ৱাংখেই ফি
ৱাংখেই ফি | |
---|---|
ভৌগোলিক স্বীকৃতি | |
বৰ্ণনা | বস্ত্ৰ |
প্ৰকাৰ | হস্তশিল্প |
অঞ্চল | মণিপুৰ |
দেশ | ভাৰত |
পঞ্জীয়ন | ১৯ ডিচেম্বৰ ২০১১ |
উপাদান | বগা কপাহ |
ৱাংখেই ফি (ইংৰাজী: Wangkhei Phee) ভাৰতৰ মণিপুৰ ৰাজ্যত বগা কপাহৰ দ্বাৰা নিৰ্মিত একপ্ৰকাৰৰ পাৰম্পৰিক বস্ত্ৰ। সামগ্ৰীৰ ভৌগোলিক স্বীকৃতি (পঞ্জীয়ন আৰু সুৰক্ষা) আইন, ১৯৯৯ অনুসৰি ইয়াক মণিপুৰৰ পৰা ভৌগোলিক স্বীকৃতি প্ৰাপ্ত হস্তশিল্প হিচাপে পঞ্জীয়ন কৰা হৈছে। ৱাংখেই ফি একপ্ৰকাৰৰ স্বচ্ছ বস্ত্ৰ। কাপোৰখনৰ গোটেই গাত পাৰম্পৰিক নক্সা আৰু ডিজাইন ব্যৱহাৰ কৰা হয়। বিবাহ অনুষ্ঠান আৰু অন্যান্য উৎসৱত বাবে মণিপুৰৰ মহিলাসকলে ইয়াক পৰিধান কৰে।[1]
ইতিহাস
[সম্পাদনা কৰক]ৱাংখেই ফি মূলতঃ মণিপুৰৰ ৰাজপৰিয়ালে ব্যৱহাৰৰ বাবে মছলিন কাপোৰত তৈয়াৰ কৰা হৈছিল। শিপিনীসকলক তেতিয়া প্ৰাসাদৰ ওচৰৰ ৱাংখেই কলনীত ৰখা হৈছিল কিন্তু এতিয়া মণিপুৰৰ বহুঠাইত তৈয়াৰ কৰা হয়।[1]
বিৱৰণ
[সম্পাদনা কৰক]ৱাংখেই ফি অতি সূক্ষ্ম বগা কপাহৰ সূতাৰ সৈতে ঘনকৈ বোৱা গাঁথনিৰে তৈয়াৰ কৰা হয়। এই কাপোৰবিধ "সম্পূৰ্ণৰূপে স্বচ্ছ।" ইয়াৰ কিছুমান পৰম্পৰাগত ডিজাইন বা শৈলী আছে। ইয়াৰ ডিজাইনবোৰ খেইৰোইথেক, থাংজিংটাংখাই, কাবোকচাইবা আৰু আন কেইবাটাও নামৰ আছে। ইয়াৰ দুয়োটা দীঘৰ সীমাত মইৰাং ফিৰ ডিজাইন আছে। ৱাংখেই ফি বিলাসবহুল কাপোৰ বুলি জনা জাত। ই বিবাহ অনুষ্ঠান আৰু উৎসৱৰ সময়ত মহিলাসকলে ব্যৱহাৰ কৰা এক জনপ্ৰিয় পোছাক।[1]
সূতা তৈয়াৰ কৰাৰ বাবে ব্যৱহৃত আঁহ "লেচিং" (কপাহৰ বল) আৰু "কাব্ৰাং"ৰ (নুনি গছৰ লেটা) পৰা আহৰণ কৰা হয়। ইয়াক স্থানীয়ভাৱে "সন্তক" (বৈজ্ঞানিক নাম:Urtica sp.) বুলি জনা জাত গছৰ প্ৰজাতিৰ বাকলিৰ পৰা সংগ্ৰহ কৰা হয়। স্থানীয় আঁহসমূহ সূতালৈ ৰূপান্তৰ কৰা হয় আৰু তাৰ পিছত উদ্ভিদ, বাকলি, পাত আৰু ফুলৰ নিষ্কাশন ব্যৱহাৰ কৰি প্ৰাকৃতিক ৰং কৰা হয়। ৰং কৰা সূতাখিনি চাউলৰ মাৰত জুবুৰীয়াই পিছত বাঁহৰ লাঠিৰ সহায়ত প্ৰসাৰিত কৰা হয়। কাপোৰত সূক্ষ্ম প্ৰকাৰৰ কপাহ ব্যৱহাৰ কৰা হয়।[1]
বয়ন প্ৰক্ৰিয়াত শ্বাটলৰ ব্যৱহাৰৰ ওপৰত আধাৰিত কৰি দুটা পদ্ধতি অন্তৰ্ভুক্ত থাকে: ফ্লাই শ্বাটল তাঁত আৰু থ্ৰো শ্বাটল তাঁত। প্ৰথম প্ৰকাৰত ইয়াক এটা টুকুৰাত সম্পূৰ্ণ কাপোৰ হিচাপে তৈয়াৰ কৰা হয়। দ্বিতীয় পদ্ধতিত, কাপোৰটো দুটা টুকুৰাত তৈয়াৰ কৰা হয় আৰু তাৰ পিছত ইয়াক সম্পূৰ্ণ কাপোৰ তৈয়াৰ কৰিবলৈ চিলাই কৰি যোগ দিয়া হয়। অতিৰিক্ত ডিজাইনসমূহ হাতেৰে প্ৰস্তুত কৰা হয়। কাপোৰখন "ৰন্ধযুক্ত, বায়ু চলাচল কৰিব পৰা আঁৰ-পাৰ দেখিব পৰা আৰু পাতল।" ইয়াক চাদৰ আৰু শাৰী, আৰু ছোৱালীৰ বাবে স্কাৰ্ট আৰু স্কুলৰ ইউনিফৰ্মৰ দৰে ব্যৱহাৰ কৰা হয়। মহিলাসকলৰ বাবে ই একপ্ৰকাৰৰ বিলাসী সামগ্ৰীৰ।[1]
ৱাংখেই ফিয়ে ভৌগোলিক স্বীকৃতি লাভ কৰাৰ পিছত শিপিনীসকলে তৈয়াৰ কৰা সামগ্ৰীৰ মানদণ্ড নিয়ন্ত্ৰণৰ বাবে এটা পৰিদৰ্শন সংস্থা গঠন কৰা হৈছে।[1]
ভৌগোলিক স্বীকৃতি
[সম্পাদনা কৰক]বাণিজ্য সম্পৰ্কীয় বৌদ্ধিক সম্পত্তি অধিকাৰ (ট্ৰিপছ) চুক্তিৰ ভৌগোলিক স্বীকৃতি অধীনত সুৰক্ষাৰ বাবে ইয়াক পঞ্জীয়ন কৰা হৈছে। ইয়াক ভাৰত চৰকাৰৰ ভৌগোলিক স্বীকৃতি আইন, ১৯৯৯ৰ অধীনত ৱাংখেই ফি হিচাপে পঞ্জীয়ন কৰা হৈছিল। ইয়াৰ শ্ৰেণী – ২৫ - কাপোৰ নিয়ন্ত্ৰক জেনেৰেল অফ পেটেণ্ট ডিজাইন আৰু ট্ৰেডমাৰ্কৰ দ্বাৰা ১৯ ডিচেম্বৰ ২০১১ তাৰিখৰ আবেদন নম্বৰ ৩৭২,[1][2] আৰু মইৰাং ফি (জিআই নং ৩৭৩) আৰু শাফি লানফিৰ (জিআই নং ৩৭১) বাবে পঞ্জীয়ন কৰা হৈছিল। এই তিনিওটা মণিপুৰৰ মহিলাসকলে বোৱা পৰম্পৰাগত বস্ত্ৰ। মণিপুৰ চৰকাৰে পৰামৰ্শদাতা সমিতিৰ বৈঠকৰ সিদ্ধান্ত অনুসৰি জিআই পঞ্জীয়নৰ তাৰিখৰ পৰা ছয় মাহৰ ভিতৰত ৱাংখেই ফীৰ ক্ষেত্ৰত ৫,০০০ শিপিনীয়ে পঞ্জীয়ন কৰিব বুলি আশা কৰা হৈছিল।[3]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 1.6 "Wangkhei Phee" (pdf). Government of India. 29 November 2013. পৃষ্ঠাসমূহ: 15–20. http://ipindia.nic.in/girindia/journal/Journal_55.pdf। আহৰণ কৰা হৈছে: 6 May 2016.
- ↑ "Geogtaphical Indication Registry" (pdf). Government of Manipur. Archived from the original on 29 May 2015. https://web.archive.org/web/20150529103930/http://dcimanipur.gov.in/Handloom/GI-372-Wangkhei%20Phee.pdf। আহৰণ কৰা হৈছে: 29 April 2016.
- ↑ "GI registration for Shaphee Lanphee, Moirang phee, Wangkhei Phee officially handed over to the state". Manipur Times. 30 May 2014. http://www.manipurtimes.com/gi-registration-for-shaphee-lanphee-moirang-phee-wangkhei-phee-officially-handed-over-to-the-state/। আহৰণ কৰা হৈছে: 6 May 2016.