সমললৈ যাওক

যশপ্ৰীত বুমৰাহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
যশপ্ৰীত বুমৰাহ
{{{imagealt}}}
২০১৯ চনৰ বিশ্বকাপ ক্ৰিকেটৰ সময়ত অনুষ্ঠিত হোৱা এখন সংবাদ মেলত বুমৰাহ
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নাম যশপ্ৰীত যশবীৰসিং বুমৰাহ
জন্ম ৬ ডিচেম্বৰ, ১৯৯৩ (৩২ বছৰ)
আহমেদাবাদ, গুজৰাট, ভাৰত
বেটিং শৈলী সোঁহতীয়া
বলিং শৈলী সোঁহতীয়া পেচ বলাৰ
ভূমিকা বলাৰ
সম্পৰ্ক সঞ্জনা গণেশান (পত্নী) (বি. ২০২১)
আন্তঃৰাষ্ট্ৰীয় তথ্য
জাতীয় দল ভাৰত
টেষ্ট অভিষেক (কেপ ২৯০) ৫ জানুৱাৰী ২০১৮ বনাম দক্ষিণ আফ্ৰিকা
অন্তিম টেষ্ট ৭ মাৰ্চ ২০২৪ বনাম ইংলেণ্ড
অ'ডিআই অভিষেক (কেপ ২১০) ২৩ জানুৱাৰী ২০১৬ বনাম অষ্ট্ৰেলিয়া
অন্তিম অ'ডিআই ১৯ নৱেম্বৰ ২০২৩ v অষ্ট্ৰেলিয়া
অ'ডিআই চোলা নং. ৯৩
টি২০ অভিষেক (কেপ ৫৭) ২৬ জানুৱাৰী ২০১৬ বনাম অষ্ট্ৰেলিয়া
অন্তিম আন্তৰ্জাতিক টি২০ ২৯ জুন ২০২৪ বনাম দক্ষিণ আফ্ৰিকা
টি২০ চোলা নং. ৯৩
ঘৰুৱা দলৰ তথ্য
বছৰ দল
২০১২–বৰ্তমানলৈকে গুজৰাট ক্ৰিকেট দল
২০১৩–বৰ্তমানলৈকে মুম্বাই ইণ্ডিয়ানছ্ (squad no. ৯৩)
কেৰিয়াৰ পৰিসংখ্যা
প্ৰতিযোগিতা টেষ্ট ক্ৰিকেট এদিনীয়া আন্ত:ৰাষ্ট্ৰীয় টি২০ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট
মুঠ খেল ৩৬ ৮৯ ৭০ ৬৪
ৰাণ ২৭১ ৯১ ৪৫১
বেটিং গড় ৭.৩২ ৭.৫৮ ২.৬৬ ৯.৫৯
শতক/অৰ্ধশতক ০/০ ০/০ ০/০ ০/১
সৰ্বোচ্চ ৰাণ ৩৪ (নট আউট) ১৬ ৫৫(নট আউট)
বল ৭,১৮২ ৪,৫৮০ ১,৫০৯ ১২,৪৪৮
উইকেট ১৫৯ ১৪৯ ৮৯ ২৫১
বলিং গড় ২০.৬৯ ২৩.৫৫ ১৭.৭৪ ২২.৫২
এটা ইনিংছত ৫টা উইকেট ১০ ১৬
এখন খেলত ১০টা উইকেট
শ্ৰেষ্ঠ বলিং ৬/২৭ ৬/১৯ ৩/৭ ৬/২৭
কেচ্চ/ষ্টাম্পিং ১৪/– ১৮/– ৯/– ২৩/–
উৎস: https://www.espncricinfo.com/cricketers/jasprit-bumrah-625383 ESPNcricinfo, ২৯ জুন ২০২৪

যশপ্ৰীত যশবীৰসিং বুমৰাহ (ইংৰাজী: Jasprit Jasbirsingh Bumrah, জন্ম: ৬ ডিচেম্বৰ ১৯৯৩) ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ৷ তেওঁ ভাৰতীয় ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰি ক্ৰিকেটৰ সকলো শৈলীৰ খেলতে অংশগ্ৰহণ কৰি আহিছে। অনন্য বলিং একচনৰ সৈতে সোঁহতীয়া বেগী বলাৰ বুমৰাহক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বলাৰ আৰু ভাৰতৰ অন্যতম শ্ৰেষ্ঠ বেগী বলাৰ হিচাপে গণ্য কৰা হয়।[1] বুমৰাহে ঘৰুৱা ক্ৰিকেটত গুজৰাটৰ হৈ আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলে। বুমৰাহ ২০২৪ চনৰ টি-২০ বিশ্বকাপত জয়ী হোৱা ভাৰতীয় দলৰ সদস্য আছিল, য’ত তেওঁ প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হৈছিল।

বুমৰাহ টেষ্ট ক্ৰিকেটত দ্ৰুতগতিত ১৫০টা উইকেট প্ৰথমজন ভাৰতীয় বলাৰ৷ আনহাতে এদিনীয়া আন্ত:ৰাষ্ট্ৰীয়ত দ্ৰুতগতিত ১০০টা উইকেট দখল কৰা বুমৰাহ দ্বিতীয়জন ভাৰতীয় বলাৰ৷ তেওঁ ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে আইচিচিৰ পুৰুষ খেলুৱৈৰ ৰেংকিঙত প্ৰথম স্থান অৰ্জন কৰা প্ৰথমজন বলাৰ। টেষ্ট ক্ৰিকেটত এটা অভাৰত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখো তেওঁৰ দখলতে আছে।

২০১২–১৩ চনত চৈয়দ মুস্তাক আলী ট্ৰফীত ঘৰুৱা অভিষেক ঘটোৱা বুমৰাহে তেওঁৰ দলটোক প্ৰথম খিতাপটো জয় কৰাত সহায় কৰিছিল। ২০১৩–১৪ বৰ্ষৰ ৰঞ্জি ট্ৰফীৰ ছিজনত,বিদৰ্ভৰ বিৰুদ্ধে তেওঁৰ প্ৰথম শ্ৰেণীৰ অভিষেক ঘটে। আই পি এলৰ ২০১৩ ছিজনৰ বাবে মুম্বাই ইণ্ডিয়ানছ (এম আই)য়ে বুমৰাহক চুক্তিবদ্ধ কৰিছিল। তাৰ পিছৰ পৰাই তেওঁ এম আইৰ হৈ খেলিছে৷ দলটোৱে এতিয়ালৈকে পাঁচবাৰ খিতাপ জয় কৰিছে৷ ১৩৩খন মেচত ১৬৫টা উইকেট দখল কৰি লাসিথ মালিংগাৰ পিছতে বুমৰাহ মুম্বাই ইণ্ডিয়ানছৰ দ্বিতীয় সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হয়।

২০১৬ চনৰ জানুৱাৰী মাহত ভাৰতৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত বুমৰাহে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায়, য’ত তেওঁ টি-২০ আন্তঃৰাষ্ট্ৰীয় (টি-২০আই) শৃংখলাৰ সৰ্বোচ্চ উইকেট দখলকাৰী হিচাপে আত্মপ্ৰকাশ কৰে। ২০১৬ চনত তেওঁ টি-২০ ক্ৰিকেটত এটা কেলেণ্ডাৰ বৰ্ষৰ সৰ্বাধিক উইকেট দখল কৰিছিল৷ তেওঁ দখল কৰা উইকেটৰ সংখ্যা আছিল ২৮টা। তেওঁ ২০১৮ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট খেলত অভিষেক ঘটায়। ২০২৩ চনৰ ডিচেম্বৰৰ পৰা টেষ্ট ক্ৰিকেটত ভাৰতীয় দলৰ উপ-অধিনায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাৰ অনুপস্থিতিতো এবাৰ দলটোৰ অধিনায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰে। বুমৰাহ ২০১৮ চনত আইচিচিৰ পুৰুষৰ বছৰৰ টেষ্ট দল আৰু ২০১৭ আৰু ২০১৮ চনত আইচিচিৰ পুৰুষৰ এদিনীয়া দলত স্থান লাভ কৰিছিল। ২০১৮–১৯ আৰু ২০২১–২২ চনত বুমৰাহক বিচিচিআইয়ে দুবাৰকৈ পলি উমৰিগাৰ বঁটা প্ৰদান কৰিছিল। ২০২২ চনত বুমৰাহে উইজডেন ক্ৰিকেটাৰ অৱ দ্য ইয়েৰৰ সন্মান লাভ কৰে।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৯৩ চনৰ ৬ ডিচেম্বৰত গুজৰাটৰ আহমেদাবাদৰ এটা শিখ পাঞ্জাবী পৰিয়ালত বুমৰাহৰ জন্ম হৈছিল।[2] পিতৃ যশবীৰ সিঙ এজন ৰাসায়নিক ব্যৱসায়ী আছিল আৰু মাতৃ দলজীত বুমৰাহ বিদ্যালয়ৰ শিক্ষয়িত্ৰী আছিল। বুমৰাহৰ পাঁচ বছৰ বয়সত তেওঁৰ দেউতাক হেপাটাইটিছ বি ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।[3][4] মাকে তেওঁক আৰু ভনীয়েক জুহিকাক আহমেদাবাদৰ মধ্যবিত্তীয় পৰিবেশত ডাঙৰ-দীঘল কৰিছিল। বুমৰাহ আহমেদাবাদৰ বাস্ত্ৰপুৰত অৱস্থিত নিৰ্মাণ হাইস্কুলত পঢ়িছিল, য’ত মাতৃয়ে উপ-অধ্যক্ষ হিচাপে কাম কৰিছিল। তেওঁ নিৰ্মাণ দলৰ হৈ ক্ৰিকেট খেলতো অংশগ্ৰহণ কৰিছিল।[5][6][7]

যুৱ আৰু ঘৰুৱা কেৰিয়াৰ

[সম্পাদনা কৰক]

২০১০ চনত গুজৰাট ক্ৰিকেট সন্থাৰ ১৯ বছৰ অনুৰ্ধ জিলা বাছনি পৰীক্ষাত বুমৰাহ উপস্থিত হৈছিল। অগতানুগতিক বলিংশৈলীৰ বাবে নিৰ্বাচকসকলে তেওঁক ১৫ জনীয়া মূল দলত অন্তৰ্ভুক্ত কৰা নাছিল যদিও ৰিজাৰ্ভ খেলুৱৈ হিচাপে তেওঁক ৰখা হৈছিল। প্ৰথম তিনিখন মেচত জিলাৰ দলটোৱে জয়লাভ কৰাৰ পাছত চতুৰ্থখন তিনিদিনীয়া টেষ্টখেলত তিনিজন ৰিজাৰ্ভ খেলুৱৈকে সুযোগ দিয়া হয়। সেই মেচত বুমৰাহে ৭টা উইকেট দখল কৰিছিল।[8]

২০১২–১৩ চনৰ চৈয়দ মুস্তাক আলী ট্ৰফীত মহাৰাষ্ট্ৰৰ বিৰুদ্ধে গুজৰাটৰ হৈ টি-২০ (টি-২০) খেলত বুমৰাহে অভিষেক ঘটাইছিল আৰু ফাইনেলত মেন অৱ দ্য মেচৰ লাভ কৰি দলটোক খিতাপ দখল কৰাত সহায় কৰে৷ পঞ্জাবৰ বিৰুদ্ধে তেওঁৰ বলিং ফিগাৰ আছিল ৩/১৪।[9] ২০১৩ চনৰ ১৮ মাৰ্চত মুম্বাইৰ বিৰুদ্ধে খেলৰ সময়ত ভাৰতৰ প্ৰাক্তন প্ৰশিক্ষক জন ৰাইট (যি তেতিয়া মুম্বাই ইণ্ডিয়ানছ (এম আই)ৰ মুখ্য প্ৰশিক্ষক আছিল আৰু সেই সময়ত দলটোৰ বাবে স্কাউটিং কৰিছিল) বুমৰাহৰ প্ৰদৰ্শনত আপ্লুত হৈছিল আৰু তেওঁক অন্তৰ্ভুক্ত কৰিবলৈ আমন্ত্ৰণ জনাইছিল৷ [7]

বুমৰাহে গুজৰাটৰ হৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলিছিল আৰু ২০১৩–১৪ ছিজনত ২০১৩ চনৰ অক্টোবৰ মাহত বিদৰ্ভৰ বিৰুদ্ধে অভিষেক ঘটায়, য'ত তেওঁ ৮৯ ৰানত ৭টা উইকেট দখল কৰিছিল।[10]২০১৫–১৬ বৰ্ষৰ বিজয় হাজাৰে ট্ৰফীৰ সময়ত প্ৰথম দুখন মেচৰ পিছত আম্পায়াৰসকলে তেওঁক থ্ৰ’ৰ বাবে মাতিছিল আৰু তেওঁৰ বলিং একচনক লৈ আপত্তিও উত্থাপন কৰিছিল। দল পৰিচালনা সমিতিয়ে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ লগে লগে এই সমস্যা সমাধান হয়।[8]গুজৰাটে এই ট্ৰফী লাভ কৰে, দিল্লীৰ বিৰুদ্ধে ফাইনেলত বুমৰাহে ৫ উইকেট দখল কৰে।[11] ২০২০ চনৰ ১১ ডিচেম্বৰত অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত বুমৰাহে 'অষ্ট্ৰেলিয়া এ'ৰ বিৰুদ্ধে প্ৰথম শ্ৰেণীৰ অৰ্ধশতক (৫৫ নট আউট) অৰ্জন কৰে।[12]

আন্ত:ৰাষ্ট্ৰীয় কেৰিয়াৰ

[সম্পাদনা কৰক]

২০১৬–২০১৭: আন্তঃৰাষ্ট্ৰীয় অভিষেক

[সম্পাদনা কৰক]

২০১৬ চনৰ জানুৱাৰী মাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ শেষৰখন মেচত বুমৰাহে এদিনীয়াত অভিষেক ঘটায়, য'ত তেওঁ প্ৰথম আন্তঃৰাষ্ট্ৰীয় উইকেট লয়৷ বেটছমেনজন আছিল ষ্টিভ স্মিথ৷ সেইখন খেলত তেওঁৰ বলিং ফিগাৰ আছিল ২/৪০।[13] ২০১৬ চনৰ আই চি চি ৱৰ্ল্ড টি-২০ৰ বাবে ভাৰতৰ ১৫ জনীয়া দলত বুমৰাহৰ নাম অন্তৰ্ভুক্ত হৈছিল। বাংলাদেশ বাদ দি প্ৰতিযোগিতাখনৰ প্ৰতিখন মেচতে তেওঁ একোটাকৈ উইকেট লয়। ২০১৬ চনত ভাৰতৰ জিম্বাবুৱে ভ্ৰমণত এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচৰ সময়ত দ্বিতীয়খন এদিনীয়া খেল খেলি থকা বুমৰাহে ২৮ ৰানত ৪টা উইকেট দখল কৰে।[14]২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ আফগানিস্তানৰ লেগ স্পিনাৰ ৰছিদ খানৰ সৈতে আইচিচি পুৰুষৰ এদিনীয়া খেলুৱৈৰ ৰেংকিঙৰ সৰ্বোচ্চ ৰেংকিঙৰ বলাৰ হিচাপে পৰিগণিত হয়।[15]

২০১৮–২০১৯: টেষ্টত অভিষেক আৰু বিশ্বকাপ

[সম্পাদনা কৰক]

২০১৭ চনৰ নৱেম্বৰ মাহত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিবলগীয়া শৃংখলাৰ বাবে বুমৰাহক ভাৰতৰ টেষ্ট দলত অন্তৰ্ভুক্ত কৰা হয়।[16]২০১৮ চনৰ ৫ জানুৱাৰীত কেপ টাউনৰ নিউলেণ্ডছত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তেওঁ ভাৰতৰ হৈ টেষ্ট খেলত অভিষেক ঘটায়।[17]জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা ছিৰিজৰ তৃতীয়খন মেচত বুমৰাহে টেষ্টত প্ৰথমবাৰৰ বাবে পাঁচ উইকেট দখল কৰে আৰু ১৮.৫ অভাৰ বলিং ৫৪ ৰাণ দি ৫টা উইকেট দখল কৰে৷[18]

২০২০–২০২২: ভাৰতত টেষ্ট আৰু টি-২০ বিশ্বকাপ

[সম্পাদনা কৰক]

২০২০ চনৰ ডিচেম্বৰ মাহত বুমৰাহ ২০১১–২০২০ চনৰ বাবে আইচিচিৰ পুৰুষৰ 'টি-২০ আন্ত:ৰাষ্টীয় টিম অৱ দ্য ডেকেড'লৈ নিৰ্বাচিত হয়।[19] ২০২১ চনৰ জানুৱাৰী মাহত তেওঁ ২০২০ চনৰ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ গাব্বাত অনুষ্ঠিত হোৱা চূড়ান্ত টেষ্ট মেচৰ পৰা পেটৰ বিষৰ বাবে বাহিৰ হয়৷[20] ছিডনীত বুমৰাহে দৰ্শকৰ পৰা বৰ্ণবাদী নিৰ্যাতনৰ সন্মুখীন হৈছিল৷ যাৰ বাবে ভাৰতে তৃতীয় দিনৰ খেলৰ শেষত আনুষ্ঠানিক অভিযোগ দাখিল কৰে৷ পৰৱৰ্তী সময়ত ক্ৰিকেট অষ্ট্ৰেলিয়াই ভাৰতীয় দলৰ ওচৰত ক্ষমা বিচাৰিছিল৷[21] ভাৰতে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত জয়লাভ কৰে আৰু বুমৰাহ ১১টা উইকেটৰে শৃংখলাৰ পঞ্চম সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হয়৷[22]

২০২২ চনৰ ফেব্ৰুৱাৰী মাহত বুমৰাহক শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ আন্ত:ৰাষ্ট্ৰীয় আৰু টেষ্ট শৃংখলাৰ বাবে ভাৰতৰ উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়; কাৰণ সেইসময়ত নিয়মীয়া উপ-অধিনায়ক কে এল ৰাহুল উপলব্ধ নাছিল।[23] ভাৰতত তেওঁ শৃংখলাৰ দ্বিতীয়খন মেচৰ সময়ত টেষ্টত প্ৰথমবাৰৰ বাবে পাঁচ উইকেট দখল কৰে।[24] ২০২২ চনৰ এপ্ৰিল মাহত বুমৰাহ উইজডেনৰ বছৰৰ পাঁচজন ক্ৰিকেটাৰৰ ভিতৰত অন্তৰ্ভুক্ত হৈছিল।[25] ২০২২ চনত ইংলেণ্ড ভ্ৰমণৰ সময়ত এদিনীয়া শৃংখলাৰ প্ৰথমখন খেলত তেওঁ ১৯ ৰানত ৬ উইকেট দখল কৰিছিল, যিটো ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ শ্ৰেষ্ঠ বলিং ফিগাৰ[26], আৰু এদিনীয়াত ভাৰতৰ বাবে তৃতীয় শ্ৰেষ্ঠ ফিগাৰ।[27] ২০২২ চনৰ জুলাই মাহত বুমৰাহে নিউজিলেণ্ডৰ ট্ৰেণ্ট ব'ল্টক অতিক্ৰম কৰি আইচিচি পুৰুষৰ এদিনীয়া খেলুৱৈৰ ৰেংকিঙত পুনৰ প্ৰথম স্থান দখল কৰে।[28]

২০২৩-বৰ্তমানলৈকে

[সম্পাদনা কৰক]
২০২৪ চনৰ টি-২০ বিশ্বকাপ বিজয়ী দল আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে যশপ্ৰীত বুমৰাহ (বাওঁফালৰ পৰা দ্বিতীয়, সন্মুখৰ শাৰী)।

২০২৩ চনৰ ছেপ্টেম্বৰ মাহত বুমৰাহক ২০২৩ চনৰ বিশ্বকাপ ক্ৰিকেটৰ বাবে ভাৰতৰ ১৫ জনীয়া দলত অন্তৰ্ভুক্ত কৰা হয়।[29] দিল্লীত আফগানিস্তানৰ বিৰুদ্ধে খেলখনত তেওঁ ৩.৯০ ইকন'মি ৰেটত চাৰিটা উইকেট দখল কৰে।[30] আহমেদাবাদত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ফাইনেলত তেওঁ ৪.৭৭ ইকন'মি ৰেটত ৪৩ ৰানত ২টা উইকেট দখল কৰে।[31]ভাৰত ফাইনেলত পৰাস্ত হয় আৰু বুমৰাহ ২০টা উইকেটৰে প্ৰতিযোগিতাখনৰ চতুৰ্থ উইকেট দখলকাৰী হিচাপে পৰিগণিত হয়।[32]

২০২৪ চনৰ জুন মাহত বুমৰাহ ২০২৪ চনৰ আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপৰ বাবে নিৰ্বাচিত ভাৰতীয় দলৰ অংশ আছিল।[33] তেওঁ প্ৰতি অভাৰত ৪.১৭ ৰান ইকন'মি ৰেটত ১৫টা উইকেট লাভ কৰি প্ৰতিযোগিতাখন সমাপ্ত কৰে, যাৰ ফলত তেওঁ দলটোৰ দ্বিতীয় সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হয়।[34] দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ফাইনেলত ভাৰতে জয়লাভ কৰাৰ পিছত বুমৰাহক প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয়।[35]

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ

[সম্পাদনা কৰক]

চৈয়দ মুস্তাক আলী ট্ৰফীৰ ২০১৩–১৪ ছিজনত জন ৰাইট (যি সেইসময়ত মুম্বাই ইণ্ডিয়ানছৰ মুখ্য প্ৰশিক্ষক আছিল) বুমৰাহৰ প্ৰদৰ্শনত আপ্লুত হৈ তেওঁক মুম্বাই ইণ্ডিয়ানছত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছিল৷[7]এনেকৈয়ে বুমৰাহ মুম্বাই ইণ্ডিয়ানছৰ লগত যুক্ত হয়৷ বুমৰাহে ২০১৩ চনৰ পৰা আই পি এলৰ পৰা মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলি আহিছে আৰু ২০১৩, ২০১৫, ২০১৭, ২০১৯ আৰু ২০২০ চনত দলটোক পাঁচবাৰকৈ খিতাপ দখল কৰাত সহায় কৰিছে।[36] আই পি এলৰ ১৩৩খন মেচত বুমৰাহে ১৬৫টা উইকেট দখল কৰিছে৷ তেওঁৰ উইকেটৰ গড় হৈছে ২২.৫১ আৰু ইক'নমি ৰেট হৈছে ৭.৩০৷ লাসিথ মালিংগাৰ পিছতে তেওঁ দলটোৰ দ্বিতীয় সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হৈছে।[37] লীগত তেওঁ এতিয়ালৈকে দুবাৰকৈ পাঁচটা উইকেট আৰু চাৰিটা উইকেট লৈছে।[38]

বলিং শৈলী

[সম্পাদনা কৰক]

বলিং কৰি থকা অৱস্থাত বুমৰাহৰ কঁকাল অধিক প্ৰসাৰিত হয়।[39] তেওঁৰ ৰান আপ চুটি; যাৰ প্ৰথম অংশটো সৰু৷ তেওঁৰ এটা বিষম, কঠিন বাহুৰ একচন আছে যদিও তেওঁ বলিং কৰোঁতে উচ্চ গতিৰ সৃষ্টি কৰে৷ তেওঁৰ অগতানুগতিক বলিং শৈলীয়ে বেটছমেনসকলক বলিঙৰ মুখামুখি হ'বলৈ অসুবিধাৰ সৃষ্টি কৰে৷ সেইবাবে ভাৰতীয় দলে তেওঁক প্ৰায়ে পাৱাৰপ্লে আৰু ডেথ অভাৰত ব্যৱহাৰ কৰে।[40] তেওঁ অফ-ষ্টাম্প, য়ৰ্কাৰ আৰু চুটি দৈৰ্ঘ্যত সঘনাই বলিং কৰে।[41][42] প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় বলাৰ শ্বোৱেইব আখতাৰৰ মতে, বুমৰাহৰ বলিং একচনৰ আঘাত কৰাৰ সম্ভাৱনা থাকে। বুমৰাহে প্ৰতি ঘণ্টাত প্ৰায় ১৩৮ কিলোমিটাৰ (ঘণ্টাত ৮৬ মাইল) বেগেৰে বলিং কৰে৷ [43]বুমৰাহে তেওঁৰ লেট-ছুইং ইয়ৰ্কাৰৰ বাবে সুনাম অৰ্জন কৰিছে, যিটো তেওঁ টেনিছ বলৰ অনুশীলনৰ জৰিয়তে শিকিছিল।[44] সীমিত অভাৰৰ ফৰ্মেটত বুমৰাহ ভাৰতীয় দলৰ বাবে এক সম্পদলৈ পৰিণত হৈছে।[45][46][47]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

২০২১ চনৰ ১৫ মাৰ্চত বুমৰাহে গোৱাত মডেল আৰু উপস্থাপক সঞ্জনা গণেশানৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[48] মহাৰাষ্ট্ৰৰ পুণেৰ পৰা অহা গণেশান এগৰাকী প্ৰাক্তন ফেমিনা মিছ ইণ্ডিয়াৰ চূড়ান্ত প্ৰতিযোগী আৰু ২০১৪ চনত এমটিভিৰ স্প্লিটছভিলাৰো অংশগ্ৰহণকাৰী আছিল।[49]২০১৩ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ সময়ত বুমৰাহ আৰু গণেশানৰ এটা সাক্ষাৎকাৰৰ জৰিয়তে লগ হৈছিল। প্ৰথম সাক্ষাৎকাৰৰ পাছত তেওঁলোকৰ বন্ধুত্ব গঢ় লৈ উঠে আৰু ২০২১ চনত তেওঁলোকৰ বিবাহ হয়।[50] ২০২৩ চনৰ ৪ ছেপ্টেম্বৰত দম্পতীটিয়ে এটি পুত্ৰ সন্তান জন্ম দিয়ে ।[51]

ৰাজহুৱা ভাৱমূৰ্তি

[সম্পাদনা কৰক]

ফৰ্বছ ইণ্ডিয়াৰ তথ্য অনুসৰি ২০২৩ চনৰ আগষ্ট মাহত বুমৰাহৰ ছ’চিয়েল মিডিয়াত প্ৰায় ২.৫ কোটি ফ’ল’ৱাৰ আছিল, যাৰ মাজত ইনষ্টাগ্ৰামত থকা এক কোটিৰো অধিক ফ’ল’ৱাৰ অন্তৰ্ভুক্ত৷ তেওঁ সৰ্বাধিক ছ’চিয়েল মিডিয়া ফ’ল’ৱাৰ থকা বলাৰ। বিত্তীয় পৰামৰ্শদাতা প্ৰতিষ্ঠান ক্ৰলে বুমৰাহক দেশৰ শীৰ্ষ ৪৫ গৰাকী সৰ্বাধিক মূল্যৱান চেলিব্ৰিটিৰ ভিতৰত স্থান দিছিল৷ ২০২২ চনত তেওঁৰ আনুমানিক ব্ৰেণ্ড মূল্য আছিল ১০০ কোটি (২০২৩ চনত ১০৬ কোটি বা ১৩ মিলিয়ন মাৰ্কিন ডলাৰৰ সমতুল্য)৷[52]২০২৩ চনৰ আগষ্ট মাহলৈকে তেওঁ বিজ্ঞাপনৰ বাবে দিনটোত ১.৫ৰ পৰা ২ কোটি টকাৰ পাৰিশ্ৰমিক লয়। তেওঁৰ ব্ৰেণ্ড মূল্য অহা ১২টা মাহত ২৫ৰ পৰা ৩০ শতাংশ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে।[53] ফৰ্বছ ইণ্ডিয়াই ২০১৮ আৰু ২০১৯ চনত বুমৰাহক চেলিব্ৰিটি ১০০ তালিকাত অন্তৰ্ভুক্ত কৰিছিল।[54][55]

বুমৰাহে ২০১৮–১৯ আৰু ২০২১–২২ চনত দুবাৰকৈ ভাৰতৰ শ্ৰেষ্ঠ পুৰুষ ক্ৰিকেটাৰৰ পলি উমৰিগাৰ বঁটা লাভ কৰে।[56][57] ইয়াৰ উপৰি ২০১৮–১৯ চনত টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেট দখল কৰাৰ বাবে দিলীপ চৰ্দেছাই বঁটা লাভ কৰে।[58]২০২১ চনত ইংলেণ্ড ভ্ৰমণৰ সময়ত তেওঁৰ কৃতিত্বৰ বাবে উইজডেন ক্ৰিকেটাৰ্ছৰ আলমানাকে ২০২২ চনত বছৰৰ পাঁচজন উইজডেন ক্ৰিকেটাৰৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰে।[59] বুমৰাহক ২০২১ চনত দ্য টাইমছ অৱ ইণ্ডিয়া ট'ইছা ক্ৰিকেটাৰ অৱ দ্য ইয়েৰৰ বঁটা প্ৰদান কৰা হয়।[60]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Pierik, Jon (21 November 2020). "Strong bond: Why Bumrah is the 'best bowler in the world'". The Sydney Morning Herald. https://www.smh.com.au/sport/cricket/strong-bond-why-bumrah-is-the-best-bowler-in-the-world-20201120-p56gbs.html আহৰণ কৰা হৈছে: 1 September 2023.
  2. Bezbaruah, Ajit (19 December 2011). "This Punjabi duo says balle balle to Ahmedabad". The Times of India. https://timesofindia.indiatimes.com/city/ahmedabad/this-punjabi-duo-says-balle-balle-to-ahmedabad/articleshow/11161796.cms.
  3. Pandey, Devendra (27 March 2016). "India vs Australia: Jasprit Bumrah's journey from pinging the floor skirting to India's death over specialist" (en ভাষাত). The Indian Express. https://indianexpress.com/article/sports/cricket/jasprit-bumrah-death-over-specialist-india-vs-australia-icc-world-twenty20/ আহৰণ কৰা হৈছে: 7 February 2024.
  4. "I couldn't afford anything: India pacer Jasprit Bumrah recalls his childhood struggles as cricketer". Scroll.in. 9 October 2019. https://scroll.in/field/939973/i-couldnt-afford-anything-india-pacer-jasprit-bumrah-recalls-his-childhood-struggles-as-cricketer.
  5. Iyer, Aditya (15 September 2019). "Newsmaker: The quick fix on the pitch" (en ভাষাত). Hindustan Times. https://www.hindustantimes.com/cricket/the-imitation-game/story-hGyWsIp7cElv2Zh23H3S1K.html আহৰণ কৰা হৈছে: 7 February 2024.
  6. Prasad, Vishnu (21 July 2019). "Finding Jasprit: The Bumrah story" (en ভাষাত). The New Indian Express. https://www.newindianexpress.com/sport/cricket/2019/Jul/21/finding-jasprit-2006947.html আহৰণ কৰা হৈছে: 7 February 2024.
  7. 1 2 3 Ugra, Sharda (23 May 2019). "The boy called Boom" (en ভাষাত). The Cricket Monthly (ESPNcricinfo). https://www.thecricketmonthly.com/story/1184547/the-boy-called-boom.
  8. 1 2 "From being mocked & doubted, Jasprit Bumrah's 'action' takes him far" (en ভাষাত). দ্য টাইম্‌ছ অৱ ইণ্ডিয়া. 27 February 2021. https://timesofindia.indiatimes.com/sports/cricket/england-in-india/from-being-mocked-doubted-jasprit-bumrahs-action-takes-him-far/articleshow/81245387.cms আহৰণ কৰা হৈছে: 7 February 2024.
  9. "Gujarat win Syed Mushtaq Ali Trophy". ESPNcricinfo. 31 March 2013. https://www.espncricinfo.com/series/syed-mushtaq-ali-trophy-2012-13-576166/gujarat-vs-punjab-final-626445/match-report আহৰণ কৰা হৈছে: 17 February 2023.
  10. "Jasprit Bumrah - India". ESPNcricinfo. http://www.espncricinfo.com/india/content/player/625383.html আহৰণ কৰা হৈছে: 16 December 2018.
  11. "GUJ vs DEL, FInal, 2015-16 Vijay Hazare Trophy". ESPNcricinfo. https://www.espncricinfo.com/series/vijay-hazare-trophy-2015-16-901115/delhi-vs-gujarat-final-902085/full-scorecard আহৰণ কৰা হৈছে: 7 February 2024.
  12. "Joe Burns' woes continue as Mohammed Shami, Jasprit Bumrah shine with pink ball". ESPNcricinfo. https://www.espncricinfo.com/series/india-in-australia-2020-21-1223867/australia-a-vs-indians-tour-match-1237417/match-report-1 আহৰণ কৰা হৈছে: 11 December 2020.
  13. "AUS vs IND, 5th ODI, 23 January 2016, Full Scorecard". ESPNcricinfo. https://www.espncricinfo.com/series/india-tour-of-australia-2015-16-895801/australia-vs-india-5th-odi-895815/full-scorecard আহৰণ কৰা হৈছে: 5 February 2024.
  14. Muthu, Alagappan (11 June 2016). "Rahul, Bumrah lead India to nine-wicket win". ESPNcricinfo. https://www.espncricinfo.com/series/india-tour-of-zimbabwe-2016-1007647/zimbabwe-vs-india-1st-odi-1007649/match-report আহৰণ কৰা হৈছে: 6 February 2024.
  15. "Rashid, Bumrah joint No.1 in ODI rankings" (en ভাষাত). ESPNcricinfo. 20 February 2018. https://www.espncricinfo.com/story/rashid-khan-jasprit-bumrah-joint-no-1-in-odi-rankings-1137269 আহৰণ কৰা হৈছে: 20 February 2024.
  16. "Bumrah earns maiden Test call-up for SA tour". ESPNcricinfo. 4 December 2017. https://www.espncricinfo.com/story/jasprit-bumrah-earns-maiden-test-call-up-for-sa-tour-1128462 আহৰণ কৰা হৈছে: 4 December 2017.
  17. "1st Test, India tour of South Africa at Cape Town, Jan 5-9 2018". ESPNcricinfo. http://www.espncricinfo.com/ci/engine/match/1122276.html আহৰণ কৰা হৈছে: 5 January 2018.
  18. "Jasprit Bumrah makes a statement in Test cricket with maiden 5-wicket haul". India Today. 25 January 2018. https://www.indiatoday.in/sports/cricket/story/jasprit-bumrah-makes-a-statement-in-test-cricket-with-maiden-5-wicket-haul-1154307-2018-01-25.
  19. "Virat Kohli, Rohit Sharma, MS Dhoni, Jasprit Bumrah named in ICC's T20I Team of the Decade". দ্য টাইম্‌ছ অৱ ইণ্ডিয়া. 27 December 2020. https://timesofindia.indiatimes.com/sports/cricket/news/virat-kohli-rohit-sharma-ms-dhoni-jasprit-bumrah-named-in-iccs-t20i-team-of-the-decade/articleshow/79976956.cms আহৰণ কৰা হৈছে: 18 February 2024.
  20. Sundaresan, Bharat (12 January 2021). "Injured Bumrah set to miss Brisbane Test" (en ভাষাত). Cricbuzz. https://www.cricbuzz.com/cricket-news/115685/injured-bumrah-set-to-miss-brisbane-test আহৰণ কৰা হৈছে: 23 April 2024.
  21. "Cricket Australia confirms racist abuse at Sydney Test but culprits remain unknown". The Guardian. 27 January 2021. https://www.theguardian.com/sport/2021/jan/27/cricket-australia-confirms-racist-abuse-at-sydney-test-but-culprits-remain-unknown.
  22. "Border-Gavaskar Trophy, 2020/21 - Records - Bowling Most Wickets Career". ESPNcricinfo. https://www.espncricinfo.com/records/series/bowling-most-wickets-career/border-gavaskar-trophy-2020-21-13667 আহৰণ কৰা হৈছে: 23 April 2024.
  23. "Rohit Sharma named India's captain for two-Test series against Sri Lanka; Jasprit Bumrah named his deputy". Hindustan Times. 19 February 2022. https://www.hindustantimes.com/cricket/rohit-sharma-named-india-s-captain-for-two-test-series-against-sri-lanka-101645265574540.html আহৰণ কৰা হৈছে: 19 February 2022.
  24. "IND vs SL: Jasprit Bumrah becomes first ever Indian bowler to join elusive list with magnificent Bengaluru Test feat" (en ভাষাত). Hindustan Times. 15 March 2022. https://www.hindustantimes.com/cricket/ind-vs-sl-jasprit-bumrah-becomes-first-ever-indian-bowler-to-join-elusive-list-with-magnificent-bengaluru-test-feat-101647322076265.html আহৰণ কৰা হৈছে: 15 March 2022.
  25. "Rohit Sharma, Jasprit Bumrah Among Wisden's 5 Cricketers Of The Year". NDTV Sports. 21 April 2022. Archived from the original on 21 April 2022. https://web.archive.org/web/20220421081339/https://sports.ndtv.com/cricket/rohit-sharma-jasprit-bumrah-among-wisdens-5-cricketers-of-the-year-2905966 আহৰণ কৰা হৈছে: 21 April 2022.
  26. "Bumrah takes career-best 6 for 19 as India skittle England". ESPNcricinfo. https://www.espncricinfo.com/series/india-in-england-2022-1276893/england-vs-india-1st-odi-1276907/match-report আহৰণ কৰা হৈছে: 12 July 2022.
  27. "India Cricket Team Records & Stats". ESPNcricinfo. https://stats.espncricinfo.com/ci/engine/records/bowling/best_figures_innings.html?class=2&id=6&type=team আহৰণ কৰা হৈছে: 14 July 2022.
  28. "Bumrah back at No. 1 in ODI bowling rankings; Suryakumar up to No. 5 among T20I batters" (en ভাষাত). দ্য হিন্দুSportstar. 13 July 2022. https://sportstar.thehindu.com/cricket/bumrah-number-1-odi-rankings-icc-stats-india-vs-england/article65634649.ece আহৰণ কৰা হৈছে: 20 February 2024.
  29. "India's squad for ICC Men's Cricket World Cup 2023 announced". ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড. 5 September 2023. https://www.bcci.tv/articles/2023/news/55556037/india-s-squad-for-icc-men-s-cricket-world-cup-2023-announced আহৰণ কৰা হৈছে: 6 February 2024.
  30. "IND vs AFG, ICC Men's Cricket World Cup 2023". ESPNcricinfo. https://www.espncricinfo.com/series/icc-cricket-world-cup-2023-24-1367856/india-vs-afghanistan-9th-match-1384400/full-scorecard আহৰণ কৰা হৈছে: 6 February 2024.
  31. "IND vs AUS, Final, ICC Men's Cricket World Cup 2023". ESPNcricinfo. https://www.espncricinfo.com/series/icc-cricket-world-cup-2023-24-1367856/india-vs-australia-final-1384439/full-scorecard আহৰণ কৰা হৈছে: 6 February 2024.
  32. "Most wickets – Records in ICC Cricket World Cup, 2023/24". ESPNcricinfo. https://www.espncricinfo.com/records/tournament/bowling-most-wickets-career/icc-cricket-world-cup-2023-24-15338 আহৰণ কৰা হৈছে: 6 February 2024.
  33. Kishore, Shashank (30 April 2024). "India's T20 World Cup squad: Pant, Dube and Samson make the cut" (en ভাষাত). ESPNcricinfo. http://espncricinfo.com/story/pant-dube-and-samson-in-indias-t20-world-cup-squad-1431592 আহৰণ কৰা হৈছে: 30 June 2024.[সংযোগবিহীন উৎস]
  34. "Most Wickets For ICC Men's T20 World Cup, 2024". ESPNcricinfo. https://www.espncricinfo.com/records/tournament/bowling-most-wickets-career/icc-men-s-t20-world-cup-2024-15946 আহৰণ কৰা হৈছে: 30 June 2024.
  35. Monga, Sidharth (29 June 2024). "South Africa were winning, then came Jasprit Bumrah" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/story/ind-vs-sa-t20-world-cup-2024-south-africa-were-winning-then-came-jasprit-bumrah-1441571 আহৰণ কৰা হৈছে: 30 June 2024.
  36. Kharade, Akash (28 May 2023). "From Rohit Sharma To Harbhajan Singh, Players Who Won IPL Most Number Of Times - In Pics". Zee News. https://zeenews.india.com/photos/sports/from-rohit-sharma-to-harbhajan-singh-players-who-won-ipl-most-number-of-times-in-pics-2614731/kieron-pollard-5-ipl-titles-2614738 আহৰণ কৰা হৈছে: 15 February 2024.
  37. "Most Wickets, Mumbai Indians, Indian Premier League". ESPNcricinfo. https://www.espncricinfo.com/records/trophy/bowling-most-wickets-career/indian-premier-league-117?team=4346 আহৰণ কৰা হৈছে: 15 February 2024.
  38. "Jasprit Bumrah Profile". IPLT20. https://www.iplt20.com/teams/mumbai-indians/squad-details/1124 আহৰণ কৰা হৈছে: 15 February 2024.
  39. G, Sandip (6 January 2019). "The Million Dollar Arm of Jasprit Bumrah". The Indian Express. https://indianexpress.com/article/sports/cricket/india-vs-australia-ind-vs-aus-jasprit-bumrah-virat-kohli-5524926 আহৰণ কৰা হৈছে: 4 November 2022.
  40. "The Rocket Science behind Bumrah's art". Yahoo Cricket. 17 May 2019. Archived from the original on 17 May 2019. https://web.archive.org/web/20190517034736/https://cricket.yahoo.net/news/rocket-science-behind-bumrah-art-192045231 আহৰণ কৰা হৈছে: 17 May 2019.
  41. "The 'Sling' connect!". BCCI. 4 March 2016. http://www.bcci.tv/news/2016/features-and-interviews/13181/the-sling-connect আহৰণ কৰা হৈছে: 21 December 2018.
  42. "Jasprit Bumrah: Arrival of the death-ly striker". The Week. 2 November 2017. https://www.theweek.in/news/sports/jasprit-bumrah-arrival-of-death-ly-striker.html.
  43. Jones, Ben (3 February 2021). "Welcome Home, Jasprit Bumrah" (en ভাষাত). CricViz. https://cricviz.com/welcome-home-jasprit-bumrah/ আহৰণ কৰা হৈছে: 25 April 2024.
  44. Wigmore, Tim (9 August 2021). "Fourteen steps and a slingshot arm - what makes Jasprit Bumrah the world's deadliest fast bowler" (en ভাষাত). The Telegraph. https://www.telegraph.co.uk/cricket/2021/08/09/fourteen-steps-slingshot-arm-makes-jasprit-bumrah-worlds-deadliest/ আহৰণ কৰা হৈছে: 25 April 2024.
  45. "'Bumrah the find of the tour' - Dhoni". ESPNcricinfo. 31 January 2016. https://www.espncricinfo.com/story/bumrah-the-find-of-the-tour-dhoni-967599 আহৰণ কৰা হৈছে: 20 February 2023.
  46. "Ashwin lauds India's improved death bowling". ESPNcricinfo. 29 February 2016. https://www.espncricinfo.com/story/r-ashwin-lauds-india-s-improved-death-bowling-977305 আহৰণ কৰা হৈছে: 20 February 2023.
  47. "Jasprit Bumrah shows off best-in-the-world credentials". CricBuzz. 24 September 2018. https://www.cricbuzz.com/cricket-news/104203/jasprit-bumrah-shows-off-best-in-the-world-credentials-india-vs-pakistan-dubai-rohit-sharma-fakhar-zaman আহৰণ কৰা হৈছে: 21 December 2018.
  48. "'Love, if it finds you worthy, directs your course': Jasprit Bumrah ties the knot in Goa". Hindustan Times. 15 March 2021. https://www.hindustantimes.com/cricket/jasprit-bumrah-marriage-love-if-it-finds-you-worthy-directs-your-course-india-pacer-ties-the-knot-in-goa-with-sanjana-ganesan-see-pics-101615802667587.html."Jasprit Bumrah married Sanjana Ganesan, shares photos from their wedding". The Indian Express. 15 March 2021. https://www.indianexpress.com/article/entertainment/entertainment-others/jasprit-bumrah-sanjana-ganesan-wedding-see-pics-7229337."Jasprit Bumrah marries model turned TV presenter Sanjana Ganesan". The Times of India. 15 March 2021. https://timesofindia.indiatimes.com/sports/off-the-field/jasprit-bumrah-ties-knot-with-sanjana-ganesan/articleshow/81511273.cms.
  49. "Jasprit Bumrah marriage: Who is Sanjana Ganesan? All you need to know" (en ভাষাত). India Today. 15 March 2021. https://www.indiatoday.in/sports/cricket/story/jasprit-bumrah-marriage-who-is-sanjana-ganesan-sports-presenter-world-cup-ipl-1779580-2021-03-15.
  50. "Jasprit Bumrah And Sanjana Ganesan Become Parents: Know All About Their Love Story, In PICS". Zee News. 4 September 2023. https://zeenews.india.com/photos/sports/jasprit-bumrah-and-sanjana-ganesan-expecting-first-child-together-know-all-about-their-love-story-in-pics-2657508 আহৰণ কৰা হৈছে: 19 February 2024.
  51. "Jasprit Bumrah blessed with baby boy, shares news on social media". The Indian Express. 4 September 2023. https://indianexpress.com/article/sports/cricket/jasprit-bumrah-blessed-with-baby-boy-shares-news-on-social-media-8923305/.
  52. Chanda, Kathakali (28 August 2023). "How Jasprit Bumrah is bowling the brands over" (en ভাষাত). Forbes India. https://www.forbesindia.com/article/take-one-big-story-of-the-day/how-jasprit-bumrah-is-bowling-the-brands-over/87795/1 আহৰণ কৰা হৈছে: 19 February 2024.
  53. Farooqui, Maryam (18 August 2023). "Jasprit Bumrah's endorsement portfolio set to grow with his comeback, 50% uptick in brand deals" (en ভাষাত). Moneycontrol. https://www.moneycontrol.com/news/trends/jasprit-bumrahs-endorsement-portfolio-set-to-grow-with-his-comeback-50-uptick-in-brand-deals-11212841.html আহৰণ কৰা হৈছে: 19 February 2024.
  54. "This is what Virat Kohli earned in 2018". Wisden India. 5 December 2018. Archived from the original on 22 April 2024. https://web.archive.org/web/20240422173510/https://wisden.com/stories/virat-kohli-earnt-2018-india-celebrity-rich-list আহৰণ কৰা হৈছে: 25 April 2024.
  55. "2019 Celebrity 100". Forbes India. https://www.forbesindia.com/lists/2019-celebrity-100/1819/1 আহৰণ কৰা হৈছে: 25 April 2024.
  56. "Jasprit Bumrah, Poonam Yadav claim top BCCI awards" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/story/jasprit-bumrah-poonam-yadav-claim-top-bcci-awards-1212817 আহৰণ কৰা হৈছে: 15 May 2024.
  57. "Gill, Deepti win BCCI's Polly Umrigar award" (en ভাষাত). Cricbuzz. 23 January 2024. https://www.cricbuzz.com/cricket-news/129230/gill-deepti-win-bccis-polly-umrigar-award আহৰণ কৰা হৈছে: 17 February 2024.
  58. "Jasprit Bumrah 'grateful and honoured' after bagging top honours at BCCI Awards". India Today. 13 January 2020. https://www.indiatoday.in/sports/cricket/story/jasprit-bumrah-grateful-and-honoured-after-bagging-top-honours-at-bcci-awards-1636365-2020-01-13 আহৰণ কৰা হৈছে: 17 February 2024.
  59. "Joe Root named Wisden's leading cricketer in the world after stellar 2021". ESPNcricinfo. 20 April 2022. https://www.espncricinfo.com/story/wisden-2022-joe-root-named-wisden-s-leading-cricketer-in-the-world-after-stellar-2021-1311620 আহৰণ কৰা হৈছে: 17 February 2024.
  60. "TOISA 2021: Neeraj Chopra headlines the list of winners". দ্য টাইম্‌ছ অৱ ইণ্ডিয়া. প্ৰকাশক New Delhi. 14 October 2021. https://timesofindia.indiatimes.com/toisa-2021-neeraj-chopra-headlines-the-list-of-winners/articleshow/94847901.cms আহৰণ কৰা হৈছে: 26 October 2022.