ৰাশোমন প্ৰভাৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

ৰাশোমন প্ৰভাৱ হৈছে প্ৰত্যক্ষদৰ্শীৰ কুখ্যাত অবিশ্বস্ততাৰ সৈতে জড়িত এক বিশেষ অৱস্থাবাচক অভিধা। কোনো ঘটনাবিশেষৰ সৈতে জড়িত ব্যক্তিসকলৰ ঘটনাটোৰ সম্পৰ্কত দাঙি ধৰা পৰস্পৰবিৰোধী ব্যাখ্যাৰ বিষয়ে বুজাবলৈ ৰাশোমন প্ৰভাৱৰ অৱতাৰণা কৰা হয়।

প্ৰভাৱ[সম্পাদনা কৰক]

আকিৰা কুৰোছাৱাৰ ১৯৫০ চনৰ বিখ্যাত চলচ্চিত্ৰ ৰাশোমনৰ নাম অনুসৰি এই প্ৰভাৱক ৰাশোমন প্ৰভাৱ নামকৰণ কৰা হৈছে। এই চলচ্চিত্ৰখনত এক হত্যাকাণ্ডৰ চাৰিজন প্ৰত্যক্ষদৰ্শীয়ে একেটা ঘটনাৰে চাৰিটা পৰস্পৰবিৰোধী বৰ্ণনা আগবঢ়ায়। [1] এই পৰিভাষিক শব্দযুগলৰ জৰিয়তে পৰিস্থিতি সম্পৰ্কিত বিবৃতিৰ উদ্দেশ্য,পদ্ধতি আৰু সংঘটনৰ বিষয়ে বুজোৱা হয়। ঘটনাৱলীৰ বিবাদিত ব্যাখ্যা, ঘটনাৱলীৰ সাক্ষ্যৰ সম্পৰ্কে মতভেদ; আৰু মানৱ চেতনা, স্মৃতি আৰু বিবৃতিৰ ক্ষেত্ৰত আত্মপ্ৰসূততা বনাম বস্তুনিষ্ঠতাৰ স্থিতিকো ৰশোমন প্ৰভাৱৰ জৰিয়তে উদ্ভাসিত কৰা হয়।

আধুনিক বিদ্যায়তনিক অধ্যয়নৰ প্ৰসংগত ৰাশোমন প্ৰভাৱক "এক জ্ঞানতত্ত্বমূলক কাঠামোৰ নামকৰণ- অথবা জটিল আৰু অস্পষ্ট-অনিশ্চিত পৰিস্থিতিৰ বোধৰ বাবে প্ৰয়োজনীয় চিন্তা কৰা, জনা আৰু মনত ৰখাৰ ধৰণ" হিচাপে আখ্যায়িত কৰা হয়। [2]

এই পৰিভাষিক অভিধাৰ ইতিহাস, আৰু চলচ্চিত্ৰ, সাহিত্য, আইন শিক্ষা, মনস্তত্ব, সমাজতত্ব, আৰু বুৰঞ্জীৰ অধ্যয়নত ইয়াৰ ভিন ভিন ৰূপৰ বিন্যাসৰ ওপৰত ভিত্তি কৰি ২০১৫ চনত Blair Davis, Robert Anderson আৰু Jan Walls-ৰ সম্পাদনাত বহু লেখকৰ লেখাৰে সমৃদ্ধ এখন গ্ৰন্থ প্ৰকাশ হৈছিল। [3]

Valerie Alia-ই এই একে প্ৰভাৱকে "ৰাশোমন নীতি" ("The Rashomon Principle") নাম দিছিল, আৰু ১৯৭০ দশকৰ শেষৰ ফালৰ পৰা এই ৰূপক ব্যাপক ৰূপত ব্যৱহাৰ কৰিছিল। তেওঁ ১৯৮২ চনত সাংবাদিকতাৰ ৰাজনীতিৰ ওপৰত তেওঁৰ এক নিৱন্ধৰ জৰিয়তে ইয়াক প্ৰকাশ কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন] তেওঁ এই পৰিভাষিক অভিধা ১৯৯৭ চনৰ নিৱন্ধ "The Rashomon Principle: The Journalist as Ethnographer" আৰু ২০০৪ চনৰ গ্ৰন্থ Media Ethics and Social Change-ৰ মাধ্যমেৰে বিকশিত কৰিছিল। [4][5]

বৈজ্ঞানিক অন্তৰ্দৃষ্টিৰ ক্ষেত্ৰত এই নীতিৰ প্ৰয়োগৰ এক উপযোগী প্ৰদৰ্শন কাৰ্ল জি. হাইদৰ(Karl G. Heider)-ৰ ১৯৮৮ চনৰ এক নৃতাত্ত্বিক গৱেষণামূলক প্ৰৱন্ধত পোৱা যায়। [6] স্মৃতিৰ অনুচিন্তনৰ ক্ষেত্ৰত বোধগম্যতাৰ আত্মপ্ৰসূততাৰ প্ৰভাৱক বুজাবলৈ হাইদৰে এই অভিধাটো ব্যৱহাৰ কৰিছিল। ইয়াৰ জৰিয়তে কোনো ঘটনাবিশেষৰ ভিন ভিন পৰ্যবেক্ষকে ঘটনাটোৰ সম্পৰ্কত সমভাৱে বিশ্বাসযোগ্য বা সম্ভাৱনীয়, কিন্তু যথেষ্ট পৃথক বৃতান্ত বিৱৰণৰ পৰিস্থিতিক বুজোৱা হয়।

The Australian Institute for Progress Ltd v The Electoral Commission of Queensland & Ors (No 2)-ত Applegarth J-ই এইদৰে লিখিছে:

The Rashomon effect describes how parties describe an event in a different and contradictory manner, which reflects their subjective interpretation and self-interested advocacy, rather than an objective truth. The Rashomon effect is evident when the event is the outcome of litigation. One should not be surprised when both parties claim to have won the case.[7]
অসমীয়া ভাৱানুবাদ
ৰাশোমন প্ৰভাৱে কোনো ঘটনাবিশেষক বিভিন্ন অংশীদাৰসকলে কিদৰে ভিন-ভিন আৰু পৰস্পৰবিৰোধী ৰূপত বৰ্ণনাৰ জৰিয়তে বস্তুনিষ্ঠ সত্যৰ পৰিৱৰ্ত্তে তেওঁলোকৰ আত্মপ্ৰসূত উদ্ভাসন আৰু আত্মগৰজী অধিবক্তৃতাহে প্ৰতিফলিত কৰে, তাৰ ব্যাখ্যা দাঙি ধৰে। যেতিয়া সংঘটন কোনো আইনী মোকৰ্দমাৰ ফলাফলৰ সৈতে জড়িত হয় তেতিয়া ৰাশোমন প্ৰভাৱ পৰিস্ফুট হৈ উঠে। এনেক্ষেত্ৰত বিবাদিত দুয়োপক্ষই জয়লাভ দাবী কৰিলেও আচৰিত হ'বলগা নাথাকে। [7]

খ্ৰীষ্টপূৰ্ব প্ৰায় ৫০০ চনৰ জৈন ধৰ্মশাস্ত্ৰসমূহতো এই পৰিঘটনা বা সংবৃত্তি ব্যাখ্যায়িত হৈছে। ২৪ তম তীৰ্থংকৰ মহাবীৰে এই সংবৃত্তিক বুজাবলৈ অনেকান্তৱাদ (Anekandwada) আৰু শ্বায়দাৱাদ (Syadwada) অভিধা ব্যৱহাৰ কৰিছিল।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Davenport, Christian (2010). "Rashomon Effect, Observation, and Data Generation". Media Bias, Perspective, and State Repression: The Black Panther Party. প্ৰকাশক Cambridge, UK: Cambridge University Press. পৃষ্ঠা. 52–73, esp. 55. ISBN 9780521759700. https://archive.org/details/mediabiasperspec00dave. 
  2. Anderson, Robert (2016). "The Rashomon Effect and Communication". Canadian Journal of Communication খণ্ড 41 (2): 250–265. doi:10.22230/cjc.2016v41n2a3068. ISSN 0705-3657. 
  3. Rashomon Effects: Kurosawa, Rashomon and Their Legacies. Routledge Advances in Film Studies. প্ৰকাশক Abingdon, England: Routledge. 2015. ISBN 1138827096. https://books.google.com/books?isbn=131757463X। আহৰণ কৰা হৈছে: 28 September 2016.  See also the citation of individual chapters.
  4. Alia, Valerie (1997). "The Rashomon Principle: The Journalist as Ethnographer". Deadlines and Diversity: Journalism Ethics in a Changing World. প্ৰকাশক Halifax, CAN: Fernwood. ISBN 9781895686548. https://archive.org/details/deadlinesdiversi0000unse. 
  5. Alia, Valerie (2004). Media Ethics and Social Change. প্ৰকাশক Edinburgh, UK and New York City: Edinburgh University Press/Routledge US; Routledge US. ISBN 9780415971997. 
  6. Heider, Karl G. (March 1988). "The Rashomon Effect: When Ethnographers Disagree". American Anthropologist খণ্ড 90 (1): 73–81. doi:10.1525/aa.1988.90.1.02a00050. http://polaris.gseis.ucla.edu/gleazer/291B/Heider-Rashomon.pdf. 
  7. 7.0 7.1 সাঁচ:Cite AustLII.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]