ৱিকিচ'ৰা:ভাৰত/Intro

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক
ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক
ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা
ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা
পৃথিৱাৰ মানচিত্ৰত ভাৰতৰ অৱস্থান
চমুপথবোৰ:
P:IN
WP:PIN

ভাৰত, দেশৰ চৰকাৰী নাম ভাৰতীয় প্ৰজাতন্ত্ৰ (ইংৰাজী: Republic of India)। এইখন দক্ষিণ এছিয়াত অৱস্থিত এখন ৰাষ্ট্ৰ। ভৌগোলিক আয়তনৰ ফালৰ পৰা ভাৰত পৃথিৱীৰ ভিতৰত সপ্তম বৃহত্তম ৰাষ্ট্ৰ, জনসংখ্যাৰ ফালৰ পৰা দ্বিতীয় তথা সৰ্ববৃহৎ গণতন্ত্ৰ। দক্ষিণে ভাৰত মহাসাগৰ, পশ্চিমে আৰৱসাগৰ আৰু পূবে বঙ্গোপ সাগৰৰ দ্বাৰা পৰিবেষ্টিত ভাৰতৰ মূঠ উপকূলৰ দৈৰ্ঘ্য হ'ল ৭৫১৭ কিলোমিটাৰ (৪৬৭১ মাইল)। এই দেশৰ চাৰিসীমাত অৱস্থিত ৰাষ্ট্ৰ সমূহ হ'ল: পশ্চিমে পাকিস্তান, উত্তৰ-পূবত চীন, নেপাল আৰুভূটান, পূবেবাংলাদেশ আৰুম্যানমাৰ। ভাৰত মহাসাগৰৰ মাজত অৱস্থিত শ্ৰীলঙ্কা, মালদ্বীপ আৰুইন্দোনেচিয়া ভাৰতৰ নিকতৱৰ্তী ৰাষ্ট্ৰ। হিন্দু সভ্যতাৰ বসতি অঞ্চল তথা ঐতিহাসিক বাণিজ্য পথ আৰু একাধিক বিশাল সাম্ৰাজ্যৰ পটভূমি ভাৰতীয় উপমহাদেশ ইয়াৰ সুদীৰ্ঘ অৰ্থনৈতিক আৰু সাংস্কৃতিক ঐতিহ্যৰ বাবে সুপৰিচিত। পৃথিৱীৰ চাৰি প্ৰধান ধৰ্ম- হিন্দু, বৌদ্ধ ধৰ্ম, জৈনধৰ্ম আৰুশিখধৰ্মৰ উৎপত্তি ভাৰতত। খ্ৰীষ্টীয় প্ৰথম সহস্ৰাব্দত খ্ৰীষ্টান ধৰ্ম, ইহুদি ধৰ্ম, যৰৃখ্ৰীষ্টীয় আৰু ইছলাম ধৰ্ম ভাৰতত প্ৰবেশ কৰে আৰু বিধিতাময় ভাৰতীয় সভ্যতাৰ সৃষ্টি কৰে। অষ্টাদশ শতিকাৰ প্ৰথম ভাগত ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত প্ৰবেশ কৰে আৰু লাহে লাহে ভাৰতৰ ভূ-খণ্ডক নিজৰ অধীন কৰিবলৈ আৰম্ভ কৰে। ঊনবংশ শতিকাৰ মাজ ভাগলৈকে সমগ্ৰ ভাৰত বৃটিছ যুক্তৰাষ্ট্ৰৰ উপনিবেশত পৰিণত হয়। অবশেষত অহিংস গৌৰৱময় স্বাধীনতা সংগ্ৰামৰ ফলত ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰে।

ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত