ৰজনীগন্ধা
অৱয়ব
| এই ফুলৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
| ৰজনীগন্ধা Tuberose | |
|---|---|
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| ৰাজ্য: | Plantae |
| বিভাগ: | Angiosperms |
| শ্ৰেণী: | Monocots |
| বৰ্গ: | Asparagales |
| পৰিয়াল: | Agavaceae |
| গণ: | Polianthes |
| প্ৰজাতি: | P. tuberosa |
| বৈজ্ঞানিক নাম | |
| Polianthes tuberosa L. | |
ৰজনীগন্ধা (Tuberose) এক অন্যতম জনপ্ৰিয় ফুল। সামাজিক আৰু ধৰ্মীয় অনুষ্ঠান আৰু ফুলদানী সজোৱাৰ বাবে ৰজনীগন্ধা ব্যাপকভাবে ব্যবহৃত হয়। তদুপৰি এই ফুলৰ নিৰ্যাসৰ পৰা সুগন্ধিও তৈয়াৰ কৰা হয়। গোটেই বছৰেই বাজাৰত এই ফুলৰ চাহিদা বেছি থাকে । ৰজনীগন্ধাৰ কন্দৰ দ্বাৰা বংশবৃদ্ধি কৰা হয় । মাৰ্চ এপ্ৰিল মাহ কন্দ লগোৱাৰ উপযুক্ত সময়। [1]
জাত
[সম্পাদনা কৰক]ৰজনীগন্ধাৰ কেইবাটাও জাত লক্ষ্য কৰা যায়৷ সেইবোৰ হ'ল :
- চিংগেল : যিবিলাক জাতৰ ফুলেৰ পাপৰি এটা শাৰীত থাকে সেইবোৰক চিংগেল বোলে । একশাৰী পাপৰিযুক্ত চিংগেল জাতৰ গোন্ধ বেছি ।
- চেমি-ডাবল : যিবিলাক জাতৰ ফুলৰ পাপৰি দুই বা তিনি শাৰীত থাকে সেইবোৰক চেমি-ডাবল।
- ডাাবল : তিনি বা তাতোধিক পাপৰিৰ শাৰী থাকিলে সেইবোৰক ডাবল শ্ৰেণীত অন্তভুক্ত কৰা যায়।
- ভেৰিগেটেড জাত : ভেৰিগেটেড জাতৰ বোৰৰ পাতত হালধীয়া ৰেখা দেখা যায়৷
কেইটিমান জাতৰ বাণিজ্যিক নাম হল -
- চিংগেল জাত: পাৰ্ল , বম্বে, কলিকতা, চিংগেল মেক্সিকান
- ডাবল জাত: ডাবল পাৰ্ল।
বিভিন্ন ভাষাত নাম
[সম্পাদনা কৰক]- অসমীয়া, বাংলা, ওড়িয়া, হিন্দী, মৈথিলী: ৰজনীগন্ধা
- মাৰাঠী: নিশিগন্ধ
- নেপালী: সুগন্ধৰাজ
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ , , , Archived 2015-10-25 at the Wayback Machine, [সংযোগবিহীন উৎস]