সমললৈ যাওক

ৱিকিপিডিয়া:ভাল প্ৰবন্ধ/৪২

অসমীয়া ৱিকিপিডিয়াৰ পৰা
যশপ্ৰীত যশবীৰসিং বুমৰাহ

যশপ্ৰীত যশবীৰসিং বুমৰাহ (জন্ম: ৬ ডিচেম্বৰ ১৯৯৩) ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ। তেওঁ ভাৰতীয় ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰি ক্ৰিকেটৰ সকলো শৈলীৰ খেলতে অংশগ্ৰহণ কৰি আহিছে। অনন্য বলিং একচনৰ সৈতে সোঁহতীয়া বেগী বলাৰ বুমৰাহক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বলাৰ আৰু ভাৰতৰ অন্যতম শ্ৰেষ্ঠ বেগী বলাৰ হিচাপে গণ্য কৰা হয়। বুমৰাহে ঘৰুৱা ক্ৰিকেটত গুজৰাটৰ হৈ আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলে। বুমৰাহ ২০২৪ চনৰ টি-২০ বিশ্বকাপত জয়ী হোৱা ভাৰতীয় দলৰ সদস্য আছিল, য’ত তেওঁ প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত 8হৈছিল।

বুমৰাহ টেষ্ট ক্ৰিকেটত দ্ৰুতগতিত ১৫০টা উইকেট প্ৰথমজন ভাৰতীয় বলাৰ। আনহাতে এদিনীয়া আন্ত:ৰাষ্ট্ৰীয়ত দ্ৰুতগতিত ১০০টা উইকেট দখল কৰা বুমৰাহ দ্বিতীয়জন ভাৰতীয় বলাৰ। তেওঁ ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে আইচিচিৰ পুৰুষ খেলুৱৈৰ ৰেংকিঙত প্ৰথম স্থান অৰ্জন কৰা প্ৰথমজন বলাৰ। টেষ্ট ক্ৰিকেটত এটা অভাৰত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখো তেওঁৰ দখলতে আছে।

ইয়াত বিতংকৈ পঢ়ক...