ৰেৱতী ফুল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰেৱতী ফুল
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Fabales
পৰিয়াল: Fabaceae
গণ: Cassia
প্ৰজাতি: C. roxburghii
বৈজ্ঞানিক নাম
Cassia roxburghii
DC.
সমাৰ্থক[1]
  • Cassia javanica sensu Bojer
  • Cassia marginata Roxb.
  • Cathartocarpus marginatus G.Don
  • Cathartocarpus roxburghii (DC.) Loudon

ৰেৱতী ফুল (বৈজ্ঞানিক নাম: Cassia roxburghii) হৈছে Fabaceae পৰিয়ালৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদ।[2] ইয়াক ইংৰাজীত ‘ৰেড কেচিয়া’ (Red cassia), ‘ৰক্সবাৰ্ঘছ কেছিয়া’ (Roxburgh's cassia), আৰু ‘চাইক্লন ছেন্না’ (Ceylon senna) বোলি কয়।[3] ই দক্ষিণপূৱ এছিয়া আৰু ভাৰত উপমহাদেশৰ থলুৱা উদ্ভিদ। ইয়াক সমগ্ৰ দক্ষিণ ভাৰত আৰু শ্ৰীলংকাত পোৱা যায়।[4]

ইয়াৰ লেটিন বৈজ্ঞানিক পদাংশ roxburghiiয়ে স্কটীয় উদ্ভিদবিদ উইলিয়াম ৰক্সবাৰ্ঘক বুজায়।[5]

বিৱৰণ[সম্পাদনা কৰক]

ৰেৱতী এজোপা মধ্যম আকাৰৰ গছ, প্ৰায় 15–20 মিটাৰ (49–66 ফুট) ওখ গছজোপাৰ ডাল-পাত বহলকৈ মেলখোৱা ধৰণৰ। পাতবোৰ গুলপীয়া বা কমলাৰঙৰ থুপি থুপি 15–60 cm (5.9–24 in) দীঘল, তিনিৰ পৰা পাঁচযোৰা উপ-পত্ৰথকা ঠাৰিযুক্ত, প্ৰত্যেক উপ-পত্ৰ 7–21 cm (2.8–8.3 in) দীঘল 4–9 cm (1.6–3.5 in) বহল। ফুলৰ পাহিবোৰ 4–7 cm (1.6–2.8 in) বহল আৰু ৰঙাৰ পৰা গুলপীয়া ৰঙৰ। ফল দীঘল, গোটা, চিৰা চিৰাকৈ লাগে।

চিত্ৰ সম্ভাৰ[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "আৰ্কাইভ কপি". Archived from the original on 2019-05-07. https://web.archive.org/web/20190507063618/http://www.theplantlist.org/tpl1.1/record/ild-1108। আহৰণ কৰা হৈছে: 2019-05-07. 
  2. http://davesgarden.com/guides/pf/go/67895/
  3. http://www.flowersofindia.net/catalog/slides/Red%20Cassia.html
  4. http://mobile.floridata.com/Plants/Fabaceae/Cassia%20roxburghii/876
  5. Stearn, William (1973). A Gardenerer's Dictionary of Plant Names (Revised সম্পাদনা). প্ৰকাশক London: Cassell (published 1963). পৃষ্ঠা. 278. ISBN 0304937215.