ভাৰতৰ ধ্ৰুপদী ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভাৰত চৰকাৰে ছটা ভাষা ভাৰতৰ ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিছে। ২০০৪ চনত ভাৰত চৰকাৰে ঘোষণা কৰে যে কিছুমান কঠোৰ মানদণ্ড পূৰণ কৰা ভাষাসমূহক ভাৰতৰ "ধ্ৰুপদী ভাষা" হিচাপে স্বীকৃতি দিয়া হ'ব।[1] ইয়াক সাংস্কৃতিক মন্ত্ৰালয়ে ভাষা বিশেষজ্ঞ সমিতিৰ সৈতে প্ৰতিষ্ঠা কৰিছিল। এই সমিতিখন ভাৰত চৰকাৰৰ দ্বাৰা গঠন কৰা হৈছিল যাতে পৰম্পৰাগত ভাষাসমূহক শ্ৰেণীবিভাজনৰ দাবীসমূহ বিবেচনা কৰিব পৰা যায়।

ধ্ৰুপদী ভাষাসমূহ[সম্পাদনা কৰক]

তালিকাখনত সেইবোৰ ভাষা দেখুওৱা হৈছে যিবোৰক ধ্ৰুপদী বুলি ঘোষণা কৰা হৈছে:

ভাষা স্বীকৃতি ৰিফ
তামিল ২০০৪ [2]
সংস্কৃত ২০০৫ [3]
তেলুগু ২০০৮ [4]
কন্নড় ২০০৮ [4]
মালায়ালাম ২০১৩ [5]
ওড়িয়া ২০১৪ [6][7]

চৰ্ত সমুহ[সম্পাদনা কৰক]

২০০৪ চনত, "ধ্ৰুপদী ভাষা"ৰ প্ৰাচীন কালৰ প্ৰাৰম্ভিক মানদণ্ড কমেও ১০০০ বছৰীয়া বুলি ধৰা হৈছিল।[8]

২০০৬ চনত পৰ্যটন আৰু সংস্কৃতি মন্ত্ৰী আম্বিকা চ'নিয়ে ৰাজ্যসভাত কয় যে "ধ্ৰুপদী ভাষা" হিচাপে শ্ৰেণীভুক্ত হ'বলৈ বিবেচনা কৰা ভাষাসমূহৰ যোগ্যতা নিৰ্ধাৰণৰ বাবে নিম্নলিখিত মানদণ্ডসমূহ স্থাপন কৰা হৈছে।[9]

High antiquity of its early texts/recorded history over a period of 1500–2000 years; a body of ancient literature/texts, which is considered a valuable heritage by generations of speakers; the literary tradition be original and not borrowed from another speech community; the classical language and literature being distinct from modern, there may also be a discontinuity between the classical language and its later forms or its offshoots.[10]

অনুবাদ - "উচ্চ মানদণ্ডৰ লিখনি তথা প্ৰামাণিক ইতিহাস, যি অতি কমেও ১৫০০ ৰ পৰা ২০০০ বছৰ পুৰণি; প্ৰাচীন সাহিত্য তথা লিখনিৰ সমল যাক বহু প্ৰজন্মই বছৰ বছৰ ধৰি ঐতিহ্য হিচাপে গণ্য কৰি আহিছে; লিখন সাহিত্যৰ ইতিহাস, যি সম্পুৰ্ণ নিজা আৰু কাৰোপৰা ধাৰ কৰা বা আমদানি কৰা নহয়; প্ৰাচীন ৰূপটো আৰু সাহিত্যখিনি বৰ্তমানৰ আধুনিক ৰূপতকৈ বেলেগ/পৃথক, তাৰোপৰি সম্ভৱতঃ ইয়াৰ প্ৰাচীন ৰূপটো আৰু ইয়াৰ বৰ্তমানৰ আধুনিক ৰূপ তথা অপভ্ৰংশ/উপভাষা আদিৰ মাজত ধাৰাবাহিকতাৰ বিচ্ছিন্নতা।"

লাভালাভ[সম্পাদনা কৰক]

ভাৰত চৰকাৰৰ ২০০৪ চনৰ ১ নৱেম্বৰৰ No. 2-16/2004-US (Akademies) নম্বৰৰ প্ৰস্তাৱ অনুসৰি, "ধ্ৰুপদী ভাষা" হিচাপে ঘোষণা কৰা এটা ভাষাৰ সুবিধা হ'বঃ[11]

  1. ধ্ৰুপদী ভাৰতীয় ভাষাৰ প্ৰসিদ্ধ পণ্ডিতসকলৰ বাবে প্ৰতি বছৰে দুটা মুখ্য আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হ'ব।
  2. ধ্ৰুপদী ভাষাৰ অধ্যয়নৰ বাবে এক উৎকৃষ্ট কেন্দ্ৰ স্থাপন কৰা হ'ব।
  3. আৰম্ভণিতে অন্ততঃ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত ধ্ৰুপদী ভাৰতীয় ভাষাৰ প্ৰসিদ্ধ শিক্ষাৰ্থীসকলৰ বাবে নিৰ্দিষ্ট সংখ্যক বিশিষ্ট আসন মুকলি কৰিবলৈ বিশ্ববিদ্যালয় অনুদান আয়োগক অনুৰোধ কৰা হ'ব।[12]

অন্যান্য ভাষাৰ চাহিদা[সম্পাদনা কৰক]

পৰৱৰ্তী কেইবছৰমানত ভাৰত আন আন কিছুমান ভাষাকো ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়াৰ দাবী উত্থাপিত হৈ আহিছে। ইতিমধ্যে ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত ৰাজ্যসভাত এক প্ৰশ্নোত্তৰত ড'নাৰ মন্ত্ৰীয়ে উল্লেখ কৰা অনুযায়ী অসমীয়া, মাৰাঠী, বাংলা, পালি, মণিপুৰী, সিন্ধি আৰু মৈথিলী ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়াৰ বাবে আবেদন কৰা হৈছে।

লগতে চাওক[সম্পাদনা কৰক]

প্ৰবন্ধসমূহ[সম্পাদনা কৰক]

  1. "India sets up classical languages". BBC. 17 September 2004. http://news.bbc.co.uk/2/hi/south_asia/3667032.stm. 
  2. "Front Page : Tamil to be a classical language". The Hindu (Chennai, India). 18 September 2004. Archived from the original on 3 March 2018. https://web.archive.org/web/20180303153544/http://www.thehindu.com/2004/09/18/stories/2004091806530100.htm. 
  3. "National : Sanskrit to be declared classical language". The Hindu (Chennai, India). 28 October 2005. Archived from the original on 4 September 2016. https://web.archive.org/web/20160904105019/http://www.thehindu.com/2005/10/28/stories/2005102809281200.htm. 
  4. 4.0 4.1 "Declaration of Telugu and Kannada as classical languages". Press Information Bureau. Ministry of Tourism and Culture, Government of India. Archived from the original on 3 March 2016. https://web.archive.org/web/20160303233830/http://pib.nic.in/newsite/erelease.aspx?relid=44340। আহৰণ কৰা হৈছে: 31 October 2008. 
  5. "'Classical' status for Malayalam". The Hindu (Thiruvananthapuram, India). 24 May 2013. http://www.thehindu.com/todays-paper/tp-national/classical-status-for-malayalam/article4744630.ece. 
  6. "Odia gets classical language status". The Hindu. 20 February 2014. http://www.thehindu.com/news/national/odia-gets-classical-language-status/article5709028.ece. 
  7. "Milestone for state as Odia gets classical language status". The Times of India. http://timesofindia.indiatimes.com/city/bhubaneswar/Milestone-for-state-as-Odia-gets-classical-language-status/articleshow/30779140.cms. 
  8. "India sets up classical languages" (en-GB ভাষাত). 2004-09-17. http://news.bbc.co.uk/2/hi/south_asia/3667032.stm. 
  9. "CLASSICAL LANGUAGE STATUS TO KANNADA". Press Information Bureau, Government of India. 8 August 2006. Archived from the original on 18 January 2012. https://web.archive.org/web/20120118162310/http://pib.nic.in/release/rel_print_page1.asp?relid=19653। আহৰণ কৰা হৈছে: 6 November 2008. 
  10. "Reviving classical languages – Latest News & Updates at Daily News & Analysis". Dnaindia.com. 13 August 2015. http://www.dnaindia.com/analysis/column-reviving-classical-languages-2113875। আহৰণ কৰা হৈছে: 28 December 2017. 
  11. "Classical Status to Odiya Language". Press Information Bureau, Government of India. 14 August 2013. https://pib.gov.in/newsite/PrintRelease.aspx?relid=98244। আহৰণ কৰা হৈছে: 18 January 2023. 
  12. "Classical Status to Oriya Language" (Press release). 14 August 2013. Archived from the original on 12 January 2014.