ৰ'জি আফচাৰি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰ’জি আফচাৰি
স্থানীয় নাম ৰোজী আফসাৰী
জন্ম চামিমা আকটাৰ ৰ’জি
২০ এপ্ৰিল, ১৯৪৬
লক্ষ্মীপুৰ, বেংগল প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত
মৃত্যু ৯ মাৰ্চ, ২০০৭ (৬০ বছৰ)
ঢাকা, বাংলাদেশ
ৰাষ্ট্ৰীয়তা বাংলাদেশী
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৬৭-২০০৪
দাম্পত্যসঙ্গী আব্দাছ চামাদ
মলিক আফচাৰি
সন্তান তিনিজন
বঁটা, সন্মান, পুৰস্কাৰ আদি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (বাংলাদেশ

ৰ’জি আফচাৰি (ইংৰাজীঃ Rosy Afsary; ২৩ এপ্ৰিল, ১৯৪৬, ৯ মাৰ্চ, ২০০৭), যাক ৰ’জি চামাদ নামেৰেও জনা যায়, বাংলাদেশী চলচ্চিত্ৰ উদ্যোগৰ এগৰাকী অভিনেত্ৰী। তেওঁক ‘সূৰ্য গ্ৰহণ’, ‘সূৰ্য সংগ্ৰাম’, ‘জীৱন থেকে নেয়া’ অৰু ‘টিটাছ একটি নদীৰ নাম’ আদি চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে জনা যায়। লাঠিয়াল ছবিত কৰা অভিনয়ৰ বাবে তেওঁ ১৯৭৫ চনত বাংলাদেশ চৰকাৰৰ দ্বাৰা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ প্ৰথমটো অনুষ্ঠানত, শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।[1]

কৰ্মজীৱন[সম্পাদনা কৰক]

আফচাৰিয়ে ১৯৬৪ চনত Eito Jibon চলচ্চিত্ৰৰ জৰিয়তে তেওঁৰ চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ পাকিস্তানৰ প্ৰথমখন ৰঙীন ফিচাৰ ছবি জাহিৰ ৰাইহানৰ ‘সঙ্গম’ (১৯৬৪)ত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ কেইবাখনো চলচ্চিত্ৰ প্ৰযোজনা আৰু পৰিচালনা কৰিছিল আৰু তেওঁৰ সমগ্ৰ কেৰিয়াৰত অসংখ্য ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অৰ্জন কৰিছিল। [2]

ৰ’জি আফচাৰিয়ে যেতিয়া বঙালী ছবিত অভিনয় কৰা আৰম্ভ কৰিছিল, সেয়া আছিল বাংলাদেশী চিনেমাৰ সোণালী যুগ। ১৯৭৩ চনত, ‘ টিটাছ একটি নদীৰ নাম’ শীৰ্ষক চলচ্চিত্ৰত কৰা শক্তিশালী অভিনয়েৰে আফচাৰিয়ে এই যুগত নিজৰ ছাপ ৰাখিবলৈ সক্ষম হৈছিল। বাংলাদেশৰ টিটাছ নদীৰ কাষত থকা মাছমৰীয়াসকলৰ জীৱনক লৈ এই চিনেমাখন নিৰ্মাণ কৰা হৈছিল। ১৯৭১ চনত বাংলাদেশৰ স্বাধীনতা আন্দোলনৰ ভিত্তিত নিৰ্মিত ‘আলোৰ মিছিল’ ছবিত অভিনয় কৰি ১৯৭৪ চনত ৰ’জিয়ে পুনৰ অভিনেত্ৰী ৰূপে নিজৰ দক্ষতা প্ৰদৰ্শন কৰে।[3] তেওঁৰ চাৰি দশকৰ চিনেমা কেৰিয়াৰত ৰ’জি আফচাৰিয়ে ২০০ খনতকৈও অধিক বঙালী চলচ্চিত্ৰত অভিনয় কৰিছিল। তেওঁ অভিনয় কৰা চৰিত্ৰবোৰ সদায় ইতিবাচক আছিল।[4] তেওঁ ২৫খন উৰ্দু চলচ্চিত্ৰতো অভিনয় কৰিছিল।[5] তেওঁ জিয়া সাংস্কৃতিক পৰিষদ (Zisus) ৰ সভাপতি আছিল।[6]

১৯৮৬ চনত ৰ’জি আফচাৰিয়ে ‘নিৰাশা’ চলচ্চিত্ৰখন পৰিচালনা কৰিছিল, এইখন চিনেমাৰ জৰিয়তে তেওঁ বাংলাদেশৰ প্ৰথমগৰাকী মহিলা চলচ্চিত্ৰ পৰিচালক ৰূপে স্বীকৃতি পায়। তেওঁ প্ৰথমগৰাকী বঙালী অভিনেত্ৰী, যি পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰি বাংলাদেশী ছবি উদ্যোগত নাৰীৰ প্ৰতি থকা প্ৰতিবন্ধকতাক জয় কৰিছিল। তেওঁ তেওঁৰ কোম্পানী ৰ’জি ফিল্মছৰ জৰিয়তে কেইবাখনো চলচ্চিত্ৰ প্ৰযোজনা কৰিছিল।[3]

সংক্ষিপ্ত জীৱনী[সম্পাদনা কৰক]

১৯৪৬ চনৰ ২৩ এপ্ৰিল তাৰিখে বাংলাদেশৰ নোৱাখুলিত ৰ’জিৰ জন্ম হৈছিল।

আফচাৰি প্ৰথমবাৰৰ বাবে চলচ্চিত্ৰ নিৰ্মাতা আব্দুছ চামাদৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। ১৯৮১ চনত তেওঁ চলচ্চিত্ৰ নিৰ্মাতা মলিক আফচাৰিৰ সৈতে পুনৰ বিবাহপাশত আৱদ্ধ হয় আৰু তেওঁৰ নামটো ৰ’জি আফচাৰিলৈ সলনি কৰে।[1] তেওঁৰ ভগ্নী পাৰবিন আহমেদ ৰুহী জ্যেষ্ঠ অভিনেতা ৱাছিমৰ পত্নী আছিল।

কেইবা বছৰ ধৰি বৃক্কৰ ৰোগত ভুগি ২০০৭ চনৰ ৯ মাৰ্চত ৰ’জি আফচাৰিৰ মৃত্যু হয়।[2]

স্বীকৃতি[সম্পাদনা কৰক]

ৰ’জি আফচাৰিৰ ৭৩ সংখ্যক জন্মদিনত জন্মদিনৰ শুভেচ্ছা জনাই গুগলে তেওঁৰ নামত এটি গুগল ডুডল প্ৰকাশ কৰে।[3]

চলচ্চিত্ৰপঞ্জী[সম্পাদনা কৰক]

  1. এইতো জীৱন (১৯৬৪)
  2. সংগম (১৯৬৪)
  3. বন্ধন (১৯৬৪)
  4. অঔৰ ঘুম নহী
  5. জগা হুৱা চৱেৰা
  6. পুনমকি ৰাত
  7. ইচ ধৰতী পৰ
  8. উলজন, প্ৰতিকাৰ
  9. গায়েৰ বন্ধু
  10. কলমি লতা
  11. এটটুকু আশা (১৯৬৮)
  12. কচম উচ্ ৱক্ট কী (১৯৬৯)
  13. ওৰা এগাৰো জন
  14. টিটাছ একটি নদীৰ নাম (১৯৭৩)
  15. সূৰ্য গ্ৰহণ (১৯৭৬)
  16. ৰূপালী চৈকতে (১৯৭৭)
  17. নগৰাদোলা (১৯৭৮)
  18. সূৰ্য সংগ্ৰাম (১৯৭৯)
  19. বেলা শেষেৰ গান
  20. আশা নিৰাশা (১৯৮৬)
  21. ক্ষমা
  22. নীল আকাশেৰ নীচে
  23. কাঁচ কাটা হীৰা
  24. জীৱন থেকে নেয়া (১৯৭০)
  25. আলোৰ মিছিল (১৯৭৪)
  26. লাঠিয়াল (১৯৭৫)
  27. অশিক্ষিত (১৯৭৮)
  28. গোলাপী এখন ট্ৰেইনে (১৯৭৮)
  29. এই ঘৰ এই সংসাৰ (১৯৯৫)
  30. পৰম প্ৰিয় (২০০৫)

তথ্যসূত্ৰ[সম্পাদনা কৰক]