সমললৈ যাওক

ভাৰতৰ ধ্ৰুপদী ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভাৰতৰ ধ্ৰুপদী ভাষা বা শাস্ত্ৰীয় ভাষা বুলিলে প্ৰাচীন, মূল্যৱান, মৌলিক আৰু সুকীয়া সাহিত্যিক ঐতিহ্য থকা ভাৰতীয় ভাষাসমূহক বুজায়৷[1] ভাৰত চৰকাৰে এঘাৰটা ভাষাক ভাৰতৰ ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিছে।[2] ২০০৪ চনত ভাৰত চৰকাৰে ঘোষণা কৰে যে কিছুমান কঠোৰ আৰু নিৰ্দিষ্ট মানদণ্ড পূৰণ কৰা ভাষাসমূহক ভাৰতৰ ধ্ৰুপদী ভাষা" হিচাপে স্বীকৃতি দিয়া হ'ব।[3] এই নীতিক সাংস্কৃতিক মন্ত্ৰালয়ে ভাষা বিশেষজ্ঞ সমিতিৰ সৈতে প্ৰতিষ্ঠা কৰিছিল। এই সমিতিখন ভাৰত চৰকাৰৰ দ্বাৰা গঠন কৰা হৈছিল যাতে পৰম্পৰাগত ভাষাসমূহক শ্ৰেণীবিভাজনৰ দাবীসমূহ বিবেচনা কৰিব পৰা যায়।

চৰ্তসমূহ

[সম্পাদনা কৰক]

২০০৪ চনত, “ধ্ৰুপদী ভাষা’’ৰ প্ৰাচীন কালৰ প্ৰাৰম্ভিক মানদণ্ড কমেও ১০০০ বছৰীয়া বুলি ধৰা হৈছিল।[3]

সংশ্লিষ্ট কৰ্তৃপক্ষই চৰ্তসমূহ সময়ে সময়ে সলনি কৰি আহিছে৷


২০০৪ চনত চৰ্তসমূহ

[সম্পাদনা কৰক]

তামিল ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়াৰ সময়ত ভাৰত চৰকাৰে তলৰ চৰ্তসমূহ উপস্থাপন কৰিছিল[4]

১. প্ৰাৰম্ভিক লেখাসমূহৰ প্ৰাচীনত্ব/প্ৰামাণিক ইতিহাস যি কমেও ১০০০ বছৰ পুৰণি।

২. প্ৰাচীন সাহিত্য তথা লেখাৰ সমল যাক বহু প্ৰজন্মই বছৰ বছৰ ধৰি ঐতিহ্য হিচাপে গণ্য কৰি আহিছে৷

৩. লিখন সাহিত্যৰ ইতিহাস, যি সম্পূৰ্ণ নিজা আৰু কাৰোপৰা আমদানি কৰা নহয়৷[4]

২০০৫ চনত চৰ্তসমূহ

[সম্পাদনা কৰক]

সংস্কৃতক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়াৰ সময়ত ভাৰত চৰকাৰে তলৰ চৰ্তসমূহ দাঙি ধৰিছিল:

১. প্ৰাৰম্ভিক লেখাসমূহৰ প্ৰাচীনত্ব/প্ৰামাণিক ইতিহাস যি কমেও ১০০০-১৫০০ বছৰ পুৰণি।

২. প্ৰাচীন সাহিত্য তথা লেখাৰ সমল যাক বহু প্ৰজন্মই বছৰ বছৰ ধৰি ঐতিহ্য হিচাপে গণ্য কৰি আহিছে ৷

৩. লিখন সাহিত্যৰ ইতিহাস, যি সম্পূৰ্ণ নিজা আৰু কাৰোপৰা আমদানি কৰা নহয় ৷

৪. প্ৰাচীন ৰূপটো আৰু সাহিত্যখিনি বৰ্তমানৰ আধুনিক ৰূপতকৈ বেলেগ/পৃথক, তাৰোপৰি সম্ভৱতঃ ইয়াৰ প্ৰাচীন ৰূপটো আৰু ইয়াৰ বৰ্তমানৰ আধুনিক ৰূপ তথা অপভ্ৰংশ/উপভাষা আদিৰ মাজত ধাৰাবাহিকতাৰ বিচ্ছিন্নতা ৷[4]

প্ৰাচীনত্বৰ চৰ্তটো ১০০০ৰ পৰা ১০০০-১৫০০ বছৰলৈ বৃদ্ধি কৰা হৈছিল। তেলেগু ভাষা, কন্নড়, মালায়ালম আৰু ওড়িয়াক বাছনি কৰাৰ সময়তো এইকেইটা চৰ্তই বাহাল আছিল।[4]

২০২৪ চনৰ চৰ্তসমূহ

[সম্পাদনা কৰক]

সাহিত্য অকাডেমিয়ে তলৰ চৰ্তসমূহ ৰাখিছিল;[4]

১. প্ৰাৰম্ভিক লেখাসমূহৰ প্ৰাচীনত্ব/প্ৰামাণিক ইতিহাস যি কমেও ১০০০-১৫০০ বছৰ পুৰণি।

২. প্ৰাচীন সাহিত্য তথা লেখাৰ সমল যাক বহু প্ৰজন্মই বছৰ বছৰ ধৰি ঐতিহ্য হিচাপে গণ্য কৰি আহিছে৷

৩. পদ্য, শিলালিপি বা তাম্ৰলিপি আদিৰ প্ৰমাণ আৰু পদ্যৰ লগতে ঘাইকৈ গদ্যৰ জ্ঞানসমৃদ্ধ পাঠ্য।

৪. প্ৰাচীন ৰূপটো আৰু সাহিত্যখিনি বৰ্তমানৰ আধুনিক ৰূপতকৈ পৃথক, তাৰোপৰি সম্ভৱতঃ ইয়াৰ প্ৰাচীন ৰূপটো আৰু ইয়াৰ বৰ্তমানৰ আধুনিক ৰূপ তথা অপভ্ৰংশ/উপভাষা আদিৰ মাজত ধাৰাবাহিকতাৰ বিচ্ছিন্নতা৷[4]

মৌলিকত্ব আৰু অন্য ভাষাৰ সাহিত্যৰ পৰা ধাৰ কৰা চৰ্তটো নতুন নিয়মসমূহত আঁতৰাই দিয়া হয়।[4]

শৈক্ষিক সুবিধা

[সম্পাদনা কৰক]

ভাৰত চৰকাৰৰ ২০০৪ চনৰ ১ নৱেম্বৰৰ No. 2-16/2004-US (Akademies) নম্বৰৰ প্ৰস্তাৱ অনুসৰি, "ধ্ৰুপদী ভাষা" হিচাপে ঘোষণা কৰা এটা ভাষাৰ সুবিধা হ'বঃ[5]

  1. ধ্ৰুপদী ভাৰতীয় ভাষাৰ প্ৰসিদ্ধ পণ্ডিতসকলৰ বাবে প্ৰতি বছৰে দুটা মুখ্য আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হ'ব।
  2. ধ্ৰুপদী ভাষাৰ অধ্যয়নৰ বাবে এক উৎকৃষ্ট কেন্দ্ৰ স্থাপন কৰা হ'ব।
  3. আৰম্ভণিতে অন্ততঃ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত ধ্ৰুপদী ভাৰতীয় ভাষাৰ প্ৰসিদ্ধ শিক্ষাৰ্থীসকলৰ বাবে নিৰ্দিষ্ট সংখ্যক বিশিষ্ট আসন মুকলি কৰিবলৈ বিশ্ববিদ্যালয় অনুদান আয়োগক অনুৰোধ কৰা হ'ব।[6]

নিযুক্তিৰ সুবিধা

[সম্পাদনা কৰক]

ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি পালে ঘাইকৈ শৈক্ষিক আৰু গৱেষণা ক্ষেত্ৰত নিযুক্তিৰ সুবিধা হ'ব। লগতে অভিলখন, অনুবাদ, প্ৰকাশ আৰু ডিজিটেল মিডিয়াৰ লগত জড়িত লোকসকলেও এই ভাষাবোৰৰ প্ৰাচীন পাঠ্যৰ সংৰক্ষণ, নথিকৰণ আৰু ডিজিটাইজেচনত নিযুক্তিৰ সুবিধা লাভ কৰিব।[4]

চৰকাৰীভাৱে স্বীকৃত ধ্ৰুপদী ভাষাসমূহ

[সম্পাদনা কৰক]
ভাষা প্ৰাৰম্ভিক প্ৰত্যায়ন ভাষা পৰিয়াল ভাষা শাখা স্বীকৃতিৰ তাৰিখ
তামিল: தமிழ் খ্ৰীষ্টপূৰ্ব ৫০০ৰ পৰা ৩৫০ৰ মাজত[7][8] দ্ৰাৱিড়িয় দক্ষিণ দ্ৰাৱিড়িয়
মধ্য তামিল
১২ অক্টোবৰ, ২০০৪[9]
সংস্কৃত: संस्कृतम् খ্ৰীষ্টপূৰ্ব ১৫০০ৰ পৰা ৫০০ৰ ভিতৰত[10][11] ভাৰত-ইউৰোপীয় ভাৰত-আৰ্য ২৫ নৱেম্বৰ, ২০০৫[9]
কন্নড়: ಕನ್ನಡ খ্ৰীষ্টিয় ৪৫০[12][13] দ্ৰাৱিড়িয় দক্ষিণ দ্ৰাৱিড়িয়
কন্নড় উপভাষা
৩১ অক্টোবৰ, ২০০৮[14]
তেলেগু: తెలుగు খ্ৰীষ্টিয় ৫৭৫[15][16] দক্ষিণ-মধ্য দ্ৰাৱিড়িয় ভাষা পৰিয়াল
প্ৰাচীন তেলুগু
মালয়ালম: മലയാളം খ্ৰীষ্টিয় ৮৩০[17] দক্ষিণ দ্ৰাৱিড়িয় ২৩ মে', ২০১৩[18]
ওড়িয়া: ଓଡ଼ିଆ খ্ৰীষ্টিয় ১০ম শতিকা[19] ভাৰত-ইউৰোপীয় পূৰ্বী ভাৰত-আৰ্য ২০ ফেব্ৰুৱাৰী, ২০১৪[6]
অসমীয়া: অসমীয়া খ্ৰীষ্টিয় ১০ম শতিকা[20][21] ৩ অক্টোবৰ, ২০২৪[4]
বঙালী: বাংলা খ্ৰীষ্টিয় ১০ম শতিকা[22]
মাৰাঠী: मराठी খ্ৰীষ্টিয় ১০০০[23] দক্ষিণ ভাৰত-আৰ্য
পালি:[paːli] খ্ৰীষ্টপূৰ্ব ৩য় শতিকা[24] মধ্য ভাৰত-আৰ্য
প্ৰাকৃত:প্ৰাকৃত খ্ৰীষ্টপূৰ্ব ৩য় শতিকা[25]

লগতে চাওক

[সম্পাদনা কৰক]

প্ৰবন্ধসমূহ

[সম্পাদনা কৰক]
  1. "Reviving classical languages – Latest News & Updates at Daily News & Analysis". Dnaindia.com. 13 August 2015. http://www.dnaindia.com/analysis/column-reviving-classical-languages-2113875 আহৰণ কৰা হৈছে: 28 December 2017.
  2. "নিউজ ১৮ অসম". https://assam.news18.com/news/assam/assamese-language-gets-recognition-of-classical-language-skd-413530.html আহৰণ কৰা হৈছে: 4 October 2024.
  3. 1 2 "India sets up classical languages". BBC. 17 September 2004. http://news.bbc.co.uk/2/hi/south_asia/3667032.stm.
  4. 1 2 3 4 5 6 7 8 9 "Cabinet approves conferring status of Classical Language to Marathi, Pali, Prakrit, Assamese and Bengali languages". Press Information Bureau. https://pib.gov.in/PressReleaseIframePage.aspx?PRID=2061660.
  5. "Classical Status to Odiya Language". Press Information Bureau, Government of India. 14 August 2013. https://pib.gov.in/newsite/PrintRelease.aspx?relid=98244 আহৰণ কৰা হৈছে: 18 January 2023.
  6. 1 2 "Classical Status to Oriya Language" (Press release). 14 August 2013. Archived from the original on 12 January 2014.
  7. "Archived copy l". 17 July 2018. https://thepolyglotfiles.com/2018/07/17/is-tamil-the-oldest-language-in-the-world/ আহৰণ কৰা হৈছে: 2024-06-08.
  8. "Tamil language | Origin, History, & Facts | Britannica" (en ভাষাত). www.britannica.com. 2023-11-03. https://www.britannica.com/topic/Tamil-language আহৰণ কৰা হৈছে: 2023-11-09.
  9. 1 2 "Notification". 25 November 2005. https://indiaculture.gov.in/sites/default/files/notification/N_1048_1631869099665.pdf আহৰণ কৰা হৈছে: 21 January 2024.[সংযোগবিহীন উৎস]
  10. J. P. Mallory; Douglas Q. Adams (1997). Encyclopedia of Indo-European Culture. Taylor & Francis. পৃষ্ঠা. 306. ISBN 978-1-884964-98-5. https://books.google.com/books?id=tzU3RIV2BWIC.
  11. Michael Witzel 1989, পৃষ্ঠা. 115–127 (see pp. 26–30 in the archived-url).
  12. "Kannada language | History, Script & Dialects | Britannica" (en ভাষাত). www.britannica.com. 2023-10-10. https://www.britannica.com/topic/Kannada-language আহৰণ কৰা হৈছে: 2023-11-09.
  13. "Kannada inscription at Talagunda may replace Halmidi as oldest". https://www.deccanherald.com/india/karnataka/kannada-inscription-talagunda-may-replace-1985597 আহৰণ কৰা হৈছে: 2023-11-14.
  14. "Declaration of Telugu and Kannada as classical languages". Press Information Bureau. Ministry of Tourism and Culture, Government of India. http://pib.nic.in/newsite/erelease.aspx?relid=44340 আহৰণ কৰা হৈছে: 31 October 2008.
  15. "Telugu language | Origin, History, & Facts | Britannica" (en ভাষাত). www.britannica.com. 2023-11-01. https://www.britannica.com/topic/Telugu-language আহৰণ কৰা হৈছে: 2023-11-09.
  16. Service, Express News (2022-01-10). "First Telugu inscription claim sparks debate" (en ভাষাত). The New Indian Express. https://www.newindianexpress.com/states/telangana/2022/Jan/10/firsttelugu-inscription-claim-sparks-debate-2405135.html আহৰণ কৰা হৈছে: 2024-06-17.
  17. "Malayalam language | Dravidian, India, Scripts | Britannica" (en ভাষাত). www.britannica.com. https://www.britannica.com/topic/Malayalam-language আহৰণ কৰা হৈছে: 2023-11-09.
  18. "Classifying Malaylam as 'Classical Language'". PIB. 23 May 2013. https://archive.pib.gov.in/newsite/PrintRelease.aspx?relid=96184 আহৰণ কৰা হৈছে: 21 January 2024.
  19. "Odia language | Region, History, & Basics | Britannica" (en ভাষাত). www.britannica.com. 2023-10-13. https://www.britannica.com/topic/Odia-language আহৰণ কৰা হৈছে: 2023-11-09.
  20. "Assamese language | Assamese Dialects, Brahmaputra Valley & Eastern India | Britannica" (en ভাষাত). www.britannica.com. 2024-08-31. https://www.britannica.com/topic/Assamese-language আহৰণ কৰা হৈছে: 2024-10-03. "Assamese literary tradition dates to the 13th century. Prose texts, notably buranjis (historical works), began to appear in the 16th century."
  21. Deka, Joy Jyoti; Boro, Akashi Tara (2024-08-31). "Charyapads as the Oldest Written Specimen of Assamese Literature" (en ভাষাত). International Journal of Health Sciences: 7028–7034. doi:10.53730/ijhs.v6nS1.6513. https://www.neliti.com/publications/429892/charyapads-as-the-oldest-written-specimen-of-assamese-literature#:~:text=While%20dividing%20this%20era%2C%20Charyapad,written%20specimen%20of%20Assamese%20literature.. "Charyapads are considered as the first written specimen of Assamese literature.".
  22. "Bengali language | History, Writing System & Dialects | Britannica" (en ভাষাত). www.britannica.com. 2024-08-31. https://www.britannica.com/topic/Bengali-language আহৰণ কৰা হৈছে: 2024-10-03. "The Bengali linguists Suniti Kumar Chatterji and Sukumar Sen suggested that Bengali had its origin in the 10th century ce, deriving from Magahi Prakrit (a spoken language) through Magahi Apabhramsha (its written counterpart)."
  23. "Marathi literature | History, Authors & Works | Britannica" (en ভাষাত). www.britannica.com. https://www.britannica.com/art/Marathi-literature আহৰণ কৰা হৈছে: 2024-10-03. "Marathi literature is the oldest of the Indo-Aryan literatures, dating to about 1000 ce."
  24. "Pāli language | Theravada Buddhism, Pali Canon, India | Britannica" (en ভাষাত). www.britannica.com. 2024-08-29. https://www.britannica.com/topic/Pali-language আহৰণ কৰা হৈছে: 2024-10-03.
  25. "Prakrit" (en ভাষাত). www.ames.ox.ac.uk. https://www.ames.ox.ac.uk/prakrit আহৰণ কৰা হৈছে: 2024-10-03.