ৰ'জি দ্য ৰিভিটাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
১৯৪৩ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাছভিল, টেনেছিত কৰ্মৰত এগৰাকী "ৰ'জি"

ৰ'জি দ্য ৰিভিটাৰ (ইংৰাজী: Rosie the Riveter) হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ এক সাংস্কৃতিক প্ৰতীক, যি দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কাৰখানা আৰু বন্দৰসমূহত কাম কৰা মহিলাসকলক প্ৰতিনিধিত্ব কৰিছিল, যিসকলৰ বহুতে যুদ্ধৰ সামগ্ৰী প্ৰস্তুত কৰিছিল।[1][2] এই মহিলাসকলকৰ বহুতেই যুদ্ধত যোগদান কৰা পুৰুষ শ্ৰমিকসকলৰ সলনি তেওঁলোকৰ ঠাইত চাকৰিসমূহ কৰিছিল। ৰ'জি দ্য ৰিভিটাৰক আমেৰিকান নাৰীবাদ আৰু মহিলাৰ অৰ্থনৈতিক বিকাশৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়।[3] ব্ৰিটেইন আৰু অষ্ট্ৰেলিয়াৰ দৰে আন দেশতো মহিলা যুদ্ধ কৰ্মীসকলক প্ৰতিনিধিত্ব কৰা একে ধৰণৰ ছবি দেখা গৈছিল। ৰ'জি দ্য ৰিভিটাৰৰ ধাৰণাটো ১৯৪২ চনত ৰেড ইভান্স আৰু জন জেকব লৱেলে লিখা এটা গানত উদ্ভৱ হৈছিল। চৰকাৰী পোষ্টাৰ আৰু বাণিজ্যিক বিজ্ঞাপন আদিত মহিলা শ্ৰমিকসকলৰ ছবি বহুলভাবে প্ৰচাৰ কৰা হৈছিল, আৰু কাৰখানাবোৰত যুদ্ধকালীন সেৱাৰ বাবে মহিলাসকলক স্বেচ্ছাসেৱক ৰূপে যোগ দিবলৈ উদগনি জনোৱাৰ বাবে চৰকাৰে এনে ছবিসমূহ ব্যৱহাৰ কৰিছিল।[4] ৰ'জি দ্য ৰিভিটাৰ ১৯৪৪ চনৰ হলিউডৰ চিনেমা এখনৰ বিষয় আৰু শিৰোনাম হৈ পৰিছিল।

ইতিহাস[সম্পাদনা কৰক]

বোমাৰু উৰাজাহাজ নিৰ্মাণ কাৰখানত কৰ্মৰত মহিলা, লং বিচ্ছ, কেলিফ'ৰ্ণিয়া (১৯৪২)

বিশ্বযুদ্ধৰ সময়ত সমগ্ৰ বিশ্বই যুদ্ধত লিপ্ত হৈছিল, সেয়ে দেশসমূহৰ চৰকাৰে তেওঁলোকৰ শত্ৰুক পৰাজিত কৰিবলৈ দেশৰ সমগ্ৰ নাগৰিককে প্ৰত্যক্ষ বা পৰোক্ষভাবে যুদ্ধ কাৰ্যত ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তা আহিছিল। লাখ লাখ মহিলাক উদ্যোগত কাম কৰিবলৈ আৰু পুৰুষৰ দ্বাৰা পূৰ্বতে কৰা কামবোৰ দখল কৰিবলৈ উদগনি দিয়া হৈছিল। প্ৰথম বিশ্বযুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহিলাসকলক পুৰুষসকলে আগতে কৰা চাকৰিত নিয়োগ কৰা হৈছিল। প্ৰথম বিশ্বযুদ্ধৰ দৰেই দ্বিতীয় বিশ্বযুদ্ধৰ সময় পুৰুষসকলে যুদ্ধত অংশগ্ৰহণ কৰাৰ ফলত উপলব্ধ শ্ৰমিকৰ অভাৱ হৈছিল আৰু সেয়েহে শ্ৰমিকৰ আৱশ্যকতা মহিলাসকলক নিযুক্তিৰে পূৰণ কৰা হৈছিল।

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত প্ৰায় ১.৯ কোটি মহিলাই চাকৰি কৰিছিল। এই মহিলাসকলৰ বহুতে ইতিমধ্যে কম পাৰিশ্ৰমিকৰ চাকৰিত কাম কৰি আছিল বা মহামন্দাৰ সময়ত চাকৰি হেৰুৱাই শেহতীয়াকৈ পুনৰ চাকৰিলৈ ঘূৰি আহিছিল। যুদ্ধৰ সময়ত কেৱল ৩০ লাখ নতুন মহিলা কৰ্মীয়ে চাকৰিত যোগদান কৰিছিল।[5]

পাৰম্পৰিকভাৱে পুৰুষসকলৰ বিষয়-বাবসমূহ পূৰণ কৰিবলৈ মহিলাসকলে আগ্ৰহ প্ৰকাশ কৰিছিল। তেওঁলোকে গধুৰ নিৰ্মাণ যন্ত্ৰপাতি পৰিচালনা কৰিবলৈ আৰম্ভ কৰিছিল, কাঠ আৰু ষ্টিল মিলত কাম কৰাৰ লগতে মাল পৰিবহন আনলোডিং, আকাশী বেলুন নিৰ্মাণ, অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ আদিৰ দৰে বহুতো কামত অংশ লৈছিল। আশ্চৰ্য্যজনকভাৱে, বহু মহিলাই আবিষ্কাৰ কৰিলে যে তেওঁলোকে এই কামবোৰে তেওঁলোকক প্ৰদান কৰা আত্মনিৰ্ভৰতা উপভোগ কৰিছে। ই মহিলাৰ দায়িত্ব আৰু সামৰ্থ্যৰ বাবে তেওঁলোকৰ নিজৰ আকাংক্ষা সম্প্ৰসাৰিত কৰিছিল। পিছে দুৰ্ভাগ্যজনকভাৱে ইয়াক অস্বাভাৱিক বুলি ভবা হৈছিল আৰু পুৰুষসকলে যুদ্ধৰ পৰা ঘৰলৈ উভতি আহিবলৈ আৰম্ভ কৰাৰ লগে লগে চৰকাৰে মহিলাসকলক "স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ" অনুৰোধ কৰি অন্য এক প্ৰচাৰ অভিযান আৰম্ভ কৰে।[6]

যদিও বেছিভাগ মহিলাই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত পৰম্পৰাগতভাবে পুৰুষে কৰা কামবোৰ কৰিছিল, যুদ্ধৰ পৰা পুৰুষসকল উভতি অহাৰ পাছত মহিলাসকল তেওঁলোকৰ দৈনন্দিন গৃহকামলৈ ঘূৰি আহিব বুলি আশা কৰা হৈছিল। মহিলাসকলৰ উদ্দেশ্যেৰে কৰা চৰকাৰী অভিযানবোৰ কেৱল গৃহিণীসকলৰ বাবেহে কৰা হৈছিল, চৰকাৰে সম্ভৱতঃ ভাবিছিল যে ইতিমধ্যে নিযুক্ত মহিলাসকলে নিজেই উচ্চ পাৰিশ্ৰমিকৰ "অত্যাৱশ্যকীয়" চাকৰিলৈ যাবগৈ[7] বা হয়তো এনে ভবা হৈছিল যে বেছিভাগই চাকৰি এৰি গৃহিণী হ'বগৈ।[8] চৰকাৰী এটা বিজ্ঞাপনে মহিলাসকলক সুধিছিল- "আপুনি বৈদ্যুতিক মিক্সাৰ ব্যৱহাৰ কৰিব পাৰে নেকি? যদি পাৰে, তেন্তে আপুনি ড্ৰিল মেছিন এটা চলাবলৈ শিকিব পাৰে।"[9]:160 মহিলাসকলৰ স্বামীসকল, যিসকলৰ বহুতে এনে কাম সমৰ্থন কৰা নাছিল, তেওঁলোকৰ উদ্দেশ্যিও প্ৰপাগাণ্ডা চলোৱা হৈছিল।[10]

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত চাকৰিত যোগদান কৰা বহুতো মহিলা মাতৃ আছিল। ঘৰত শিশু থকা মহিলাসকলে তেওঁলোকৰ পৰিয়ালৰ ভৰণ-পোষণ কৰাৰ প্ৰচেষ্টাত একেলগে হৈছিল। তেওঁলোকে গোটত একত্ৰিত হৈছিল আৰু কাপোৰ ৰন্ধা, পৰিষ্কাৰ কৰা আৰু ধোৱা-পখলা কৰা আদি কাম ভাগ-বতৰা কৰিছিল। যিসকলৰ সৰু শিশু আছিল, তেওঁলোকে একেটা ঘৰতে একেলগে আছিল যাতে তেওঁলোকে সময়, ধন আৰু খাদ্য সঞ্চয় কৰিব পাৰে। যদি তেওঁলোক দুয়োজনে কাম কৰে, তেওঁলোকে বেলেগ বেলেগ সময়ত কাম কৰিছিল যাতে তেওঁলোকে শিশুবোৰ শুশ্ৰুষা কৰিব পাৰে। সেইসময়ত আন লোকসকল নিশ্চিত নাছিল যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত চাকৰি লোৱাৰ মহিলাসকলক পূৰ্ণকালীন মাতৃ হিচাপে কাম কৰি থাকিবলৈ অনুৰোধ কৰিব লাগে নে প্ৰয়োজনৰ সময়ত দেশক সমৰ্থন কৰিবলৈ চাকৰিলৈ যোৱাত সহায় কৰিব লাগে।[11]

বিভিন্ন ধৰণৰ সামগ্ৰী তৈয়াৰ কৰি সৈন্যসকলক সমৰ্থন কৰিবলৈ সক্ষম হোৱা বাবে মহিলাসকলে তেওঁলোকৰ কামৰ বাবে অতি দক্ষ আৰু গৌৰৱ অনুভৱ কৰিছিল। ৬০ লাখৰো অধিক মহিলাই যুদ্ধৰ চাকৰি পাইছে; কৃষ্ণাংগ-আমেৰিকান, হিস্পানিক, শ্বেতাংগ আৰু এছিয়ান মহিলাসকলে একেলগে কাম কৰিছিল।[11] 'এ মাউথফুল অৱ ৰিভিটছ' নামৰ কিতাপখনত ভি কিৰ্ষ্টিন ভ্ৰুমেনে সেই সময়ৰ বিষয়ে লিখিছিল যেতিয়া তেওঁ ৰিভিটাৰ হ'বলৈ লোৱা সিদ্ধান্তক ৰোমন্থন কৰিছে। তেওঁ বয়িং B-17 বোমাৰু উৰাজাহাজ নিৰ্মাণ কাৰখানৰ এচেম্বলি লাইনত কাম কৰিছিল। সেয়া তেওঁৰ বাবে কিমান ৰোমাঞ্চকৰ আছিল তাক লেখিকাই কৈছে, "আটাইতকৈ ডাঙৰ ৰোমাঞ্চ — মই আপোনাক ক'ব নোৱাৰোঁ — যেতিয়া B-17-বোৰ এছেম্বলি লাইনৰ পৰা ওলাইছিল। আপুনি আমি কেনে অনুভৱ কৰিছিলোঁ বিশ্বাস কৰিব নোৱাৰিব। আমি কৰি দেখুৱালোঁ!"[12] মহিলাসকলে কৰ্মশক্তিৰ প্ৰত্যাহ্বান স্বীকাৰ কৰাৰ পাছত তেওঁলোকে সমান অধিকাৰৰ প্ৰতি শক্তিশালী অগ্ৰসৰতা অব্যাহত ৰাখে।

১৯৪৪ চনত যেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে বিজয় নিশ্চিত যেন লাগিছিল, মহিলাসকলক ঘৰত কাম কৰিবলৈ অনুৰোধ কৰি চৰকাৰৰ পৃষ্ঠপোষকতা কৰাৰ প্ৰৱণতা সলনি হয়। পাছত বহুতো মহিলাই পাৰম্পৰিক কাম যেনে কেৰাণী বা প্ৰশাসনৰ পদৰ কামসমূহলৈ উভটি আহিছিল। তেওঁলোকৰ অনিশ্চা স্বত্বেও নিম্ন পাৰিশ্ৰমিকৰ চাকৰিসমূহত পুনৰ প্ৰৱেশ কৰিব লগা হৈছিল।[13] কিন্তু এই মহিলাসকলৰ কিছুমানে কাৰখানাবোৰত কাম কৰি থাকে। ১৯৪৭ চনত কাম কৰা মহিলাৰ সামগ্ৰিক শতাংশ ৩৬% ৰ পৰা কমি ২৮% হৈ পৰিছিল।[14]

প্ৰভাৱ[সম্পাদনা কৰক]

"উই কেন ডু ইট!", জে হাৱাৰ্ড মিলাৰে কৰ্মীসকলৰ মনোবল বঢ়াবলৈ এই অনুপ্ৰেৰণাদায়ক ছবি সৃষ্টি কৰিছিল

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত[সম্পাদনা কৰক]

'এনচাইক্লোপিডিয়া অৱ আমেৰিকান ইকনমিক হিষ্ট্ৰী'ৰ মতে, "ৰ'জি দ্য ৰিভিটাৰে" এক সামাজিক আন্দোলনক অনুপ্ৰাণিত কৰিছিল যি ১৯৪৪ চনলৈ কাম কৰা আমেৰিকান মহিলাৰ সংখ্যা ১.২ কোটিৰ পৰা ২ কোটিলৈ বৃদ্ধি কৰিছিল, এয়া ১৯৪০ চনৰ পৰা ৫৭% বৃদ্ধি পাইছিল।[উদ্ধৃতিৰ প্ৰয়োজন] ১৯৪৪ চনত ২০ৰ পৰা ৩৪ বছৰ বয়স ভিতৰৰ কেৱল ১৭ লাখ অবিবাহিত পুৰুষে সুৰক্ষা উদ্যোগত কাম কৰিছিল, আনহাতে সেই বয়সৰে ৪১ লাখ অবিবাহিত মহিলাই এনে কাম কৰিছিল।[15] যদিও "ৰ'জি দ্য ৰিভিটাৰ" ছবিয়ে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ৱেল্ডিং আৰু ৰিভিটিঙৰ দৰে ঔদ্যোগিক কাম প্ৰতিফলিত কৰিছিল, বেছিভাগ শ্ৰমিক মহিলাই অৰ্থনীতিৰ প্ৰতিটো খণ্ডতে অনা-কাৰখানাৰ পদসমূহ পূৰণ কৰিছিল। এই মহিলাসকলৰ একত্ৰিত অভিজ্ঞতাই তেওঁলোকক নিজকে (লগতে দেশকো) প্ৰমাণ কৰিছিল যে তেওঁলোকে "পুৰুষৰ কাম" কৰিব পাৰে আৰু ইয়াক ভালদৰে কৰিব পাৰে।[16] ১৯৪২ চনত, জানুৱাৰী আৰু জুলাই মাহৰ মাজত, মহিলাৰ বাবে "গ্ৰহণযোগ্য" হ'ব পৰা চাকৰিৰ অনুপাতৰ অনুমান নিয়োগকৰ্তাই ২৯ৰ পৰা ৮৫% লৈ বৃদ্ধি কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন] কৃষ্ণাংগ আমেৰিকান মহিলাসকল এই প্ৰয়োজনীয়তাৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত আছিল।[উদ্ধৃতিৰ প্ৰয়োজন] কোৱা হৈছে যে সেই সময়ত কৃষ্ণাংগসকলৰ লগত শ্বেতাংগসকলে কাম কৰা প্ৰক্ৰিয়াই সামাজিক প্ৰতিবন্ধকতা ভাঙিছিল আৰু বিবিধতাৰ এক স্বাস্থ্যকৰ স্বীকৃতিক উদগনি দিছিল।[16]

যুদ্ধৰ পাছত[সম্পাদনা কৰক]

মহিলাসকলে দ্ৰুততাৰে ৰ'জি দ্য ৰিভিটাৰ প্ৰতি সঁহাৰি জনাইছিল, যাৰ দ্বাৰা তেওঁলোকে বিশ্বাস লাভ কৰিছিল যে কৰ্মশক্তিত প্ৰৱেশ কৰাতো তেওঁলোকৰ স্বদেশ প্ৰেমমূলক কৰ্তব্য। কোনো কোনোৱে দাবী কৰে যে চিৰদিনৰ বাবে মহিলাসকলৰ বাবে কৰ্মশক্তিৰ দুৱাৰ খোল খাইছিল, কিন্তু আনসকলে সেই বিষয়ে বিবাদ কৰি কয় যে যুদ্ধৰ পাছত বহু মহিলাক চাকৰিৰ পৰা উলিয়াই দিয়া হৈছিল আৰু তেওঁলোকৰ কামবোৰ পুৰুষসকলক ঘূৰাই দিয়া হৈছিল।[17] এই সমালোচনাকাৰীসকলে দাবী কৰে যে যেতিয়া শান্তি ঘূৰি আহিছিল, তেতিয়া বহু কম সংখ্যক মহিলাইহে তেওঁলোকৰ যুদ্ধকালীন পদলৈ উভতি আহিছিল আৰু বেছিভাগেই ঘৰুৱা কাম পুনৰ আৰম্ভ কৰিছিল বা আন চাকৰি যেনে কেৰাণী আৰু সেৱা খণ্ডৰ কামলৈ স্থানান্তৰ হৈছিল।[18] কিছুমানৰ বাবে, দ্বিতীয় বিশ্বযুদ্ধই মহিলাসকলৰ বাবে এক মুখ্য টাৰ্ণিং পইণ্ট আছিল কিয়নো তেওঁলোকে যুদ্ধৰ প্ৰচেষ্টাক আগ্ৰহেৰে সমৰ্থন কৰিছিল, কিন্তু আন ইতিহাসবিদসকলে গুৰুত্ব দি কয় যে, এই পৰিৱৰ্তনবোৰ অস্থায়ী আছিল আৰু যুদ্ধ শেষ হোৱাৰ ঠিক পাছতে মহিলাসকলে স্ত্ৰী আৰু মাতৃৰ দৰে পাৰম্পৰিক ভূমিকালৈ ঘূৰি আহিব বুলি আশা কৰা হৈছিল। এটা তৃতীয় গোটে যুদ্ধৰ দ্বাৰা অনা পৰিৱৰ্তনৰ দীৰ্ঘম্যাদী তাৎপৰ্যৰ ওপৰত গুৰুত্ব দিয়ে আৰু ইয়াক সমকালীন মহিলা আন্দোলনৰ ভিত্তি ৰূপে গণ্য কৰে।[19] লিলা জে ৰূপে তেওঁৰ দ্বিতীয় বিশ্বযুদ্ধৰ অধ্যয়নত লিখিছিল "প্ৰথমবাৰৰ বাবে কৰ্মৰত মহিলাসকলে ৰাজহুৱা প্ৰেক্ষাপতত আধিপত্য বিস্তাৰ কৰিছিল।"[20]

যুদ্ধৰ পাছত, যিহেতু ৰাষ্ট্ৰ শান্তিৰ সময়লৈ উভতি আহিছিল, মহিলাসকলক তেওঁলোকৰ কাৰখানাৰ চাকৰিৰ পৰা দ্ৰুততাৰে বিতাৰণ কৰা হৈছিল।[21] "ৰ'জি" আৰু তেওঁলোকৰ অনুসৰণ কৰা প্ৰজন্মই জানিছিল যে কাৰখানাবোৰত কাম কৰাটো প্ৰকৃততে মহিলাসকলৰ বাবে সম্ভৱ আছিল, যদিও তেওঁলোকে ১৯৭০ চনলৈকে পুনৰ এনে বৃহৎ অনুপাতত চাকৰিৰ বজাৰত পুনৰ প্ৰৱেশ কৰা নাছিল। সেই সময়লৈকে দেশৰ সকলোতে কাৰখানাৰ নিযুক্তি হ্ৰাস পাইছিল।[22]

"অন্তিম ৰ'জি দ্য ৰিভিটাৰ" বুলি জনাজাত এলিনাৰ অট'ই ৫০ বছৰলৈ বিমান নিৰ্মাণ কৰিছিল আৰু ৯৫ বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে।[23]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Rosie's proud of her band of sisters Archived December 27, 2011, at the Wayback Machine by Kevin Cullen, Seattle Times, May 30, 2004
  2. Sheridan Harvey (August 1, 2006). ""Rosie the Riveter: Real Women Workers in World War II" (Transcript of video presentation)". Library of Congress. Archived from the original on March 11, 2011. http://archive.wikiwix.com/cache/20110311173220/https://www.loc.gov/rr/program/journey/rosie-transcript.html। আহৰণ কৰা হৈছে: August 14, 2007. 
  3. Switky, W. Raymond Duncan, Barbara Jancar-Webster, Bob (2008). World Politics in the Twenty-first Century Brief. (Student choice সম্পাদনা). প্ৰকাশক Boston: Houghton Mifflin College Div. পৃষ্ঠা. 268. ISBN 978-0-547-05634-0. 
  4. Tawnya J. Adkins Covert, Manipulating Images: World War II Mobilization of Women through Magazine Advertising (2011)
  5. Keene, Jennifer; Cornell, Saul; O'Donnell, Edward (2013). Visions of America, A History of the United States (2 সম্পাদনা). Pearson Education Inc.. পৃষ্ঠা. 697–698. ISBN 9780205092666. 
  6. Ford, L.E (2014). ""Rosie the Riveter"". Facts on File library of American history খণ্ড (2nd ed.). 
  7. Leila J. Rupp, Mobilizing Women for War, p 142, আই.এচ.বি.এন. 0-691-04649-2
  8. Maureen Honey, Creating Rosie the Riveter: Class, Gender and Propaganda during World War II, p 24, আই.এচ.বি.এন. 0-87023-453-6
  9. Kennett, Lee (1985). For the duration... : the United States goes to war, Pearl Harbor-1942. প্ৰকাশক New York: Scribner. ISBN 0-684-18239-4. https://archive.org/details/fordurationunite00kenn. 
  10. Emily Yellin, Our Mothers' War, p 45 আই.এচ.বি.এন. 0-7432-4514-8
  11. 11.0 11.1 Wood, Ursula (2004). "We Can Do It!". New Moon খণ্ড 12 (1): 28. Archived from the original on November 30, 2016. https://web.archive.org/web/20161130110710/http://connection.ebscohost.com/c/articles/14231551/we-can-do-it। আহৰণ কৰা হৈছে: 30 September 2019. 
  12. Wise (1994). A Mouthful of Rivets: Women at Work in World War II. প্ৰকাশক San Francisco: Jossey- Bass. ISBN 9781555427030. https://archive.org/details/mouthfulofrivets00wise. "'The biggest thrill- I can't tell you- was when the B-17s rolled off the assembly line. You can't believe the feeling we had. We did it!'" 
  13. Maureen Honey, Creating Rosie the Riveter: Class, Gender and Propaganda during World War II, p 23, আই.এচ.বি.এন. 0-87023-453-6
  14. Keene, Jennifer; Cornell, Saul; O'Donnell, Edward (2013). Visions of America, A History of the United States (2 সম্পাদনা). Pearson Education Inc.. পৃষ্ঠা. 698. ISBN 9780205092666. 
  15. Starr, Kevin (2003). Embattled Dreams: California in War and Peace, 1940–1950. Oxford University Press. পৃষ্ঠা. 129. ISBN 0-19-516897-6. https://books.google.com/books?id=PKL4DQ4XLtUC&lpg=PA128&pg=PA128#v=onepage. 
  16. 16.0 16.1 Ware, Susan. Modern American Women: A Documentary History. 2nd edition. Boston: McGraw-Hill, 2002.
  17. Lapsansky-Werner, Emma J. United States History: Modern America. Boston, MA: Pearson Learning Solutions, 2011. Print. Pg 361 - 362
  18. Maureen Honey, Creating Rosie the Riveter: Class, Gender, and Propaganda during World War II. Amherst. University of Massachusetts Press. 1984
  19. Liftoff, Judy. Rosie the Riveter. Americans at War Ed. John Resch. Vol. 3. Detroit: Macmillan Reference USA, 2005. 171–174. 4 vols. Gale Virtual Reference Library. Gale Pepperdine University SCLEC April 13, 2010
  20. Rupp, Leila J. (1978). Mobilizing Women for War: German and American Propaganda, 1939–1945. প্ৰকাশক Princeton: Princeton U.P.. ISBN 0-691-04649-2. https://archive.org/details/mobilizingwomenf00leil. 
  21. Litoff, Judy Barrett (2005). Resch, John P.. ed. "Rosie the Riveter". Americans at War খণ্ড 3: 171–174. 
  22. Bureau of Labor Statistics (DOL) (1972). Occupational Employment Statistics, 1960-70 (Report). p. 1. https://files.eric.ed.gov/fulltext/ED073294.pdf। আহৰণ কৰা হৈছে: March 21, 2019. 
  23. Nittle, Nadra (25 October 2014). "'Last Rosie the Riveter,' Elinor Otto of Long Beach, to be honored". Press-Telegram: Veteran Affairspresstelegram.com. Archived from the original on April 5, 2015. https://web.archive.org/web/20150405051026/http://www.presstelegram.com/government-and-politics/20141025/last-rosie-the-riveter-elinor-otto-of-long-beach-to-be-honored। আহৰণ কৰা হৈছে: 31 March 2015. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]