ৱিকিপিডিয়া:ভাল প্ৰবন্ধ/৩৬

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হোমেন বৰগোহাঞি

হোমেন বৰগোহাঞি (ইংৰাজী: Homen Borgohain; ১৯৩২ – ২০২১) অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। তেওঁৰ সাহিত্যিক অৱদানৰ বাবে অসম চৰকাৰে তেওঁলৈ শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবঢ়োৱাৰ উপৰিও অসম উপত্যকা সাহিত্য বঁটাকে ধৰি অসংখ্য বঁটা-বাহনেৰে তেওঁৰ অৱদানক স্বীকৃতি জনোৱা হৈছিল। 'পিতা-পুত্ৰ' গ্ৰন্থখনৰ বাবে বৰগোহাঞিক ১৯৭৮ চনত অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল যদিও তেওঁ ভাৰতীয় সমাজত সৃষ্টি হোৱা সহনশীলতাৰ অভাৱৰ বিৰুদ্ধে প্ৰতিবাদ স্বৰূপে, ২০১৫ চনত, এই বঁটা আৰু ইয়াৰ সৈতে প্ৰাপ্ত নগদ ধন ঘূৰাই দিছিল। হোমেন বৰগোহাঞিয়ে ২০০১ আৰু ২০০২ চনত দুবাৰকৈ অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল। বিবাহসূত্ৰে তেওঁ অসমৰ আন এগৰাকী প্ৰখ্যাত সাহিত্যিক নিৰুপমা বৰগোহাঞিৰ স্বামী আছিল আৰু দুয়ো একেলগে 'পুৱাৰ পূৰৱী সন্ধ্যাৰ বিভাস' নামৰ উপন্যাসখন লিখি উলিয়াইছিল। বৰগোহাঞিয়ে 'সাউদৰ পুতেকে নাও মেলি যায়', 'হালধীয়া চৰায়ে বাওধান খায়', 'অস্তৰাগ', 'পিতাপুত্ৰ', 'মৎসগন্ধা', 'তিমিৰ তীৰ্থ' আদি বহুকেইখন উপন্যাসৰ উপৰি কেইবাখনো আত্মজীৱনী, স্মৃতি-কথা, প্ৰবন্ধ-সংকলন, গল্প-সংকলনৰ উপৰি যথেষ্ট সংখ্যক কবিতা লিখিছে। বৰগোহাঞিৰ উপন্যাস 'হালধীয়া চৰায়ে বাওধান খায়'ৰ কাহিনীভিত্তিক জাহ্নু বৰুৱাৰ দ্বাৰা নিৰ্মিত একে নামৰ ছবিখনে ১৯৮৮ চনত শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে আন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাও লাভ কৰিছিল।২০১৫ চনৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ অসমীয়া দৈনিক কাকত নিয়মীয়া বাৰ্তাৰ মুখ্য সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল। তেওঁ নীলাচল, সাতসৰী, আমাৰ অসম, অসম বাণী, সূত্ৰধাৰ আদিকে ধৰি ভালেকেইখন কাকত-আলোচনীৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। ... (বিতং ভাৱে পঢ়ক............)