ৱিকিপিডিয়া:অসম/Selected article/4

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভূপেন হাজৰিকা


ড° ভূপেন হাজৰিকা (১৯২৬-২০১১), অসম তথা ভাৰতৰ এজন বহুমুখী প্ৰতিভাসম্পন্ন শিল্পী। তেখেত একেধাৰে এজন সাহিত্যিক, গীতিকাৰ, সুৰকাৰ, গায়ক, চলচিত্ৰ নিৰ্মাতা আৰু পৰিচালক আছিল । কিছু সময়ৰ কাৰণে তেখেতে সংসদীয় ৰাজনীতিতো যোগদান কৰিছিল। অসম, পশ্চিমবংগ তথাভাৰতৰ বাহিৰেও চুবুৰীয়া দেশ বাংলাদেশতো তেখেত এজন অত্যন্ত জনপ্ৰিয় শিল্পী । উৎকৃষ্ট বিশ্বমানৰ অৱদানেৰে কলা-সংস্কৃতিৰ জগত চহকী কৰা ড° ভূপেন হাজৰিকা আছিল এজন বিশ্ব-নাগৰিক আৰু মানৱতাবাদী শিল্পী । অসমীয়া, বাংলা, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত তেখেতে সংগীত ৰচনা কৰিছিল আৰু কণ্ঠদান কৰিছিল। তেখেতৰ গানত সমসাময়িক সমাজ, সংস্কৃতি, ৰাজনীতি, দুৰ্নীতি আদি স্পষ্টভাবে প্ৰতিফলিত হোৱা দেখা যায়। তেখেতৰ কৰ্মৰাজীয়ে অসমৰ কলা-সংস্কৃতি জগতৰ প্ৰভূত উন্নয়ন সাধনৰ উপৰিও ভাৰত তথা বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰাতো অৱদান আগবঢ়াই আহিছে। সংগীত, সাহিত্য, নাট্যকলা (performing arts(?)), চিনেমা আদিৰ বিভিন্ন অধ্যয়নচক্ৰ তথা সাংস্কৃতিক উৎসবত ভাগ লৈ বেলজিয়াম, কংগো, চমৰখন্দ, আমেৰিকা, ইউৰোপ, কানাডা, দক্ষিণ-পূৱ এচিয়া, জাপান, অষ্ট্ৰেলীয়া আদি ভ্ৰমণ কৰিছিল।