ৰঞ্জিৎ শেখৰ মুছাহাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰঞ্জিৎ শেখৰ মুছাহাৰী
Shri R.S. Mooshahary assuming the charge as the Director General of Border Security Force (BSF) in New Delhi on January 10, 2005.jpg
সীমা সুৰক্ষা বলৰ সঞ্চালক প্ৰধান ৰূপে কাৰ্যৰত অৱস্থাত মুছাহাৰী, ২০০৫ চনত
মেঘালয়ৰ ৰাজ্যপাল
কাৰ্যকাল
১ জুলাই ২০০৮ – ৬ জুলাই ২০১৩
পূৰ্বসূৰী সুখবীন্দৰ সিং সিধু
উত্তৰসূৰী কৃষ্ণ কান্ত পৌল
ব্যক্তিগত তথ্য
জন্ম ১৯৪৬ (বয়স ৭৬–৭৭)
অ'লডাগুৰি, কোকৰাঝাৰ জিলা, অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়

ৰঞ্জিৎ শেখৰ মুছাহাৰী (ইংৰাজী: Ranjit Shekhar Mooshahary; জন্ম ১৯৪৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০০৮ চনৰ পৰা ২০১৩ চনলৈ মেঘালয়ৰ ৰাজ্যপাল হিচাপে নিযুক্ত আছিল (১ জুলাই ২০০৮ ৰ পৰা ৭ জুলাই ২০১৩ লৈকে)।[1][2] পূৰ্বতে মুছাহাৰী এগৰাকী ভাৰতীয় আৰক্ষী সেৱা (IPS)-ৰ বিষয়া আছিল, তেওঁ ৰাষ্ট্ৰীয় সুৰক্ষা গাৰ্ড (National Security Guards, চমুকৈ NSG) আৰু সীমা সুৰক্ষা বল (Border Security Force, চমুকৈ BSF)-ৰ সঞ্চালক প্ৰধান হিচাপে কৰ্মৰত আছিল।

জন্ম আৰু শিক্ষা[সম্পাদনা কৰক]

ৰঞ্জিৎ শেখৰ মুছাহাৰীৰ জন্ম হৈছিল অসমৰ বৰ্তমানৰ বড়োলেণ্ড টেৰিট'ৰিয়েল এৰিয়াজ ডিষ্ট্ৰিক্টছৰ অন্তৰ্গত কোকৰাঝাৰ জিলাগোসাঁইগাঁৱত। তেওঁ উমিয়ামৰ ইউনিয়ন খ্ৰিষ্টীয়ান কলেজৰ পৰা প্ৰাক স্নাতক আৰু শ্বিলঙৰ ছেইণ্ট এন্থনীজ কলেজৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰে।

কেৰিয়াৰ[সম্পাদনা কৰক]

ৰঞ্জিৎ শেখৰ মুছাহাৰী১৯৬৭ চনত কেৰালা কেডাৰৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া (IPS) হিচাপে নিৰ্বাচিত হয়। তেওঁ কেৰালাৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮১-৮২ চনৰ কালছোৱাত তেওঁ কোচিৰ মহানগৰ আৰক্ষী আয়ুক্ত হিচাপে নিযুক্ত হৈছিল। পৰৱৰ্ত্তী সময়ত তেওঁ আৰক্ষীৰ সঞ্চালক (Inspector General of Police) আৰু CID -ৰ অপৰাধ শাখাৰ মুৰব্বী আৰু শেষলৈ Vigilance and Anti-Corruption Bureau-ৰ সঞ্চালক হিচাপে কৰ্মৰত আছিল।

কেৰালাৰ উপৰিও মুছাহাৰীয়ে অন্যান্য কেইবাটাও সন্মানীয় পদত কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ অসমৰ কেবিনেট সচিবালয়ত (Cabinet Secretariat) থকাৰ উপৰিও তেওঁৰ কেৰিয়াৰৰ শেষৰ ফালে ৰাজ্যৰ আৰক্ষী বিভাগতো কৰ্মৰত আছিল। ৮০ দশকৰ শেষলৈ আৰু ৯০ দশকৰ আদি কালছোৱাত তেওঁ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (Central Reserve Police Force)-ৰ উপ-সঞ্চালক (Deputy Inspector general) আৰু সঞ্চালক (Inspector General) হিচাপে তেওঁ তামিলনাডু, জম্মু আৰু কাশ্মীৰ আৰু ৰাজস্থানত সেৱা আগবঢ়াইছিল। ২০০২ চনৰ ফেব্ৰুৱাৰীত তেওঁ ৰাষ্ট্ৰীয় সুৰক্ষা গাৰ্ড (National Security Guards, চমুকৈ NSG))-ৰ সঞ্চালক প্ৰধান (Director General) হিচাপে নিযুক্ত হৈছিল।

বিশ্বৰ অন্যতম বৃহৎ অৰ্ধ-সামৰিক সীমা সুৰক্ষা বাহিনী হিচাপে পৰিচিত সীমা সুৰক্ষা বলৰ সঞ্চালক প্ৰধান হিচাপে ২০০৫ চনত বদলি হোৱাৰ আগলৈকে তেওঁ NSG-ৰ মুৰব্বী হিচাপে প্ৰায় তিনি বছৰ ধৰি সেৱা আগবঢ়াইছিল।[3] ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা সীমা সুৰক্ষা বলৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্ত হোৱা তেওঁৱেই প্ৰথম ব্যক্তি আৰু ২০০৬ চনত অৱসৰ গ্ৰহণ কৰাৰ সময়লৈ তেওঁ সেই পদতে নিযুক্ত আছিল। মুছাহাৰীক Police Medal for Meritorious Service আৰু President's Police Medal for Distinguished Service সন্মান প্ৰদান কৰা হৈছিল। তেওঁ অসম আৰক্ষীৰ লগতে চি আৰ পি এফ-তো কাৰ্যনিৰ্বাহ কৰিছিল আৰু উগ্ৰবাদ নিয়ন্ত্ৰণ আৰু দেশৰ অভ্যন্তৰীণ সুৰক্ষাৰ ক্ষেত্ৰলৈ প্ৰশংসনীয় সেৱা আগবঢ়াইছিল।

২০০৬ চনৰ মাৰ্চ মাহত ৰঞ্জিৎ শেখৰ মুছাহাৰী অসম চৰকাৰৰ দ্বাৰা তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত গঠিত তথ্য আয়োগৰ অসমৰ প্ৰথম মুখ্য তথ্য আয়ুক্ত হিচাপে নিযুক্ত হয়। ২০০৮ চনত ৫ বছৰৰ বাবে মেঘালয়ৰ ৰাজ্যপাল হিচাপে নিযুক্ত হোৱাৰ আগলৈকে মুছাহাৰীয়ে মুখ্য তথ্য আয়ুক্ত হিচাপে তথ্য জনাৰ অধিকাৰ আইনৰ কাৰ্যকৰীকৰণ আৰু এই আইনত নিহিত আইনী ব্যৱস্থাসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]