সমললৈ যাওক

ৰবীনা খান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কাউন্সিলাৰ

ৰবীনা খান
ৰবিনা খান
পিপল’চ্ এলায়েঞ্চ অৱ টাৱাৰ হেমলেটচৰ নেতা
কাৰ্যকাল
নৱেম্বৰ, ২০১৬  আগষ্ট, ২০১৮
টাৱাৰ হেমলেটচ্ লণ্ডন জিলা কাউন্সিলাৰ
চেদৱেল ৱাৰ্ডৰ বাবে
কাৰ্যকাল
৬ মে’ ২০১০  ৯ মে’ ২০২২
পূৰ্বসূৰী মহম্মদ ৰছিদ
উত্তৰসূৰী আনা মিয়াহ
ব্যক্তিগত তথ্য
জন্ম ১৫ ছেপ্টেম্বৰ, ১৯৭২ (৫৩ বছৰ)
চিলেট, বাংলাদেশ
ৰাষ্ট্ৰীয়তা ব্ৰিটিছ
ৰাজনৈতিক দল লিবাৰেল ডেম’ক্ৰেটচ্ (২০১৮ৰপৰা বৰ্তমানলৈ)
আন ৰাজনৈতিক
সম্পৰ্ক
লেবাৰ পাৰ্টি (ইউ কে) ২০১০ পৰ্যন্ত
স্বাধীন ৰাজনীতিবিদ (২০১০–২০১৪)
টাৱাৰ হেমলেটচ্ ফাৰ্ষ্ট (২০১৪–২০১৫)
স্বাধীন (ইণ্ডিপেণ্ডেট) (২০১৫)
টাৱাৰ হেমলেটচ্ ইণ্ডিপেণ্ডেট গ্ৰুপ(২০১৫-২০১৬)
পিপল’চ্ এলায়েঞ্চ অৱ টাৱাৰ হেমলেটচ্ (২০১৬-২০১৮)
দাম্পত্যসঙ্গী আমিনুৰ ৰছিদ খান (বি. ১৯৯২)
সন্তান
বাসস্থান হোৱাইটচেপেল, টাৱাৰ হেমলেটচ্, লণ্ডন, ইংলেণ্ড
পেচা লেখক, ঔপন্যাসিক, চলচ্চিত্ৰ প্ৰযোজক, নাট্যকাৰ, সৃষ্টিশীল পৰামৰ্শদাতা (ক্ৰিয়েটিভ কনচালটেণ্ট), , সমাজ কৰ্মী
জীৱিকা ৰাজনীতিবিদ
ৱেবছাইট rabina4mayor.com

ৰবীনা খান (ইংৰাজী: Rabina Khan; জন্ম ১৫ ছেপ্টেম্বৰ ১৯৭২) এগৰাকী বাংলাদেশী মূলৰ ব্ৰিটিছ লেখিকা, ৰাজনীতিবিদ, চেডৱেলৰ প্ৰাক্তন কাউন্সিলাৰ আৰু টাৱাৰ হেমলেটচ্ কাউন্সিলৰ হাউচিঙৰ কেবিনেট সদস্য। লগতে তেওঁ এগৰাকী সমাজকৰ্মী আৰু ‘আয়েচাচ্ ৰেইনব’ৰ’ লেখিকা। ২০১৫ চনত, খানে টাৱাৰ হেমলেটচ্ মেয়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল যদিও অকৃতকাৰ্য হৈছিল। তেওঁ পিপলচ্ এলায়েন্স অৱ টাৱাৰ হেমলেটচৰ নেতা আছিল আৰু ২০১৮ চনৰ ২৯ আগষ্ট তাৰিখে লিবাৰেল ডেমক্ৰেটচ্‌ত যোগদান কৰিছিল।[1][2][3]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

খানৰ দেউতাক কেণ্টৰ এগৰাকী মেচিন অপাৰেটৰ আছিল। বিয়াৰ বাবে তেওঁ বাংলাদেশলৈ উভতি গৈছিল। ৰবীনাৰ জন্ম হৈছিল চিলেটত আৰু তিনি বছৰ বয়সত তেওঁ মাকৰ সৈতে ইংলণ্ডলৈ গৈছিল।[4] কেণ্টৰ ৰচেষ্টাৰত ৰবীনা ডাঙৰ-দীঘল হৈছিল।[5] খান দম্পত্তিৰ পাঁচোটা সন্তানৰ ভিতৰত ৰবীনা আছিল আটাইতকৈ ডাঙৰ, তেওঁৰ এজন ভাতৃ আৰু তিনিজনী ভগ্নী আছিল।[4]

১৯৯২ চনত, ১৯ বছৰ বয়সত, এ-লেভেল অৰ্থাৎ স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পিছতে প্ৰশিক্ষাৰ্থী শিক্ষক আমিনুৰ ৰছিদ খানৰ (জন্ম ১৯৬৮) সৈতে ৰবীনাৰ বিবাহ সম্পন্ন হয় আৰু তেওঁলোক লণ্ডনৰ টাৱাৰ হেমলেটচলৈ স্থানান্তৰিত হয়।[4][6] প্ৰায় ২২ বছৰ বয়সৰপৰা খানে হিজাব পিন্ধিবলৈ আৰম্ভ কৰিছিল।

সামাজিক কাম

[সম্পাদনা কৰক]

কামৰ অভিজ্ঞতা থকা মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক প্লেচমেণ্ট কৰা কামটোৱেই আছিল খানৰ প্ৰথম চাকৰি।[5] ১৯৯১ চনৰপৰাই খানে আইল অৱ ডগছ তথা লণ্ডনৰ ইষ্ট এণ্ডৰ টাৱাৰ হেমলেটচ্ত সামাজিক কৰ্মী হিচাপে কাম কৰিছিল।[7] তেওঁ টাৱাৰ হেমলেটচ্ কাউন্সিলৰ হৈ সামাজিক আৰু শিক্ষা খণ্ডত কাম কৰিছিল আৰু চৰকাৰৰ হৈ, চৰকাৰৰ দ্বাৰা তৈয়াৰী, জাতিগত ভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ মহিলা আৰু যুৱতীসকলৰ বাবে বেথনেল গ্ৰীণ চিটি চেলেঞ্জৰ দৰে শিক্ষা আৰু সৱলীকৰণ প্ৰকল্প পৰিচালনা কৰিছিল। টাৱাৰ হেমলেটচৰ সামূহিক পদক্ষেপৰ সৈতেও তেওঁ জড়িত আছিল।[6][8] ২০১০ চনত তেওঁ প্ৰথমবাৰৰ বাবে ৰাজনীতিলৈ আহে আৰু টাৱাৰ হেমলেটচ্‌ কাউন্সিল ইলেকচনত লেবাৰ পাৰ্টিৰ হৈ মনোনয়ন আগবঢ়ায় আৰু বিজয়ী হয়।[9] ২০১৯ চনৰ ইউৰোপিয়ান ইলেকচনত তেওঁ লিবাৰেল ডেমক্ৰেটচ্‌ৰ হৈ প্ৰতিদন্দিতা কৰিছিল।[10]

লেখক হিচাপেও খানে নাম কৰিছিল। ৰেইনব’ হেণ্ডচ আছিল তেওঁৰ প্ৰথমখন উপন্যাস।[8]

খানক ৰয়েল লিটাৰেৰী ফাণ্ড মেণ্টৰিং আঁচনিত স্থান দিয়া হৈছিল আৰু ২০০৪ আৰু ২০০৫ চনৰ স্পিটাফিল্ডছ মহিলা সাহিত্য মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ সুবিধা দিয়া হৈছিল।[6][11] ২০০৫ চনত ৰেখা ৱাহিদৰ সৈতে লগলাগি তেওঁ এটা প্ৰেছ খুলিছিল।[4] তেওঁ বি বি চিকে ধৰি বহুকেইটা প্ৰখ্যাত কোম্পানীৰ সৃষ্টিশীল পৰামৰ্শদাতা হিচাপে কাম কৰিছিল।[12] চিলচিলা প্ৰডাকচন নামেৰে তেওঁ এটা টেলিভিচন প্ৰডাকচন কোম্পানীও প্ৰতিষ্ঠা কৰিছিল।[13]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Cllr Rabina Khan chooses different path to join Liberal Democrats". lovewapping.org (Wapping, London). 29 August 2018. Archived from the original on 14 January 2019. https://web.archive.org/web/20190114103641/http://lovewapping.org/2018/08/cllr-rabina-khan-chooses-different-path-to-join-liberal-democrats/.
  2. "Rabina Khan". London Liberal Democrats. Archived from the original on 2019-05-18. https://web.archive.org/web/20190518174408/https://www.londonlibdems.org.uk/rabina_khan আহৰণ কৰা হৈছে: 2019-05-26.
  3. "Interview: Rabina Khan". Novara Media. https://novaramedia.com/2015/05/19/rabina-khan-interview/ আহৰণ কৰা হৈছে: 2019-05-26.
  4. 1 2 3 4 Kemp, Charlotte (29 August 2009). "The veil should not be a barrier between women". The National (Abu Dhabi). http://www.thenational.ae/arts-culture/the-veil-should-not-be-a-barrier-between-women#full.
  5. 1 2 "Rabina Khan: Redefining Multiculturalism". Four Thought. BBC Radio 4. 17 October 2012. https://www.bbc.co.uk/programmes/b01nbq6b আহৰণ কৰা হৈছে: 3 December 2012.
  6. 1 2 3 "Rabina Khan: Biography". Authors OnLine Self Publishing. Archived from the original on 19 April 2013. https://archive.ph/20130419155116/http://www.authorsonline.co.uk/author/Rabina+Khan/ আহৰণ কৰা হৈছে: 8 November 2023.
  7. Saini, Angela (1 February 2007). "Racism in words". BBC News (London). https://www.bbc.co.uk/london/content/articles/2007/01/29/rabina_khan_feature.shtml.
  8. 1 2 "Author profile: Rabina Khan". Fore-word Press Ltd. 2005. Archived from the original on 12 February 2012. https://web.archive.org/web/20120212074143/http://www.fore-word.com/authorRabina.htm আহৰণ কৰা হৈছে: 1 May 2012.
  9. "Election results for Shadwell". Tower Hamlets Council. 6 May 2010. Archived from the original on 22 May 2019. https://web.archive.org/web/20190522230800/http://democracy.towerhamlets.gov.uk/mgElectionAreaResults.aspx?ID=12&RPID=5824444 আহৰণ কৰা হৈছে: 1 June 2015.
  10. Kahn, Rabina [@RabinaKhan] (12 September 2019). "I'm standing in Kensington to represent a constituency and its diverse needs, I respect the wishes of the majority of its residents to Remain in Europe. Together we can stop Brexit and bring a sense of harmony back to the constituency. #StopTheBrexit". https://twitter.com/RabinaKhan/status/1172250798748766216.
  11. "author Rabina Khan". fore-word press. Archived from the original on 15 August 2015. https://web.archive.org/web/20150815085855/http://fore-word.com/authorRabina.htm আহৰণ কৰা হৈছে: 1 August 2015.
  12. "Projects – Challenging Extremism". Silsila Productions. 21 May 2009. Archived from the original on 1 February 2014. https://web.archive.org/web/20140201234312/http://www.silsilaproductions.co.uk/Challenging%20Extremism.html আহৰণ কৰা হৈছে: 1 May 2012. Rabina Khan
  13. "Rabina Khan – Artists directory". Arts & Entertainment. Tower Hamlets. http://www.towerhamletsarts.org.uk/?cat=29&cid=29094&guide=Artists আহৰণ কৰা হৈছে: 1 May 2012.