnaam Kaur Says Her Beard is a Blessing". ViceVice. https://www.vice.com/en_us/article/mgyj4n/model-harnaam-kaur-on-how-her-beard-is-a-blessing। আহৰণ কৰা হৈছে: 17 November 2017. 
  5. "Polycystic Ovary Syndrome (PCOS): Condition Information". National Institute of Child Health and Human Development. 31 January 2017. https://www.nichd.nih.gov/health/topics/pcos/conditioninfo। আহৰণ কৰা হৈছে: 19 November 2018. 
  6. "Polycystic ovary syndrome (PCOS) fact sheet". Women's Health. 23 December 2020. Archived from the original on 12 August 2016. https://web.archive.org/web/20160812093306/http://womenshealth.gov/publications/our-publications/fact-sheet/polycystic-ovary-syndrome.html। আহৰণ কৰা হৈছে: 11 August 2016. 
  7. "Flower Beard Bridals with Harnaam Kaur". Rock N Roll Bride. https://www.rocknrollbride.com/2015/06/flower-beard-bridals-with-harnaam-kaur/। আহৰণ কৰা হৈছে: 23 November 2018. 
  8. Mizra, Aisha. "Fuck Me or Destroy Me". Vime.com. https://vimeo.com/176515662। আহৰণ কৰা হৈছে: 17 November 2017. 
  9. "The Bearded Dame Hair Elixir". Capt Fawcett Limited. https://www.captainfawcett.com/collections/beard-oil/products/hair-elixir-for-the-bearded-dame-harnaam-kaur। আহৰণ কৰা হৈছে: 17 November 2017.