ৱিকিপিডিয়া:বেটুপাতৰ নিৰ্বাচিত চিত্ৰ/অক্টোবৰ,২০২২

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কাতি বিহু উপলক্ষে ধাননি পথাৰত ঔটেঙাত চাকি জ্বলোৱাৰ পৰম্পৰাগত পদ্ধতি
কাতি বিহু বা কঙালী বিহু অসমৰ জাতীয় উৎসৱ বিহু তিনিটাৰ অন্যতম। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু শালি ধান চপাবলৈ যথেষ্ট সময় থাকে। অভাৱ-অনাটনৰে ভৰা এই সময়ত উদযাপিত হোৱাৰ বাবে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়। এই বিহুত অসমীয়া মানুহে ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তাৰ গুৰিত চাকি জ্বলাই নাম গায়। ইয়াৰ লগতে ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত শস্যৰ মংগল কামনা কৰি লখিমী আদৰিবলৈ চাকি জ্বলায়। কোনো কোনো ঠাইত আকাশ বন্তিয়ো জ্বলোৱা হয়।

আলোকচিত্ৰ শিল্পী: Pranabnlp
পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...