ৱিকিপিডিয়া:নিৰ্বাচিত প্ৰবন্ধ/১৬

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছবিখনৰ এটি দৃশ্য

ৰূপহী (ইংৰাজী: Rupahi) ১৯৪১ চনত মুক্তিপ্ৰাপ্ত চতুৰ্থখন অসমীয়া চলচ্চিত্ৰ৷ দ্বিতীয় মহাসমৰৰ দপ্‌দপনিৰ মাজতে ৰূপহী নিৰ্মাণৰ কাম আৰম্ভ কৰা হয়। পাৰ্ৱতি প্ৰসাদ বৰুৱাই বৰুৱা বোলছবি, ৰূপালী পাম নাম দি এটা চলচ্চিত্ৰ নিৰ্মাণ প্ৰতিষ্ঠানৰ জন্ম দিয়ে। এই প্ৰতিষ্ঠানৰ বেনাৰতে ৰূপহী নিৰ্মাণ কৰা হয়। ছবিখন প্ৰযোজনা আৰু পৰিচালনা কৰাৰ উপৰিও পাৰ্ৱতি প্ৰসাদে ছবিখনৰ চিত্ৰনাট্য, সংলাপ আৰু গীতি-সাহিত্য ৰচনা কৰে আৰু সংগীত পৰিচালনাৰো দায়িত্ব লয়। কমলেশ্বৰ চলিহাৰ এটা চুটি গল্পৰ আধাৰত ৰূপহীৰ কাহিনী গঢ় লৈ উঠে। অৱশ্যে পাছলৈ মূল গল্পৰ লগত ছবিখনৰ কাহিনীৰ অমিল দেখা যায়। তাৰ কাৰণ তলত উল্লেখ আছে। প্ৰথম অংশৰ দৃশ্যগ্ৰহণ মাজুলীত কৰা হৈছিল। দক্ষিণপাট সত্ৰৰ ৰাস-নৃত্য আৰু ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়াৰ দৃশ্য তুলি কলিকতালৈ অন্তৰ্দৃশ্যৰ চিত্ৰগ্ৰহণৰ বাবে যোৱা হয়। কলিকতাত গম পোৱা যায় যে অসমত কৰা দৃশ্যগ্ৰহণৰ এখনো ছবি নুঠিল। সেয়ে পাৰ্ৱতি প্ৰসাদে সেই অংশ বাদ দি গোটেই গল্পটোকে নকৈ সজাই লবলগীয়া হয়। তাৰ ফলতে বিয়োগান্ত গল্পটো মিলনান্ত গল্পলৈ পৰিৱৰ্তন কৰা হয়। কলিকতাৰ শ্ৰী ভাৰত লক্ষ্মী ষ্টুডিঅত ছেট সাজি ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হয়। ১৯৪১ চনৰ ৩০ আগষ্ট তাৰিখে কলিকতাৰ 'পূৰবী থিয়েটাৰ'ত ছবিখনৰ প্ৰিমিয়াৰ কৰা হৈছিল। ১৯৪১ চনৰ ৬ ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীৰ 'সতী টকী হাউছ'ত (বৰ্তমানৰ বিজুলী চিনেমা ঘৰ) ছবিখন মুক্তি দিয়া হয়।

(ইয়াত বিতংকৈ পঢ়ক)