সমললৈ যাওক

ৰাষ্ট্ৰীয় মহিলা আয়োগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাষ্ট্ৰীয় মহিলা আয়োগ
প্ৰতিষ্ঠা ১৯৯২
ধৰণ চৰকাৰী
প্ৰধান  কাৰ্যালয় নতুন দিল্লী, ভাৰত
সেৱা  ক্ষেত্ৰ ভাৰত
অধ্যক্ষ ৰেখা শৰ্মা
ৱেবছাইট ncw.nic.in

ৰাষ্ট্ৰীয় মহিলা আয়োগ ভাৰত চৰকাৰে স্থাপন কৰা এক সাংবিধানিক আয়োগ। ই মহিলাক প্ৰভাৱিত কৰা নীতি সমূহৰ বিষয়ে ভাৰত চৰকাৰক পৰামৰ্শ আগবঢ়ায়। ইয়াৰ লগতে ই মহিলাৰ সাংবিধানিক অধিকাৰৰ হকে কাম কৰে আৰু আইনী সাহায্য প্ৰদান কৰে। ১৯৯২ চনৰ জানুৱাৰী মাহত ভাৰতৰ সংবিধানৰ নিৰ্দেশনা মৰ্মে ভাৰতীয় সংসদে ৰাষ্ট্ৰীয় মহিলা আয়োগ, ১৯৯০ বিধেয়কৰ যোগেৰে ৰাষ্ট্ৰীয় মহিলা আয়োগ প্ৰতিষ্ঠা কৰে।[1][2] ইয়াৰ ৰাজ্যিক স্তৰত থকা শাখাক ৰাজ্যিক মহিলা আয়োগ বোলে। ৰাষ্ট্ৰীয় মহিলা আয়োগৰ প্ৰথম অধ্যক্ষ আছিল জয়ন্তী পটনায়ক। ইয়াৰ মুখ্য কাৰ্যালয় নতুন দিল্লীৰ দীনদয়াল মাৰ্গৰ নিৰ্ভয়া ভৱনত অৱস্থিত আৰু বৰ্তমান অধ্যক্ষ ৰেখা শৰ্মা।[3]

কাৰ্যকলাপ

[সম্পাদনা কৰক]

ৰাষ্ট্ৰীয় মহিলা আয়োগৰ মুখ্য উদ্দেশ্য হৈছে মহিলাৰ অধিকাৰৰ বাবে প্ৰতিনিধিত্ব কৰা। ইয়াৰ লগতে তেওঁলোকৰ দাবী আৰু চিন্তাৰ এক মঞ্চ প্ৰদান কৰা। তেওঁলোকৰ মুখ্য বিষয় সমূহ হ'ল, যৌতুক, ৰাজনীতি, কৰ্মত মহিলাৰ সমান প্ৰতিনিধিত্ব আৰু কৰ্মক্ষেত্ৰত মহিলাৰ শোষণ ইত্যাদি। ইয়াৰ লগতে আৰক্ষীয়ে মহিলাৰ প্ৰতি কৰা দুৰ্ব্যৱহাৰৰ বিৰুদ্ধেও ৰাষ্ট্ৰীয় মহিলা আয়োগে মাত মাতে।[4]

আয়োগে নিয়মীয়াকৈ ইংৰাজী আৰু হিন্দী ভাষাত "ৰাষ্ট্ৰীয় মহিলা" নামেৰে পত্ৰিকা প্ৰকাশ কৰে।[5]

কাৰ্যকলাপ আৰু অধিকাৰ

[সম্পাদনা কৰক]

ৰাষ্ট্ৰীয় মহিলা আয়োগে সংবিধান বা অন্য আইনৰ অন্তৰ্গত মহিলাৰ বাবে উপলব্ধ সুৰক্ষাৰ নিৰীক্ষণ কৰে। ইয়াৰ লগতে চৰকাৰী নীতি সমূহে মহিলাৰ ওপৰত কেনেকুৱা প্ৰভাৱ পেলাব সেই বিষয়ে অধ্যয়ন কৰে। আয়োগে চৰকাৰক মহিলাৰ হিতৰ বাবে পৰামৰ্শদাতা হিচাপে কাম কৰে। নতুন বিধেয়কৰ যিকোনো প্ৰকাৰৰ অপৰ্যায়তা দূৰ কৰিবলৈ বিধেয়কৰ সংশোধনৰ পৰামৰ্শ প্ৰদান কৰে।

আয়োগে মহিলাৰ অভিযোগ সমূহত বিশেষভাৱে ধ্যান দিয়ে। তেওঁলোকৰ লগত যেন অন্যায় নহওক তাৰ প্ৰতি আয়োগ সদা সচেতন। তদুপৰি আয়োগে অভিযোগ সমূহ সংশ্লিষ্ট বিষয়াৰ ধ্যান আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে। সমাজত মহিলাৰ প্ৰতি থকা ভেদভাব সমূহ দূৰ কৰিবলৈ ৰাষ্ট্ৰীয় মহিলা আয়োগ সদা প্ৰস্তুত। মহিলাৰ ওপৰত কৰা অত্যাচাৰৰ বাবে উন্মুক্ত হোৱা সমস্যা সমূহ আয়োগে চিনাক্ত কৰি ৰোধ কৰিবলৈ চেষ্টা কৰে। মহিলাৰ আৰ্থ-সামাজিক দিশত সৰ্বাংগীণ উন্নতিৰ বাবে ৰাষ্ট্ৰীয় মহিলা আয়োগে কাম কৰে। ইয়াৰ লগতে চৰকাৰী আঁচনি আৰু যোজনাৰ সঠিক ৰূপায়ণ আৰু তাৰ ফলত হোৱা লাভালাভৰ মূল্যাংকনত আয়োগে সহায়তা আগবঢ়ায়।

তদুপৰি মহিলাক আইনী সাহায্য প্ৰদান কৰা আয়োগৰ অন্যতম উদ্দেশ্য। আয়োগে কাৰাগাৰ, ৰিমাণ্ড হম আদিত যত মহিলা সকলক ৰখা হয়, তেনে স্থানক নিৰীক্ষণ কৰে। যদি কিবা অনিয়ম দেখে তেন্তে তাৰ বিৰুদ্ধে মাত মাতে। সংবিধান আৰু অন্য আইন সমূহৰ পৰা মহিলাক ৰক্ষা কৰিবলৈ যিকোনো গোচৰ নিৰীক্ষণ কৰিবলৈ আয়োগৰ দেৱানী আদালতৰ সমান অধিকাৰ প্ৰদান কৰা হৈছে।

অধ্যক্ষসমূহৰ তালিকা

[সম্পাদনা কৰক]
২০০৫ চনৰ ৬ জানুৱাৰী তাৰিখে গুৱাহাটীত প্ৰেছৰ সন্মুখত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ ড॰ পূৰ্ণিমা আদৱানী

ৰাষ্ট্ৰীয় মহিলা আয়োগৰ প্ৰতিষ্ঠাৰে পৰা বৰ্তমানলৈ অধ্যক্ষৰ তালিকা হ'ল- [6]

নংনামআৰম্ভণিঅন্ত
জয়ন্তী পটনায়ক৩ ফেব্ৰুৱাৰী ১৯৯২৩০ জানুৱাৰী ১৯৯৫
ভি. মোহিনী গিৰী২১ জুলাই ১৯৯৫২০ জুলাই ১৯৯৮
বিভা পাৰ্থসাৰথি১৮ জানুৱাৰী ১৯৯৯১৭ জানুৱাৰী ২০০২
ড॰ পূৰ্ণিমা আদৱানী২৫ জানুৱাৰী ২০০২২৪ জানুৱাৰী ২০০৫
ড॰ গিৰিজা ব্যাস[7]১৬ ফেব্ৰুৱাৰী ২০০৫১৫ ফেব্ৰুৱাৰী ২০০৮
ড॰ গিৰিজা ব্যাস৯ এপ্ৰিল ২০০৮৮ এপ্ৰিল ২০১১
মমতা শৰ্মা[8]২ আগষ্ট ২০১১১ আগষ্ট ২০১৪
ললিতা কুমাৰামগলাম২৯ ছেপ্টেম্বৰ ২০১৪২৮ ছেপ্টেম্বৰ ২০১৭
ৰেখা শৰ্মা ৭ আগষ্ট ২০১৮ বৰ্তমানলৈ

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "NCW :: About NCW". National Commission for Womenncw.nic.in. http://ncw.nic.in/frmAboutUS.aspx আহৰণ কৰা হৈছে: 28 September 2014.
  2. Act No. 20 of 1990 of Govt. of India
  3. http://ncw.nic.in/frmcurrentcommission.aspx
  4. http://www.indiatogether.org/2006/may/wom-ncw.htm
  5. http://ncw.nic.in/publications.htm
  6. "NCW::Chairpersons of the Commission". National Commission for Womenncw.nic.in. http://ncw.nic.in/frmListChairpersons.aspx আহৰণ কৰা হৈছে: 28 September 2014.
  7. "Girija Vyas is new NCW chairperson - The Times of India". timesofindia.indiatimes.com. 9 February 2005. Archived from the original on 29 October 2013. https://web.archive.org/web/20131029211628/http://articles.timesofindia.indiatimes.com/2005-02-09/india/27847765_1_ncw-girija-vyas-rajasthan-congress আহৰণ কৰা হৈছে: 19 September 2014.
  8. "Mamta Sharma is NCW chief". The Hindu (New Delhi). 3 August 2011. ISSN 0971-751X. http://www.thehindu.com/news/national/mamta-sharma-is-ncw-chief/article2316551.ece আহৰণ কৰা হৈছে: 19 September 2014.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]