সমললৈ যাওক

ৰজনীগন্ধা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰজনীগন্ধা
Tuberose
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
বিভাগ: Angiosperms
শ্ৰেণী: Monocots
বৰ্গ: Asparagales
পৰিয়াল: Agavaceae
গণ: Polianthes
প্ৰজাতি: P. tuberosa
বৈজ্ঞানিক নাম
Polianthes tuberosa
L.

ৰজনীগন্ধা (Tuberose) এক অন্যতম জনপ্ৰিয় ফুল। সামাজিক আৰু ধৰ্মীয় অনুষ্ঠান আৰু ফুলদানী সজোৱাৰ বাবে ৰজনীগন্ধা ব্যাপকভাবে ব্যবহৃত হয়। তদুপৰি এই ফুলৰ নিৰ্যাসৰ পৰা সুগন্ধিও তৈয়াৰ কৰা হয়। গোটেই বছৰেই বাজাৰত এই ফুলৰ চাহিদা বেছি থাকে । ৰজনীগন্ধাৰ কন্দৰ দ্বাৰা বংশবৃদ্ধি কৰা হয় । মাৰ্চ এপ্ৰিল মাহ কন্দ লগোৱাৰ উপযুক্ত সময়। [1]

ৰজনীগন্ধাৰ কেইবাটাও জাত লক্ষ্য কৰা যায়৷ সেইবোৰ হ'ল :

  • চিংগেল : যিবিলাক জাতৰ ফুলেৰ পাপৰি এটা শাৰীত থাকে সেইবোৰক চিংগেল বোলে । একশাৰী পাপৰিযুক্ত চিংগেল জাতৰ গোন্ধ বেছি ।
  • চেমি-ডাবল : যিবিলাক জাতৰ ফুলৰ পাপৰি দুই বা তিনি শাৰীত থাকে সেইবোৰক চেমি-ডাবল।
  • ডাাবল : তিনি বা তাতোধিক পাপৰিৰ শাৰী থাকিলে সেইবোৰক ডাবল শ্ৰেণীত অন্তভুক্ত কৰা যায়।
  • ভেৰিগেটেড জাত : ভেৰিগেটেড জাতৰ বোৰৰ পাতত হালধীয়া ৰেখা দেখা যায়৷

কেইটিমান জাতৰ বাণিজ্যিক নাম হল -

  • চিংগেল জাত: পাৰ্ল , বম্বে, কলিকতা, চিংগেল মেক্সিকান
  • ডাবল জাত: ডাবল পাৰ্ল।

তথ্য উৎস

[সম্পাদনা কৰক]