সমললৈ যাওক

ৰণুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰণুৱা

ৰণুৱা চলচ্চিত্ৰৰ পোষ্টাৰ
পৰিচালক চন্দ্ৰ মুদৈ
অভিনয়ত
  • ৰাজীৱ ক্ৰ’
  • প্ৰণামী বৰা
  • বৰ্ণালী দত্ত
  • ৰ’দালি বৰা
দৈৰ্ঘ্য
১ ঘণ্টা ২৭ মিনিট[1]
দেশ  ভাৰত
ভাষা অসমীয়া

ৰণুৱা (ইংৰাজী: Ronuwa- Who Never Surrender) হৈছে ২০২১ চনত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। অসমীয়া চলচ্চিত্ৰৰ এগৰাকী জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা তথা পৰিচালক চন্দ্ৰ মুদৈৰ দ্বাৰা পৰিচালিত 'ৰণুৱা' নামৰ অসমীয়া ছবিখনে ২০২১ চনত ৬৭ সংখ্যক ৰজকমল বঁটা লাভ কৰিছে।[2][3] চিনেমাখন প্ৰযোজনা কৰিছে বৰ্ণালী ক্ৰিয়েটিভ ভিজন এণ্টাৰটেইনমেণ্টে।[3]

‘ৰণুৱা’ চিনেমাখনৰ কাহিনীটো গুৱাহাটী চহৰত হোৱা কৃত্ৰিম বানপানীৰ ওপৰত আধাৰিত। অত্যধিক বৰষুণৰ বাবে গুৱাহাটী নগৰত সঘনে হোৱা কৃটিম বানপানীত মানুহে কেনেকৈ কষ্ট পায় চিনেমাখনত তাক দেখুওৱা হৈছে।[4]

এজন ৰিক্সাচালক, যাদৱে তেওঁৰ পৰিয়ালটো পোহপাল দিবলৈ কোনোমতে কেইটকামান উপাৰ্জন কৰে। তাৰে তেওঁ আৰু তেওঁৰ পত্নী মাকনে তেওঁলোকৰ সন্তানক সুশিক্ষিত ৰূপত চাবলৈ বিচাৰে যাতে তেওঁলোকৰ সপোনবোৰ সিহঁতে পূৰণ কৰিব পাৰে। কিন্তু, গুৱাহাটীত হোৱা বানপানীয়ে তেওঁলোকৰ জীৱনলৈ ধ্বংস মাতি আনে। চমুকৈ এয়াই হৈছে ৰণুৱা চিনেমাখনৰ কাহিনী।[5]

অভিনয় শিল্পী[6]

[সম্পাদনা কৰক]
  • ৰাজীৱ ক্ৰ’
  • প্ৰণামী বৰা
  • বৰ্ণালী দত্ত
  • ৰ’দালি বৰা

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Ronuwa (2021)". https://www.reeldrama.com/. https://www.reeldrama.com/movie/ronuwa__2021_ আহৰণ কৰা হৈছে: 26 October 2021.
  2. "ৰজতকমল বঁটাৰে উজলিল চন্দ্ৰ মুদৈ পৰিচালিত অসমীয়া বোলছবি ৰণুৱা". https://www.etvbharat.com/. ২৫ অক্টোবৰ,২০২১. https://www.etvbharat.com/assamese/assam/state/kamrup-metropolitan/rajat-kamal-award-to-assamese-movie-ranua-directed-by-chandra-mudoi/assam20211025183603688 আহৰণ কৰা হৈছে: ২৬ অক্টোবৰ,২০২১.
  3. 1 2 "67th National Film Awards announced". Ministry of Information & Broadcasting. 22 MAR 2021. https://pib.gov.in/PressReleaseIframePage.aspx?PRID=1706663 আহৰণ কৰা হৈছে: 26 October 2021.
  4. "Assam: Chandra Mudoi’s ‘Ronuwa’ brings home National Award". https://www.eastmojo.com/. October 25, 2021. Archived from the original on 25 October 2021. https://web.archive.org/web/20211025204449/https://www.eastmojo.com/assam/2021/10/25/assam-chandra-mudois-ronuwa-brings-home-national-award/ আহৰণ কৰা হৈছে: 26 October 2021.
  5. "Ronuwa (2021)". https://www.reeldrama.com/. https://www.reeldrama.com/movie/ronuwa__2021_ আহৰণ কৰা হৈছে: 26 October 2021.
  6. "Ronuwa (2021)". https://www.reeldrama.com/. https://www.reeldrama.com/movie/ronuwa__2021_ আহৰণ কৰা হৈছে: 26 October 2021.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]