ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা/আগষ্ট-২০১৫/নিৰ্বাচিত প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নিৰ্বাচিত প্ৰবন্ধ


আবুল পাকিৰ জয়নুল আবেদিন আব্দুল কালাম (ইংৰাজী: Avul Pakir Jainulabdeen Abdul Kalam; ১৫ অক্টোবৰ ১৯৩১ - ২৭ জুলাই ২০১৫) সৰ্বপৰিচিত নাম ড° এ. পি. জে. আব্দুল কালাম, এজন ভাৰতীয় বিজ্ঞানী, ৰাজনীতিবিদ আৰু ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আছিল। কালামৰ জন্ম আৰু শৈশৱ তামিলনাডুৰ ৰামেশ্বৰম নামে ঠাইত হৈছিল। তিৰুচিৰাপল্লীৰ চেইণ্ট যোচেফ কলেজৰ পৰা পদাৰ্থ বিজ্ঞান আৰু চেন্নাইৰ মাদ্ৰাছ ইনষ্টিটিউট অৱ টেকন'লজি (MIT), এ’ৰস্পেছ ইঞ্জিনিয়াৰিং বিষয় হিচাপে লৈ উত্তীৰ্ণ হয়।

ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ আগেয়ে, তেখেত এজন এ’ৰস্পেছ অভিযন্তা হিচাপে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা (DRDO) আৰু ভাৰতীয় মহাকাশ অধ্যয়ন সংস্থাত (ISRO) কাৰ্যনিৰ্বাহ কৰিছিল। কালামৰ আন এটা জনপ্ৰিয় নাম হৈছে ভাৰতৰ মিছাইল মানৱ, ভাৰতত বালাষ্টিক ক্ষেপনাস্ত্ৰ (ballistic missile) আৰু "উৎক্ষেপণ যান" (launch vehicle) প্ৰযুক্তিৰ বিকাশৰ ক্ষেত্ৰত তেখেতৰ অৰিহণাৰ বাবে এই উপাধি তেখেতক প্ৰদান কৰা হৈছে। ১৯৭৪ চনৰ প্ৰথম নিউক্লীয়েৰ পৰীক্ষাৰ পাছত, ১৯৯৮ চনত হোৱা ভাৰতৰ "পোখৰান-২" নিউক্লীয়েৰ পৰীক্ষণত ড° কালামে কাৰিকৰী দিশৰ উপৰিও ৰাজনৈতিক আৰু সাংগঠনিক দিশত মূখ্য ভুমিকা পালন কৰিছিল তথাপিও কোনো কোনো বিজ্ঞান বিশেষজ্ঞই ক'ব বিচাৰে যে ড° কালামে কোনো কৃতিত্ব নোহোৱাকৈয়ে হোমি জাহাংগীৰ ভাৱা আৰু বিক্ৰম চাৰাভাইয়ে কৰি থৈ যোৱা কাম খিনি আগবঢ়াই নিছিল।

২০০২ চনত ড° কালামে লক্ষ্মী চেহগলক নিৰ্বাচনত পৰাস্ত কৰি ভাৰতৰ ৰাষ্ট্ৰপতি হয়, তেখেতক ভাৰতৰ দুই মুখ্য ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টিয়ে সমৰ্থন আগবঢ়াইছিল। বৰ্তমান তেখেতে IIM-আহমেদাবাদ আৰু IIM-ইণ্ডোৰৰ অতিথি প্ৰাধ্যাপক; থিৰুঅনন্তপূৰমৰ “ভাৰতীয় মহাকাশ গৱেষণা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (Indian Institute of Space Science and Technology Thiruvananthapuram) ৰ চেন্সেলৰ, চেন্নাইৰ আন্না বিশ্ববিদ্যালয়ৰ এ’ৰস্পেচ ইঞ্জিনিয়াৰঙৰ প্ৰাধ্যাপকৰ উপৰিও মহীশূৰৰ JSS বিশ্ববিদ্যলয়ৰ লগতে আন কেইবাখনো শিক্ষা আৰু গৱে‍ষণা প্ৰতিষ্ঠানৰ সংলগ্ন/অতিথি অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

২০১৫ চনৰ ২৭ জুলাইত শ্বিলঙৰ আই আই এমত এক বক্তৃতা প্ৰদান অনুষ্ঠানৰ মাজতে অসুস্থ হৈ পৰি বেথানী চিকিৎসালয়ত কালামৰ মৃত্যু হয়।

বিতংকৈ পঢ়ক...