ৰাষ্ট্ৰীয় ডেংগু দিৱস

অসমীয়া ৱিকিপিডিয়াৰ পৰা


ৰাষ্ট্ৰীয় ডেংগু দিৱস
ৰাষ্ট্ৰীয় ডেংগু দিৱস
ডেংগু বিয়পোৱা আইডিছ মহ
প্ৰকাৰ ৰাষ্ট্ৰীয়
তাৰিখ ১৬ মে’
উদযাপন সজাগতা সৃষ্টি
অৱধি এদিন
সংঘটন বাৰ্ষিক

ৰাষ্ট্ৰীয় ডেংগু দিৱস (ইংৰাজী: National Dengue Day) হৈছে এক ডেংগু সজাগতা দিৱস। ভাৰতত প্ৰতি বছৰে ১৬ মে’ তাৰিখে 'ৰাষ্ট্ৰীয় ডেংগু দিৱস' পালন কৰা হয়।[1] এয়া ডেংগু প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ব্যৱস্থাৰ বিষয়ে জনসাধাৰণক জ্ঞান দিয়াৰ উদ্দেশ্যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ এক পদক্ষেপ।[2] ভাৰতত আন দেশতকৈ ডেংগুৰ হাৰ বেছি। নগৰায়ন, ভ্ৰমণ, বাণিজ্য, জলবায়ু পৰিৱৰ্তন, ভাইৰাছৰ বিৱৰ্তন আদি বিভিন্ন কাৰকৰ বাবে এই ৰোগ হ’ব পাৰে। ফলপ্ৰসূ ভেকচিন আৰু ঔষধৰ চিকিৎসাৰ অনুপস্থিতিয়েও বিশ্বব্যাপী ডেংগুৰ বোজা বৃদ্ধি কৰিছে।

ডেংগু কি[সম্পাদনা কৰক]

ডেংগু হৈছে ডেংগু ভাইৰাছৰ দ্বাৰা হোৱা এক সংক্ৰমণ, যিটো সংক্ৰমিত মহৰ কামোৰৰ দ্বাৰা মানুহলৈ বিয়পে, মূলতঃ এই মহ ইডিছ এজিপ্টি প্ৰজাতিৰ। ই এক সংক্ৰমণজনিত ৰোগ যিয়ে বিশ্বৰ গ্ৰীষ্মমণ্ডলীয় আৰু উপগ্ৰীষ্মমণ্ডলীয় অঞ্চল বিশেষকৈ সৰু-ডাঙৰ চহৰ অঞ্চলৰ লোক ইয়াৰ দ্বাৰা আক্ৰান্ত হয়।[3]

তাৎপৰ্য[সম্পাদনা কৰক]

যিহেতু ডেংগু ১০০খনতকৈও অধিক দেশত এক স্থানীয় ৰোগ হৈ আছে, সেয়েহে মানুহে এই ৰোগৰ পৰিণতি আৰু ইয়াৰ সংক্ৰমণ ৰোধ কৰিবলৈ ল’বলগীয়া ব্যৱস্থাসমূহ বুজাটো গুৰুত্বপূৰ্ণ। ৰাষ্ট্ৰীয় পৰ্যায়ত এই ৰোগ সম্পৰ্কে সজাগতা বৃদ্ধিৰ বাবে ৰাষ্ট্ৰীয় ডেংগু দিৱস উৎসৰ্গিত আৰু চৰকাৰে ৰোগ নিৰীক্ষণ কাৰ্যসূচী আৰু ডেংগু ধৰা পৰিলে মানি চলিবলগীয়া কাৰণ, লক্ষণ, আৰু প্ৰট’কলৰ বিষয়ে জনশিক্ষাক জোৰ দিবলৈ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰে।[4]

তথ্যসূত্ৰ[সম্পাদনা কৰক]