সমললৈ যাওক

ৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যান

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যান ভূটানৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান, আৰু ৰাজকীয় চৰকাৰে ইয়াক "দেশখনৰ সংৰক্ষণ শ্ব'পিছ" আৰু মূল্যৱান উদ্ভিদৰ বাবে "জেনেটিক ডিপ'জিটৰী" বুলি গণ্য কৰে। ইয়াৰ আয়তন ১,০৫৭ বৰ্গ কিলোমিটাৰ (৪০৮ বৰ্গমাইল) আৰু ই পূব ছাৰপাং জিলা, ঝেমগাং জিলাৰ পশ্চিমৰ আধা অংশ আৰু পশ্চিম পেমাগাটছেল জিলাক সামৰি লৈছে। [1]

ই "জৈৱিক কৰিডৰ"ৰ জৰিয়তে ফিবছু বন্যপ্ৰাণী অভয়াৰণ্য, জিগমে ছিংগে ৱাংচুক ৰাষ্ট্ৰীয় উদ্যান, ফ্ৰুমচেংলা ৰাষ্ট্ৰীয় উদ্যান, আৰু জোমোটছাংখা বন্যপ্ৰাণী অভয়াৰণ্যৰ সৈতে সংযুক্ত হৈ আছে। ৰয়েল মানস দক্ষিণ দিশে অসমৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ সৈতেও পোনপটীয়াকৈ সংলগ্ন। ইউনেস্ক’ৰ অন্তৰ্ভুক্তিৰ বাবে ভূটানৰ পৰীক্ষামূলক তালিকাত (tentative list) ইয়াক সূচীবদ্ধ কৰা হৈছে।[1]

এই ৰাষ্ট্ৰীয় উদ্যানত জনসাধাৰণৰ প্ৰৱেশ নিষিদ্ধ।

  1. 1.0 1.1 "Royal Manas National Park". national-parks.org. https://national-parks.org/bhutan/royal-manas। আহৰণ কৰা হৈছে: 20 November 2024.