ৰাধিকা মেনন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাধিকা মেনন

ৰাষ্ট্ৰপতিৰ পৰা নাৰী শক্তি পুৰস্কাৰ গ্ৰহণ কৰা অৱস্থাত মেনন
জন্ম কোদুংগাল্লুৰ, কেৰালা
শিক্ষানুষ্ঠান সৰ্বভাৰতীয় মেৰিন কলেজ, কোচি
পেচা নৌ সেনা বিষয়া
জনা যায় ভাৰতীয় মাৰ্চেণ্ট নেভিৰ প্ৰথম গৰাকী মহিলা কেপ্টেইন।


ৰাধিকা মেনন এগৰাকী ভাৰতীয় মহিলা মাৰ্চেণ্ট নৌ সেনা বিষয়া। তেওঁ বৰ্তমান ভাৰতীয় মাৰ্চেণ্ট নেভিৰ কেপ্টেইন হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।[1] তেওঁ তেল সামগ্ৰীৰ টেংকাৰ সুৱৰ্ণ স্বৰাজ্যক নেতৃত্ব দিয়া ভাৰতীয় মাৰ্চেণ্ট নেভিৰ প্ৰথম গৰাকী মহিলা কেপ্টেইন। ২০১৬চনত ৰাধিকাই সাগৰত দেখুওৱা ব্যতিক্ৰমী সাহসিকতাৰ বাবে আইএমঅ' বঁটা লাভ কৰা প্ৰথম গৰাকী মহিলা হিচাপে পৰিগণিত হয়।[2] তেওঁ ২০১৫ চনৰ জুন মাহত সফলতাৰে বঙ্গোপসাগৰত চলোৱা উদ্ধাৰ অভিযানৰ বাবে সুপৰিচিত। এই অভিযানত তেওঁৰ নেতৃত্বত এসপ্তাহ ধৰি নাৱত আৱদ্ধ হৈ থকা সাতজন মাছমৰীয়াক উদ্ধাৰ কৰা হৈছিল।[3]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

ৰাধিকাই কেৰালাৰ কোদুংগাল্লুৰত জন্ম গ্ৰহণ কৰিছিল আৰু ইয়াতেই ডাঙৰ দীঘল হয়। তেওঁ কোচিৰ অল ইণ্ডিয়া মেৰিন কলেজত এটা ৰেডিঅ' পাঠ্যক্ৰম সম্পূৰ্ণ কৰি প্ৰথমতে ভাৰতীয় শিপিং কৰ্পোৰেচনত ৰেডিঅ' বিষয়া হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল।[4]


কেৰিয়াৰ[সম্পাদনা কৰক]

ভাৰতীয় শিপিং কৰ্পোৰেচনৰ সৈতে কিছুদিন কাম কৰাৰ পিছত তেওঁ ভাৰতীয় নৌ সেনাৰ এগৰাকী বিশিষ্ট কেডাৰ হৈ পৰে। ২০১২ চনত, তেওঁ ভাৰতীয় মাৰ্চেণ্ট নেভিৰ অধিনায়ক হিচাপে নিযুক্ত হৈছিল। ইয়াৰ লগেলগে মেনন ভাৰতীয় মাৰ্চেণ্ট নেভিৰ প্ৰথম গৰাকী মহিলা কেপ্টেইন হৈ পৰে। একে বছৰতে, তেওঁ প্ৰায় ২১,৮২৭ টন ওজনৰ তেল টেংকাৰ সুৱৰ্ণ স্বৰাজ্যৰ নেতা হিচাপে দায়িত্ব গ্ৰহণ কৰে।[5]

২০১৫ চনৰ জুন মাহত তেওঁ সন্মুখৰ পৰা নেতৃত্ব দিয়া তেওঁৰ সফল সাহসী উদ্ধাৰ অভিযানৰ বাবে তেওঁক ২০১৬ চনৰ নৱেম্বৰত আন্তৰ্জাতিক সামুদ্ৰিক সংগঠন বঁটা প্ৰদান কৰা হৈছিল। তেওঁ আৰু তেওঁৰ দলে সাগৰীয় ধুমুহাৰ ফলত ইঞ্জিন বিকল হোৱা আৰু নাওখন লংগৰ ভাঙি যোৱাৰ ফলত ডুব যোৱা নাওখনৰ সৈতে বংগোপসাগৰত আৱদ্ধ হৈ থকা সাতজন মাছমৰীয়াক উদ্ধাৰ কৰিছিল।[6][7][8] ভাৰত চৰকাৰে তেওঁক তেওঁৰ ৰাষ্ট্ৰীয় কৰ্তব্যক স্বীকৃতি দি প্ৰাসংগিক বঁটাৰ বাবে মনোনীত কৰিছিল আৰু লগতে আইএমঅ' সাহসিকতা বঁটা লাভ কৰা প্ৰথম গৰাকী মহিলা হিচাপে পৰিগণিত হৈছিল।[9]

ৰাধিকাই যুৱ মহিলা নাবিকসকলক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যৰে মুম্বাইত সহ-নৌ সেনা বিষয়া সুনীতি বালা আৰু শৰ্বনী মিশ্ৰৰ সৈতে ৩ নৱেম্বৰ ২০১৭ তাৰিখে আন্তৰ্জাতিক মহিলা নাবিক ফাউণ্ডেচন (আইডব্লিউএছএফ) প্ৰতিষ্ঠা কৰিছিল।[10][11][12]

২৯ ছেপ্টেম্বৰ ২০১৯ তাৰিখে তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কি বাত শৃংখলাৰ অংশ হিচাপে ভাৰত কি লক্ষ্মী হেচটেগ অভিযানত অংশগ্ৰহণ কৰিছিল। এই অভিযানত অংশগ্ৰহণ কৰাৰ বাবে তেওঁক ভাৰত চৰকাৰে সন্মানিত কৰে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Raise voice if faced with restrictions: Country's first woman merchant navy officer" (en ভাষাত). The Times of India. 5 March 2017. https://timesofindia.indiatimes.com/city/udaipur/women-should-raise-voice-when-faced-with-restrictions-nations-1st-female-merchant-navy-officer/articleshow/57471351.cms. 
  2. "Women in shipping – Radhika Menon, radio officer, Shipping Corporation of India – IHS Markit Safety at Sea". safetyatsea.net. https://safetyatsea.net/news/2018/women-in-shipping-radhika-menon-radio-officer-shipping-corporation-of-india/। আহৰণ কৰা হৈছে: 2019-11-01. 
  3. "Indian woman wins sea bravery award" (en-GB ভাষাত). 2016-11-22. https://www.bbc.com/news/world-asia-india-38063326. 
  4. "Meet Radhika Menon - India's First Female Merchant Navy Captain To Win A Top Bravery Award" (en ভাষাত). indiatimes.com. 2016-11-23. http://www.indiatimes.com/news/india/the-life-of-radhika-menon-india-s-first-female-merchant-navy-captain-to-win-top-bravery-award-266004.html। আহৰণ কৰা হৈছে: 2019-11-01. 
  5. "Know Captain Radhika Menon, the First Woman in the World to Win Bravery at Sea Award" (en-US ভাষাত). The Better India. 2016-07-11. https://www.thebetterindia.com/61249/captain-radhika-menon-merchant-navy-award-for-bravery/। আহৰণ কৰা হৈছে: 2019-11-01. 
  6. "At the helm: Captain Radhika Menon" (en ভাষাত). new.abb.com. https://new.abb.com/news/detail/16987/at-the-helm-captain-radhika-menon। আহৰণ কৰা হৈছে: 2019-11-01. 
  7. "Bravery award for India's first female Merchant Navy captain" (en ভাষাত). @businessline. https://www.thehindubusinessline.com/economy/logistics/bravery-award-for-indias-first-female-merchant-navy-captain/article9374744.ece। আহৰণ কৰা হৈছে: 2019-11-01. 
  8. Silva, Pramod De. "Women to the fore in seafaring" (en ভাষাত). Daily News. http://www.dailynews.lk/2019/09/25/features/197916/women-fore-seafaring। আহৰণ কৰা হৈছে: 2019-11-01. 
  9. "Indian Captain Radhika Menon Is First Woman To Get Bravery At Sea Award". NDTV.com. https://www.ndtv.com/india-news/captain-radhika-menon-to-receive-bravery-award-1429763। আহৰণ কৰা হৈছে: 2019-11-01. 
  10. "International Women Seafarer's Foundation established in Mumbai". www.marineinsight.com. Archived from the original on 2020-09-26. https://web.archive.org/web/20200926081909/https://www.marineinsight.com/marine/international-women-seafarers%E2%80%8B-foundation-%E2%80%8B%E2%80%8Blaunched-smooth-sailing-women-seafarers/। আহৰণ কৰা হৈছে: 2019-11-01. 
  11. "IMO pushes for gender equality with #IAmOnBoard Day of the Seafarer theme". Seatrade Maritime - Shipping, Maritime and Offshore Marine News. 2019-06-25. Archived from the original on 2019-11-01. https://web.archive.org/web/20191101084358/https://www.seatrade-maritime.com/news/europe/imo-pushes-for-gender-equality-with-iamonboard-day-of-the-seafarer-theme/। আহৰণ কৰা হৈছে: 2019-11-01. 
  12. "International Women Seafarers Foundation launched in Mumbai" (en-IN ভাষাত). The Indian Express. 2017-11-04. https://indianexpress.com/article/cities/mumbai/international-women-seafarers-foundation-launched-in-mumbai-4921804/। আহৰণ কৰা হৈছে: 2019-11-01.