ৱিকিপিডিয়া:নিৰ্বাচিত প্ৰবন্ধ/৩৭

এছিয়াৰ চিতা বা চিতা বাঘ হৈছে বৰ্তমান কেৱল ইৰাণত জীয়াই থকা সংকটাপন্ন চিতা বাঘৰ এক উপ-প্ৰজাতি। ইয়াৰ বিচৰণ এসময়ত আৰৱ উপদ্বীপ আৰু নিকটৱৰ্তী পূবৰ পৰা কাস্পিয়ান অঞ্চল, ট্ৰান্সককেছাছ, কিজিলকাম মৰুভূমি আৰু উত্তৰ দক্ষিণ এছিয়ালৈকে ব্যাপ্ত আছিল, কিন্তু কুৰি শতিকাৰ সময়ছোৱাত এই অঞ্চলসমূহৰ পৰা ই বিলুপ্ত হৈছে। এছিয়াৰ চিতা বাঘ আফ্ৰিকাত থকা চিতা বাঘৰ পৰা ৩২,০০০ আৰু ৬৭,০০০ বছৰৰ আগয়েই বিচ্ছিন্ন হৈছিল।
ইৰাণৰ পূব-মধ্য শুষ্ক অঞ্চলৰ সংৰক্ষিত অঞ্চলৰ য'ত মানুহৰ জনসংখ্যাৰ ঘনত্ব অতি কম তাতেই এছিয়াৰ চিতা বাঘ জীয়াই আছে। ২০১১ চনৰ ডিচেম্বৰৰ পৰা ২০১৩ চনৰ নৱেম্বৰৰ ভিতৰত ১৪টা বিভিন্ন সুৰক্ষিত অঞ্চলত ৮৪টা এছিয়াৰ চিতা বাঘ দেখা গৈছিল আৰু কেমেৰা ট্ৰেপৰ ফটোগ্ৰাফৰ যোগেদি ৮২টা এছিয়াৰ চিতা বাঘক চিনাক্ত কৰা হৈছিল। ২০১৭ চনৰ ডিচেম্বৰ মাহত ইৰাণৰ কেন্দ্ৰীয় মালভূমিৰ ১৪০,০০০ বৰ্গকিলোমিটাৰ (৫৪,০০০ বৰ্গমাইল) অঞ্চলত বিক্ষিপ্ত হৈ থকা চিতা বাঘৰ সংখ্যা তিনিটা ভিন ভিন ঠাই মিলাই ৫০টাতকৈও কম বুলি ভবা হৈছে। ২০২২ চনৰ জানুৱাৰীত ইৰাণৰ পৰিৱেশ বিভাগে অনুমান কৰিছিল যে দেশখনত মাত্ৰ ১২টা এছিয়াৰ চিতা বাঘহে আছে আছে যাৰ ৯টা মতা আৰু ৩জনী মাইকী। ২০২৩ চনত ইৰাণৰ চিতা বাঘ চ'ছাইটিৰ এজন সদস্যই ইৰাণত ৩০ৰ পৰা ৪০টা এছিয়াৰ চিতা বাঘ থকাৰ কথা সদৰি কৰিছে। ইয়াত বিতংকৈ পঢ়ক