ৰুখমাবাই
ৰুখমাবাই | |
---|---|
জন্ম | ২২ চেপ্তেম্বৰ ১৮৬৪ |
মৃত্যু | ২৫ চেপ্তেম্বৰ ১৯৫৫ |
পেচা | চিকিৎসক, নাৰীমুক্তি |
ৰুখমাবাই (ইংৰাজী: Rukhmabai ; ২২ নবেম্বৰ ১৮৬৪- ২৫ চেপ্তেম্বৰ ১৯৫৫) এগৰাকী ভাৰতীয় চিকিৎসক আৰু নাৰীবাদী আছিল। তেওঁ উপনিবেশ ভাৰতবৰ্ষৰ চিকিৎসা বৃত্তিত জড়িত প্ৰথম নাৰী চিকিৎসক আছিল। লগতে তেওঁক ১৮৮৪ চনৰ পৰা ১৮৮৮ চনলৈ চলা শিশু কন্যা বিবাহৰ এটা যুগান্তকাৰী গোচৰত জড়িত হোৱাৰ বাবে বিশেষবাবে জনা যায়। এই গোচৰটোৱে ব্ৰিটিছ ভাৰত আৰু ইংলেণ্ড বিভিন্ন বিষয়ৰ ওপৰত, বিশেষকৈ আইন বনাম পৰম্পৰা, সামাজিক সংস্কাৰ বনাম ৰক্ষণশীলতা আৰু নাৰীবাদ ৰাজহুৱা বিতৰ্কৰ সৃষ্টি কৰিছিল। অৱশেষত ইয়ে ১৮৯১ চনৰ সন্মতিৰ বয়স আইন (Age of Consent Act, 1891) গৃহীত হোৱাৰ বাট মুকলি কৰিছিল।[1]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]ৰুখমাবাই এটা মাৰাঠী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ দেউতাকৰ নাম আছিল পাণ্ডুৰঙ্গ আৰু মাকৰ নাম আছিল জয়ন্তীবাই। তেওঁৰ দুবছৰ বয়সতে দেউতাক পাণ্ডুৰঙ্গৰ মৃত্যু হয়। মাকৰ তেতিয়া বয়স মাত্ৰ সোতৰ বছৰ। গিৰিয়েকৰ মৃত্যুৰ পিছত জয়ন্তীবায়ে বোম্বেৰ বিখ্যাত চিকিৎসক আৰু সমাজকৰ্মী বিপত্নীক ডাঃ সখাৰাম অৰ্জুনক বিবাহ কৰায়।[1]
এঘাৰ বছৰ বয়স হোৱাত ৰুখমাবাইক সখাৰাম অৰ্জুনৰে সম্পৰ্কীয় ভায়েক ঊনৈশ বছৰীয়া ভায়েক দাদাজী ভিকাজীৰ সৈতে বিয়া দিয়ে। চুক্তি কৰা হয় যে ভিকাজী ঘৰজোঁৱাই হৈ থাকিব। বিয়াৰ ছমাহ পাছতে ৰুখমাবাই বয়ঃসন্ধিত উপনীত হয়। ইয়াৰ পিছতে পৰম্পৰাগত গৰ্ভধান অনুষ্ঠানৰ আয়োজন কৰা হয়। গৰ্ভধান অনুষ্ঠানৰ পিছতে স্বামী-স্ত্ৰীয়ে সহবাস কৰিব পাৰে। কিন্তু সখাৰাম নিজেই এজন প্ৰখ্যাত চিকিৎসক আৰু সংস্কাৰবাদী প্ৰৱণতাৰ ব্যক্তি হোৱা বাবে ইমান কম বয়সতে সতীয়া জীয়েকক সহবাস কৰাৰ অনুমতি নিদিলে।[1]
ইয়াতে দাদাজী ভিকাজী ৰুষ্ট হয়। ভিকাজীৰ মাকৰ মৃত্যু হোৱাত তেওঁ সখাৰাম অৰ্জুনৰ ঘৰখন এৰি মোমায়েক নাৰায়ণ ধুৰমাজীৰ ঘৰত থাকিবলৈ গুছি যায়।[1]
ইফালে একে সময়তে ৰুখমাবায়ে ফ্ৰি চাৰ্চ মিচন গ্ৰন্থাগাৰৰ পৰা কিতাপ-পত্ৰ নি ঘৰতে পঢ়িবলৈ ল’লে। ধৰ্মীয় আৰু সামাজিক সংস্কাৰকসকলৰ সৈতে থকা তেওঁৰ সতীয়া পিতৃৰ সম্পৰ্ক থকাৰ বাবে তেৱোঁ বিষ্ণু শাস্ত্ৰী পণ্ডিতৰ দৰে বহুতো বিশিষ্ট্য লোকৰ সংস্পৰ্শলৈ আহিল। ইউৰোপীয় পুৰুষ-মহিলাসকলৰ সৈতে হোৱা সংস্পৰ্শই তেওঁ উদাৰ সংস্কাৰবাদৰ সৈতে পৰিচিত কৰায়। তেওঁ নিয়মীয়াকৈ মাকৰ সৈতে প্ৰাৰ্থনা সমাজৰ সাপ্তাহিক বৈঠকত উপস্থিত থাকিবলৈ ল'লে।[2][3]
বাৰ বছৰ বয়সীয়া ৰুখমাবায়ে ভিকাজীৰ সৈতে বসবাস কৰিবলৈ অস্বীকাৰ কৰে। তেওঁৰ এই মনোভাৱক সতীয়া দেউতাকেও সমৰ্থন কৰিলে।[1]
ভিকাজী বনাম ৰুখমাবাই গোচৰ
[সম্পাদনা কৰক]১৮৮৪ চনৰ মাৰ্চত ভিকাজীয়ে আইনজীৱী চক আৰু ৱাকাৰৰ যোগেদি ৰুখমাবাইৰ সৈতে সম্পৰ্ক কৰাত বাধা নিদিবলৈ সখাৰাম অৰ্জুনলৈ এখন আইনী জাননী প্ৰেৰণ কৰে। প্ৰত্যুত্তৰত অৰ্জুনেও আইনজীৱী পেইন-গিলবাৰ্ট আৰু চায়নীৰ যোগেদি ৰুখমাবাই কিয় ভিকাজীৰ সৈতে নাথাকে, তাৰ কাৰম দৰ্শায়।[4]
১৮৮৫ চনত আদালতত ভিকাজী বনাম ৰুখমাবাই ১৮৮৫ শিৰোনামেৰে বিবাহ সংক্ৰান্তিয় অধিকাৰ পুনঃস্থাপনাৰ শুনানী লোৱা হয়। বিচাৰপতি ৰবাৰ্ট হিৱ পিনহিয়ে ৰায়দান কৰি কৰি কয় যে এই ক্ষেত্ৰত অধিকাৰ পুনঃস্থাপনাৰ ইংৰাজ আইন এই ক্ষেত্ৰ প্ৰযোজ্য নহয়। কাৰণ ইংৰাজ আইন সন্মতি থকা প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰতহে প্ৰযোজ্য। হিন্দু আইনৰ ক্ষেত্ৰতো ইয়াৰ কোনো উদাহৰণ বিচাৰি পোৱা নগ’ল। তেওঁ ঘোষণা কৰে যে ‘শৈশৱৰ অসহায় অৱস্থা’ত ৰুখমাবাইক বিয়া দিয়া হৈছিল আৰু এতিয়া এগৰাকী যুৱতী নাৰীক তেওঁ জোৰ জৱৰদস্তী কৰিব নোৱাৰে।[5]
এই ৰায়ে সমাজৰ বিভিন্ন স্তৰত বিতৰ্কৰ সৃষ্টি কৰিছিল।[6] বিশ্বনাথ নাৰায়ণ মান্দলিকৰ এখন ইঙ্গ-মাৰাঠী সাপ্তাহিকে ভিকাজীৰ পক্ষ লৈছিল। পুণেৰ পৰা প্ৰকাশিত বাল গঙ্গাধৰ তিলকৰ সাপ্তাহিক পত্ৰিকা মাহৰাট্টাই লিখিছিল যে ন্যায়াধীশ পিনহি হিন্দু আইনৰ আত্মাৰ বিষয়ে জ্ঞাত নহয় আৰু সেয়েহে তেওঁ সহিংস উপায়ে ইয়াৰ সংস্কাৰ বিচাৰিছে। বিচাৰৰ সময়চোৱাত টাইমছ্ অফ ইণ্ডিয়াত এজনী হিন্দু নাৰী ছদ্মনামেৰে এলানি প্ৰবন্ধ প্ৰকাশিত হৈছিল। ১৮৮৭ চনত ন্যায়াধীশ ফাৰানে হিন্দু আইনৰ ব্যাখ্যা ব্যৱহাৰ কৰি আদেশ দিয়ে যে হয় ৰুখমাবাই ভিকাজীৰ সৈতে বাস কৰক, নহয় ছমাহ কাৰাবৰণ কৰক। ৰুখমাবায়ে ছমাহ কাৰাবৰণ কৰাটোকে উচিত বুলি বিবেচনা কৰিলে। ইয়াৰ ফলত আৰু সামাজিক বিতৰ্কৰ সৃষ্টি হয়। বালগংগাধৰ তিলকে কেশৰীত লিখিলে যে এয়া ইংৰাজী শিক্ষাৰে ফল। হিন্দু এতিয়া বিপদগ্ৰস্ত। অন্যহাতে মেক্সমুলাৰে লিখিছিল যে লিখিছিল যে আইনৰ পথেৰে এই বিবাদৰ অন্ত নপৰিব। ৰুখমাবাইৰ শিক্ষাই তেওঁক নিজৰ পছন্দৰ শ্ৰেষ্ঠ বিচাৰক কৰি গঢ়ি তুলিছে।[2][7]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 Chandra, Sudhir (2008) (en ভাষাত). Enslaved Daughters: Colonialism, Law and Women's Rights. Oxford University Press. doi:10.1093/acprof:oso/9780195695731.001.0001. ISBN 978-0-19-569573-1. http://www.oxfordscholarship.com/view/10.1093/acprof:oso/9780195695731.001.0001/acprof-9780195695731.
- ↑ 2.0 2.1 Anagol-Mcginn, Padma (1992). "The Age of Consent Act (1891) Reconsidered: Women's Perspectives and Participation in the Child-Marriage Controversy in India". South Asia Research খণ্ড 12 (2): 100–118. doi:10.1177/026272809201200202.
- ↑ Burton, Antoinette (1998-03-30) (en ভাষাত). At the Heart of the Empire: Indians and the Colonial Encounter in Late-Victorian Britain. University of California Press. ISBN 978-0-520-91945-7. https://books.google.com/books?id=KCdeI2FMsp0C.
- ↑ Chandra, Sudhir (2008). "Rukhmabai and Her Case". In Chandra, Sudhir. Enslaved Daughters. Oxford University Press. পৃষ্ঠা. 15–41. doi:10.1093/acprof:oso/9780195695731.003.0001. ISBN 9780195695731.
- ↑ Lahiri, Shompa (2013-10-18). Indians in Britain: Anglo-Indian Encounters, Race and Identity, 1880-1930. Routledge. পৃষ্ঠা. 13–. ISBN 9781135264468. https://books.google.com/books?id=sfGOAQAAQBAJ&pg=PA13। আহৰণ কৰা হৈছে: 4 March 2014.
- ↑ Chandra, Sudhir (1996). "Rukhmabai: Debate over Woman's Right to Her Person". Economic and Political Weekly খণ্ড 31 (44): 2937–2947.
- ↑ Robb, George; Erber, Nancy (1999). Disorder in the Court: Trials and Sexual Conflict at the Turn of the Century. Springer. পৃষ্ঠা. 42–44.