ৰাষ্ট্ৰীয় কামিঙআউট দিৱস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাষ্ট্ৰীয় কামিংআউট দিৱস
ৰাষ্ট্ৰীয় কামিংআউট দিৱস
অন্য নাম National coming out day (NCD)
পালন কৰে এলজিবিটি সমাজ, সমকামিতা
প্ৰকাৰ আন্তৰ্জাতিক
তাৰিখ ১১ অক্টোবৰ
সম্পৰ্কিত কামিঙ আউট
অৱধি এক দিন
সংঘটন বাৰ্ষিক

ৰাষ্ট্ৰীয় কামিঙআউট দিৱস (ইংৰাজী: National comingout day) আন্তৰ্জাতিকভাৱে ১১ অক্টোবৰ তাৰিখে লেছবিয়ান, গে', বাইচেক্সুৱেল আৰু ট্ৰান্সজেণ্ডাৰ সকলৰ মানৱ অধিকাৰৰ ওপৰত সজাগতাৰ বাবে উদযাপন কৰা হয়। এই দিৱসটোত নিজৰ পৰিয়াল, সমনীয়া আৰু সহকৰ্মীৰ আগত কামিঙ আউট হৈ মুক্ত ভাবে জীয়াই থকাৰ বাবে সজাগতা অনা হয়।[1][2]

এই দিৱসৰ মতে হ'ম'ফবিয়া আৰু অন্য ৰোমাণ্টিক অভিমুখিতা আৰু যৌন অভিমুখিতা বিৰোধী কাৰ্য সমূহ অজ্ঞানতা আৰু অসচেতনতাৰ ফলত হয় আৰু কোনো ব্যক্তিৰ আত্মীয় যদি এলজিবিটি সমাজৰ হয় তেন্তে তেওঁ হ'ম'ফবিক, বাইফবিক আৰু ট্ৰান্সফ'বিক কৰ্মৰ পৰা বিৰত থকা দেখা যাওঁ।

আন্তৰ্জাতিক উদযাপন[সম্পাদনা কৰক]

আমেৰিকা যুক্তৰাষ্ট্ৰত মানৱ অধিকাৰ অভিযানে এই দিৱস ৰাষ্ট্ৰীয় প্ৰকল্প হিচাপে আৰম্ভ কৰিছিল যাৰ লক্ষ আছিল কামিঙ আউট কৰা আৰু গে' দম্পতী, অভিভাৱক, পিতৃমাতৃ, শিশু আৰু বিপৰীতকামী বন্ধু সকলক জ্ঞানসমূহ সমূহ প্ৰদান কৰা আৰু তেওঁলোকক মুক্ত ভাবে জীৱন যাপন কৰিবলৈ অধিকাৰ প্ৰদান কৰিবলৈ।[3]যিহেতু সৰ্ব প্ৰথমে এই দিৱস আমেৰিকা যুক্তৰাষ্ট্ৰত উদযাপন কৰা হৈছিল সেয়ে এই দিৱসক ৰাষ্ট্ৰীয় দিৱস বুলি কোৱা হয়। যদিও বৰ্তমান ই বিশ্বৰ ভিন্ন প্ৰান্তত উদযাপিত হৈছে।

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. | History of Coming Out & Themes of NCOD". Human Rights Campaign October 11, 2014
  2. Hoffman, Amy (2007) An Army of Ex-Lovers: My life at the Gay Community News. University of Massachusetts Press. pp.xi–xiii. ISBN 978-1558496217
  3. | History of Coming Out & Themes of NCOD". Human Rights Campaign October 11, 2014